ছালাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নামাজৰ প্ৰধান চাৰিটা আসন আৰু সম্পৰ্কিত দুআ দুৰুদ।
ছালাত

নামায, নামাজ (ফাৰ্চী: نَماز) বা ছালাত হ'ল ইছলাম ধৰ্মৰ প্ৰধান উপাসনা কৰ্ম। প্ৰতিদিন ৫ ওয়াক্ত (নিৰ্দিষ্ট নামাজৰ নিৰ্দিষ্ট সময়) নামাজ আদায় কৰা প্ৰত্যেক মুছলিমৰ বাবে আৱশক বা ফৰজ। নামাজ ইছলামৰ পঞ্চস্তম্ভৰ এটা। শ্বাহাদাহ্‌ বা বিশ্বাসৰ পাছত নামাজেই ইছলামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তম্ভ।

নামাজ শব্দটো ফাৰ্চী ভাষা পৰা উদ্ভূত হৈছে (ফাৰ্চী: نماز) আৰু অসমীয়া ভাষাত পৰিগৃহীত এটা শব্দ যিটো আৰৱী ভাষাছালাত (আৰবী: صلاة, কোৰআনী আৰৱী: صلوة,) প্ৰতিশব্দ। অসমীয়া ভাষাত 'ছালাত'-ৰ পৰিৱৰ্তে সচৰাচৰ 'নামাজ' শব্দটোৱেই ব্যৱহাৰ কৰা দেখা যায়। ফাৰ্চী, উৰ্দু, হিন্দী, তুৰ্কী, বাংলা আৰু অসমীয়া ভাষাত ইয়াক নামাজ (ফাৰ্চী ভাষাৰ পৰা উদ্ভূত) বুলা হয়। কিন্তু ইয়াৰ মূল আৰৱী নাম ছালাত (একবচন) বা ছালাহ্‌ (বহুবচন)।

ছালাতৰ আভিধানিক অৰ্থ দুআ, ৰহমত, ক্ষমা প্ৰাৰ্থনা কৰা ইত্যাদি। পাৰিভাষিক অৰ্থ: ‘শ্বৰী'আত নিৰ্দেশিত ক্ৰিয়া-পদ্ধতিৰ মাধ্যমেৰে আল্লাহৰ ওচৰত বান্দাৰ ক্ষমা ভিক্ষা আৰু প্ৰাৰ্থনা নিবেদনৰ শ্ৰেষ্ঠতম ইবাদতক ‘ছালাত’ বুলা হয়, যাক তাকবীৰে তাহৰীমাৰ দ্বাৰা আৰম্ভ হয় আৰু ছালামৰ দ্বাৰা শেষ হয়’।[1]

ইতিহাস[সম্পাদনা কৰক]

ছালাতৰ গুৰুত্বপূৰ্ণতা (ফযীলত)[সম্পাদনা কৰক]

মুছলিমসকলৰ পবিত্ৰ গ্ৰন্থ কোৰআন আৰু ছহীহ হাদীছত ছালাতৰ ফযীলতৰ বিষয়ে অসংখ্য বৰ্ণনা আছে, যাৰ মাধ্যমত আল্লাহৰ বান্দাই ছালাতৰ প্ৰতি মনোযোগ দিব পাৰে আৰু শুদ্ধ তথা একাগ্ৰতাৰ সৈতে একনিষ্ঠভাৱে ছালাত আদায় কৰিব পাৰে। দাবী কৰা হয় ছালাতৰ ফযীলত সম্বন্ধে বহুতো মিছা ও বনোৱা কাহিনীৰো প্ৰচলন আছে। সেইবোৰলৈ মন-কাণ নিদি ছালাতৰ ফযীলত সম্পৰ্কত কোৰআন ও ছুন্নাহৰ ওপৰত আমল কৰা জৰুৰী বুলি মুছলিম আলিমসকলে কয়। কোৰআন মজিদৰ ছুৰা “আল-আনকাবূত”ৰ ৪৫ নং আয়াতত আল্লাহে এনেদৰে কৈছে–

“(হে নবী) তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাওৱাৎ কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় চালাতে অশ্লীল আৰু অসৎ কামৰ পৰা বিৰত ৰাখে, আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ”। [2]

ছুৰা “হূদ”ৰ ১১৪ নং আয়াতত কৈছে–

“আৰু তুমি ছালাত প্ৰতিষ্ঠা কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎ কৰ্মই অসৎ কৰ্মক দূৰ কৰে, উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ”। [3]


হাদিছত এনেদৰে কোৱা হৈছেঃ

(১) আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে–

পাঁচ ওৱাক্ত ছালাত, এক জুমু‘আৰ পৰা পৰৱৰ্ত্তী জুমু‘আলৈ আৰু এক ৰমজানৰ পৰা পৰৱৰ্ত্তী ৰমজানৰ মাজৰ সময়চোৱাত হোৱা (ছগীৰা) গুনাহৰ কাফফাৰা স্বৰূপ, যদিহে তেওঁ কবিৰা গুনাহসমূহৰ পৰা মুক্ত থাকে। [4]

(২) আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত আন এক হাদীছত

ৰাছুল্লাল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে– “তোমালোকৰ ঘৰৰ সন্মুখেৰে প্ৰৱাহিত নদীত দৈনিক পাঁচবাৰ গোছল কৰিলে তোমালোকৰ শৰীৰত কিবা ময়লা থাকিবনে? তেওঁলোকে উত্তৰ দিলে– নাথাকে, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– পাঁচ ওৱাক্ত ছালাতৰ তুলনাও ঠিক অনুৰূপ, ইয়াৰ দ্বাৰা আল্লাহে গুনাহসমূহ দূৰ কৰি দিয়ে। ’’ [5]

(৩) উক্কবা ইবনু আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে–

“তোমালোকৰ প্ৰভু অত্যন্ত আনন্দিত হয় সেই ভেৰা ৰখীয়াৰ প্ৰতি, সি যেতিয়া পাহাৰৰ ওপৰত আজান দি ছালাত আদায় কৰে। মহান আল্লাহে ফিৰিস্তাসকলক কয়– তোমালোকে দেখিছানে, মোৰ বান্দাই মোক ভয় কৰি আজান দি ছালাত আদায় কৰিছে, মই তাক মাফ কৰি দিছোঁ আৰু সি জান্নাতত প্ৰৱেশ কৰিব। ’’[6]

(৪) আবু ক্কাতাদা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে–

আল্লাহ তা‘আলাই ঘোষণা কৰিছে যে “নিশ্চয় মই আপোনাৰ উম্মতৰ ওপৰত পাঁচ ওৱাক্ত ছালাত ফৰজ কৰিছোঁ আৰু অংগীকাৰ কৰিছোঁ যে, যি ব্যক্তিয়ে সময়মতে উক্ত পাঁচ ওৱাক্ত ছালাত আদায় কৰি কিয়ামতৰ দিনা উপস্থিত হ’ব, মই তাক জান্নাতত প্ৰৱেশ কৰাম আৰু যি ব্যক্তিয়ে ইয়াৰ সংৰক্ষণ নকৰে তাৰ ওচৰত মোৰ কোনো অংগীকাৰ নাই। ” [7]

ছালাত পৰিত্যাগকাৰীৰ বাবে আছে– কঠোৰ শাস্তি[সম্পাদনা কৰক]

কোৰআনৰ ছুৰা “আত-তাওবাহ”ৰ ১১ নং আয়াতত আল্লাহে কৈছে–

“এতেকে সিহঁতে যদি তাওবাহ কৰে, ছালাত কায়েম কৰে আৰু জাকাত আদায় দিয়ে, তেন্তে সিহঁত তোমালোকৰ দ্বীনি ভাই”। [8]

ছুৰা “আল-মুদ্দাচ্ছিৰ”ৰ ৪০-৪৩ নং আয়াতত কৈছে–

“জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব, অপৰাধীসকলৰ বিষয়ে, কিহে তোমালোকক ‘ছাক্কাৰ’ নামৰ জাহান্নামত নিক্ষেপ কৰিছে? সিহঁতে কব– আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ। ”[9]


■ হাদিছত আছে,

(১) ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে–

যি ব্যক্তিয়ে মুছলিম হিচাবে আল্লাহৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হ’ব বিচাৰে, তেওঁ যেন পাঁচ ওৱাক্ত ছালাত যথাযথভাৱে আদায় কৰে, য’তেই আজান দিয়ে। [10]

(২) কোনো এক ব্যক্তিৰ সৈতে মুশ্বৰিক বা অবিশ্বাসী লোকৰ পাৰ্থক্য হ’ল ছালাত পৰিত্যাগ কৰা। [11]

