আজান ফকীৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আজান ফকীৰ
জন্ম ১৬১০ চন
বাগদাদ, ইৰাক
মৃত্যু শৰাগুৰি চাপৰি, শিৱসাগৰ, অসম
অন্য নাম শাহ মীৰান
আজান পীৰ
হজৰত শাহ মীৰান
শাহ মীলান
উল্লেখযোগ্য কৰ্ম জিকিৰ, জাৰী
ধৰ্ম ইছলাম ধৰ্ম


আজান ফকীৰ (ইংৰাজী: Ajan Fakir) এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল।[1] তেওঁৰ প্ৰকৃত নাম আছিল শাহ মীৰান। ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ, হজৰত শাহ মীৰান আৰু শাহ মীলান নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল। আনুমানিক খ্ৰীষ্টীয় সপ্তম-অষ্টম শতিকাত লগত লগত কেইজনমান জন ছূফী (পীৰ) লৈ আজমীৰৰ পৰা অসমলৈ আহিছিল।[2] আজান ফকীৰ অসমলৈ অহাৰ কেইবাশ বছৰ আগতেই অসমলৈ মুছলমান লোক সকল আহিছিল[3]। তেওঁলোকে অসমৰ বিভিন্ন ঠাইত থাকিবলৈ লৈছিল। তেওঁলোকৰ বংশ বৃদ্ধিৰ লগতে কিছু থলুৱা লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰাত[4] অসমত মুছলমান লোকসকলৰ সংখ্যা বৃদ্ধি পাইছিল। ক্ৰমান্বয়ে তেওঁলোক অসমীয়া সমাজ আৰু সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰিছিল।[5]

আজাৰ-ফকীৰৰ পৰিয়াল[সম্পাদনা কৰক]

চূণপোৰা গাঁৱত থাকোতেই আজান ফকীৰে তেতিয়াৰ ৰংপুৰৰ ফালে থকা ছৈয়দ ওছমান গণি খোন্দাকাৰৰ কন্যাক বিয়া কৰায়। বৈবাহিক জীৱনৰ সাক্ষী হিচাপে তেওঁ দুটি পুত্ৰ সন্তানৰ পিতৃ হয়। লগত তেওঁৰ একমাত্ৰ ভাতৃ নবীৰে সৈতে সৰু সংসাৰ খন আউল ভাঙি ধৰ্মৰ কাম সুকলামে পালন কৰিছিল। বিয়া বাৰু কৰাই তেওঁ সংসাৰ ভালদৰে চম্ভালাৰ লগতে ধৰ্মৰ কামত বিভিন্ন ঠাই ঘুৰি ফুৰিছিল।[5]

আজান ফকীৰৰ অসমলৈ আগমন[সম্পাদনা কৰক]

আজান ফকীৰৰ জীৱনীমূলক কাহিনীৰে নিৰ্মিত আজান ফকীৰ চাহেব নামৰ অসমীয়া চলচ্চিত্ৰখনত আজান ফকীৰৰ ৰূপত বিষ্ণু খাৰঘৰীয়া

ইৰাকৰ ৰাজধানী বাগদাদৰ কেইগৰাকীমান ইছলাম ধৰ্ম প্ৰচাৰক নিজ ইচ্ছাই ঘৰ-বাৰী এৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ অঞ্চললৈ গৈছিল। আল্লাৰ নামত উচ্ছৰ্গা কৰিব বিচাৰিছিল নিজৰ জীৱন। সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ শাহ মীৰানে তেওঁৰ ভাতৃ নবীৰ সৈতে খোজকাঢ়ি ইৰাক, আফগানিস্থান আদি দেশ পাৰ হৈ খাইবাৰ গিৰিপথেদি আহি ভাৰতত সোমাইছিলহি। সেই সময়ত শাহ মীৰান এজন চফল ডেকা আছিল। কিছুদিন আজমীৰত অতিবাহিত কৰিছিল, তাৰ পাছত দিল্লীত কিছু দিন কটাইছিল। দিল্লীৰ পৰা তেওঁলোক আহি পালেহি বঙ্গদেশৰ উত্তৰ ফালে থকা গৌড়ত নামে ঠাইত। অৱশেষত দুই ভাতৃ আহি অসমত (তেতিয়াৰ কামৰূপ ৰাজ্যত) প্ৰৱেশ কৰিছিল।[5]

ছাহ মীৰান আৰু তেওঁৰ ভাতৃয়ে সেই সময়ত লগত কোনো তিৰোতা মানুহ অনা নাছিল। সময় উকলিলত অসমৰ ছোৱালীকে বিয়া কৰাই ধৰ্মৰ বাহিৰে আন সকলো আচাৰ-নীতি গ্ৰহণ কৰি অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে ওতঃপ্ৰাত ভাবে মিলি গৈছিল। বৈষ্ণৱ কবি, ধৰ্ম প্ৰচাৰক সকলৰ সাহিত্যৰ লগত তেওঁলোক মিলি গৈছিল[5]

আজান ফকীৰ আৰু ভাতৃ নবী কামৰূপলৈ আহি হাজোৰ হজৰত গিয়াছ-উদ্দিন আউলিয়াৰ দৰগাহতে থাকিবলৈ ল’লে। হাজোত কেইবাবছৰ থাকি ভালদৰে অসমীয়া ভাষা, ৰীতি-নীতি আয়ত্ব কৰাত লাগিল। আজান ফকীৰে ভাষাটোৰ লগতে ওজাপালি, নৃত্যগীত, দেহবিচাৰৰ গীত আৰু অন্যান্য লোকগীত আদিৰ ছন্দ, সুৰ আদিৰ লগত ভালদৰে মনোনিবেশ কৰিলে। এই সকলোবোৰৰ পৰাই অনুপ্ৰানিত হৈ পাছত তেওঁ জিকিৰ ৰচনা কৰিবলৈ লৈছিল। অসমীয়াৰ পূৰ্বতে তেওঁ ফৰাচী, আৰৱী আৰু উৰ্দু ভাষা ভালদৰে জানিছিল, সেইবাবে অসমীয়া ভাষা বিশেষ ভাবে আয়ত্ব কৰিলেও তেওঁ সৃষ্টি কৰা জিকিৰ সমূহ ফৰাচী বা উৰ্দু ভাষাত লিখিছিল। কাৰণ আজিলৈকে আজান ফকীৰৰ অসমীয়া ভাষাত লিখা কোনো আখৰ পোৱা হোৱা নাই।[5]

হজৰত আজান পীৰ দৰগাহ, শ’ৰাগুৰি চাপৰি, শিৱসাগৰ

ধৰ্মীয় আদৰ্শ[সম্পাদনা কৰক]

হাজোত কিছু বছৰ থকাৰ পাছত দুই ভাতৃ উজনিৰ ফালে আগবাঢ়িল আৰু তেতিয়াৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত উপস্থিত হৈ ওচৰৰে চূণপোৰা গাঁৱত থাকিবলৈ লৈছিল। চূণপোৰা গাঁৱত আজান ফকীৰৰ আগমন হোৱাৰ আগতে মছজিদ নাছিল, তেৱেঁই চূণপোৰা গাঁৱত মছজিদ সাজিলে। আজান ফকীৰ মছজিদৰ ওচৰতে থাকিল আৰু মানুহ গোটাই দিনে পাঁচ বাৰকৈ নামাজ পঢ়িবলৈ আৰু পাঁচবাৰকৈ আজান দিবলৈ ল’লে। এইদৰেই এক নতুন সংস্কৃতিৰ গঢ় লৈ উঠিল। মাথো নামাজ পঢ়াই নহয়, আজানে জিকিৰ গীত ৰচনা কৰি নিজেই সুৰ দি গাবলৈ ললে। আজানৰ সুমধুৰ কণ্ঠত জিকিৰ শুনি, আল্লাৰ মহত্বৰ কথা মুছলমান সকলে ভালদৰে উপলদ্ধি কৰিবলৈ ললে। ঠিক তেতিয়াৰে পৰাই নিতৌ পুৱা গধূলি মছজিদত আজান দিয়া ফকীৰ জনৰ নাম শাহ মীৰানৰ পৰা আজান-ফকীৰ ৰূপে জনাজাত হৈ পৰিল। কিন্তু আজান-ফকীৰে অসমৰ ধৰ্মযাজক সকলৰ চৰিয়ত নমনাৰ বাবেই তেওঁ নিজৰ চকুহাল হেৰুৱাব লগা হৈছিল[5]


আজান-ফকীৰে জিকিৰত একাধিক বাৰ যে তেওঁ মাদাৰী পীৰৰহে ভক্ত। মাদাৰী এক চুফি পন্থাৰ নাম। বদৰুদ্দিন, ছাহ বদৰ বা ছাহ মাদাৰৰ নামেৰেই এই পন্থাৰ নাম মাদাৰী ৰূপে পৰিচিত হয়। পয়গম্বৰ জনাৰ পৰা লাভ কৰা আধ্যাত্মিক জ্ঞান একমাত্ৰ হজৰত আলীৰ যোগেদি তেওঁলোকে নিজ মুৰ্ছিদ বা গুৰুৰ পৰা আহৰণ কৰে আৰু সেইদৰে ৰচুলৰ প্ৰকৃত্ব চৰিয়তহে গুপ্তভাবে পালন কৰে[5]

চূণপোৰা গাঁৱত থাকোতেই তেওঁ ইছলাম ধৰ্ম আৰু ৰীতি-নীতি সম্পৰ্কীয় জিকিৰ গীতবোৰ ৰচনা কৰি চিনাকি অসমীয়া সুৰতে গোৱাৰ দিহা কৰিছিল। কিন্তু তেওঁৰ জিকিৰ গীতবোৰৰ কথাৰ মাজত আৰৱী, ফৰাচী আদি শব্দৰে ব্যৱহাৰ কৰিছিল যদিও সেইবোৰৰ ব্যৱহাৰে ছন্দৰ লালিত্য বা সুৰৰ মধুৰতা খৰ্ব কৰা নাছিল। যিমানেই জিকিৰ গীতবোৰৰ জনপ্ৰিয় হৈ পৰিছিল সিমানে তেওঁৰ শিষ্যৰ সংখ্যাও বৃদ্ধি পাইছিল। লাহে লাহে আজন-ফকীৰ ধৰ্মগুৰু বা পীৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত চূণপোৰা গাঁৱতেই নহয় সমগ্ৰ অসমতে আজান চাহাবৰ নাম-যশ বৃদ্ধি পাবলৈ ললে[5]

ৰজা গদাধৰ সিংহৰ দিনত আহোম ৰজাৰ বিশেষ প্ৰতিপত্তি থকা মুছলমান বিষয়া আছিল একমাত্ৰ ৰূপাই দাধৰা। আন এজন মুছলমান আজান-ফকীৰৰ নাম-যশে চাৰিওফালে প্ৰভাব পেলোৱাত ৰূপাই ঈৰ্ষাত জ্বলি-পুৰি মৰিছিল। ৰূপায়ে মাগল ৰজাৰ গুপ্তচৰ বুলি ৰজাৰ ওচৰত আজানৰ বিৰুদ্ধে গোচৰ দিলে যদিও আজানৰ গুপ্তচৰ হোৱাৰ কোনো প্ৰমান কিন্তু ৰূপায়ে দিব নোৱাৰিলে। শেষত ৰূপায়ে পুনৰ অভিযোগ আনিলে যে জিকিৰ গীত গাই বিশেষ উপাসনাত লাগি আজানে ইছলাম ধৰ্মৰ বিকৃতি ঘটোৱা বুলি। ৰজাই কথাষাৰ বিশ্বাস নকৰিলেও হয়তো ৰাজবিষয়া ৰূপাইক সন্তুোষ্ট কৰিবৰ বাবেই আজানৰ বিৰুদ্ধে ৰায় দিলে। শেষত নিষ্ঠুৰ অপকৰ্ম কৰিলে ৰূপাই দাধৰাই। বৃদ্ধ আজান আৰু ভাতৃ নবীক ধৰি আনি বন্দী কৰি ৰাখিলে আৰু আজানৰ চকু কাঢ়িবলৈ নিৰ্দ্দেশ দিলে। হাঁহি হাঁহি নিজৰ চকু কাঢ়িবলৈ পাতি দিলে আজানে। আজানৰ চকু কাঢ়ি নিয়াৰ পাছতেই অসম ৰাজ্যই নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ নামি আহিছিল। শেষত ৰজাই নিজৰ ভূলৰ বাবে হোৱা অপকৰ্মৰ কথা জানিব পাৰি দৰদী হৈ পৰিল আৰু আজানক ধৰ্ম প্ৰচাৰ কৰিবলৈ নিজে মঠ সজাই দি ফকীৰৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰালে[5]

আজান ফকীৰৰ জিকিৰ[সম্পাদনা কৰক]

জিকিৰ পৰিবেশন দৃশ্য প্ৰদৰ্শিত এক দেৱাল অংকন

ছাহ মীৰান বা আজান ফকীৰে অসমীয়া জিকিৰ অৰ্থাত্ ইছলাম ধৰ্মীয় স্তুতি গীত ৰচনা কৰিছিল। জিকিৰ শব্দটো আৰবী জিকিঅৰ শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হল আল্লাৰ নাম স্মৰণ কৰা। এইয়া ইছলাম ধৰ্মৰ অতি পৱিত্ৰ কাৰ্য্য বুলি গণ্য কৰা হয়। আজান চাহাবৰ আগমনৰ সময়ত অসমৰ মুছলমান সকলে নামাজ, ৰোজা, জাকাত আদিসহ ইছলাম দৰ্মৰ ৰীতি-নীতি, অনুষ্ঠান সঠিক ভাবে পালন কৰা নাছিল। আজান-ফকীৰে মুছলমান সকলক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈকে জিকিৰ লিখিছিল আৰু জিকিৰ মাধ্যমেৰেই মুছলমান সকলৰ মাজত আল্লাৰ বিষয়ে জ্ঞান দিছিল। জিকিৰৰ ভাষা, ছন্দ, উপমা, সুৰ আদি অসমীয়া যদিও ইছলাম ধৰ্ম সম্বন্ধীয় কিছুমান পাৰ্চী আৰু আৰবী শব্দ গীত সমূহত সুমুৱাই দিছিল। অসমীয়া দেহ বিচাৰৰ গীতৰ লগত সাদৃশ্য থকা এই জিকিৰ সমূহত আল্লাৰ নাম-কলিমা, দেহৰ ভংগুৰাত আদি বিষয় বোৰ সন্নিবিষ্ট কৰিছিল[5]

জিকিৰ সমূহীয়াকৈ গোৱা হয় আৰু লোকগীতৰ দৰেই ইয়াৰ প্ৰকাশ ভংগী সহজ-সৰল। এই গীত পৰিবেশনৰ ক্ষেত্ৰত থলুৱা লোকবাদ্য দোতাৰা, বাঁহী, টোকাৰি, বীণ আদিৰ ব্যৱহাৰ কৰা সততে দেখা যায়। বহি বহি গোৱাৰ লগতে জিকিৰ নাচি নাচি হাত চাপৰি বজাই, তাল ৰাখি বৃত্তাকাৰে ঘুৰি গোৱাৰ ৰীতিও প্ৰচলিত আছে। আজান ফকীৰেই সৰহভাগ জিকিৰ ৰচনা কৰিছিল যদিও মুনীয়া দেৱান, বান্দৰ ফকীৰ, জৈয়দ মূৰতজা, গোলাম হুছেইন, হৰিদাস কুমাৰ, বেথাই গুৱাল আদিয়েও জিকিৰ ৰচনা কৰিছিল[5]

আজান ফকীৰৰ জাৰী[সম্পাদনা কৰক]

