গৰম বতাহৰ বেলুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৰন্ত অৱস্থাত এটা গৰম বতাহৰ বেলুন

বেলুন বুলিলে সাধাৰণতে যিকোনো গেছ ভৰ্তি বেগকে বুজোৱা হয় যদিও এই প্ৰবন্ধটিত বেলুনৰ আকাশীযানৰ কথাহে আলোচনা কৰা হৈছে। বেলুন হৈছে একপ্ৰকাৰৰ বায়ুতকৈ পাতল আকশীযান যি বায়ুৰ প্লাৱিতা বলৰ সহায়ত আকাশত ওপঙি থাকে। তাৰ বাবে কোনোধৰণৰ যন্ত্ৰৰ প্ৰয়োজন নহয়। বেলুনৰ তলৰ অংশত এটি বাষ্কেট বা গন্দোলা সংযুক্ত হৈ থাকে য’ত মানুহ আৰু অন্যান্য বস্তু থাকিব পাৰে।

ইতিহাস[সম্পাদনা কৰক]

গৰম বায়ু সাধাৰণ বায়ুতকৈ পাতল এই তত্ত্বটোৰ ভিত্তিতেই আজিৰ পৰ প্ৰায় ২০০০ বছৰ আগোতে চীন দেশত এবিধ পুতলা ওলমা যান (লেণটাৰ্ণ্) উৰুওৱা হৈছিল। চীনা সৈন্যবাহিনীক সংকেত দিয়াৰ বাবেও এনেধৰণৰ যান ব্যৱহাৰ হৈছিল। ১৭০৯ চনত বাৰ্টলমেও ডি গুছ্মাউ নামৰ ব্ৰাজিলৰ পাদুৰীএজনে লিছবনত এটা ৰুমৰ ভিতৰত গৰম বতাহৰ এটি বেলুন নিৰ্মাণ কৰি উলিয়ায়। তেওঁ অন্য এক বেলুনৰ সহায়ত এক কিল’মিটাৰলৈকে দূৰত্ব অতিক্ৰম কৰে বুলি দাবী কৰিছিল যদিও সেয়া সৰ্বজনভাৱে গৃহীত নহ’ল। ১৭৬৬ চনত হেনৰী কেভেণ্ডিছে বায়ুতকৈ পাতল হাইড্ৰজেন গেছ আৱিষ্কাৰ কৰিলে। যোছেফ ব্লেক নামৰ এজন স্কটিছ পদাৰ্থবিদে পৰামৰ্শ আগবঢ়াইছিল যে হাইড্ৰজেন গেছেৰে পৰিপূৰ্ণ বেলুন এটা আকাশত সহজেই উপঙি থাকিব পাৰিব।

গৰম বতাহৰ সহায়ত উৰিব পৰা বেলুন প্ৰথম সফলভাৱে নিৰ্মাণ কৰে ফ্ৰান্সৰ মণ্টগলফিয়াৰ ভ্ৰাতৃদ্বয়ে। ফ্ৰান্সৰ জেকুইছ ইটিনি মণ্টগলফিয়াৰ আৰু জোছেফ মাইকেল মণ্টগলফিয়াৰ নামৰ দুজন ভাই-ককায়ে ১৭৮৩ চনৰ ৫ জুনত ১০০ ফুট উচ্চতালৈকে বেলুন উৰুৱাবলৈ সক্ষম হয়। এনে এক বেলুনত উঠিয়েই ফ্ৰান্সৰ পিলত্ৰে দ্য ৰ’জিয়াৰ আৰু ল’ৰেন দ্য আৰলান্দেছ নামৰ যুৱকদুজনে ৫০০ ফুট উচ্চতাত ২৫ মিনিট ধৰি উৰি প্ৰায় ৫.৫ মাইল অতিক্ৰম কৰি প্ৰথম মানৱযুক্ত বেলুনৰ উৰণৰ পথ সুগম কৰে। ১৭৮৩ চনৰে ১ ডিছেম্বৰত প্ৰফেছৰ জেকুইছ চাৰ্লছ আৰু ৰবাৰ্ট ভ্ৰাতৃদ্বয়ে প্ৰথমবাৰৰ বাবে হাইড্ৰজেন গেছেৰে পূৰ্ণ এটি বেলুনত ২০০০ ফুট উচ্চতাত ২ ঘণ্টা ধৰি উৰি আৰু ২৭ মাইল অতিক্ৰম কৰি ইতিহাস ৰচনা কৰে। আজিও বেলুনৰ আৱিষ্কাৰক বুলিলে মণ্টগলফিয়াৰ ভ্ৰাতৃদ্বয়কে বুজোৱা হয়।