ডোগ্ৰী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডোগ্ৰী
डोगरी ڈوگرى ḍogrī
থলুৱা অঞ্চল ভাৰত, পাকিস্তান
অঞ্চল জম্মু, কাশ্মীৰ, হিমাচল প্ৰদেশ, পঞ্জাব
স্থানীয় ভাষিক
২০ লাখ
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয়
  • ইণ্ডো-ইৰানীয়
    • ইণ্ডো-আৰ্য্য
      • উত্তৰ অঞ্চল
        • ডোগ্ৰী
লিখন প্ৰণালী দেৱনাগৰী, তাকৰী লিপি, পাৰ্চী-আৰৱী লিপি
ভাষা সংকেত
ISO 639-2 doi
ISO 639-3 Variously:
doi – ডোগ্ৰী (সাধাৰণ)
dgo – ডোগ্ৰী (বিশেষ)
xnr – কাংৰি

ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ইণ্ডো-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ জম্মু আৰু কাশ্মীৰজম্মু অঞ্চলত আৰু উত্তৰ পঞ্জাব, হিমাচল প্ৰদেশ আৰু কাশ্মীৰেৰ অন্যান্য অঞ্চলত এই ভাষা প্ৰচলিত। ডোগ্ৰীভাষী মানুহক ডোগ্ৰা বোলা হয়, আৰু ডোগ্ৰীভাষী অঞ্চলক বোলা হয় ডুগ্গাৰ। ডোগ্ৰী ইণ্ডো-আৰ্য ভাষাসমূহৰ পশ্চিম পাহাৰী দলৰ এটা ভাষা। পাকিস্তানত আৰু পাকিস্তান-নিয়ন্ত্ৰিত কাশ্মীৰত ইয়াক পাহাৰী ভাষা (पहाड़ी বা ﭘﮭﺎﮌﯼ) নামেৰেও অবিহিত কৰা হয়। ডোগ্ৰী এটা সুৰপ্ৰধান ভাষা, যিটো ইণ্ডো-ইউৰোপীয় ভাষাসমূহৰ মাজত এটা ব্যতিক্ৰম। পঞ্জাবী আৰু পশ্চিম পাহাৰী ভাষাবিলাকো সুৰপ্ৰধান।

লিপি[সম্পাদনা কৰক]

ডোগ্ৰী আদিতে তাকৰি লিপিত লেখা হৈছিল। তাকৰি লিপিৰ সৈতে কাশ্মিৰী ভাষা লিখতে ব্যৱহৃত কৰা শাৰদা লিপি আৰু পঞ্জাবী ভাষা লিখাত ব্যৱহৃত গুৰুমুখী লিপিৰ সৈতে মিল আছিল। বৰ্তমানে ই দেৱনাগৰী লিপিৰে অথবা নাস্তালিক লিপিৰে (পাকিস্তান আৰু পাকিস্তান নিয়ন্ত্ৰিত কাশ্মীৰত) লিখা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]