কাবা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাবা

কাবা (মছজিদ আল হাৰামত)

সাধাৰণ তথ্য
স্থান মক্কা, আল হেজাজ, চৌদি আৰৱ
ভৌগোলিক স্থানাংক 21°25′21″N 39°49′34″E / 21.4225°N 39.8262°E / 21.4225; 39.8262স্থানাংক: 21°25′21″N 39°49′34″E / 21.4225°N 39.8262°E / 21.4225; 39.8262
ধৰ্মীয় আনুগত্য ইছলাম
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা
নিৰ্দিষ্টকৰণ
উচ্চতা (অধিক) 13.1 মিটাৰ (43 ফুট)

কাবা, কাবাঘৰ, কাবা শ্বৰীফ (الكعبة, আৰু যি নামেৰে পৰিচিত الكعبة المشرًّفة "The Primordial House"), অথবা (البيت الحرام "The Sacred House"), এটা ডাঙৰ ঘন আকৃতিৰ ইমাৰত, যিটো চৌদি আৰৱৰ মক্কা চহৰৰ মছজিদুল হাৰাম মছজিদৰ মাজত অৱস্থিত। আচঁলতে মছজিদটো কাবাৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে।

ইছলাম ধৰ্ম মতে কাবা ক আটাইতকৈ পৱিত্ৰ স্থান হিচাপে ভাবে।[1] এইটো মুছলিম সকলৰ কিবলা, অৰ্থাৎ যি দিশে থিয় হৈ নামাজ পঢ়ে বা ছালাত আদায় কৰে, পৃথিৱীৰ যিকোনো স্থানৰ পৰা কাবা যি দিশে মুছলিম সকলে ঠিক সেই দিশে মুখ কৰি নামাজ পঢ়ে। হজ্জ আৰু উমৰা পালনৰ সময়ত মুছলিম সকলে কাবাক ঘেৰি তাওয়াফ বা প্ৰদক্ষিন কৰে।[1]

অৱস্থান আৰু বাস্তৱিক গঠন[সম্পাদনা কৰক]

কাবা ঘৰৰ ডিজাইন আৰু জোখ-মাখ

কাবাৰ আকৃতি প্ৰায় এটা ঘনকৰ নিচিনা। কাবা শব্দটো আহিছে আৰৱী শব্দ মুকা'আবৰ পৰা। যাৰ অৰ্থ হৈছে ঘনৰ পৰা। এইটো কেচা পাহাৰ গ্ৰানাইটৰ দ্বাৰা নিৰ্মিত, যিটো থিয়হৈ আছে প্ৰায় ২৫ছেঃমিঃ (১০ ইঞ্চি) মাৰ্বল পাথৰৰ ভিত্তিৰ উপৰত, যিটো বাহিৰৰ পৰা ৩০ছেঃমিঃ (১ ফুট) বাহিৰ হৈ আছে।[1] গঠনৰ ঠাইৰ পৰিমাণ প্ৰায় ১৩.১০ মিঃ (৪৩ ফুট) উচ্চতা, ওচৰা-ওচৰি ১১.০৩ মিঃ X ১২.৬২ মিঃ[2][3] চাৰিটা কোণ কম্পাচৰ প্ৰায় চাৰি বিন্দু যথাযথভাৱে দিশ কৰা।[1] কাবাৰ পূৰ্ৱ কোণ হৈছে ৰুকন-আল- আচওয়াদ" (কলা পাথৰ অথৱা "আল-হাজাৰুল-আচওয়াদ"), এটা উল্কাপিন্ডৰ অৱশেষ; উত্তৰ কোণ হ'ল "ৰুকন-আল-ইৰাকী" (ইৰাকী কোণ); পশ্চিমত আছে "ৰুকন-আল-ছামী" (পূৰ্ৱ-ভূমধ্য সাগৰীয় কোণ) আৰু দক্ষিণত "ৰুকন-আল-ইয়ামানী" ('ইয়েমানী কোণ')।[1][3]

কাবা শ্বৰীফৰ কাপোৰ[সম্পাদনা কৰক]

কাবা কলা চিল্কৰ উপৰত স্বৰ্ণ-খচিত কেলিগ্ৰাপি কৰা কাপোৰৰ চাদৰৰে আবৃত হৈ থাকে। কাপোৰক কিচওয়াহ নামেৰে পৰিচিত ; যিটো প্ৰতিবছৰে পৰিৱৰ্তন কৰা হয়।[4][5] সুতা দি কলিমা লিখি কাপোৰ তৈয়াৰ কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Wensinck, A. J; Ka`ba. Encyclopaedia of Islam IV p. 317
  2. Peterson, Andrew (1996). Dictionary of Islamic Architecture.. প্ৰকাশক London: Routledge. Archived from the original on 2008-05-11. https://web.archive.org/web/20080511004538/http://archnet.org/library/dictionary/। আহৰণ কৰা হৈছে: 2017-02-20. 
  3. 3.0 3.1 Hawting, G.R; Ka`ba. Encyclopaedia of the Qur'an p. 76
  4. "'House of God' Kaaba gets new cloth". The Age Company Ltd.. 2003. http://www.theage.com.au/articles/2003/02/11/1044725746252.html। আহৰণ কৰা হৈছে: 2006-08-17. 
  5. "The Kiswa - (Kaaba Covering)". Al-Islaah Publications. Archived from the original on 2003-07-22. http://members.tripod.com/worldupdates/newupdates10/id43.htm। আহৰণ কৰা হৈছে: 2006-08-17.