সমললৈ যাওক

ঈদ-উল-জুহা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox holiday |holiday_name = ঈদ-উল-জুহা<br> عيد الأضحى <br> ''Eid al-Adha'' |image = Eid Blessings WDL6855.png |caption...
(কোনো পাৰ্থক্য নাই)

17:09, 12 September 2016ৰ সংস্কৰণ

ঈদ-উল-জুহা
عيد الأضحى
Eid al-Adha
ঈদ-উল-জুহা عيد الأضحى Eid al-Adha
ঈদ-উল- জুহাৰ দোৱা(প্রার্থনা)
পালন কৰে মুছলমান আৰু দ্ৰুজ[1]
প্ৰকাৰ ইছলাম ধৰ্মীয় উৎসৱ
মহত্ব * নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাৰ ইচ্ছাত কুৰবাণী(উচ্ছৰ্গা) কৰিবলৈ ওলোৱাৰ স্মৃতিত পালন কৰা
  • বিশ্বৰ বিভিন্ন প্ৰান্তৰ হজযাত্ৰী সকলৰ পৱিত্ৰ নগৰ মক্কাত উপস্থিত হৈ ঈদৰ নামাজ পঢ়া
আৰম্ভ হয় ১০ ধু-আল-হিজ্জাহ(Dhu al-Hijjah)
শেষ হয় ১৩ ধু-আল-হিজ্জাহ (Dhu al-Hijjah)
উদযাপন * ঈদ ছালাত
  • পৰিয়াল, আত্মীয় স্বজন তথা বন্ধু-বান্ধৱৰ একেলগে মিলন আৰু খাদ্য গ্ৰহণ
  • নতুন কাপোৰ পিন্ধন
  • ঈদি( ঈদৰ উপহাৰ) বিতৰণ
  • দুখীয়া সকলক যাকাতৰ নামত খাদ্য, বস্ত্ৰ, অৰ্থ আৰু মাংস বিতৰণেৰে সহায়
আচাৰ * ঈদৰ নামাজ
  • ভেড়া ছাগলী, ছাগলী, গৰু, মহ, উট আদিৰ কুৰবাণী
  • এক তৃতীয়াংশ মাংস বন্ধু তথা ওচৰ চুবুৰীয়াক বিতৰণ
  • এক তৃতীয়াংশ বা তাতোকৈ বেছি দুখীয়া-নিচলাক বিতৰণ
সম্পৰ্কিত হজযাত্ৰা, উমৰাহ, ঈদ-উল-ফিটৰ

ঈদ-উল-জুহা বা ঈদ-উল আজহা (আৰৱী:عيد الأضحى) ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হল বকৰ-ঈদ আৰু কুৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হল ত্যাগৰ উৎসৱ।[2] এই উৎসৱৰ মূল প্রতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলমান সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কুৰবাণী দিয়ে বা জবাই কৰে।

ইতিহাস

মক্কাৰ বছৰেকীয়া হজযাত্ৰাৰ চিত্ৰ

ইছলামৰ বিভিন্ন বর্ননা অনুযায়ী, আল্লাহ ইছলামৰ নবী হজৰত ইব্ৰাহীম(আঃ)ক সপোনত তেওঁৰ আটাইতকৈ প্রিয় বস্তু কুৰবাণী কৰাৰ নিৰ্দেশ দিয়ে। এই আদেশ অনুযায়ী হজৰত ইব্ৰাহীম(আঃ) তেওঁৰ আটাইতকৈ প্রিয় পু্ত্ৰ ইছমাইলক কুৰবাণ কৰাৰ বাবে প্ৰস্তুত হোৱাত আল্লায়ে তেওঁক তেনে কৰিবলৈ বাধা দিয়ে আৰু পুত্ৰৰ পৰিৱৰ্তে পশু কুৰবাণীৰ নিৰ্দেশ দিয়ে। এই ঘটনাক স্মৰণ কৰি গোটেই বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে প্ৰতি বছৰে এই দিৱস পালন কৰে। হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখৰ পৰা আৰম্ভ কৰি ১২ তাৰিখলৈ ৩ দিন ধৰি ঈদ-উল-জুহা পালন কৰা হয়। হিজৰী চন্দ্ৰ বছৰৰ গণনা অনুযায়ী ঈদ-উল-ফিতৰ আৰু ঈদ-উল-জুহা মাজত ২ মাহ ১০ দিনৰ ব্যৱধান থাকে। দিনৰ হিচাপত সৰ্বোচ্চ ৭০ দিন হব পাৰে।

পশু কুৰবাণী

ইছলামৰ মতে যাৰ যাকাত দিয়াৰ সামৰ্থ আছে তেওঁ ঈদ-উল-জুহা উপলক্ষে পশু কুৰবাণী দিয়াৰ নিৰ্দেশ দিয়া হৈছে। ঈদ-উল-জুহাৰ দিনৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী দুদিন পশু কুৰবাণীৰ বাবে নিৰ্ধাৰিত। ভাৰতৰ মুছলমান সকলে সাধাৰণতে গৰু খাহি ছাগলী কুৰবাণী দিয়ে। এজন ব্যক্তিয়ে এটা গৰু বা এটা ছাগলী কুৰবাণী দিব পাৰে। তদুপৰি গৰুৰ ক্ষেত্ৰত কেইবাজনো ব্যক্তি মিলি কুৰবাণী দিয়াও দেখা যায়। কুৰবাণীৰ মাংস তিনি ভাগে ভাগ কৰি ১ ভাগ দুখীয়া-নিচলাৰ মাজত আৰু ১ ভাগ আত্মীয় স্বজনৰ মাজত বিতৰণ কৰাৰ পিছত তৃতীয় ১ ভাগ নিজৰ বাবে ৰখা হয়। কুৰবাণী পশুৰ চামৰা বিক্ৰীৰ বাবে দান কৰাৰ নিৰ্দেশ আছে। মোছাফিৰ বা যাত্ৰী ওপৰত কুৰবাণী দিয়া বাধ্যতামূলক নহয়।

ঈদ-উল-জুহাৰ নামাজৰ আগত কুৰবাণী দিয়া উচিত নহয়। সাধাৰণতে গৰু আৰু মহৰ ক্ষেত্ৰত ১ ৰ পৰা ৭ জন পৰ্যন্ত শৰীক হৈ কুৰবাণী কৰা যায়।

কুৰবাণীৰ ছাগলীৰ বয়স কমপক্ষে ১ বছৰ হোৱা উচিত। গৰু আৰু মহৰ বয়স কমপক্ষে ২ বছৰ হোৱা উচিত। নিজ হাতে কুৰবাণী দিয়া ভাল। কুৰবাণী প্ৰাণী দক্ষিণ দিশত ৰাখি কিবলামুখী কৰি, ধাৰ থকা অস্ত্ৰৰে 'বিস্মিল্লাহি আল্লাহু আকবৰ' কৈ জবাই কৰা হয়।

চিত্ৰমালা

টাইৱানৰ টাাইপেই মছজিদত ঈদ উল জুহাৰ সমূহীয়া নামাজ
বাংলাদেশৰ কমিল্লাত ঈদৰ নামাজৰ বাবে মানুহৰ আগমন
মোগল সাম্ৰাজ্যৰ কালত মুছলমান সকলে মজিদৰ পৰা অহা ১২টা ভাঁজৰ এটা পানৰোমা দৃশ্য

তথ্য সংগ্ৰহ

  1. Kadi, Samar (25 September 2015). "Eid al-Adha celebrated differently by Druze, Alawites". The Arab Weekly (London). http://www.thearabweekly.com/?id=2157। আহৰণ কৰা হৈছে: 1 August 2016. 
  2. [1] বাংলাপিডিয়া

বহিঃসংযোগ