ঈদ-উল-জুহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ঈদ-উল-জুহা
عيد الأضحى
Eid al-Adha
ঈদ-উল-জুহা عيد الأضحى  Eid al-Adha
ঈদ-উল- জুহাৰ দোৱা(প্ৰাৰ্থনা)
পালন কৰে মুছলিম আৰু দ্ৰুজ[1]
মহত্ব * নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলআল্লাহৰ ইচ্ছাত কোৰবাণী(উচ্ছৰ্গা) কৰিবলৈ ওলোৱাৰ স্মৃতিত পালন কৰা
  • বিশ্বৰ বিভিন্ন প্ৰান্তৰ হজযাত্ৰী সকলৰ পৱিত্ৰ নগৰ মক্কাত উপস্থিত হৈ ঈদৰ নামাজ পঢ়া
আৰম্ভ হয় ১০ ধু-আল-হিজ্জাহ(Dhu al-Hijjah)
শেষ হয় ১৩ ধু-আল-হিজ্জাহ (Dhu al-Hijjah)
২০১৭ৰ তাৰিখ ১ ছেপ্টেম্বৰ [2]
২০১৮ৰ তাৰিখ 21 August[2]
উদযাপন * ঈদ ছালাত
  • পৰিয়াল, আত্মীয় স্বজন তথা বন্ধু-বান্ধৱৰ একেলগে মিলন আৰু খাদ্য গ্ৰহণ
  • নতুন কাপোৰ পিন্ধন
  • ঈদি( ঈদৰ উপহাৰ) বিতৰণ
  • দুখীয়া সকলক জাকাতৰ নামত খাদ্য, বস্ত্ৰ, অৰ্থ আৰু মাংস বিতৰণেৰে সহায়
মানিবলগা ধাৰ্মিক কাৰ্য্য * ঈদৰ নামাজ
  • ভেড়া ছাগলী, ছাগলী, গৰু, মহ, উট আদিৰ কোৰবাণী
  • এক তৃতীয়াংশ মাংস বন্ধু তথা ওচৰ চুবুৰীয়াক বিতৰণ
  • এক তৃতীয়াংশ বা তাতোকৈ বেছি দুখীয়া-নিচলাক বিতৰণ
সম্পৰ্কিত হজযাত্ৰা, উমৰাহ, ঈদ-উল-ফিটৰ

ঈদ-উল-জুহা বা ঈদ-উল আজহা (আৰৱী:عيد الأضحى) ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হল ত্যাগৰ উৎসৱ[3] এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে।

কোৰআনৰ ভিত্তিত কোৰবাণীৰ প্ৰাৰম্ভিক ইতিহাস[সম্পাদনা কৰক]

কুৰবানীৰ ইতিহাস খুবেই প্রাচীন। ইছলামিক ইতিহাস অধ্যয়ন কৰিলে গম পোৱা যায় যে সেই আদি পিতা আদম (আলাইহিছ ছালাম)ৰ যুগৰ পৰাই কুৰবানীৰ বিধান চলি আহিছে। আদম (আলাইহিছ ছালাম)ৰ দুই ল'ৰা হাবীল আৰু কাবীলৰ কুৰবানী উপস্থাপন কৰাৰ কথা আমি ইছলামৰ মহাগ্রন্থ আল-কুৰআনৰ পৰা জানিব পাৰো। আল্লাহে কোৰআনত কৈছে,

আদমৰ দুই পুত্রৰ (হাবিল আৰু কাবিলৰ) প্ৰকৃত কাহিনীটো সিহঁতক যথাযথভাৱে শুনাই দিয়া, যেতিয়া দুয়োজনে কুৰবানী কৰিছিল, তেতিয়া এজনৰ কুৰবানী গৃহীত(কবুল) হ'ল আৰু অন্য জনৰ কুৰবানী গৃহীত(কবুল) নহ'ল। সি ক'লে (কোৰবাণী গৃহীত নোহোৱাজনে), মই তোমাক অৱশ্যেই হত্যা কৰিম।অন্যজনে ক'লে, আল্লাহে তো সংযমীসকলৰ কুৰবানীকেই গ্ৰহণ(কবুল) কৰি থাকে। তুমি মোক হত্যা কৰিবলৈ হাত উঠালেও মই তোমাক হত্যা কৰিৱলৈ হাত নুঠাও। মই বিশ্বজগতৰ প্ৰভুক ভয় কৰো; [4]

ইছলাম ধৰ্মগ্ৰন্থ কোৰআনৰ মতে কুৰবানীৰ বিধান প্রত্যেক জাতিৰ বাবেই আছিল। আল্লাহে কৈছে,

প্রত্যেক সম্প্রদায়ৰ(উম্মদ-ধৰ্ম) বাবে আমি কুৰবানীৰ বিধান দিছো; যাতে মই সিহঁতক জীৱনোপকৰণৰ বাবে যিসকলো চতুষ্পদ জন্তু দিছো সেইবোৰৰ উপৰত আল্লাহৰ নাম উচ্চাৰণ কৰে। (এই বিভিন্ন প্ৰথাসমূহৰ উদ্দেশ্যে একেই,) তোমালোকৰ উপাস্য একেজন উপাস্যই, তেওঁৰেই আনুগত্য প্ৰকাশ কৰা আৰু(হে নবী) নম্ৰতা অৱলম্বনকাৰী সকলক সুসংবাদ দিয়া; যিসকলৰ হূদয় আল্লাহৰ নাম শুনাৰ লগে লগে ভয়ত কপি উঠে, যি বিপদেই তেওঁলোকৰ ওপৰত আপতিত নহওঁক কিয় তাৰ বাবে ধৰ্যধাৰণ কৰে, নামাজ প্ৰতিষ্ঠা কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দিছো তাৰ পৰা(সৎকামত) ব্যয় কৰে। [5]

নবী ইব্ৰাহীম (আলাইহিছ ছালাম)ৰ কুৰবানীৰ আদর্শ হোৱাৰ ব্যাপাৰত কোৰআনত আল্লাহে কৈছে,

সেই ল'ৰাজনে(ঈছমাইল) যেতিয়া তেওঁৰ(ইব্ৰাহীমৰ) লগত লৰাঢপৰা কৰিব পৰা বয়সত উপনীত হ'ল, তেতিয়া(এদিন ইব্ৰাহীমে) তেওঁক(ঈছমাইলক) ক'লে- 'হে মোৰ চেনেহৰ পুত্ৰ, মই সপোনত এই বুলি দেখিছো যে মই তোমাক জবেহ কৰিছো। এতিয়া কি কৰিব লাগে কোৱা। তেওঁ উত্তৰ দিলে- আব্বাজান, আপোনাক যি আদেশ দিয়া হৈছে তাকে কৰক। আল্লাহে কৰিলে আপুনি দেখিব মই এজন ধৈৰ্যশীল দৃঢ়মনা লৰা। যেতিয়া তেওঁলোক দুয়ো আল্লাহৰ শৰণাপন্ন হ'ল আৰু ইব্ৰাহীমে পুতেকক (জবেহ কৰিবৰ বাবে) তলমূৰ কৰি মাটিত বগৰাই ল'লে, তেতিয়া আমি তেওঁক মাত দি ক'লো- হে ইব্ৰাহীম, তুমি তোমাৰ সপোন সিদ্ধি কৰিলা।এনেদৰেই আমি সৎকৰ্মীসকলক প্ৰতিদান দিওঁ। বাস্তৱিকতে এইটো এটা জটিল পৰীক্ষা আছিল। আৰু এটা মহাকুৰবানীৰ বিনিময়ত আমি শিশুটিক বচাই ৰাখিলো, আৰু তেওঁৰ প্ৰশংসা আৰু গুণ-গৰীমাৰ কথা পৰৱৰ্তী জনগণৰ মাজত বৰ্তাই ৰাখিলো। [6]

কোৰআনৰ এন্য আয়াতত আল্লাহে কৈছে,

‘এইবোৰৰ (কুৰবানীৰ পশুৰ) তেজ, মাংস একোৱেই আল্লাহৰ ওচৰত গৈ নাপায়, গৈ পায় কেৱল তোমালোকৰ মনৰ তাক্বওয়া বা আল্লাহ ভীতি। এনেকৱেই তেখেতে এইবোৰক তোমালোকৰ অধীন কৰি দিছে যাৰ বাবে তোমালোকে আল্লাহৰ শ্রেষ্ঠত্ব ঘোষণা কৰা এই যে, তেখেতে তোমালোকক পথ-প্রদর্শন কৰিছে; সৎকর্মশীল সকলক সুসংবাদ শুনাই দিয়ক।’ [7]

ইতিহাস[সম্পাদনা কৰক]

মক্কাৰ বছৰেকীয়া হজযাত্ৰাৰ চিত্ৰ

ইছলামৰ বিভিন্ন বৰ্ননা অনুযায়ী, আল্লাহ ইছলামৰ নবী হজৰত ইব্ৰাহীম(আঃ)ক সপোনত তেওঁৰ আটাইতকৈ প্ৰিয় বস্তু কোৰবাণী কৰাৰ নিৰ্দেশ দিয়ে। এই আদেশ অনুযায়ী হজৰত ইব্ৰাহীম(আঃ)ৰ আটাইতকৈ প্ৰিয় পু্ত্ৰ ইছমাইলক কোৰবাণ কৰাৰ বাবে ইংগিত কৰা হৈছিল। পাছত তেওঁ আল্লাহৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হোৱাত আল্লাহে তেওঁক তেনে কৰিবলৈ বাধা দিয়ে আৰু পুত্ৰৰ পৰিৱৰ্তে পশু কুৰবাণীৰ নিৰ্দেশ দিয়ে। এই ঘটনাক স্মৰণ কৰি গোটেই বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে প্ৰতি বছৰে এই দিৱস পালন কৰে। হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখৰ পৰা আৰম্ভ কৰি ১২ তাৰিখলৈ ৩ দিন ধৰি ঈদ-উল-জুহা পালন কৰা হয়। হিজৰী চন্দ্ৰ বছৰৰ গণনা অনুযায়ী ঈদ-উল-ফিতৰ আৰু ঈদ-উল-জুহা মাজত ২ মাহ ১০ দিনৰ ব্যৱধান থাকে। দিনৰ হিচাপত সৰ্বোচ্চ ৭০ দিন হব পাৰে।

পশু কোৰবাণী[সম্পাদনা কৰক]

ইছলামৰ মতে যাৰ জাকাত দিয়াৰ সামৰ্থ আছে তেওঁক ঈদ-উল-জুহা উপলক্ষে পশু কোৰবাণী দিয়াৰ নিৰ্দেশ দিয়া হৈছে। ঈদ-উল-জুহাৰ দিনৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী দুদিন পশু কোৰবাণীৰ বাবে নিৰ্ধাৰিত। ভাৰতৰ মুছলিম সকলে সাধাৰণতে গৰু, খাহি, ছাগলী কোৰবাণী দিয়ে। এজন ব্যক্তিয়ে এটা গৰু বা এটা ছাগলী কোৰবাণী দিব পাৰে। তদুপৰি গৰুৰ ক্ষেত্ৰত কেইবাজনো ব্যক্তি মিলি কোৰবাণী দিয়াও দেখা যায়। কোৰবাণীৰ মাংস তিনি ভাগে ভাগ কৰি ১ ভাগ দুখীয়া-নিচলাৰ মাজত আৰু ১ ভাগ আত্মীয় স্বজনৰ মাজত বিতৰণ কৰাৰ পিছত তৃতীয় ১ ভাগ নিজৰ বাবে ৰখা হয়। কোৰবাণী পশুৰ চামৰা বিক্ৰীৰ বাবে দান কৰাৰ নিৰ্দেশ আছে। মোছাফিৰ বা যাত্ৰী ওপৰত কুৰবাণী দিয়া বাধ্যতামূলক নহয়।

ঈদ-উল-জুহাৰ নামাজৰ আগত কোৰবাণী দিয়া উচিত নহয়। সাধাৰণতে গৰু আৰু মহৰ ক্ষেত্ৰত ১ ৰ পৰা ৭ জন পৰ্যন্ত অংশীদাৰ হৈ কোৰবাণী কৰা যায়।

কোৰবাণীৰ ছাগলীৰ বয়স কমপক্ষে ১ বছৰ হোৱা উচিত। গৰু আৰু মহৰ বয়স কমপক্ষে ২ বছৰ হোৱা উচিত। নিজ হাতে কোৰবাণী দিয়া ভাল। কোৰবাণী প্ৰাণী দক্ষিণ দিশত ৰাখি কিবলামুখী কৰি, ধাৰ থকা অস্ত্ৰৰে 'বিস্মিল্লাহি আল্লাহু আকবৰ' কৈ জবাই কৰা হয়।

পশু জবেহ বা নাহৰ কৰাৰ দুআ[সম্পাদনা কৰক]

আল্লাহৰ নামত, আৰু আল্লাহ সকলোতকৈ মহান। [হে আল্লাহ! এইটো আপোনাৰ ওচৰৰ পৰা প্রাপ্ত আৰু আপোনাৰ কাৰণেই] হে আল্লাহ! আপুনি মোৰ পক্ষৰ পৰা ইয়াক কবুল কৰা।

বিছমিল্লা-হি ওৱাল্লা-হু আকবাৰ, [আল্লা-হুম্মা মিনকা ওৱালাকা], আল্লা-হুম্মা তাকাব্বাল মিন্নী। [8]

কোৰবাণী শুদ্ধ হোৱাৰ চর্ত[সম্পাদনা কৰক]

পশু কোৰবাণী দিয়াৰ কিছু চৰ্ত ইছলামিক কিতাপবোৰৰ পৰা উল্লেখ কৰা হ'ল-

(১) কুৰবানীৰ পশু যাতে শ্বৰীয়ত নির্ধাৰিত শ্ৰেণী আৰু বয়সৰ অন্তৰ্ভুক্ত হয়। নির্ধাৰিত শ্রেণীৰ পশু চাৰি প্ৰকাৰ- উট, গৰু, ভেড়া আৰু দুম্বা বা ছাগলী। অধিকাংশ উলামাৰ মতে সকলোতকৈ উৎকৃষ্ট কুৰবানী হ’ল উট, ইয়াৰ পিছত গৰু, তাৰ পিছত ভেড়া আৰু তাৰ পিছত ছাগলী। আকৌ মতা ভেড়া মাইকী ভেড়াতকৈ উত্তম। যিহেতু এই প্রসঙ্গত দলিল বর্ণিত হৈছে। [9]

এটি উট অথবা এটি গৰুত সাতজন ব্যক্তি কুৰবানীৰ কাৰণে শ্বৰীক হ’ব পাৰে। [10]

অন্য এক বর্ণনামতে উট কুৰবানীত দহজন ব্যক্তি শ্বৰীক হ’ব পাৰে। ইমাম শাওকানী (ৰহঃ)য়ে কৈছে, হজ্জৰ কুৰবানীত দহ আৰু সাধাৰণ কুৰবানীত সাত ব্যক্তি শ্বৰীক হোৱাটোৱেই সঠিক। [11]

কিন্তু ভেড়া বা ছাগলীত ভাগাভাগি বৈধ নহয়। কিন্তু তাৰ ছওৱাবত একাধিক ব্যক্তিক শ্বৰীক কৰিব পাৰি। গতিকে এটি পৰিয়ালৰ তৰফৰ পৰা মাত্র এটি ভেড়া বা ছাগলীয়েই যথেষ্ট হ’ব। তাত সেই পৰিয়ালৰ সদস্য-সংখ্যা যিমানেই নহওঁক কিয়। কিন্তু উট বা গৰুৰ এক সপ্তমাংশ এটি পৰিয়ালৰ তৰফৰ পৰা যথেষ্ট হ’বনে? এই সম্পৰ্কে উলামাসকলৰ মাজত মতভেদ আছে। কিছুমানৰ মতে, যথেষ্ট নহয়। কাৰণ, তাতে ৭ জনৰ অধিক ব্যক্তি শ্বৰীক হোৱা বৈধ নহয়। তাৰোপৰি পৰিয়ালৰ তৰফৰ পৰা এটি পূর্ণ ‘দম’ (জান) যথেষ্ট হ’ব। আনহাতে ৭ ভাগৰ ১ ভাগ পূর্ণ দম নহয়। [12]

বহুতৰ মতে এটি ভেড়া বা ছাগলীৰ দৰেই এক সপ্তমাংশ উট বা গৰু যথেষ্ট হ’ব। [13]

উল্লেখ্য, এটি পৰিয়ালৰ তৰফৰ পৰা এক বা দুই ভাগ গৰু কুৰবানী দিয়াতকৈ এটি ছাগলী বা ভেড়া দিয়াটোৱেই অধিক উত্তম। কুৰবানীৰ সৈতে এটি ভাগ আকিকাৰ উদ্দেশ্যে দিয়া যথেষ্ট নহয়। যেনেকৈ যথেষ্ট নহয় এটি পশু কুৰবানী আৰু আকিকা নিয়তত যবেহ কৰা। কুৰবানী আৰু আকিকাৰ কাৰণে পৃথক পৃথক পশু হ’ব লাগিব। অৱশ্যে যদি কোনো শিশুৰ আকিকাৰ দিনা কুৰবানীৰ দিন পৰে আৰু আকিকা যবেহ কৰে, তেনেহ’লে আকৌ কুৰবানী নিদিলেও হয়। যেনে, দুটি গোছলৰ কাৰণ উপস্থিত হ’লে এটি গোছল কৰিলেই যথেষ্ট, জুমআৰ দিনা ঈদৰ নামায পৰিলে আকৌ জুমআহ নপঢ়িলেও হয়, বিদায়ৰ সময়ত হজ্জৰ তওৱাফ কৰিলে আকৌ বিদায়ী তওৱাফ নকৰিলেও হয়, যোহৰৰ সময়ত মছজিদত প্রৱেশ কৰি যোহৰৰ ছুন্নাত পঢ়িলে পৃথক কৰি আকৌ তাহিয়্যাতুল মছজিদ নপঢ়িলেও হয় আৰু তামাত্তু হজ্জৰ কুৰবানী দিলে আকৌ পৃথকভাৱে কুৰবানী নিদিলেও হয়। [14]

বয়সৰ ফালৰ পৰা উটৰ পাঁচ বছৰ, গৰুৰ দুই বছৰ আৰু ভেড়া ও ছাগলীৰ এক বছৰ হোৱা জৰুৰী। অৱশ্যে অসুবিধা বশতঃ ছয় মহীয়া ভেড়া কুৰবানী কৰিব পাৰি। প্রিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘দাঁত নোলোৱালৈকে যবেহ নকৰিবা। কিন্তু সেইটো দুর্লভ হ’লে ছয় মাহৰ ভেড়া যবেহ কৰা।’’[15]

কিন্তু উলামাসকল এই বিষয়ে একমত যে, ছয় মাহ বয়সীয়া ভেড়াৰ কুৰবানী সিদ্ধ হ’ব; তাৰোপৰি অন্য পশু পোৱা যাওঁক অথবা নাযাওঁক। অধিকাংশ উলামাই সেই হাদীছৰ আদেশক ‘ইস্তিহবাব’ (উত্তম) বুলি গ্রহণ কৰিছে আৰু কৈছে যে, সেই হাদীছৰ মর্মার্থ এই নহয় যে, অন্য কুৰবানীৰ পশু নাপালেহে ছমহীয়া বয়সৰ ভেড়া জাতৰ কুৰবানী বৈধ। যিহেতু এনেকুৱা অন্যান্য দলিলও আছে যাৰ দ্বাৰা প্রমাণিত হয় যে, সেই বয়সীয়া ভেড়াৰও কুৰবানী বৈধ; প্রকাশতঃ যদিও কুৰবানীদাতা অন্য দাঁতালো পশু পাইও থাকে। যেনে¸ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘ছমাহ বয়সীয়া ভেড়াৰ জাত উত্তম কুৰবানী।’’ [16]

উক্কবাহ বিন আমীৰ (ৰা.)য়ে কৈছে, (এদিন) নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে কুৰবানীৰ পশু বিতৰণ কৰিলে। উকবাৰ ভাগত পৰিল এটি ছয় মাহৰ ভেড়া। তেওঁ ক’লে, ‘হে আল্লাহৰাছুল! মোৰ ভাগত ছয় মাহৰ ভেড়া হ’ল?’ প্রত্যুত্তৰত তেওঁ ক’লে, ‘‘এইটোৰ দ্বাৰাই তুমি কুৰবানী কৰা।’’[17]

২। পশু যেন নিম্নোক্ত ত্রুটিসমূহৰ পৰা মুক্ত হয়; (ক) এটা চকু স্পষ্ট কণা। (খ) স্পষ্ট ব্যাধি। (গ) স্পষ্ট খোৰা। (ঘ) অন্তিম বার্ধক্য।

এই ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘চাৰি প্ৰকাৰৰ পশু কুৰবানী কৰা বৈধ বা সিদ্ধ নহয়; (এটা চকু) স্পষ্ট কণা, স্পষ্ট ৰোগীয়া, স্পষ্ট খোৰা আৰু দুৰাৰোগ্য ভগ্নপদ।’’ [18]

এতেকে এই চাৰিৰ কোনো এক ত্রুটিযুক্ত পশুৰ দ্বাৰা কুৰবানী সিদ্ধ নহয়। ইবনে কুদামাহ (ৰহ.)য়ে কৈছে, ‘এই বিষয়ে কোনো মতভেদ আমি নাজানোঁ।’ [19]

কাৰ ওপৰত কোৰবাণী ওৱাজিব[সম্পাদনা কৰক]

প্রাপ্তবয়স্ক, সুস্থমস্তিষ্কসম্পন্ন প্রত্যেক মুছলিম নৰ-নাৰী, যিয়ে ১০ যিলহজ্ব ফজৰৰ পৰা ১২ যিলহজ্ব সূর্যাস্ত পর্যন্ত সময়ৰ ভিতৰত প্রয়োজনৰ অতিৰিক্ত নিছাব পৰিমাণ সম্পদৰ মালিক হ’ব তাৰ ওপৰত কুৰবানী কৰা ওৱাজিব।

টকা-পইচা, সোণ-ৰূপ, অলঙ্কাৰ, বসবাস ও খোৰাকিৰ প্রয়োজন নহোৱা এনেকুৱা ভূমি, প্রয়োজনৰ অতিৰিক্ত ঘৰ, ব্যৱসায়িক পণ্য ও অপ্রয়োজনীয় সকলো আচবাব-পত্র কুৰবানীৰ নিছাবৰ ক্ষেত্রত হিচাবযোগ্য।

আৰু নিছাব হ’ল স্বর্ণৰ ক্ষেত্রত ৭.৫ টোলা, ৰূপৰ ক্ষেত্রত ৫২.৫ টোলা, টকা-পইচা ও অন্যান্য বস্তুৰ ক্ষেত্রত নিছাব হ’ল ইয়াৰ মূল্য ৫২.৫ ৰূপৰ মূল্যৰ সমপৰিমাণ হোৱা। আনহাতে সোণ বা ৰূপ নাইবা টকা-পইচা এইবোৰৰ কোনো এটি যদি পৃথকভাৱে নিছাব পৰিমাণ নাথাকে, কিন্তু প্রয়োজনৰ অতিৰিক্ত একাধিক বস্তু মিলি ৫২.৫ টোলা ৰূপৰ মূল্যৰ সমপৰিমাণ হৈ যায় তেনেহ’লেও তাৰ ওপৰত কুৰবানী কৰা ওৱাজিব। [20]

কোৰবাণী সম্বন্ধীয় কেইটিমান জাল-জঈফ হাদীছ[সম্পাদনা কৰক]

মুছলিমসকলৰ হাদিছৰ ওপৰত থকা কিতাপত কোৰবাণী সম্বন্ধীয় কিছু জাল হাদিছ (মিছা হাদিছ) ইয়াত উল্লেখ কৰা হ'ল-

(১) কুৰবানীৰ জন্তু কিয়ামতৰ দিনা তাৰ শিং, নোম আৰু খুৰাসহ হাজিৰ হ’ব---। [21]

(২) কুৰবানী তোমালোকৰ পিতা ইব্ৰাহিমছুন্নত। তাৰ প্রত্যেকডাল নোমৰ পৰিবর্তে আছে এটিকৈ নেকী। [22]

(৩) কুৰবানীৰ প্রথম বিন্দু ৰক্তৰ সৈতে পূর্বৰ সমস্ত গুনাহ মাফ হৈ যায়। পশুটিক তাৰ ৰক্ত আৰু গোস্তসহ তুলাচনীত ৭০ গুণ ওজন কৰি দিয়া হ’ব। [23]

(৪) শুদ্ধ মনে ছওৱাবৰ উদ্দেশ্যত কুৰবানী কৰিলে সেইটো জাহান্নামৰ পৰা পর্দাৰ দৰে হ’ব। [24]

(৫) তোমালোকে তোমালোকৰ কুৰবানীক মোটা-তাজা কৰা। কাৰণ সেইটো তোমালোকৰ পুল-ছিৰাত পাৰ কৰাৰ কাৰণে বাহন হ’ব। [25]

চিত্ৰমালা[সম্পাদনা কৰক]

টাইৱানৰ টাাইপেই মছজিদত ঈদ উল জুহাৰ সমূহীয়া নামাজ
বাংলাদেশৰ কমিল্লাত ঈদৰ নামাজৰ বাবে মানুহৰ আগমন
মোগল সাম্ৰাজ্যৰ কালত মুছলমান সকলে মজিদৰ পৰা অহা ১২টা ভাঁজৰ এটা পানৰোমা দৃশ্য

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Kadi, Samar (25 September 2015). "Eid al-Adha celebrated differently by Druze, Alawites". The Arab Weekly (London). http://www.thearabweekly.com/?id=2157। আহৰণ কৰা হৈছে: 1 August 2016. 
  2. 2.0 2.1 "The Umm al-Qura Calendar of Saudi Arabia". http://www.staff.science.uu.nl/~gent0113/islam/ummalqura.htm। আহৰণ কৰা হৈছে: 27 May 2016. 
  3. [1] বাংলাপিডিয়া
  4. [(কোৰআনঃ ছূৰা মাইদাহ ২৭ আয়াত)- 5/27]
  5. [(কোৰআনঃ ছূৰা হাজ্জ ৩৪-৩৫)-22/35-35]
  6. [(কোৰআনঃ ছূৰা ছাফফাত ১০২-১০৮)-37/102-108]
  7. (কোৰআনঃ ২২/৩৭)
  8. হাদিছ গ্ৰন্থঃ তিৰমিযী ৫/৮২, নং ২৭৪১; হাদিছ গ্ৰন্থঃ আহমাদ ৪/৪০০, নং ১৯৫৮৬; হাদিছ গ্ৰন্থঃ আবু দাউদ, ৪/৩০৮, নং ৫০৪০। আৰু চাওঁক, হাদিছ গ্ৰন্থঃ ছহীহুত তিৰমিযী, ২/৩৫৪।
  9. আযওৱাউল বয়ান ৫/৬৩৪
  10. হাদিছ গ্ৰন্থঃ মুছলিম ১৩১৮নং
  11. নাইলুল আওত্বাৰ ৮/১২৬
  12. ফাতাওৱা শায়খ মুহাম্মাদ বিন ইব্ৰাহীম ৬/১৪৯
  13. মাজালিছু আশ্বৰি যিলহাজ্জাহ, শুমাইমিৰী, ২৬পৃঃ আল-মুমতে’ ইবনে উছাইমীন ৭/৪৬২-৪৬৩
  14. মানাৰুছ ছাবীল ১/২৮০
  15. হাদিছ গ্ৰন্থঃ মুছলিম ১৯৬৩ নং
  16. হাদিছ গ্ৰন্থঃ মুছনাদে আহমাদ ২/৪৪৫, হাদিছ গ্ৰন্থঃ তিৰমিযী
  17. হাদিছ গ্ৰন্থঃ বুখাৰী ২১৭৮, হাদিছ গ্ৰন্থঃ মুছলিম ১৯৬৫ নং
  18. হাদিছ গ্ৰন্থঃ আবূ দাঊদ, হাদিছ গ্ৰন্থঃ তিৰমিযী, হাদিছ গ্ৰন্থঃ নাছাঈ
  19. মুগনী ১৩/৩৬৯
  20. আলমুহীতুল বুৰহানী ৮/৪৫৫; ফাতাওৱা তাতাৰখানিয়া ১৭/৪০৫
  21. জঈফ, জঈফ তাৰগীব ৬৭১নং
  22. হাদীছটো জাল, জঈফ তাৰগীব ৬৭২নং
  23. হাদীছটো জাল, জঈফ তাৰগীব ৬৭৪-৬৭৫নং
  24. হাদীছটো জাল, জঈফ তাৰগীব ৬৭৭নং
  25. অতি দুর্বল, চিলচিলা জঈফাহ ১২৫৫নং

বহিঃসংযোগ[সম্পাদনা কৰক]