সমললৈ যাওক

হিন্দী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিন্দী
हिन्दी, हिंदी

দেৱনাগৰী আৰু নাস্তালিক লিপিত লিখা হিন্দী জুৱান
থলুৱা অঞ্চল ভাৰত
অঞ্চল দক্ষিণ এছিয়া
স্থানীয় ভাষিক
মাতৃভাষী ৪৮ কোটি; মুঠ ৮০ কোটি
ভাষা পৰিয়াল
লিখন প্ৰণালী দেৱনাগৰী লিপি,নাস্তালিক লিপি[1] (উনবিংশ শতিকাৰ মাজভাগলৈকে), কৈথী (ঐতিহাসিক), মহাযানী (ঐতিহাসিক)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 ভাৰত
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা
নিয়মাধীন হয়
কেন্দ্ৰীয় হিন্দী নিৰ্দেশালয়
ভাষা সংকেত
ISO 639-1 hi
ISO 639-2 hin
ISO 639-3 hin

হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰি নেপাল, মৰিছাছ আৰু ফিজিত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে।[উদ্ধৃতিৰ প্ৰয়োজন]

উৎপত্তি

[সম্পাদনা কৰক]

হিন্দীৰ উৎপত্তি দিল্লীৰ খৰিবুলি ভাষাৰ সৈতে আৰবী, পাৰ্চী আৰু তুৰ্কীৰ সংমিশ্ৰণত হৈছিল। মুছলমান শাসন উত্তৰ ভাৰতলৈ বিয়পিবলৈ আৰম্ভ কৰাৰ লগে লগে পাৰ্চী শব্দবোৰ স্থানীয় ভাষাত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। হিন্দী ভাষাও সেই সময়ত খৰিবুলিৰ পৰা উদ্ভৱ হৈছিল।[3]

সময়ৰ পৰিপ্ৰেক্ষিতত, উৰ্দুক আজি এক সুকীয়া ভাষা হিচাপে ঘোষণা কৰা হৈছে, কিন্তু প্ৰধান উৰ্দু লেখকসকলে উনবিংশ শতিকাৰ আৰম্ভণিলৈকে তেওঁলোকৰ ভাষাক হিন্দী বা হিন্দৱী বুলি উল্লেখ কৰি আহিছে।

উদাহৰণ:- প্ৰখ্যাত উৰ্দু কবি গোলাম হামদান মুছহাফিয়ে নাস্তালিক লিপিত তেওঁৰ শ্বায়ৰীত লিখিছিল: -

মুসহাফি ফাৰ্সি কো তাক পহ ৰাখ, অব হেঁ অশ্বয়াৰ ই হিন্দৱী কা ৰিৱাজ[4]

আৰু মীৰ টাকি মীৰ তেওঁৰ নিজৰ শৈলীত লিখিছে:-

না জানে লোগ কেহতে হেঁ কিসকো সুৰূৰ ই ক়লৱ, আয়া নেহি য়ে লফজ তো হিন্দী জুবান কে ৱীচ। [5]

হিন্দী ভাষা দেৱনাগৰী লিপিত লিখা হৈছে, যি আবুগিদা লিপিৰ অন্তৰ্গত৷ দেৱনাগৰী ১১টা স্বৰবৰ্ণ আৰু ৩৩টা ব্যঞ্জনবৰ্ণৰে গঠিত আৰু বাওঁফালৰ পৰা সোঁফালে লিখা হয়।

ভাৰত চৰকাৰে লেটিন লিপিত হিন্দী লিখাৰ চৰকাৰী ব্যৱস্থা হিচাপে হান্টেৰিয়ান লিপ্যন্তৰ ব্যৱহাৰ কৰে। অন্যান্য বিভিন্ন ব্যৱস্থাও আছে, যেনে IAST , ITRANS আৰু ISO 15919।

ৰোমানাইজড হিন্দী, যাক হিংলিছ বুলিও কোৱা হয়, অনলাইনত হিন্দীৰ প্ৰধান ৰূপ। ইউটিউবৰ মন্তব্যৰ বিশ্লেষণত পালাকোডেটি আৰু অন্যান্যই চিনাক্ত কৰিছে যে ৫২% মন্তব্য ৰোমানাইজড হিন্দী, ৪৬% ইংৰাজী আৰু ১% দেৱনাগৰী হিন্দীত।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "A Historical Perspective of Urdu National Council for Promotion of …". 2022-10-15. Archived from the original on 2022-10-15. http://archive.today/go4yc. 
  2. "The World Fact Book". Central Intelligence Agency. Archived from the original on 16 July 2017. https://www.cia.gov/library/publications/the-world-factbook/geos/print_ae.html. 
  3. "Hindi language Britannica.com". 2015-09-09. Archived from the original on 2015-09-09. http://archive.today/vJhdV. 
  4. https://web.archive.org/web/20221015162643/https://www.urducouncil.nic.in/council/historical-perspective-urdu
  5. https://web.archive.org/web/20221015162643/https://www.urducouncil.nic.in/council/historical-perspective-urdu
  6. Palakodety, Shriphani; KhudaBukhsh, Ashiqur R.; Jayachandran, Guha (2021). "Low Resource Machine Translation". Low Resource Social Media Text Mining. প্ৰকাশক Singapore: Springer. পৃষ্ঠা. 7–9. doi:10.1007/978-981-16-5625-5_5. ISBN 978-981-16-5624-8. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

Hindi ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা