শৰাগুৰি চাপৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ছাহ মিলন বা হজৰত আজান পীৰৰ দৰগাহ শৰাগুৰি চাপৰিত। য'ত তেখেতৰ মাজাৰ চৰিফ বা সমাধিস্থল আছে। চাপৰিটো দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে প্ৰায় তিনি ফালে বেৰি আছে। সেইফালে আজান ফকীৰৰ সমাধিস্থল টোৰ পৰা কেইবা মাইলমান দূৰত এখন কৈৱৰ্ত গাঁও আৰু কেইঘৰমান কুমাৰ আছে।

এসময়ত এই অঞ্চলত থকা এজোপা শৰা গছৰ তলত আজান পীৰে তেওঁৰ সংগীসকলৰ লগত জিকিৰ ৰচনা আৰু চৰ্চা কৰিছিল বুলি এক জনশ্ৰুতি আছে আৰু এই শৰা গছৰ পৰাই এই ঠাইৰ নাম শৰাগুৰি চাপৰি হয় বুলি কোৱা হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]