(৩)‘আব্দুল্লাহ ইবনু চাক্কীক্ক উকায়লি ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবীসকলে ছালাতৰ বাহিৰে অন্য আমলসমূহৰ ভিতৰত কোনো এটা আমল এৰি দিয়া কাৰ্য্যক কুফুৰী বুলি কোৱা নাছিল। [12]

(৪)‘আব্দুল্লাহ ইবনু বুৰায়দা ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ পিতাকৰ পৰা বৰ্ণনা কৰিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে–

“আমাৰ আৰু সিহঁতৰ (অবিশ্বাসী, মুশ্বৰিক আৰু মুনাফিক) মাজত যি অংগীকাৰ, সেয়া হ’ল ছালাত, গতিকে যি ব্যক্তিয়ে ছালাত এৰি দিলে সি কুফুৰী কৰিলে। ”[13]

গতিকেই মুছলিম আলিমসকলে কয় যে, যি ব্যক্তিয়ে ছালাত ত্যাগ কৰে তেওঁ নিঃসন্দেহে কুফুৰী কৰিলে, অলসতা বা অৱহেলাত ছালাত আদায় নকৰিলে জাহান্নামত যাব লাগিব আৰু শাস্তি ভোগ কৰাৰ পিছত আল্লাহৰ দয়াত কলিমা ত্বৈয়্যিবাৰ বৰকতত মুক্তি পাই জান্নাতত প্ৰৱেশ কৰিব। [14] কিন্তু ইচ্ছাকৃতভাৱে ছালাত এৰি দিলে বা অস্বীকাৰ কৰিলে, ইছলামৰ পৰা বাহিৰ হৈ যাব আৰু জাহান্নামত চিৰস্থায়ীভাৱে থাকিব লাগিব। [15]

ছালাতৰ (সময়) ওৱাক্তসমূহ[সম্পাদনা কৰক]

ই মুছলিমসকলৰ প্ৰাৰ্থনাৰ সময়। দিনে পাঁচবাৰকৈ কৰা প্ৰাৰ্থনাৰ সময় বেলেগ বেলেগ। সময় হোৱাৰ লগে লগেই আজানৰ দ্বাৰা প্ৰাৰ্থনা(ছালাত)ৰ বাবে মাতা হয়। ছালাতৰ সময়ৰ গুৰুত্বাৰোপ কৰি আল্লাহ তা‘আলাই কৈছে-

“নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত আদায় কৰা মু‘মিনসকলৰ বাবে জৰুৰী কৰ্তব্য। ”[16]

ৰাছুলুল্লাহ মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবায়ে কিৰামে নিৰ্দ্দিষ্ট সময়ত ছালাত আদায় কৰিছিল। নিৰ্দ্দিষ্ট সময়ত অৰ্থাৎ আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব বহুত বেছি। উম্মু ফাৰওৱা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত,

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হ’ল– আমলসমূহৰ ভিতৰত কোন আমল সৰ্বাধিক উত্তম? উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– আওৱাল ওৱাক্তত ছালাত আদায় কৰা। [17]

দেখা যায়, আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব জাম‘আতৰ সৈতে ছালাত আদায় কৰাতকৈও বেছি। [18] ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে-

‘‘ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ জীৱনত মাত্ৰ দু’বাৰৰ বাহিৰে কেতিয়াও ছালাত শেষ ওৱাক্তত পঢ়া নাই। ’’[19]

এইকাৰণে তেওঁ ‘আলী ৰাদ্বিয়াল্লাহু আনহুক লক্ষ্য কৰি কৈছিল উপদেশ দিছিল, হাদিছত এনেদৰে বৰ্ণনা হৈছে-

‘‘হে ‘আলী ৩টা কামত কেতিয়াও পলম নকৰিবা। তাৰ মাজত ১টা হ’ল যেতিয়াই ছালাতৰ সময় হ’ব, তেতিয়াই ছালাত আদায় কৰা। ’’[20]

ক) ফজৰৰ ছালাতৰ সময়ঃ চুবহ ছাদিকৰ পিছতে ফজৰৰ ওৱাক্ত আৰম্ভ হয় আৰু সূৰ্য্যোদয়ৰ আগলৈকে থাকে। গতিকে সমস্যাজনিত কাৰণত সূৰ্য্যোদয়ৰ পূৰ্বে ফজৰৰ ছালাত আদায় কৰিব পাৰি। আওৱাল ওৱাক্তত ছালাত আদায় কৰা উত্তম বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে খুব পুৱাতে উঠি ফজৰৰ ছালাত আদায় কৰিছিল। পূব আকাশ মুকলি হ’লেহে ফজৰৰ ছালাতৰ সময় আৰম্ভ হোৱাৰ বিষয়ে কোনো দলীল নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত আদায় কৰাৰ সময় সম্বন্ধে তলত উল্লিখিত হাদীছত পোৱা যায়- “আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত,

