ইছলামৰ পয়গম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইছলামত পয়গম্বৰ (আৰবী: نبي) হ'ল সেইজন ব্যক্তি যিজনক স্ৰষ্টাই মানুহক দিক নিৰ্দেশনা প্ৰদানৰ বাবে মনোনীত হিচাবে বিবেচনা কৰে। ইছলামী পৰিভাষাত ইয়াক কোৱা হয় নাবী (নবী)।

ইছলামী ঐতিহ্য মতে ঈশ্বৰে প্ৰত্যেক জাতিৰ ওচৰত পয়গম্বৰ প্ৰেৰণ কৰিছে। ইছলাম অনুযায়ী একমাত্ৰ মুহাম্মাদ (ছাঃ) কেই আল্লাহৰ বাৰ্তা সমগ্ৰ মানৱজাতিৰ ওচৰত পঠিয়াই দিয়াৰ বাবে প্ৰেৰিত হৈছিল, য'ত অন্যান্য পয়গম্বৰ সকল এটা নিৰ্দিষ্ট গোত্ৰ বা জাতিৰ ওচৰত প্ৰেৰিত হৈছিল।

ইহুদি আৰু খ্ৰীষ্টধৰ্মৰ বিপৰীতে, ইছলামত আল্লাহৰ বাৰ্তাবাহক আৰু পয়গম্বৰ (নবীৰ) মাজত পাৰ্থক্য কৰে। উভয়েই “ঐশ্বৰিক অণুপ্ৰেৰণা”ৰ দ্বাৰা আল্লাহৰ প্ৰত্যাদেশ প্ৰাপ্ত। তদুপৰি, বাৰ্তাবাহকসকল গ্ৰন্থ আকাৰে এটা সম্প্ৰদায়ৰ বাবে ঐশ্বৰিক নিয়ম কানুন প্ৰদান কৰে আৰু পয়গম্বৰসকলৰ বিপৰীতে আল্লাহৰ কৰ্তৃক সাফল্যৰ নিশ্চয়তা প্ৰাপ্ত ব্যক্তি। যেনেকৈঃ মুছলিমসকলৰ ধৰ্মগ্ৰন্থ কোৰআনত কোৱা হৈছে,

যদিও সকলো “ৰাছুল” সকলেই “নবী”, কিন্তু সকলো “নবী” সকল “ৰাছুল” নহয়।[1][2][3][4]

সকলো বাৰ্তাবাহক (ৰাছুল আৰু কেইজনমান পয়গম্বৰৰ নাম কোৰআনত উল্লিখিত আছে। মুছলিম সকলে বিশ্বাস কৰে যে আদম হ'ল প্ৰথম পয়গম্বৰ (নবী), পক্ষান্তৰে শেষ পয়গম্বৰ হ'ল মুহাম্মাদ (ছাঃ)। বিশ্বাস কৰা হৈ থাকে যে পৃথিৱীত 1,24,000জন নবী আহিছিল। খ্ৰীষ্টধৰ্মৰ নিচিনাই ইছলামেও ঈছা (আঃ) (যীশু) ৰ জন্মবাদৰ ৰহস্যত আৰু বিশ্বাস কৰা হয় যে তেখেত নবী আছিল কাৰণ আল্লাহৰ পৰা তেখেতে ওৱাহী প্ৰাপ্ত। যীশু এজন বাৰ্তাবাহক হিচাবেও বিবেচিত হয় কাৰণ আল্লাহে তেখেতৰ ওপৰত সুসমাচাৰ (New Testament) প্ৰকাশ কৰিছিল।[5] অৱশ্যে, খ্ৰীষ্টান ধৰ্মৰ বিপৰীতে ইছলাম ধৰ্মত আল্লাহৰ পুত্ৰ দাবি কৰা ধৰ্ম বিৰোধী আৰু যীশু এজন মানুহ হিচাবেই বিবেচিত হয়।

কোৰআনত উল্লিখিত[সম্পাদনা কৰক]

সকলো ৰাছুল (বাৰ্তাবাহক) নবী (পয়গম্বৰ) কিন্তু সকলো নবী (পয়গম্বৰ) ৰাছুল (বাৰ্তাবাহক) নহয়। মুছলিমসকলে বিশ্বাস কৰে যে আল্লাহ কৰ্তৃক প্ৰেৰিত সকলো পয়গম্বৰ সমানভাবে গুৰুত্বপূৰ্ণ।

