খাছী ভাষা
খাছী | |
---|---|
Khasi | |
থলুৱা অঞ্চল | ভাৰত, বাংলাদেশ |
স্থানীয় ভাষিক |
প্ৰায় ৯ লাখ মূলত ভাৰতৰ মেঘালয় ৰাজ্যত (১৯৯৭) |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-2 | kha |
ISO 639-3 | kha |
খাছী বা খাচি ভাষা এটা অষ্ট্ৰো-এছীয় ভাষা যিটো মূলতঃ ভাৰতৰ মেঘালয় ৰাজ্যত প্ৰচলিত। খাছী ভাষাৰ প্ৰায় ৯ লাখ মানুহৰ বেছিভাগেই মেঘালয় ৰাজ্যত বাস কৰে। অসম আৰু বাংলাদেশতো কিছু সংখ্যক খাছী ভাষাৰ মানুহ আছে। খাছী ভাষাৰ মৌখিক সাহিত্য লোককথা আৰু লোকগাথাৰে সমৃদ্ধ।
জনসংখ্যা
[সম্পাদনা কৰক]ভাৰতত (২০১১ চনৰ হিচাপত) খাছী ভাষা স্থানীয়ভাৱে ১,০৩৮,০০০ লোকে কয়। মেঘালয়ৰ জনসংখ্যাৰ এক তৃতীয়াংশ বা ৯ লাখ ৯৭ হাজাৰ লোকৰ ই প্ৰথম ভাষা আৰু ইয়াৰ ভাষীসকল বেছিভাগেই খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ অঞ্চলত পোৱা যায়। ভাৰতৰ চুবুৰীয়া ৰাজ্যসমূহতো সৰু সৰু খাচী ভাষী সম্প্ৰদায় আছে, ইয়াৰে আটাইতকৈ ডাঙৰ জনগোষ্ঠীটো অসমত: ৩৪,৬০০ জন। বাংলাদেশতো অতি কম সংখ্যক খাছী ভাষাৰ মানুহ আছে।
লিপি
[সম্পাদনা কৰক]আগতে খাচী ভাষাৰ নিজস্ব কোনো লিপি নাছিল। ১৮১৩ চনৰ পৰা ১৮৩৮ চনলৈ উইলিয়াম কেৰীয়ে পূব নাগৰী লিপিত ভাষাটো লিখাৰ প্ৰয়াস কৰিছিল। পিছলৈ এই লিপিত বহু খাচী গ্ৰন্থ ৰচনা কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল Ka Niyiom Jong Ka Khasi বা খাচীসকলৰ নিয়মৰ কিতাপ; ই চেং খাচী ধৰ্মৰ এক গুৰুত্বপূৰ্ণ পাণ্ডুলিপি। ৱেলছৰ এজন মিছনেৰী থমাছ জ’নে ১৮৪১ চনত ৰোমান লিপিত এই ভাষা লিখিছিল। সেয়েহে খাচী ভাষাৰ বাবে ব্যৱহৃত ৰোমান লিপিত ৱেলছ লিপিৰ প্ৰভাৱ দেখা যায়। বৰ্তমান খাচী ভাষা ৰোমান লিপিত লিখা হয়।
বৰ্ণমালা
[সম্পাদনা কৰক]- ডাঙৰ হাতৰ A, B, K, D, E, G, Ng, H, I, Ï, J, L, M, N, Ñ, O, P, R, S, T, U, W, Y.
- সৰু হাতৰ a, b, k, d, e, g, ng, h, i, ï, j, l, m, n, ñ, o, p, r, s, t, u, w, y.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]
|
|