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত আদায় কৰাৰ পিছত মহিলাসকলে চাদৰ মেৰিয়াই নিজ নিজ ঘৰলৈ উভতি গৈছিল, কিন্তু ধূসৰ অন্ধকাৰৰ কাৰণে তেওঁলোকক চিনিব পৰা নগৈছিল। ”[21]

আন এক হাদীছত ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে,

“মুমিন মহিলাসকলে চাদৰেৰে আবৃত হৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ফজৰৰ ছালাতত উপস্থিত হৈছিল আৰু ছালাত শেষ হোৱাৰ পিছত ঘৰলৈ উভতি গৈছিল, কিন্তু ধূসৰ অন্ধকাৰৰ বাবে তেওঁলোকক কোনেও চিনি পোৱা নাছিল। ”[22]

আন এক বৰ্ণনাত কৈছে–

“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত এনে সময়ত পঢ়িছিল যেতিয়া ওচৰত বহা লোকক চিনিব পৰা নগৈছিল আৰু ৬০ ৰ পৰা ১০০ আয়াত তিলাৱত কৰিছিল। ”[23]

গতিকেই ইয়াৰ ওপৰত ভিত্তি কৰি কোৱা হয় যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত ফজৰৰ ছালাত অন্ধকাৰত আৰম্ভ হৈছিল আৰু আন্ধাৰ হৈ থকা অৱস্থাতে শেষ হৈছিল, যাৰ বাবে জাম‘আতত ছালাত আদায় কৰা মহিলাসকলক ছালাত শেষ হোৱাৰ পিছত ঘৰলৈ উভতি যাওঁতে কোনেও চিনি পোৱা নাছিল।

খ) জোহৰৰ ছালাতৰ সময়ঃ সূৰ্য্য পশ্চিম আকাশৰ পিনে ঢাল খোৱাৰ লগে লগে জোহৰৰ ছালাতৰ সময় আৰম্ভ হয় আৰু কোনো বস্তুৰ ছাঁ তাৰ সমপৰিমাণ হ’লে শেষ হয়। এই সংক্ৰান্তত ‘আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

“জোহৰৰ ছালাতৰ সময় হ’ল– সূৰ্য্য ঢাল খোৱাৰ পৰা কোনো ব্যক্তিৰ ছাঁ তাৰ সমপৰিমাণ হোৱা পৰ্যন্ত অৰ্থাৎ ‘আছৰৰ সময় হোৱালৈকে। ”[24]

আলিমসকলৰ মত যে আওৱাল ওৱাক্তত ছালাত আদায় কৰা জৰুৰী যদিও গ্ৰীষ্ম কালত জোহৰৰ ছালাত কিছু পলমকৈ আদায় কৰিব পাৰি। আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে–

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “তোমালোকে জোহৰক ঠাণ্ডা কৰা, কাৰণ গৰমৰ প্ৰকোপ জাহান্নামৰ তাপ। ”[25]

গ) ‘আছৰৰ ছালাতৰ সময়ঃ কোনো বস্তুৰ ছাঁ যেতিয়া সেই বস্তুৰ সমপৰিমাণ হ’ব তেতিয়া ‘আছৰৰ ছালাতৰ সময় আৰম্ভ হ’ব। [26] আৰু যেতিয়া ছাঁ দ্বিগুণ হ’ব তেতিয়া শেষ হ’ব, অৱশ্যে কোনো সমস্যাজনিত কাৰণত সূৰ্য্যাস্তৰ আগত এক ৰাক‘আত পঢ়িব পাৰিলে ‘আছৰৰ ছালাত আদায় হৈ যাব, তেনেকৈ সূৰ্য্যোদয়ৰ আগত এক ৰাক‘আত পঢ়িব পাৰিলে ফজৰৰ ছালাত আদায় হৈ যাব। বাকী ৰাক'আত সমূহো পূৰা কৰি ল'ব।[27] আনাচ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আছৰৰ ছালাত পঢ়িছিল সূৰ্য্য যেতিয়া উজ্জ্বল অৱস্থাত ওপৰত আছিল, তাৰ পিছত কোনো লোকে মদিনাৰ পৰা চাৰি মাইল বা সম-দূৰত্বত অৱস্থিত স্থানৰ পৰা ঘূৰি আহিব পাৰিছিল।[28]

ঘ) মাগৰিবৰ ছালাতৰ সময়ঃ সূৰ্য্য অস্ত যোৱাৰ লগে লগে মাগৰিবৰ ছালাতৰ সময় আৰম্ভ হয় আৰু পশ্চিম আকাশত সূৰ্য্যৰ ৰঙচুৱা আৱৰণ নাইকিয়া হোৱাৰ লগে লগে শেষ হয়। [29]

ঙ) ইশ্বাৰ ছালাতৰ সময়ঃ মাগৰিবৰ ছালাতৰ সময় শেষ হোৱাৰ পিছতে ইশ্বাৰ ছালাতৰ সময় আৰম্ভ হয় আৰু মাজনিশালৈকে থাকে। সমস্যাজনিত কাৰণত ফজৰৰ আগলৈকে পঢ়িব পাৰি, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইশ্বাৰ ছালাত পলমকৈ পঢ়াতো উত্তম হিচাবে বিবেচনা কৰিছিল। [30] ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

“জীব্ৰীল আলাইহি অছাল্লামে কা’বাৰ কাষত দুদিন অৱস্থান কৰি প্ৰতি ওৱাক্ত ছালাত দুবাৰকৈ পঢ়ি ছালাতৰ আওৱাল আৰু আখেৰী ওৱাক্তৰ বিষয়ে জনাই দিছিল। তেওঁ ইমামতি কৰি এবাৰ জোহৰ পঢ়ালে সূৰ্য্য ঢাল খোৱাৰ লগে লগে, ‘আছৰ পঢ়াইছিল যেতিয়া প্ৰত্যেক বস্তুৰ ছাঁ তাৰ সমান হৈছিল, মাগৰিব পঢ়াইছিল ৰোজাদাৰে ইফতাৰ কৰা সময়ত, ইশ্বা পঢ়াইছিল বেলি ডুব যোৱাৰ পিছত পশ্চিম আকাশত ৰঙচুৱা আৱৰণ নাইকিয়া হোৱাৰ সময়ত আৰু ফজৰ পঢ়াইছিল ৰোজাদাৰে খাদ্য খোৱা হাৰাম হোৱাৰ সময়ত অৰ্থাৎ ছাহাৰীৰ সময়ৰ পিছত। পিছদিনাখন জোহৰ পঢ়াইছিল যেতিয়া প্ৰত্যেক বস্তুৰ ছাঁ তাৰ সমান হৈছিল, ‘আছৰ পঢ়াইছিল যেতিয়া প্ৰত্যেক বস্তুৰ ছাঁ দুগুণ হৈছিল, মাগৰিব পঢ়াইছিল ৰোজা ৰখা ব্যক্তিয়ে ইফতাৰ কৰা সময়ত, ইশ্বা পঢ়াইছিল নিশা এক-তৃতীয়াংশ পূৰ্ণ হোৱা সময়ত আৰু ফজৰ পঢ়াইছিল আকাশ মুকলি হোৱা সময়ত। তাৰ পিছত তেওঁ মোক লক্ষ্য কৰি কৈছিল– হে মুহাম্মাদ! (চাল্লাল্লাহু আলাইহি অছাল্লাম), এয়া আপোনাৰ পূৰ্বৰ নবীসকলৰ সময়, এই দুই সময়ৰ মাজৰ খিনিয়ে ছালাতৰ সময়”। [31]

ওপৰোক্ত হাদীছবোৰৰ পৰাই আলিসকলে কয় যে, জীব্ৰীল আলাইহি অছাল্লামে পাঁচ+পাঁচ মুঠ দহ ওৱাক্ত ছালাতত ইমামতি কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰতি ওৱাক্ত ছালাতৰ আওৱাল আৰু আখেৰী সময়ৰ বিষয়ে জনাই দিছে। আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব অধিক, আনকি জাম‘আতত ছালাত আদায় কৰাতকৈও অধিক প্ৰাধান্য দিয়া হৈছে। [32]

পৱিত্ৰতা অৰ্জন[সম্পাদনা কৰক]

ছালাত(নামাজ)ৰ নিয়ম[সম্পাদনা কৰক]

