সমললৈ যাওক

২৭ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২৭ মে' (ইংৰাজী: 27 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৭তম (অধিবৰ্ষত ১৪৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৮টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯১৯ - জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ( ১৯১৯ চনৰ ১৩ এপ্ৰিল) প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা "নাইট" উপাধি ত্যাগ কৰে আৰু বৰলাট লৰ্ড চেমচ ফোৰ্ডক চিঠি দিয়ে।
  • ১৯৫২ - ইউৰোপীয়ান প্ৰতিৰক্ষা গোষ্ঠী গঠিত হয়।
  • ১৯০১ - ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটনে কটন কলেজৰ আৰম্ভণি হ'ল বুলি ঘোষণা কৰিছিল।

জন্ম[সম্পাদনা কৰক]

  • ১৩৩২ - ইবন খালদুন, উত্তৰ আফ্ৰিকাৰ এজন দাৰ্শনিক, আধুনিক সমাজবিজ্ঞান, ভূগোল, বুৰঞ্জী আৰু অৰ্থনীতি বিজ্ঞানৰ অন্যতম পণ্ডিত, বিখ্য়াত কিতাপ 'মুকদ্দিমাহ'। (মৃত্য়ুঃ ১৪০৬)
  • ১৮৫২ - বিলি বাৰ্নছ, পেশাদাৰী ইংৰাজ ক্ৰিকেটাৰ।
  • ১৯০৭ - ৰাচেল কাৰ্ছন, আমেৰিকান জীৱবিজ্ঞানী।
  • ১৯৩৮ - ভালচন্দ্ৰ নেমাডে, ভাৰতীয় সাহিত্যিক।
  • ১৯৫৭ - নীতিন জয়ৰাম গাডকাৰী, ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি।
  • ১৯৫৯ - ডনা থিয় ষ্ট্ৰিকলেণ্ড, কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত।
  • ১৯৬২ - ৰবি শাস্ত্ৰী, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৭৭ - মাহেলা জয়াবৰ্ধনে, শ্ৰীলংকাৰ ক্ৰিকেটাৰ।

মৃত্যু[সম্পাদনা কৰক]

দিৱস আৰু অন্যান্য[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]