সহায়:সম্পাদনা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
সৰল ভাষাত থোৰতে সম্পাদনাৰ বিষয়ে জানিবলৈ সহায়:সৰল সম্পাদনা চাওক।
চমুপথবোৰ:
WP:H2EAP
WP:HEP
WP:HOW
WP:EDIT
Wikipedia video tutorial-1-Editing-en.ogv
ৱিকিপিডিয়া সম্পাদনাৰ টিউটৰিয়েল (ইংৰাজী)

ৱিকিপিডিয়া হৈছে এটা ৱিকি, অৰ্থাত্‍ প্ৰত্যেকেই যিকোনো অসুৰক্ষিত পৃষ্ঠা সম্পাদনা কৰিব পাৰে আৰু সকলো পঢ়ুৱৈৰ বাবে প্ৰৱন্ধটো উন্নত কৰিব পাৰে । আপুনি ইয়াৰ বাবে পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। সম্পাদনা কৰাজনক "ৱিকিপিডিয়ান" বুলি কোৱা হয়। সম্পাদনা যি স্তৰৰে নহওক, ৱিকিপিডিয়াক সহায় কৰাৰ বাবে তেওঁ গৌৰৱ কৰিব পাৰে।

টোকা: আপুনি পৰীক্ষাগাৰ ব্যৱহাৰ কৰি পৃষ্ঠা সম্পাদনাৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে।

সূচী

[সম্পাদনা কৰক] সম্পাদনা

ৱিকিপিডিয়াৰ বেছিভাগ পৃষ্ঠা‍ই সম্পাদনা কৰা সহজ। মাত্ৰ পৃষ্ঠাৰ ওপৰত থকা "সম্পাদনা" টেবটো (বা অনুচ্ছেদ-সম্পাদনা সংযোগত) ক্লিক কৰক। তেতিয়া পৃষ্ঠাখনৰ পাঠ অংশ থকা এটা সম্পাদনা ঘৰ খোল খাব।

প্ৰৱন্ধটোত সালসলনি কৰিবলৈ "সম্পাদনা"ত ক্লিক কৰক।
ৱিকি চিহ্নসমূহ সম্বলিত সম্পাদনা ঘৰ। দ্বিতীয় স্তৰৰ শিৰোনামা আৰু গাঢ় কৰাৰ চিহ্নও দেখা পাব।


এই পৃষ্ঠাখনত আপুনি অন্তৰ্ভুক্ত কৰিব বিচৰা পাঠ টাইপ কৰিব পাৰে, ৱিকি চিহ্নসমূহৰে উপস্থাপন শৈলী সলাব পাৰে, আৰু ছবি বা তালিকাও সন্নিৱিষ্ট কৰিব পাৰে। কোনো সহায়ৰ বাবে "সাঁচি থওক"ৰ ওচৰত থকা "সম্পাদনাৰ সহায়"ত ক্লিক কৰিব পাৰে।

বিশেষ সজ্জাৰ প্ৰয়োজন নহ’লে খালী ঠাই এৰি শাৰীটো আৰম্ভ নকৰিব। খালী শাৰী এটা এৰি অনুচ্ছেদ পৃথক কৰিব পাৰি। নিৰ্দিষ্ট গঠন বা উপস্থাপনৰ বাবে ৰচনাশৈলীৰ নিৰ্দেশিকা চাওক।

পৃষ্ঠাত কোনো তথ্য অন্তৰ্ভুক্ত কৰিব খুজিলে অনুগ্ৰহ কৰি তথ্যসূত্ৰ উল্লেখ কৰকউত্‍সৰ উল্লেখ নথকা বিষয় আঁতৰাই দিয়া হ’ব পাৰে

আপোনাৰ সম্পাদনা শেষ হ’লে সম্পাদনা ঘৰৰ তলত থকা সৰু খালী ঠাইডোখৰত সম্পাদনা সাৰাংশ লিখক। ইয়াৰ বাবে সংক্ষিপ্ত ৰূপত বৰ্ণনা কৰাৰ দৰে আপুনি ছৰ্টহেণ্ডো ব্যৱহাৰ কৰিব পাৰে। সম্পাদনাৰে সৈতে পৃষ্ঠাখন কেনে দেখা যাব তাক চাবলৈ "খচৰা দেখুৱাওক" বুটামটো টিপক। আপুনি সম্পাদনা কৰা পৃষ্ঠা আৰু পূৰ্বৰ সংস্কৰণৰ মাজত পাৰ্থক্য চাবলৈ "সালসলনি দেখুৱাওক" বুটামটো ক্লিক কৰক। যদি আপুনি আপোনাৰ সম্পাদনাত সন্তুষ্ট, তেন্তে "সাহসী হওক" আৰু "সাঁচি থওক" বুটামটো টিপি দিয়ক। আপোনাৰ সালসলনি লগে লগে সকলো ৱিকিপিডিয়াৰ সদস্যই দেখা পাব।

সম্পাদনা কমাণ্ডসমূহ


টোকা: সম্পাদনা সাৰাংশ শাৰীত আপোনাৰ ~~~~ স্বাক্ষৰে কাম নকৰে।

[সম্পাদনা কৰক] কথা-বতৰা (আলোচনা) পৃষ্ঠা

আলোচনা পৃষ্ঠাসমূহো প্ৰবন্ধ পৃষ্ঠাৰ লগত একেই। ইয়াতো নতুন অনুচ্ছেদ আৰম্ভ কৰিবলৈ বা গোটেই পৃষ্ঠাটো সম্পাদনা কৰিবলৈ "বিষয় যোগ" বুলি টেব এটা থাকে।

[সম্পাদনা কৰক] অগুৰুত্বপূৰ্ণ সম্পাদনা

"অগুৰুত্বপূৰ্ণ সম্পাদনা" ঘৰটো চিহ্নিত কৰা মানে আপুনি সম্পাদনা কৰা সংস্কৰণ আৰু পূৰ্বৰ সংস্কৰণৰ মাজত সামান্য পাৰ্থক্যহে আছে : যেনে বৰ্ণাশুদ্ধি, সজ্জা আৰু উপস্থাপন আদি। "অগুৰুত্বপূৰ্ণ সম্পাদনা"ক সম্পাদকে পুনৰীক্ষণ বা বিবাদৰ বিষয় বুলি নাভাবে। কেৱল পঞ্জীভূত সদস্যইহে আন বহু ৱিকিপিডিয়া বিকল্পৰ নিচিনাকৈ "অগুৰুত্বপূৰ্ণ সম্পাদনা" কৰিব পাৰে।

[সম্পাদনা কৰক] গুৰুত্বপূৰ্ণ সম্পাদনা

সকলো সম্পাদককে সাহসী হ’বলৈ উত্‍সাহ যোগোৱা হয়, কিন্তু গুৰুত্বপূৰ্ণ সম্পাদনা এটা ভালে-কুশলে যাবলৈ সম্পাদকে কিছুমান কথাত চকু দিয়া উচিত। গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ আগতে সম্পাদকে প্ৰস্তাৱিত সালসলনিবোৰ প্ৰবন্ধটোৰ "আলোচনা পৃষ্ঠাত"ত উনুকিয়াই দিলে ভাল । বেছি সময় ধৰি চলা সম্পাদনাত {{সম্পাদনা দ্বন্দ}} টেগ লগাই থ’লে সম্পাদনা দ্বন্দৰ আশংকা কমি যায় । সম্পাদনা শেষ হ’লে সম্পাদনা সাৰাংশই সালসলনিবোৰ চকুত পৰাত সহায় কৰিব।

সকলো সম্পাদক একমত হ’বলৈ গুৰুত্বপূৰ্ণ সম্পাদনা এটাৰ পুনৰীক্ষণ হ’ব লাগে। সেইবাবে প্ৰবন্ধৰ "অৰ্থ" সলনি কৰা সম্পাদনা সদায় গুৰুত্বপূৰ্ণ (অগুৰুত্বপূৰ্ণ নহয়), লাগিলে সি এটা মাত্ৰ শব্দতেই হওক ।

গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ বাবে আপুনি কোনো চৰ্ত্তৰ হয়ভৰ দিয়াৰ প্ৰয়োজন নাই, কিন্তু ওপৰৰ কথাখিনি মানি চলাটো ভাল। আপুনি ইয়াক নিজৰ মতে কৰিব বিচাৰিলে আপোনাৰ সম্পাদনা "পুনৰ্সম্পাদনা" হোৱাৰো সম্ভাৱনা বাঢ়ি যাব।

গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ সময়ত ‘সাঁচি থওক’ টিপাৰ আগতে আপোনাৰ পাঠখিনি বাহ্যিক "টেক্সট ইডিটৰ"ত (যেনে ৱিণ্ড’জ ন’টপেড) কপী কৰি তোৱা উচিত যাতে ব্ৰাউজাৰৰ কিবা সমস্যা হ’লে আপোনাৰ কামখিনি হেৰাই নাযায় ।

[সম্পাদনা কৰক] "উৎস চাওক" - সুৰক্ষিত পৃষ্ঠা

কিছুমান পৃষ্ঠা সম্পাদনাৰ পৰা সুৰক্ষিত কৰি ৰখা হয়। এই পৃষ্ঠাবোৰত সম্পাদনা টেবৰ সলনি উৎস চাওক বুলি থাকে। তথাপিও আপুনি সম্পাদনা আবেদন এখন জমা কৰি পৰোক্ষভাৱে ইয়াক সম্পাদনা কৰিব পাৰে। সুৰক্ষিত পৃষ্ঠা সম্পাদনা কৰিবলৈ অধিকাৰ থকা সম্পাদক এজনে আপোনাৰ আবেদনত সঁহাৰি জনাব। আপুনি উৎস চাওক টেবত ক্লিক কৰি আৰু পৃষ্ঠাখনৰ সোঁফালে তলত থকা "সম্পাদনা আবেদন জমা কৰক/Submit an edit request" সংযোগটো ব্যৱহাৰ কৰি এই কাম কৰিব পাৰে।

[সম্পাদনা কৰক] ৱিকি চিহ্নসমূহ

ৱিকি চিহ্ন বা মাৰ্ক্‌আপ হৈছে সম্পাদনা ঘৰত দেখা পোৱা মূল পাঠৰ উপৰিও থকা অতিৰিক্ত তথ্যসমূহ যিবোৰে মিডিয়াৱিকি ছফ্টৱেৰৰ সহায়ত প্ৰৱন্ধটোৰ ডিছপ্লে', শ্ৰেণীকৰণ আদি প্ৰণালীবোৰ গত লগায়।

[সম্পাদনা কৰক] ৱিকি পৃষ্ঠাৰ সম্পাদনা সম্পৰ্কীয় অধিক তথ্য

[সম্পাদনা কৰক] আৰম্ভ কৰা

[সম্পাদনা কৰক] নীতি আৰু দস্তুৰসমূহ

ৱিকিৰ উদ্দেশ্যৰ লগত সংগতি থকা তথ্যহে সন্নিৱিষ্ট কৰিব অন্যথা সেইবোৰ বিলোপ কৰা হ'ব পাৰে। আপোনাৰ চিন্তা গ্ৰহণযোগ্য হ'বনে নাই জানিবৰ বাবে আলোচনা পৃষ্ঠা ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ বৰঙণি কি অনুজ্ঞাপত্ৰৰ আধাৰত অন্তৰ্ভুক্ত হ'ব জানি লওক।

[সম্পাদনা কৰক] সহায়ক তথ্য

[সম্পাদনা কৰক] নামাকৰণ আৰু স্থানান্তৰ

[সম্পাদনা কৰক] শৈলী আৰু সজ্জা

[সম্পাদনা কৰক] সঁজুলি

[সম্পাদনা কৰক] অতিৰিক্ত তথ্য

ব্যক্তিগত সৰঞ্জাম

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত