১৯ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২  ২৩  ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

১৯ মে' (ইংৰাজী: 19 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৯তম (অধিবৰ্ষত ১৪০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৬টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৪০ - ৰাষ্ট্ৰীয় মিল নামৰ প্ৰসিদ্ধ শ্ৰমিক সংংগঠনটোৰ জন্ম হয়।
  • ১৯৭১ - মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয়।
  • ১৯৭৫ - টকিঅ'ৰ মাৰুনাউচিৰ মিটচোপবিছি হেভি ইণ্ডষ্টিজৰ মুখ্য কাৰ্যালয়ত হোৱা ভয়ংকৰ বিস্ফোৰণৰ (৩০ আগষ্ট, ১৯৭৪) ঘটনাত জড়িত থকাৰ সন্দেহত জাপানৰ কৰ্তৃপক্ষই আঠগৰাকী বাওঁপন্থী সংগ্ৰামীক আটক কৰিছিল।
  • ১৯৯৯ - কাৰ্গিল আৰু ড্ৰাছত ৪০০ পাক অনুপ্ৰৱেশকাৰী সেনাকসীমান্তৰপৰা বহিষ্কৰণ কৰা হয়।
  • ২০২৪ - প্ৰথম অসমীয়া মহিলা বিমান পাইলট ধীৰা হাজৰিকা চলিহাক বীৰাংগনা মূলা গাভৰু বঁটা তাই আহোম যুৱ পৰিষদৰ দ্বাৰা প্ৰদান কৰা হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৮৯০ - হো-চি-মিন, ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা তথা উত্তৰ ভিয়েটনামৰ প্ৰথম ৰাষ্টপতি।
  • ১৯১০ - নাথুৰাম গডছে, ভাৰতীয় জাতীয়তাবাদী নেতা মহাত্মা গান্ধীৰ হত্যাকাৰী।
  • ১৯১৩ - নীলম সঞ্জীৱ ৰেড্ডী, ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি।
  • ১৯৩৪ - ৰাস্কিন বণ্ড, ইংৰাজ মূলৰ ভাৰতীয় লেখক।
  • ১৯৩৮ - গিৰীশ কৰ্ণাড, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা লেখক।
  • ১৯৪৯ - আশ্ৰফ ঘানী, আফগানিস্তানৰ ৰাষ্ট্ৰপতি।
  • ১৯৭৪ - নৱাজুদ্দিন চিদ্দিকী, এগৰাকী ভাৰতীয় প্ৰখ্যাত অভিনেতা। তেওঁ গেংছ অফ ৱাছিপুৰ (২০১২), দ্য লাঞ্চবক্স (২০১৩), ৰমন ৰাঘৱ ২.০ (২০১৬), আৰু মান্টো (২০১৮),[6] আদিত তেওঁৰ চৰিত্ৰৰ বাবে জনাজাত। কাঁ চলচ্চিত্ৰ মহোৎসৱত তেওঁ অভিনয় কৰা প্ৰায় আঠখন চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটা আৰু দুটা এছিয়া পেচিফিক স্ক্ৰীণ বঁটাকে ধৰি অসংখ্য বঁটা লাভ কৰিছে।
  • ১৯৮৩ - দানিছ চিদ্দিকী, ভাৰতীয় ফটো-সাংবাদিক।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]