হাছান-হুছেনৰ কাৰবালাত ঘটা কৰুণ কাহিনীক কেন্দ্ৰ কৰি ৰচনা কৰা শোকগাথাবোৰকে জাৰী গীত বুলি কোৱা হয়। ইছলাম ধৰ্মী লোকসকলৰ অতি প্ৰিয় এই গীতসমূহত হজৰত আলী ফাতেমা বিবি আদিৰ কথাও সন্নিবিষ্ট কৰা আছে। অসমত প্ৰচলিত জাৰী গীতবোৰ জিকিৰতকৈ প্ৰাচীন। এইবোৰক মৰ্চিয়া গীত বুলিও কোৱা হয়। জাৰী গীতবোৰৰ বিষয় বস্তু ধাৰ্মিক নহয় যদিও কাৰবালা ছহিদক লৈ লিখা গীতবোৰ কৰুণ হোৱা বাবেই মানুহৰ অন্তৰত সহজে চুই যাব পাৰে। অসমীয়া জাৰী গীতবোৰ বহু পৰিবেশ আৰু ঘটনাৰ ৰহণ সানি পৰিবেশন কৰা হৈছে। তাৰোপৰি তামোল-পাণৰ ব্যৱহাৰো এই গীত বোৰত আছে। নাচি নাচি হাত আৰু বুকু চপৰিয়ায়ো এই গীত গোৱা হয়। অসমীয়া দেহ বিচাৰৰ গীত আৰু লোক গীতৰ সৈতে সাদৃশ্য থকা এই গীত গালে সকলোৰে মন পৰসি যায়, সেয়ে জাৰী মুছলমান সকলৰ মাজত অতি প্ৰিয় গীত ৰূপ পৰিগনিত[5]

আজান-ফকীৰৰ মৃত্যু[সম্পাদনা কৰক]

আজান ফকীৰৰ চকু ৰূপাই দাধৰাই কাঢ়ি নিয়াৰ পাছতো কিছু বছৰ তেওঁ অন্ধ হৈয়ে জীয়াই আছিল। আজান ফকীৰৰ প্ৰায় ১২০ বছৰ বয়সত মৃত্যু হয় বুলি অনুমান কৰা হয়। তেওঁৰ মৃত্যুৰ সময়ত পত্নী আৰু দুজন পুত্ৰৰ লগত ভাতৃ নবীক ইহ-সংসাৰত এৰি থৈ যায়। শৰাগুৰি চাপৰিৰ মছজিদৰ কাষতে আজান ফকীৰক কবৰ দিয়া হয়[5]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sarma, Satyendranath (1989). A Socio-economic & Cultural History of Medieval Assam, 1200 A.D.-1800 A.D.. Pratima Devi. পৃষ্ঠা. 230. http://books.google.com/?id=M4xAAAAAMAAJ&q=%22Azan+Pir%22&dq=%22Azan+Pir%22। আহৰণ কৰা হৈছে: 2008-09-05. 
  2. গ্ৰ্ন্থ: বিশ্ব-ঐতিহ্য, লেখক: শান্তনু কৌশিক বৰুৱা
  3. B. Datta-Ray, B. (1978). Social and Economic Profile of North-east India. B. R. Pub. Corp.. পৃষ্ঠা. 343. http://books.google.com/?id=RgAlAAAAMAAJ&q=%22Azan+Pir%22&dq=%22Azan+Pir%22। আহৰণ কৰা হৈছে: 2008-09-05. 
  4. Barooah, Jeuti (1993). Single Women in Assamese Hindu Society. Gyan Pub. House. পৃষ্ঠা. 27. ISBN 978-81-212-0416-3. http://books.google.com/?id=BLEoAAAAYAAJ&q=%22Azan+Fakir%22&dq=%22Azan+Fakir%22। আহৰণ কৰা হৈছে: 2008-09-05. 
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 5.10 5.11 5.12 গ্ৰন্থ: এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া, লিখক:হেমন্ত কুমাৰ ভৰালী, পৃষ্ঠা নং- ৯৬, প্ৰকাশক: অনন্ত হাজৰিকা, সংস্কৰণ: জানুৱাৰী,২০১২