ছালাত(নামাজ)ৰ ওয়াক্ত আৰু ৰাকাত[সম্পাদনা কৰক]

বিশেষ ছালাত(নামাজ)[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "ছালাতুৰ ৰাছূল (ছাঃ)- [[মুহাম্মাদ]] আছাদুল্লাহ আল-গালিব". Archived from the original on 2019-11-25. https://web.archive.org/web/20191125225755/http://www.at-tahreek.com/salatbangla/4.html#_ftn2। আহৰণ কৰা হৈছে: 2017-02-24. 
  2. কোৰআনঃ ২৯/৪৫
  3. কোৰআনঃ ১১/১১৪
  4. ছহীহ মুছলিম, মিচকাত হা/৫৬৪।
  5. মুত্তাফাক্ক ‘আলাইহ, বুখাৰী হা/৫২৮, ১/৭৬ পৃঃ, মিচকাত হা/৫৬৫।
  6. আবু দাউদ হা/১২০৩, পৃঃ ১/১৭০, নাছাঈ হা/৬৬৬, মিচকাত হা/৬৬৫, পৃঃ ৬৫।
  7. ছহীহ আবু দাউদ হা/৪৩০, চনদ ‘হাছান’ ছালাত অধ্যায়, ওৱাক্ত হেফাজত কৰা অনুচ্ছেদ, মালিক, নাছাঈ, মিচকাত হা/৫৭০।
  8. কোৰআনঃ ৯/১১
  9. কোৰআনঃ ৭৪/৪০-৪৩
  10. ছহীহ মুছলিম হা/১৫২০, ১/২৩২ পৃঃ।
  11. ছহীহ মুছলিম হা/২৫৬-২৫৭, ১/৬১ পৃঃ।
  12. তিৰমিযী হা/২৬২২, ২/৯০ পৃঃ, ঈমান অধ্যায় ছালাত পৰিত্যাগ কৰা অনুচ্ছেদ।
  13. তিৰমিযী হা/২৬২১।
  14. ইবনু মাজাহ হা/৬০, পৃঃ ৭, চনদ ছহীহ।
  15. শেখ আলবাণী, হুকমু তাৰিকিছ চালাহ, পৃঃ ৬।
  16. ছুৰা আন-নিছা- ১০৩।
  17. ছহীহ আবু দাউদ হা/৪২৬, ১/৬১ পৃঃ, তিৰমিযী হা/১৭০, ১/৪২ পৃঃ চনদ ছহীহ।
  18. ছহীহ মুছলিম হা/১৪৯৭, মিচকাত হা/৬০০)।
  19. ছহীহ তিৰমিযী, মিচকাত ৬১ পৃঃ।
  20. ছহীহ তিৰমিযী, মিচকাত ৬১ পৃঃ।
  21. মুত্তাফাক আলাইহি, ছহীহ বুখাৰী হা/৮৬৭, ১/১২০ পৃঃ, মিচকাত ৫৯৮নং।
  22. ছহীহ বুখাৰী হা/৫৭৮, ১/৮২ পৃঃ।
  23. ছহীহ বুখাৰী হা/৫৪১, ১/৭৭ পৃঃ, আবু দাউদ ৩৯৫, ৩৯৮নং।
  24. ছহীহ মুছলিম হা/১৪১৯, পৃঃ ১/২২৩, মিচকাত হা/৫৮১।
  25. ছহীহ বুখাৰী হা/৫৩৮, পৃঃ ১/৭৬, মুছলিম, আবু দাউদ, তিৰমিযী।
  26. আবু দাউদ, তিৰমিযী, মিচকাত ৫৮৩নং
  27. বুখাৰী, মুছলিম, মিচকাত ৬০১-৬০২নং।
  28. মুত্তাফাক্ক আলাইহ, বুখাৰী হা/৫৫০, পৃঃ ১/৭৮, মুছলিম, মিচকাত ৫৯২নং।
  29. ছহীহ মুছলিম হা/১৪১৯, পৃঃ ১/২২৩, মিচকাত হা/৫৮১।
  30. আহমাদ, তিৰমিযী, ইবনু মাজাহ, মিচকাত ৬১১নং।
  31. ছহীহ আবু দাউদ হা/৩৯৩, পৃঃ ১/৫৬, ছালাত অধ্যায়–২, ছহীহ তিৰমিযী হা/১৪৯, পৃঃ ১/৩৮।
  32. ছহীহ মুছলিম হা/১৪৯৭, মিচকাত হা/৬০০।