যদিও বহুত পয়গম্বৰৰ জীৱনৰ ঘটনা কোৰআনত উল্লেখ কৰা হৈছে, কিন্তু পাঁচজন প্ৰধান পয়গম্বৰৰ প্ৰথম চাৰিজনৰ জীৱনায়নৰ বিশেষ বৰ্ণনা আৰু অলঙ্কাৰপূৰ্ণ গুৰুত্বৰ প্ৰতি বিশেষ গুৰুত্ব দিছে। হজৰত মুহাম্মদৰ (ছাঃ) পূৰ্ৱৰ সকলো ব্যক্তিৰ মাজত মুছা (আঃ) আটাইতকৈ বেছিবাৰ কোৰআনত উল্লিখিত হৈছে। (পঞ্চমজন অৰ্থাৎ মুহাম্মাদ (ছাঃ) ৰ ক্ষেত্ৰত কোৰআনে তেখেতক পোনপটীয়াকৈ সম্বোধন কৰিছে আৰু এইটো প্ৰায়েই তেখেতৰ অপ্ৰত্যাশিত সংকট উত্তৰণৰ উপায় আলোচনা কৰিছে। যদিও গ্ৰন্থত পোনপটীয়াকৈ তেখেতৰ নামৰ ব্যৱহাৰ খুব কম।)

কোৰআনত ২৫জন পয়গম্বৰৰ নাম উল্লেখ পোৱা যায়। নিম্নপ্ৰদত্তত কোৰআনত বৰ্ণিত পয়গম্বৰ সকলৰ তালিকা দিয়া হৈছে। প্ৰযোজ্য স্থানত নামৰ বাইবেলীয় অনুবাদ দিয়া হৈছে। অধিকাংশৰ বিষয়ে কোৰআনত স্পষ্ট উল্লেখ আছে যে এই তালিকা সম্পূৰ্ণ নহয়।

অৱশ্যেই মই তোমালোকৰ ওচৰত ৰাছুলসকলক প্ৰেৰণ কৰিছিলো, সিহঁতৰ মাজত বহুতৰ সম্বন্ধে মই তোমালোকক অৱগত কৰিছো আৰু আকৌ বহুতৰ সম্বন্ধে উল্লেখ কৰা নাই…”[6]
নাম (আৰবি অনু.) নাম (বাইবেলীয়) প্ৰধান নিবন্ধ (সমূহ) উল্লিখিত পঙক্তি সমূহৰ সংখ্যা
আদম (আঃ) এ্যাডাম ৭৭

“আদম (আঃ) ইছলামৰ প্ৰথম নবী আৰু প্ৰথম মানৱ। আল্লাহে তেখেতক সৃষ্ট কৰি চল্লিছ দিনলৈ শুকান দেহত ৰখাৰ পাছত জীৱন দান কৰে।” ইহুদী আৰু খ্ৰীষ্টিয় ৰীতিতো তেখেত এজন গুৰুত্বপূৰ্ণ ব্যক্তি। তেখেত এ্যাডাম আৰু ইভ কাহিনীৰ বাবে বিখ্যাত। .

ইদ্ৰিছ (আঃ) ইনখ

ইদ্ৰিছ (আঃ)ৰ সময়ত আল্লাহে পৃথিৱীত মানুহক শাস্তি হিচাবে অনাবৃষ্টি দিছিল, কাৰণ সিহঁতে তেওঁক পাহৰি গৈছিল। পাপৰ পৰা উদ্ধাৰ আৰূ কষ্টৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইদ্ৰিছে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু ফলত পৃথিৱীত বৰষুণ হৈছিল।

নূহ (আঃ) নোয়া ৪৭

যদিও মহাপ্লাৱনৰ বাবে তেখেত সৰ্বাপেক্ষা পৰিচিত, নূহ (আঃ) তেখেতৰ কালৰ এজন প্ৰধান একত্ববাদী প্ৰচাৰক আছিল। মুছলিম সকলে বিশ্বাস কৰে যে আল্লাহৰ প্ৰতি থকা বিশ্বাসেই তেখেতক নৌকা তৈয়াৰৰ সিদ্ধান্তত সাহায্য কৰিছিল। খ্ৰীষ্টিয় আৰু ইহুদি ঐতিহ্য অনুসাৰে মহাপ্লাৱন আছিল বিশ্বব্যাপী ঘটনা, যাৰ বিপৰীতে ইছলামত কিছু ভিন্ন মত আছে, য'ত নূহৰ মহাপ্লাৱন আছিল আঞ্চলিক বা বিশ্বব্যাপী।

হুদ (আঃ) ইবাৰ

হুদ (আঃ) একজন নবী যাৰ নামানুসাৰে কোৰআনৰ একাদশ পৰিচ্ছেদৰ নামাকৰিত হৈছে। মুছলিম সকলে বিশ্বাস কৰে তেখেত আছিল আল্লাহৰ দ্বাৰা প্ৰেৰিত ভয়াবহ এক ধুমুহাৰ পৰা সাৰি যোৱা কিছু লোকসকলৰ ভিতৰৰ এজন। এই দৈৱ দূৰ্বিপাক হৈছিল মহাপ্লাৱনৰ পাঁচ পুৰুষ পিছত, ‘আদ জাতিক শাস্তি দিবলৈ, যিসকলে আল্লাহক পাহৰি গৈ পাপত নিমজ্জিত আছিল। বাইবেলৰ পুৰণি নিয়মত হুদৰ কোনো উল্লেখ নাই।

