সংস্কৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পতি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু।

অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, ধৰ্ম-অধৰ্ম, উত্সহৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বাহ প্ৰণালীৰ সামগ্ৰিক যৌগিক ৰূপটোৱেই হ’ল সংস্কৃতি। থুলমুলকৈ জনসাধাৰনৰ জীৱন পদ্ধতিয়ে হ’ল সংস্কৃতি।


মানব জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈকে আঁত নিছিগাকৈ বৈ আহিছে সংস্কৃতিৰ বোৱতি সুঁতি। অসমীয়া সংস্কৃতিও কোনো এটা নিৰ্দিষ্ট সময়ত গঢ় লোৱা সংস্কৃতি নহয়। ইয়াৰ ইতিহাস অতি প্ৰাচীন। শতাব্দীৰ পিছত শতাব্দী ধৰি ক্ৰমবিকাশৰ পথত আগবাঢ়ি আহিছে অসমীয়া সংস্কৃতি। অৱশ্যে, কালক্ৰমত অসমীয়া সংস্কৃতিৰ ক্ৰমশঃ পৰিবৰ্ত্তন পৰিলক্ষিত হয়। আদিম অৱস্থাত অসমৰ বুকুত আৰ্য-অনাৰ্য, মঙ্গোলীয় তথা নানান জাতি-উপজাতি বসবাস কৰি তেওঁলোকৰ স্বকীয় সংস্কৃতিৰ উপাদান সমূহ আগবঢ়াই অসমীয়া সংস্কৃতি পৰিপুষ্ট সাধন কৰিছিল। পৰৱৰ্তী যুগত আহোম মোগলৰ বিভিন্ন সংস্কৃতিৰ উপাদানৰ সমাহৰনেৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ বন্ধাত সহায়তা কৰিছে। আহোমৰ ৰাজত্বকালৰ সময়চোৱাত অসমীয়া সংস্কৃতিৰ সৰ্বদিশত এটা সুশৃংখল ৰূপ ধাৰন কৰে। এই সময়চোৱা অসমীয়া সংস্কৃতিৰ ভেটি প্ৰতিষ্ঠাৰ যুগ বুলি কোৱা হয়। ইয়াৰ পিছত অসমলৈ বৃটিছৰ আগমন ঘটে। বৃটিছ অহাৰ লগে লগে অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ত পৰিবৰ্তন হোৱাৰ লগতে আবহমান কালকপি চলি অহা অসমীয়া সংস্কৃতিৰ প্ৰবাহলৈ বহুমুখী পৰিৱৰ্ত্তন আহিবলৈ ধৰে। পূৰ্বৰ সামাজিক ব্যৱস্থা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উত্স-ৱ-পৰ্ব, খোৱা-লোৱা, পিন্ধা-উৰা ইত্যাদি সৰ্বদিশত নতুনত্বৰ পৰিলক্ষিত হয়। পুৰনিকলীয়া সংস্কৃতিৰ ওপৰত আধুনিক বহু কথাৰ প্ৰলেপ পৰে আৰু ক্ৰমশঃ পুৰনিকলীয়া সংস্কৃতিৰ লুপ্তপ্ৰায় অৱস্থা হয়। এইদৰেই সংযোগ, বিয়োগৰ মাজেদি গঢ় লবলৈ ধৰে আধুনিক অসমীয়া সংস্কৃতিৰ। আধুনিক অসমীয়া সংস্কৃতি খৰতকীয়া গতিত ক্ৰমাৎ আধুনিকতাৰ ফালে আগবঢ়াই নিয়াৰ মূলতে হ’ল - পুঁজিবাদী সমাজ ব্যৱস্থা। মানুহৰ সাংস্কৃতিক সৃষ্টি সমূহৰ উত্পা দন প্ৰক্ৰিয়াৰ ওপৰতো এই পুঁজিবাদী ব্যৱস্থাই প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে। এই সময়চোৱাত মানুহে সংস্কৃতিৰ সমলবোৰ জীৱনৰ প্ৰয়োজনীয়তাৰ মাপকাঠিৰে জুখিবলৈ লয়। শিক্ষা-ব্যৱস্থাত আমূল পৰিবৰ্ত্তনে দেখা দিয়ে। জনমানসে পূৰ্বৰ শিক্ষাৰ অন্তৰ্গত আধ্যাত্মিক বিষয়বোৰ গ্ৰহণ কৰিবলৈ টান পোৱা হয়, লগতে গুৰু-কুল প্ৰথা উঠি যায় আৰু টোলসমূহৰ সমাদৰ ক্ৰমাৎ লাঘব হ’বলৈ ধৰে। ঐহিক সুখদায়ক লৌকিক বিষয়ৰ ওপৰত শিক্ষাৰ গুৰুত্ব আহিল। মানুহৰ মন ক্ৰমাৎ নগৰকেন্দ্ৰিক হোৱাৰ ফলত পূৰ্বৰ গ্ৰাম্যসংস্কৃতিৰ গৰাখহনীয়া ৰূপৰ সৃষ্টি হ’বলৈ ধৰে। উদ্যোগমুখিতাই আনি দিয়ে পুৰনিকলীয়া কৰ্মসংস্কৃতিৰ প্ৰতি অবহেলা; ফলত বিভিন্ন কুটিৰ শিল্পৰ চৰ্চাৰ লাহ লাহে অবক্ষয় ঘটিবলৈ ধৰে। সাজপোচাক, অয়-অলংকাৰ, ঘৰ-দুৱাৰ নিৰ্মাণ, খাদ্য-প্ৰণালী ইত্যাদিতো আধুনিকতাৰ স্পৰ্শ পৰে। মুঠৰ ওপৰত ইংৰাজ আগমনৰ লগে লগে অসমীয়া পুৰনিকলীয়া সংস্কৃতি ক্ৰমাৎ আধুনিকমুখী হ’বলৈ ধৰে।

সময় গতিশীল। যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জনসাধাৰনৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিবৰ্ত্তন হোৱাটো নিতান্তই স্বাভাৱিক। বৰ্ত্তমান যুগটোৱে হ’ল বিশ্বায়নৰ যুগ। এনে এটি যুগত এখন দেশৰ লগত আন এখন দেশৰ পাৰস্পৰিক সাংস্কৃতিক বিনিময় একো অস্বাভাৱিক নহয়। বৰ্ত্তমান অসমীয়া সংস্কৃতিক পশ্চিমীয়া সংস্কৃতিয়ে বেৰি ধৰাৰ সৰল ব্যাখ্যা হ’ল বিশ্বায়ন ব্যৱস্থা। বিশ্বায়নে গোটেই বিশ্বখনক একগোট কৰি পেলোৱাৰ ফলত মানুহৰ মাজত ভাবৰ আদান-প্ৰদান অতি সহজসাধ্য হয়। সেয়ে দেখা যায় খাৱন-বোৱন, পিন্ধন-উৰণ, খেল-ধেমালি, কেশ-বিন্যাস, প্ৰসাধন, সোধন-পোচন ইত্যাদি অসমীয়া সংস্কৃতিৰ প্ৰতিটো বিষয়তে আধুনিকতাৰ স্পৰ্শ। খাদ্যদ্ৰৱ্যৰ প্ৰস্তুতি আৰু পৰিবেশন লগতে খোৱাৰ পদ্ধতিতো পশ্চিমীয়া ধৰণ সোমাই পৰিল। ‘খাৰখোৱা লোক’ বুলি পৰিচিত আজিৰ অসমবাসীয়ে খাৰ খাব নজনা হ’ল। সাজপাৰৰ ক্ষেত্ৰতো অসমীয়া সংস্কৃতিৰ এক বিৰাট পৰিবৰ্ত্তন সাধন হয়। যি ৰিহা-মেখেলা পিন্ধিলেই অসমীয়া লোক বুলি পৰিচিত আছিল সেই ৰিহা-মেখেলা বৰ্ত্তমান অসমীয়া গাভৰুহতে চিনি নোপোৱা হ’ল। সমূহীয়া উত্সৰৱত অসমীয়া সাজ এযোৰ পৰিধান কৰাতকৈ জাক-জমক পোচাক এযোৰ পৰিধান কৰি নিজকে আধুনিক বুলি দেখুৱাবলৈ আমাৰ অসমীয়া যুৱতীসকলে বেছি ভাল পোৱা হ’ল। পুৰনি অসমীয়াৰ সাঁজ ৰিহা, কাঁচলি, পাতেনি, দোপটী, ধুতি আদিৰ প্ৰচলন লাহে লাহে কমি আহিবলৈ ধৰে আৰু এইবোৰ ঠাই অধিকাৰ কৰে আধুনিক সাজপাৰ যেনে - চোলা-চাদৰ, লংপেণ্ট, চাৰ্ট, চুৰিদাৰ ইত্যাদিয়ে। অৱশ্যে আধুনিক মহিলাসকলে পৰিধান কৰা ‘শাৰী’ৰ প্ৰচলন অতি প্ৰাচীন কালৰ পৰা অসমত আছে। অসমীয়া সাজ পৰিধান কৰা পদ্ধতিও বেলেগ। অসমীয়া সাজ মুগা-পাটৰ জনপ্ৰিয়তা পূৰ্বৰে পৰা অদ্যাপি চলি আহিছে যদিও কৃষিমুখী সমাজৰ ভাঙোন ধৰাৰ লগে লগে এৰী, মুগা-পাটৰ খেতি ক্ৰমাৎ কমি আহিবলৈ ধৰে।

অসমীয়া সংস্কৃতিৰ বিকাশত বিশেষ অৰিহনা যোগোৱা এটি প্ৰধান বিষয় হ’ল ধৰ্ম। কিন্তু আধুনিকতাৰ পৰিপেক্ষিতত অসমীয়া সংস্কৃতিৰ বিকাশত কোনো ধৰ্মৰে বাস্তবমুখী আৰু সৃষ্টিমুখী বৰঙনি পৰিলক্ষিত নহয়। অসমৰ মধ্যযুগৰ সংস্কৃতি আছিল মূলতঃ ধৰ্ম্মভিত্তিক। এই যুগৰ প্ৰায় সকলোবোৰ সংস্কৃতিক বিকাশৰ মূলতে আছিল ধৰ্মীয় প্ৰভাব। মধ্যযুগত ধৰ্ম্মীয় প্ৰভাৱজনিত সাংস্কৃতিক অনুষ্ঠানৰ ভিতৰত বৈষ্ণৱ সত্ৰ সমূহ সৰ্ব্বশ্ৰেষ্ঠ। এই সত্ৰসমূহ আছিল তদানীন্তন সময়ৰ সংস্কৃতি বিকাশৰ মূল কেন্দ্ৰ। কিন্তু, বৰ্ত্তমান এই সত্ৰসমূহৰ সমাদৰ বহুখিনিয়ে হ্ৰাস পাইছে। আজিৰ সত্ৰসমূহ আধ্যাত্মিক চিন্তা-চৰ্চাৰ কেন্দ্ৰীয়স্থল হৈ থকা নাই। অৱশ্যে ধৰ্মৰ নামত বিভিন্ন মঠ-মন্দিৰ স্থাপন কৰি বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চনা এতিয়াও কৰা দেখা যায়। কিন্তু, এইবোৰত জনমানসৰ কিমানখিনি ভক্তিভাব নিমজ্জিত হৈ আছে ই সন্দেহৰ বিষয়। ধৰ্মীয় অনুষ্ঠানবোৰে ক্ৰমাৎ হৈ পৰিছে ব্যৱসায় ভিত্তিক। ধৰ্মৰ নামত গা কৰি উঠা ‘চান্দা তোলা’ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ক্ষয়ংকৰি স্বৰূপটো উদঙাই দিয়ে। আকৌ, ধৰ্মৰ নামত অসমীয়া লোকৰ অৰিয়া-অৰিয়েও এক নতুন সাংস্কৃতিক সংকটৰ বাৰ্তাই বহন কৰি আনিব ধৰা যেন বোধ হৈছে।


আধুনিকতাৰ কবলত অসমীয়া সংস্কৃতিৰ বহল পথাৰখন আগুৰি থকা উত্সসৱ-অনুষ্ঠানবোৰতো এক বৃহৎ পৰিৱৰ্ত্তন পৰিলক্ষিত হয়। অসমৰ জাতীয় উত্সকৱ ‘বিহু’ মূলত গাঁওমুখী কৃষি ধৰ্মী উত্সউৱ। কিন্তু, আধুনিক বিহু নগৰমুখী। পূৰ্বতে বিহু উত্স ৱত পালন কৰা বেছিভাগ লোকচাৰেই নাইকিয়া হৈ আহিছে। বিহুৱে গছৰ তল, নৈৰ পাৰ এৰি নগৰীয়া মঞ্চত উঠিছে। সংস্কৃতিৰ দিশত বহাগ বিহুক মহিমামণ্ডিত কৰিছে বিহুগীতবোৰে। কিন্তু, আধুনিকতাৰ স্পৰ্শত বিহুগীতবোৰ হৈ পৰিছে ব্যৱসায়ীকৃত। বিহুগীত প্ৰকৃতিৰ কোলাৰ পৰা তথা প্ৰকৃতিৰ সন্তানসকলৰ হাতৰ পৰা এতিয়া বিশেষীকৃত গীতিকাৰ, সুৰকাৰ সকলৰ হাতলৈ আহি কেচেটত বানীবদ্ধ হৈছে। আকৌ, বিহু নৃত্যতো আধুনিক আন নৃত্যৰ সাঁচ সোমাই পৰিল। সেয়ে এতিয়াৰ বিহুনাচ বা বিহুগীতক আমি প্ৰকৃতিৰ কোলালৈ নিবলৈ যত্ন কৰিলেও যাব নোখোজে। নগৰকেন্দ্ৰিক অসমীয়া সমাজখনত বিশ্বকৰ্মা পূজা, গনেশ পূজা, দীপান্দিতা উত্সেৱৰ জাক-জমকতা মন কৰিবলগীয়া। কিন্তু, এইবোৰ জনসাধাৰনৰ ক্ষণিক উচ্ছাস মাথোন। অসমত অম্বুবাচী নিবৃত্তিৰ দিনা যি মেলা কামাখ্যা-দেৱালয়ত উত্যানপিত হয়, সি ভাৰত বিখ্যাত। কিন্তু, এই উত্সনৱ সমূহ পতাৰ নামত উদ্যোক্তা সকলৰ একাংশই মদ, ভাং, জুৱা আদি পৰিবেশন কৰি কিছুমান অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰি সংস্কৃতি বিশৃংঙ্খলতা আনিছে।