ছালিহ্ (আঃ) শ্বালহ

কোৰআন অনুসাৰে আল্লাহে ছালিহ্- (আঃ) ক তেখেতৰ জাতি ছামুদক পৰিত্যাগ কৰিবলৈ আদেশ দিয়ে, যেতিয়া সিহঁতে আল্লাহৰ প্ৰতি অবিশ্বাস আৰু আদেশ অমান্য কৰিছিল। আল্লাহেসিহঁতক আদেশ কৰিছিল এটা বিশেষ উটক যত্ন কৰিবলৈ, কিন্তু সিহঁতে সেই উটক হত্যা কৰিছিল। ছালিহ্ আৰু তেখেতৰ সহযোগী সকলৰ (বিশ্বাসীসকলৰ) অনুপস্থিত আল্লাহে আকাশৰ পৰা এক ভয়ঙ্কৰ শব্দৰ মাধ্যমেৰে সেই লোকসকলক তৎক্ষনাত মাৰি পেলাইছিল। দ্ৰষ্টব্য যে পুৰণা নিয়মত বৰ্ণিত শ্বেলাহ ছালিহ্ নহয়।

ইব্ৰাহিম (আঃ) আব্ৰাহাম ৭১

মক্কাৰ কাবা পুনঃনিৰ্ণমানৰ বাবে মুছলিমসকলে ইব্ৰাহিমক এজন অন্যতম নবী হিচাবে বিবেচনা কৰে। পুত্ৰ ইছমাইলসহ (আঃ) তেখেতৰ পৰিয়ালক মক্কাৰ চাৰিপাশে সভ্যতা গঢ়ি তোলাত সাহায্য কৰাৰ স্বীকৃতি দিয়া হয় যিটো পৰৱৰ্তিত ইছলামৰ শেষ নবী মুহাম্মদৰ (ছাঃ) জন্ম দিয়ে। ইব্ৰাহিম তেখেতৰ পুত্ৰ ইছমাইলক আল্লাহৰ উদ্দেশ্যৰে প্ৰায় উৎসৰ্গ কৰাৰ ঘটনাৰ বাবেও বিখ্যাত যিটো বৰ্তমানত ঈদ উল-আজহাৰ মাধ্যমেৰে প্ৰতিবছৰ স্মৰণ কৰা হয়। তেখেতেই (ইব্ৰাহিম) প্ৰথম নবী যিজনে বিশ্বাসীসকলক “মুছলিম” বুলি অভিহিত কৰিছিল যাৰ অৰ্থ “আল্লাহৰ ওচৰত পূৰ্ণ আত্মসমৰ্পণ কৰা।” তেখেতক জাতিৰ পিতা অভিহিত কৰা হয়।

লুত (আঃ) লুট ২৯

লুত (আঃ) তেখেতৰ সম্প্ৰদায়ক পুৰুষ-সমকামিতাৰ বিৰুদ্ধে প্ৰচাৰনা আৰু লগতে আল্লাহৰ একত্বত বিশ্বাস স্থাপনৰ বাবে আহ্বান কৰিছিল। যিটোয়ে তেখেতক সেই স্থানৰ লোকসকলৰ দ্বাৰা উপেক্ষা আৰু তামাচাৰ পাত্ৰত পৰিণত কৰিছিল। লুত আছিল তেখেতৰ সমসাময়িক ইব্ৰাহিমৰ ভগ্নীৰ পুত্ৰ। আল্লাহৰ এই অবাধ্য সম্প্ৰদায়ক শাস্তি দিয়াৰ বাবে এই নগৰীত ফৰিষ্টা পঠাইছিল। ৰাতি শেষ হোৱাৰ পূৰ্বে লুতে তেখেতৰ অনুগামীসহ, কিন্তু নিজ স্ত্ৰীক বাদ দি, যিজনী অবাধ্যসকলৰ অন্তৰ্গত আছিল, সেই স্থান ত্যাগ কৰিছিল। ফৰিষ্টাসকলে সেই ভূমি ওলোটাই দিয়ে আৰু প্ৰস্তৰ বৰষুণ বৰ্ষণ কৰি সম্প্ৰদায়ক বিনাশ কৰিছিল। এই স্থানটোক বৰ্তমানে জৰ্ডান নদীৰ তীৰৱৰ্তী ডেড্ ছীৰ ওচৰত ছাদূম্ নগৰী। সেইবাবে সমকামিতাক ছডমি বোলে।

ইছমাইল (আঃ) ইশ্মায়েল ১২

ইছমাইল (আঃ), ইব্ৰাহিমৰ (আঃ) প্ৰথম পুত্ৰ, তেখেতৰ প্ৰায়-উৎসৰ্গ হোৱাৰ ঘটনাৰ বাবে ইছলামত উল্লখযোগ্য এজন নবী। শৈশৱত তেখেতক আৰু তেখেতৰ মাতৃ হাজেৰাৰ মক্কাত পানী বিচৰাৰ চেষ্টাৰ কাৰণে আল্লাহে জমজম কুঁৱা প্ৰকাশিত কৰিছে, যিটো আজিও বহমান।

ইছহাক (আঃ) আইজেক ১৬

ইছলামী ঐতিহ্যানুসাৰে, ইছহাক (আঃ), ইব্ৰাহিমৰ (আঃ) দ্বিতীয় পুত্ৰ। তেখেত আৰু তেখেতৰ ভাই ইছমাইল (আঃ) ইমলামৰ নবী হিচাবে ইব্ৰাহিমৰ (আঃ) উত্তৰাধিকাৰী।

ইয়াকুব (আঃ) জেকব ১৯

কোৰআন অনুযায়ী ইয়াকুব (আঃ) আছিল “মনোনীত আৰু সৎ সাহচৰ্য”[7] আৰু তেখেত তেখেতৰ পিতা ইছহাক আৰু পিতামহ ইব্ৰাহিমৰ (আঃ) ঐতিহ্য বহন কৰিছিল। পূৰ্বপুৰুষসকলৰ অনুৰূপ তেখেতেও আল্লাহৰ আৰাধনাত আত্মনিয়োগ কৰিছিল।

ইউছুফ (আঃ) যোছেফ ৩৭

ইউছুফ (আঃ) আছিল (ইয়াকুবৰ) (আঃ) পুত্ৰ আৰু ইব্ৰাহিমৰ (আঃ) পৌত্ৰ, মিছৰৰ ৰজাৰ গুৰুত্বপূৰ্ণ পৰামৰ্শদাতাত নিয়োগ হয় যেতিয়াৰ পৰা ৰজাই এটি সপোন দেখে, যিটো মিছৰৰ অৰ্থনৈতিক অৱস্থাৰ পূৰ্ৱাভাস হিচাবে ইউছুফে ব্যাখ্যা কৰে। তেখেতৰ এঘাৰ ভাইৰ পৰা তেখেতে জীৱনৰ এটা ডাঙৰ অংশ বিচ্ছিন্ন অৱস্থাত অতীবাহিত কৰে, যিসকলে ইউসছুফৰ প্ৰতি ঈৰ্ষাপৰায়ণ আছিল কাৰণ সিহঁতৰ পিতা তেখেতৰ প্ৰতি পক্ষপাতিত্ব কৰিছিল। এদিনাখন সিহঁতে তেখেতক লৈ গ'ল আৰু পিতাক ক'লে যে সিহঁতে খেলিবলৈ ও ফূৰ্ত্তি কৰিবলৈ গৈ আছে, কিন্তু তেখেতক হত্যা কৰাৰ হে সিহঁতৰ পৰিকল্পনা আছিল। সিহঁতে তেখেতক এটা কুঁৱাৰ ভিতৰত পেলাই দিলে আৰু পিতাক ক'লে যে ইউছুফক এটা বনৰীয়া জন্তুৱে খাই পেলাইছে। ইছলামী মতে ইউছুফক মানৱজাতিৰ ৫০ শতাংশ সৌন্দৰ্যৰ দ্বাৰা পুৰষ্কৃত কৰা হৈছিল।

আইউব (আঃ) জব

ইছলামী ঐতিহ্য আনুযায়ী, আশ্বকেলনৰ (আল মাজদাল) বাহিৰত তেখেতৰ নিজৰ এলাকাত আল্লাহৰ সেৱা কৰাৰ কাৰণে, আইউব (আঃ) তাৰুণ্যৰ ঝৰ্ণাৰ দ্বাৰা পুৰষ্কৃত কৰা হৈছিল, যিটো মৃত্যুৰ অবিহনে সকলো জৰাব্যাধি দূৰ কৰিছিল। বিশ্বাস কৰা হয় যে, আইউব ধৈৰ্য্য ধাৰণ কৰাৰ পৰীক্ষা হিচাবে ১৮ বছৰ আল্লাহ কৰ্তৃক প্ৰেৰিত এটি ব্যাধিত কষ্ট পাইছিল।

শ্বোয়াইব (আঃ) জেথ্ৰ

জেথ্ৰ (আঃ) আছিল ইব্ৰাহিমৰ (আঃ) পোনপটীয়া বংশধৰ। ইছলাম অনুসাৰে, তেখেত আল্লাহ কৰ্তৃক নিয়োজিত আছিল মাদিয়ান আৰু আয়কাহৰ মানুহ সকলক সৎ পথত পৰিচালিত কৰাৰ বাবে, যিসকলে ছিনাই পৰ্ৱতৰ ওচৰত বাস কৰিছিল। যেতিয়া সেই এলাকাৰ মানুহ সকলে তেখেতৰ নিষেধ অমান্য কৰিছিল, তেতিয়া আল্লাহৰ অবিশ্বাসী সকলৰ গাওঁ ধ্বংস কৰি দিছিল। যদিও এইটো কোৰআনত উল্লেখ আছে আৰু পয়গম্বৰ মুহাম্মাদৰ বাণীত উধৃত হৈছে যে মুছা (আঃ) শ্বোয়াইবৰ (আঃ) এজনী কন্যাক বিয়ে কৰাইছিল, আৰু এই বিষয়ে পুৰণা নিয়মত জেথ্ৰ নামৰ ব্যক্তিৰ কথা বৰ্ণিত আছে। কিন্তু কিছু বিশেষজ্ঞয়ে বিশ্বাস কৰে যে পুৰণা নিয়মত বৰ্নিত জেথ্ৰ আৰু কোৰআনৰ শ্বোয়াইব এজন ব্যক্তি নহয়।

মুছা (আঃ) মোজেছ ১৩৬

মুসা (আঃ) - আল্লাহৰ এজন ডাঙৰ ৰাছূল আছিল। তেখেতৰ ওপৰত আল্লাহে তাওৰাত কিতাব নাযিল কৰিছিল। মুছা (আঃ) জন্ম গ্ৰহণ কৰিছিল ফেৰাউনৰ সময়ত। তেখেতৰ সৈতে ফেৰাউনৰ লোহিত সাগৰত নিমজ্জিত হোৱাৰ কাহিনী আছে। মুছলিম সকলৰ ওচৰত মুছা (আঃ) এজন সম্মানিত নবী আৰু ৰাছূল আছিল। হজৰত মুছা (আঃ) ৰ সম্প্ৰদায়ৰ নাম আছিল বনী-ইছৰাঈল। তেখেতৰ মু'জেযাসমূহ (অলৌকিক কাম) বিগত অন্যান্য নবী-ৰছূলসমূহৰ তুলনাত যেনেকৈ সংখ্যাত বেছি, তেনেকৈয়েই প্ৰকাশৰ দিশতো বহুত বলিষ্ঠতা প্ৰকাশ পায়। হজৰত মুছা (আঃ) ইহুদি ‍সম্প্ৰদায়ৰ বাবে পঠোৱা হৈছিল।

হাৰুণ (আঃ) এৰণ

হাৰুন (আঃ)-হাৰুণ (আৰবি: هارون) আল্লাহৰ নবী হিচাবে কোৰআনত উল্লেখ কৰা হৈছে। কোৰআনত একাধিকবাৰ হাৰুণ (আঃ) ৰ প্ৰশংসাত একজন “মুমিন বান্দা” হিচাবে আহ্বান কৰিছে। হাৰুণ (আঃ) আছিল মুছা (আঃ) ৰ ভাই। আল্লাহে তেখেতক মুছা (আঃ) ৰ সৈতে ধৰ্ম প্ৰচাৰৰ বাবে মনোনীত কৰিছিল। হাৰুণ (আঃ) এজন সম্মানিত নবী আছিল।

দাউদ (আঃ) ডেভিড

হযৰত দাউদ (আঃ) - ডেভিড বা দাউদ (/ˈdeɪvɪd/; হিব্ৰু: דָּוִד, דָּוִיד, আধুনিক David টিবেৰিয়ান Dāwîḏ; ISO 259-3 Dawid; আৰবি: داوُود‎ Dāwūd; টেমপ্লেট:Lang-syr Dawid; Strong's: Daveed) বাইবেলৰ বৰ্ণনা অণুসাৰে, তেখেত আছিল এজন ইছিৰায়েল ৰাজতন্ত্ৰৰ দ্বিতীয় ৰজা আৰু বাইবেলৰ নতুন নিয়ম অনুসাৰে গালাতীয় সকলৰ প্ৰতি পত্ৰ আৰু লূকলিখিত সুসমাচাৰ মতে যীশুৰ পূৰ্বপুৰুষ ইয়াকুবৰ পুত্ৰ, ইয়াহুদাৰ অধস্তন বংশধৰ। তেখেতৰ পিতাৰ নাম ঈছা। বহুত পুত্ৰ সন্তানৰ মাজত দাউদ আছিল পিতাৰ কনিষ্ঠ সন্তান।

ছুলায়মান (আঃ) ছুলেমন'

সুলায়মান (আঃ) - ছুলায়মান (আঃ) (হিব্ৰু ভাষাতঃ שְׁלֹמֹה, আধুনিক হিব্ৰু: Šəlomo or Šlomo, আৰবি ভাষাতঃ سليمان) কোৰআনৰ বৰ্ণনা অনুসাৰে, তেখেত আছিল এজন নবী আৰু প্ৰতাৱশালী বাদশ্বাহ্‌। হিব্ৰু বাইবেলৰ অনুসাৰে, তেখেত আছিল ইছৰায়েলল প্ৰথম আৰু গুৰুত্বপূৰ্ণ এজন ৰজ়া। তেখেতৰ জন্ম আনুমানিক ১০১১ খ্ৰীষ্টপূৰ্বাব্দত আৰু মৃত্যু আনুমানিক ৯৩১ খ্ৰীষ্টপূৰ্বাব্দত; আৰু তেখেতৰ ৰাজত্ব কাল আছিল প্ৰায় ৯৭০ ৰ পৰা ৯৩০ খ্ৰীষ্টপূৰ্বাব্দলৈ স্থায়ী। তেখেত আছিল হজৰত দাউদ (আঃ) ৰ পুত্ৰ। কথিত আছে, হজৰত ছুলায়মান (আঃ) জেৰুজালেম নগৰী প্ৰতিষ্ঠা কৰিছিল আৰু আল্লাহ তাআলাৰ মহিমা তুলি ধৰিবলৈ তাত পুনৰ্নিৰ্মাণ কৰি গঢ়ি তুলিছিল মুছলিম সকলৰ প্ৰথম কিবলা (প্ৰাৰ্থনাৰ দিশ) আল-আকছা মছজিদ।

ইলিয়াছ (আঃ) ইলিয়াছ ১৩৬

হজৰত ইলিয়াছ (আঃ)- (হিব্ৰু: אֱלִיָּהוּ, Eliyahu, যাৰ অৰ্থ “মোৰ ঈশ্বৰ সদাপ্ৰভুৰ হয়”) আৰবি: إيلياس إليا, ইলিয়াছ Ilya) এজন নবী আৰু ইস্ৰায়েলৰ উত্তৰ ৰাজ্যত এক আশ্চৰ্যৰ-কৰ্মী আছিল।

আল-ইয়াছা (আঃ) ইলীশ্বায়

আল-ইয়াছা (আঃ)- আল-ইয়াছা (/ ᵻlaɪʃə / [1] হিব্ৰু: אֱלִישָׁע, আধুনিক Tiberian'Ĕlîšā'; “মোৰ আল্লাহ বা ঈশ্বৰ উদ্ধাৰকৰ্তা”, গ্ৰিক: Ἐλισσαῖος, Elissaîos বা Ἐλισαιέ, Elisaié, আৰবি: اليسع) এজন নবী আছিল। তেখেতক কোৰআন, নিউ টেষ্টামেণ্ট, Ginza RBA আৰূ বাহাই ত উল্লেখ কৰা হৈছে। পৱিত্ৰ কোৰআনত এই নবী সম্পৰ্কে ছূৰা আন‘আমৰ ৮৬ আৰু ছূৰা ছোয়াদৰ ৪৮ আয়াতত অন্য নবী সকলৰ নামৰ সৈতে বৰ্ণিত হৈছে। ছূৰা আন‘আমৰ ৮৩ৰ পৰা ৮৬ আয়াত লৈকে ইলিয়াছ আৰু আল-ইয়াছা‘ সহ ১৭জন নবীৰ নামৰ শেষৰ ফালে কোৱা হৈছে- ‘ইছমাঈল, আল-ইয়াছা‘, ইউনুছ, লুত সিহঁতৰ প্ৰত্যেককেই আমি বিশ্বৰ ওপৰত শ্ৰেষ্ঠত্ব দান কৰিছো’ (আন‘আম ৬/৮৬)। অন্য ঠাইত আল্লাহে কৈছে, ‘আৰু তুমি বৰ্ণনা কৰা ইছমাঈল, আল-ইয়াছা‘ আৰু যুল-কিফলৰ কথা। সিহঁত সকলোৱেই আছিল শ্ৰেষ্ঠ সকলৰ অন্তৰ্ভুক্ত (ছোয়াদ ৩৮/৪৮)। উক্ত বৰ্ণনাত বুজা যায় যে, আল-ইয়াছা‘ (আঃ) নিঃসন্দেহে এজন উচ্চস্তৰৰ নবী আছিল।

তেখেত ইফৰাঈম বিন ইউছুফ বিন ইয়াকুবৰ বংশধৰ আছিল। তেখেত ইলিয়াছ (আঃ) ৰ খুৰাৰ লৰা আছিল আৰু তেখেত নায়েব বা প্ৰতিনিধি আছিল। হজৰত ইলিয়াছ (আঃ), ছুলায়মান (আঃ) পৰৱৰ্তী পথভ্ৰষ্ট বনী ইস্ৰাঈল সকলৰ প্ৰতি প্ৰেৰিত হৈছিল। তাৰ পাছত আল-ইয়াছা‘ নবী হয় আৰু তেখেত ইলিয়াছ (আঃ) ৰ শ্বৰী‘আত অনুযায়ী ফিলিস্তীন অঞ্চলত জনগণসকলক পৰিচালিত কৰে আৰু তাওহীদৰ আহ্বান অব্যাহত ৰাখে। বাইবেলত তেখেতৰ বিস্তাৰিত অৱস্থা বৰ্ণিত হৈছে। য'ত তেখেতৰ নাম ‘ইলিশ্বা ইবনে ছাকিত’ বুলি উল্লিখিত হৈছে।

হজৰত যুল-কিফ'ল (আঃ) ইজেকিয়েল

হজৰত যুল-কিফ'ল আ- যুল-Kifl, বা Zul-Kifl (আৰৱী: ذو الكفل; এটা ভাঁজ অধিকাৰী) (. গ 600 খ্ৰিষ্টপূৰ্বাব্দ) এজন ইছলামী নবী বিভিন্ন হিব্ৰু বাইবেলৰ ভাববাদীসকলে, আটাইতকৈ বেছি যিহিষ্কেলৰ সৈতে পৰিচয় হৈছে. এইটো বিশ্বাস কৰা হয় যে, তেখেত প্ৰায় 75 বছৰ বসবাস কৰিছিল আৰু তেখেত আধুনিক ইৰাকত প্ৰচাৰক আছিল. যুল-Kifl, জীৱনত উচ্চ ঈশ্বৰৰ দ্বাৰা তাতকৈও উচ্চ মৰ্যাদা দিয়া হৈছে বুলি ধাৰণা কৰা হয় আৰু গুডৰ “কম্পানীৰ এজন মানুহ হিচাপে কোৰআনত লিপিবদ্ধ কৰা হয়. যদিও বহুত ঐতিহাসিক সূত্ৰৰ পৰা যুল Kifl পৰিচিত হয় যেনেকৈ ইবনে ইছহাক আৰু ইবনে কাছিৰৰ হিচাপে শাস্ত্ৰীয় মন্তব্যকাৰীসকলৰ পৰা সকলো লিখা, এটা ভবিষ্যদ্বাণীপূৰ্ণ, সাত্ত্বিক মানুহ যিসকলে প্ৰতিদিন প্ৰাৰ্থনা আৰু উপাসনাৰ মাজত বিশ্বস্ত হিচাপে যুল কিফল দূৰৰে কথা.

পৱিত্ৰ কোৰআনত কেৱল ছূৰা আম্বিয়াৰ ৮৫-৮৬ আৰু ছোয়াদৰ ৪৮ আয়াতৰ যুল-কিফলৰ নাম আহিছে। তেখেত আল-ইয়াছাৰ পাছত নবী হয় আৰু ফিলিস্তীন অঞ্চলত বনু ইস্ৰাঈলসকলৰ মাজত তাওহীদৰ দাওয়াত দিয়ে।

আল্লাহে কয়, ‘আৰু তুমি স্মৰণ কৰা ইছমাঈল, ইদ্ৰিছ আৰু যুল-কিফলৰ কথা। সিহঁতেই প্ৰত্যেকেই আছিল ছবৰকাৰী’। ‘আমি তোমালোকক আমাৰ ৰহমত প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত কৰিলো। সিহঁত আছিল সৎকৰ্মশীল সকলৰ অন্তৰ্ভুক্ত’ (কোৰআনঃ ২১/৮৫-৮৬)। অন্য ঠাইত আল্লাহে কয়, ‘আৰু তুমি বৰ্ণনা কৰা ইছমাঈল, আল-ইয়াছা‘ আৰু যুল-কিফলৰ কথা। সিহঁত সকলোৱেই আছিল শ্ৰেষ্ঠসকলৰ অন্তৰ্ভুক্ত (কোৰআনঃ ৩৮/৪৮)।

হজৰত ইউনুছ (আঃ) যোনা

হযৰত ইউনুছ (আঃ) - (হিব্ৰু ভাষাত: יוֹנָה, আধুনিক হিব্ৰু: Yona, তিবেৰিয়ান: jon'ɔh, "dove"; আৰৱী:يونس, ইউনুছ অথব يونان, ইউনান; লেটিন: Ionas) কোৰআনৰ বৰ্ণনা অনুসৰি, তেখেত আছিল এজন নবী। যাক 'নীনাওয়া' বাসীসকলক হিদায়াতৰ বাবে আল্লাহে প্ৰেৰণ কৰিছিল। ইউনুছ (আঃ) ৰ বংশ সম্পৰ্কে মাত্ৰ এইখিনিয়েই জনা যায় যে, তেখেতৰ পিতাৰ নাম আছিল 'মাত্তা'। হাদিছ গ্ৰন্থ বুখাৰী শ্বৰীফৰ এটা হাদিছত আব্দুল্লাহ ইবনে আব্বাছৰ পৰা এই কথা স্পষ্টভাবে বৰ্ণিত আছে। বাইবেলত ইউনুছ (আঃ) ৰ নাম 'ইউনাহ' আৰু তেখেতৰ পিতাৰ নাম 'আমতা' বোলা হৈছে। কিন্তু ইউনুছ ইবনে মাত্তাহ আৰু ইউনাহ ইবনে আমতাৰ মাজত ব্যক্তি হিচাপে কোনো পাৰ্থক্য নাই। এইটো আৰৱী আৰু হিব্ৰু ভাষাৰ উচ্চাৰণৰ পাৰ্থক্য।

আল্লাহে কয়, ‘আৰু ইউনুছ আছিল পয়গম্বৰ সকলৰ এজন’। ‘যেতিয়া সি পলুৱাই যাত্ৰী ভৰ্তি নৌকাত গৈ উপস্থিত হ'ল’। ‘তেতিয়া লটাৰীত সি অকৃতকাৰ্য হ’ল’। ‘পাছত এটা মাছে তেওঁক গিলি পেলালে। এই অৱস্থাত সি আছিল নিজক ধিক্কাৰ দানকাৰী’ (কোৰআনঃ ৩৭/১৩৯-১৪২)।

হজৰত যাকাৰিয়া (আঃ) জাকাৰিয়াহ

হজৰত যাকাৰিয়া (আঃ)- (আৰৱী: زكريا যাকাৰিয়া; ইছলামৰ এজন নবী, কোৰআনত উল্লেখ কৰা হৈছে মুছলিম আৰু বিশ্বাস সক্ৰিয় মৰিয়াম ঈছাৰ (আঃ) মাৰ অভিভাবক হৈছে, আৰু সিহঁতে বিশ্বাস স্থাপন কৰিছে সক্ৰিয় বাপ্তিস্মদাতা য়োহনৰ দেউতা হৈছে। জাকাৰিয়া কিছু মুছলিম সকলৰ মতে শ্বহীদ হৈছে বুলি ধাৰণা কৰা হয়।

যাকাৰিয়া (আঃ) সম্পৰ্কে কোৰআনত কেৱল এইখিনিয়েই বৰ্ণিত হৈছে যে, তেখেত মাৰিয়ামৰ লালন-পালনকাৰী আছিল। এই বিষয়ে আল্লাহে ছূৰা আলে-ইমৰাণত যিটো কৈছে, তাৰ সাৰ-সংক্ষেপে এই যে, ইমৰাণৰ স্ত্ৰীয়ে প্ৰতিজ্ঞা কৰিছিল যে, মোৰ গৰ্ভৰ সন্তানক মই আল্লাহৰ বাবে উৎসৰ্গ কৰি দিলো। তেখেতে ধাৰণা কৰিছিল যে, তেখেতৰ এটি পুত্ৰ সন্তান হ'ব আৰু তাক তেখেতে আল্লাহৰ ঘৰ বায়তুল মুক্বাদ্দাছৰ খিদমতত নিয়োগ কৰিব। কিন্তু পুত্ৰৰ স্থানত কন্যা সন্তান অৰ্থাৎ মাৰিয়াম জন্মগ্ৰহণ কৰিলে, তেখেত হতাশ হৈ পৰিল। আল্লাহে তেখেতক সান্ত্বনা দি ক'লে, لَيْسَ الذَّكَرُ كَالأُنْثَى ‘এই কন্যাৰ নিচিনা কোনো পুত্ৰই নাই’ (কোৰআনঃ ৩/৩৬)।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Itmam al-hujjah) by Inayat Khan
  2. John Esposito (2005), Islam: The Straight Path, p.20
  3. Amin Ahsan Islahi. Tadabbur-i-Qur'an, vol.8, p.273
  4. Rasul and nabi
  5. see the Qur'an সাঁচ:Quran-usc
  6. কোৰআন ৪০:৭৮
  7. Yusuf Ali's translation of the Qur'an, সাঁচ:Quran-usc