অসমীয়া সংস্কৃতিৰ এটা দিশ উজলাই ৰখা পৰিবেশ্য কলাসমূহৰ ভিতৰত ওজাপালি, দেওধানী, ভাৱৰীয়া, ঢুলীয়া ইত্যাদি প্ৰধান। প্ৰাচীন সমাজত ইয়াৰ প্ৰচলন অদ্যপি চলি আহিছে যদিও পূৰ্বৰ তুলনাত ইয়াৰ সমাদৰ বহুখিনি হ্ৰাস পাইছে। থলুৱা সংস্কৃতি বজাই ৰাখিবলৈ একশ্ৰেণীৰ লোকে এই অনুষ্ঠানবোৰ উদ্‌যাপন কৰে যদিও এইবোৰ পৰিদৰ্শন কৰিবলৈ দৰ্শকৰ অভাৱ। অসমীয়া সমাজত ‘পুতলা নাচৰ’ যি সমাদৰ আছিল আজি সেই সমাদৰ বিচাৰি যোৱাটো মৰুভূমিত মৰিচিকা বিচাৰি যোৱাৰ সদৃশহে। কালক্ৰমত অসমীয়া সংস্কৃতিত কথাছবি সংযোজিত হ’ল। পাশ্চত্য নাটকৰ আৰ্হিৰে বিভিন্ন নাটক সৃষ্টি হ’ল। আৰু পূৰ্বৰ নাটকৰ লগত এইবোৰৰ যোগসূত্ৰ নোহোৱা হ’ল। ইয়াৰ লগে লগে আহি পৰিল ৰংগমঞ্চ। ক্ৰমশঃ মঞ্চজগতলৈ আন এক পৰিৱৰ্ত্তন আহে আৰু সেয়া হ’ল আধুনিক ভ্ৰাম্যমান মঞ্চ। ভ্ৰাম্যমান মঞ্চাভিনয়ৰ যোগেদি দৃশ্যবোৰৰ পৰিবেশ পৰিস্থিতি আৰু পৃষ্ঠভূমিৰবোৰ প্ৰদৰ্শন কৰিব পৰা হ’ল। এটা সময়ত ভ্ৰাম্যমান দলসমূহে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিব পাৰিলেও আধুনিক ভ্ৰাম্যমান দলসমূহ হৈ পৰিছে বজাৰমুখী। ব্যৱসায়িক সফলতাৰে জুখিবলৈ ধৰে শিল্পীৰ সফলতাৰ মাপকাঠি। তদ্‌স্বত্বেও আধুনিকতাৰ বা লগা আমাৰ অসমীয়া মানুহবোৰে এইবোৰ চাই মছগুল হৈ আছে। অধিক মুনাফা অৰ্জনৰ হেতু দৰ্শকৰ আকৃষ্ট কৰি ৰাখিবলৈ এই ভ্ৰাম্যমান দলসমূহে জাকজমকতাৰে, মনোমোহা নৃত্য-গীত আদি পৰিবেশন কৰিব ধৰিছে। অৱশ্যে এতিয়াও দুই এখন নাটক শৈল্পীক প্ৰয়োজনীয়তা আৰু সমাজ জীৱনৰ প্ৰতিফলনৰ হকে ৰচনা হৈছে।

আধুনিকতাৰ প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিত অন্তৰ্ভুক্ত হোৱা এটা প্ৰধান বিষয় গীত-নৃত্যৰ ক্ষেত্ৰতো এক বিৰাট পৰিবৰ্ত্তন আহি পৰিছে। পূৰ্বতে জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকা আদি একশ্ৰেণী গীতিকাৰ, সুৰকাৰ সকলৰ গীতৰ সুৰে হৃদয়ত যি মূৰ্চ্ছনা তুলিছিল বৰ্ত্তমান এনে অভিজ্ঞ শিল্পী তাকৰীয়া হৈ পৰিছে। জনগণৰ শিল্পী হিচাপে পৰিচিত তেওঁলোকৰ গীতৰ কথাত বিচাৰি পোৱা গৈছিল জনসাধাৰন আৰু সমাজমুখীতা। কিন্তু, বৰ্ত্তমান সংগীত হৈ পৰিছে অধিক শ্ৰোতাক মনোৰঞ্জন দিব পৰা এটা বহল ভাষাৰ বজাৰ যোগান ধৰিব পৰা ব্যৱসায়িক শিল্প। বৰ্ত্তমান শিল্পীসকলৰ গীতৰ সুৰত বাজি উঠে পাশ্চাত্যৰ সুৰ। আকৌ, বেছিভাগ ক্ষেত্ৰত শিল্পীৰ গীতৰ সুৰতকৈ আধুনিক ন-ন বাদ্যযন্ত্ৰৰ ঝংকাৰৰ ধ্বনিহে প্ৰতিফলিত হোৱা দেখা যায়। নৃত্যৰ ক্ষেত্ৰতো দেখা যায় অসমীয়া নাচৰ ভঙ্গিমাৰ সলনি বাহিৰাগত কিছুমান ভঙ্গিমাৰ পয়োভৰ। আধুনিকতাৰ স্পৰ্শত অসমীয়া সংস্কৃতিলৈ শংকৰদেৱ-মাধবদেৱৰ অবদান বৰগীত সমূহৰ গীতৰ সুৰো পাশ্চাত্যৰ ফালে ঢাল খোৱা দেখা যায়; ইয়াৰ গীতৰ সুৰত কোনো ভক্তিভাব সোমাই থকা নাই। তাত্প ৰ্যপূৰ্ণ কথা হ’ল অসমত বসবাস কৰা জনজাতীয় শিল্পীসকলেও তেওঁলোকৰ নিজ নিজ ভাষাত ৰচিত সংগীত চৰ্চা কৰি অসমীয়া সংস্কৃতিৰ প্ৰসাৰণ বৃদ্ধি কৰিছে।

আধুনিকতাৰ কবলত অসমীয়া সমাজত বৈজ্ঞানিক সংস্কৃতিৰ প্ৰভাৱ পৰিল। বিজ্ঞানৰ ন-ন আবিষ্কাৰ দূৰদৰ্শন, অনাতাৰ, বাইক, মটৰগাড়ী, মোবাইল ফোন আদি আৱিষ্কাৰ কৰাৰ ফলত অসমীয়া সংস্কৃতিৰ এক বিৰাট পৰিবৰ্ত্তন আহি পৰিল।

এনেদৰে অসমীয়া সংস্কৃতি পৰিবৰ্ত্তন আৰু পৰিবৰ্দ্ধনৰ ৰূপত জীয়াই আছে। আধুনিকতাৰ স্পৰ্শই অসমীয়া সংস্কৃতি নেতিবাচক আৰু ইতিবাচক দুয়োটা ৰূপেই গ্ৰহণ কৰিছে। যুগৰ লগে লগে মানব সভ্যতা উন্নতিৰ দিশত আগুৱাবলৈ কেৱল পৰম্পৰাক যে খামুচি ধৰি থাকিব লাগিব এইটো সঁচা নহয়; পৰিবৰ্ত্তনৰ প্ৰয়োজন আছে। কিন্তু, পৰিবৰ্ত্তন কেতিয়াও নিজৰ অস্তিত্ব ধ্বংসমুখী হ’ব নালাগে। আধুনিকতাই অসমীয়া সংস্কৃতিৰ যি পৰিৱৰ্তন আনিছে এটা সময়ত অসমবাসীয়ে নিজৰ সংস্কৃতি বিচাৰি বিচাৰি হাবাথুৰি খাব লাগিব সেয়া ধুৰূপ। সেয়ে আজিৰ অসমবাসীয়ে নিজৰ স্বকীয় মৌলিক উপাদানসমূহ সংৰক্ষিত কৰি নিজৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ সময় সমাগত। পৰম্পৰাৰ স’তে আধুনিক এই দুয়োটাৰ সু-সমন্বয় কৰিব পাৰিলে অসমীয়া সংস্কৃতিৰ ইতিহাস সমৃদ্ধ হ’ব।

সহায়ক গ্ৰন্থপূজী :---- ১) অসমৰ সংস্কৃতি----লীলা গগৈ ২) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ ৩) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ডঃ নবীন চন্দ্ৰ শৰ্মা ৪) বাৰেবৰনীয়া অসম----- ডঃ হৰিনাথ শৰ্মা দলৈ।