ভাৰতীয় ভাষা
ভাৰতৰ ভাষা | |
---|---|
![]() বৃহত্তৰ ভাৰতৰ ভাষা পৰিয়াল নিহালী, কুচুণ্ডা, আৰু থাই ভাষা দেখুৱা হোৱা নাই | |
আধিকাৰিক ভাষা | অসমীয়া · বাংলা · বড়ো · ডোগ্ৰী · ইংৰাজী · গুজৰাটী · হিন্দী · কন্নড় · কাশ্মিৰী · কোংকণী · মৈথিলী · মালয়ালম · মণিপুৰী · মাৰাঠী · নেপালী · ওড়িয়া · পঞ্জাবী · সংস্কৃত · চাঁওতালি · সিন্ধী · তামিল · তেলেগু · উৰ্দু · |
আঞ্চলিক ভাষা | অৱধী · অংগিকা · ভোজপুৰী · ব্ৰজাৱলী · ছত্তীছগঢ়ী · দেউৰী · ডিমাছা · ডটেলী · গঢ়ৱালী · গাৰো · খাছী · জয়ন্তীয়া · কামতাপুৰী · কাৰ্বি · ককবৰক · কুমাঊঁনী · মগধী · মিজো · মিচিং · নেৱাৰী · ৰাভা · ৰাজস্থানী · সম্বলপুৰী · তুলু · |
ভাৰতৰ ভাষাসমূহ বহুতো ভাষা পৰিয়ালত বিভক্ত, যাৰ ভিতৰত মুখ্যদুটা হৈছে ইণ্ডো-আৰ্য ভাষা (ভাৰত-আৰ্য ভাষা বুলিও কোৱা হয়)—যি ৭৮.০৫% ভাৰতীয়ই কোৱা ভাষাসমূহৰ অন্তৰ্গত; আৰু দ্ৰাবিড় ভাষা—যি ১৯.৬৪% ভাৰতীয়ই ব্যৱহাৰ কৰে।[1][2] এই দুয়োটা পৰিয়ালক একেলগে কেতিয়াবা ইণ্ডিক ভাষা পৰিয়াল বুলিও কোৱা হয়।[3][4][5]
বাকী ২.৩১% লোকৰ দ্বাৰা কোৱা ভাষাসমূহ অষ্ট্ৰʼএচিয়াটিক, চীন-তিব্বতীয়, টাই-কাদাই, আন্দামানীয়া আৰু কিছুমান সৰু ভাষা পৰিয়াল তথা বিচ্ছিন্ন ভাষাৰ অন্তৰ্গত।[6]:283 ভাৰতীয় লোকভাষা পৰীক্ষণৰ তথ্য অনুসৰি, ভাষাৰ সংখ্যাৰ দিশৰ পৰা পাপুৱা নিউগিনিৰ পিছত (৮৪০টা ভাষা), ভাৰত দ্বিতীয় স্থানত আছে (৭৮০টা ভাষা)।[7] এথন'লগে এই সংখ্যা ৪৫৬ বুলি দাঙি ধৰিছে।[8]
ভাৰতীয় সংবিধানৰ ৩৪৩ অনুচ্ছেদত উল্লেখ কৰা হৈছে যে সংঘ চৰকাৰৰ চৰকাৰী ভাষা হ'ল দেৱনাগৰী লিপিত লিখা হিন্দী ভাষা, যদিও ১৯৪৭ৰ পিছৰ ১৫ বছৰলৈ ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছিল। ১৯৬৩ চনৰ ভাষা ব্যৱহাৰ আইনে এই ব্যৱহাৰ অনিৰ্দিষ্টকাললৈকে আগবঢ়াই ৰাখিবলৈ অনুমতি দিয়ে।[9] চৰকাৰী কাৰ্যৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰ হ'ল "আন্তঃৰাষ্ট্ৰীয় ৰূপৰ ভাৰতীয় সংখ্যা",[10][11] যাক সাধাৰণতে ইংৰাজী ভাষাত আৰবী সংখ্যা বুলি কোৱা হয়।[12] বহুতে বিশ্বাস কৰে যদিও হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়; ভাৰতীয় সংবিধানত কোনো ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ স্বীকৃতি দিয়া হোৱা নাই।[13][14]
ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত ২২টা ভাষাৰ নাম তালিকাভুক্ত কৰা হৈছে,[15] যাক তালিকাভুক্ত ভাষা বুলিও কোৱা হয় আৰু ইয়াক চৰকাৰী স্বীকৃতি, মৰ্যাদা আৰু প্ৰোৎসাহন দিয়া হৈছে। তাৰ উপৰিও, ভাৰত চৰকাৰে শাস্ত্ৰীয় ভাষা ৰূপে অসমীয়া, বাংলা, কন্নড়, মালয়ালম, মাৰাঠী, ওড়িয়া, পালি, প্ৰাকৃত, সংস্কৃত, তামিল আৰু তেলুগুক স্বীকৃতি প্ৰদান কৰিছে। এই মৰ্যাদা সেই ভাষাসমূহক দিয়া হয় যাৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীন বিকাশ আছে।[16]
ইতিহাস
[সম্পাদনা কৰক]দক্ষিণ ভাৰতীয় ভাষাসমূহ দ্ৰাবিড় পৰিয়ালৰ। দ্ৰাবিড় ভাষাসমূহ ভাৰতীয় উপমহাদেশৰ থলুৱা।[17] খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত ভাৰতত আদিদ্ৰাবিড় ভাষা প্ৰচলিত হৈছিল আৰু খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দৰ আশে-পাশে বিভিন্ন শাখালৈ বিভাজিত হ’বলৈ আৰম্ভ কৰিছিল।[18] দ্ৰাবিড় ভাষাসমূহক চাৰিটা ভাগত বিভক্ত কৰা হৈছে: উত্তৰ, মধ্য (কোলামি–পাৰ্জী), দক্ষিণ-মধ্য (তেলেগু–কুই), আৰু দক্ষিণ দ্ৰাবিড় (তামিল-কন্নড়)।[19]
ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত ভাৰত-আৰ্য্য শাখাৰ পৰা উত্তৰ ভাৰতীয় ভাষাসমূহ মধ্যযুগৰ মধ্য ভাৰত-আৰ্য্য প্ৰাকৃত ভাষা আৰু অপভ্ৰংশৰ মাজেৰে পুৰণি ভাৰত-আৰ্য্য ভাষাৰ পৰা বিকশিত হৈছিল। ভাৰত-আৰ্য্য ভাষাৰ বিকাশ আৰু উদ্ভৱ তিনিখন পৰ্যায়ত বিভক্ত — পুৰণি ভাৰত-আৰ্য্য (খ্ৰী.পূ. ১৫০০–৬০০), মধ্য ভাৰত-আৰ্য্য (খ্ৰী.পূ. ৬০০–খ্ৰী. ১০০০), আৰু নতুন ভাৰত-আৰ্য্য (খ্ৰী. ১০০০–১৩০০)। আধুনিক উত্তৰ ভাৰতীয় ভাৰত-আৰ্য্য ভাষাসমূহ সকলো নতুন ভাৰত-আৰ্য্য যুগত সুকীয়া, চিনাকি ভাষাৰূপে বিকশিত হৈছিল।[20]
উত্তৰ-পূব ভাৰতত চীন-তিব্বতীয় ভাষাসমূহৰ ভিতৰত মেইতেই ভাষা (আনুষ্ঠানিকভাৱে মণিপুৰী ভাষা নামেৰে জনাজাত) মণিপুৰ ৰাজ্যৰ ৰাজদৰবাৰৰ ভাষা আছিল (মেইতেই: মেইতেইলেইপাক)। মণিপুৰ ভাৰতীয় গণৰাজ্যৰ অন্তৰ্ভুক্ত হোৱাৰ আগতে দৰবাৰ সভাসমূহত এই ভাষাক সন্মান প্ৰদৰ্শন কৰা হৈছিল। পদ্ম বিভূষণ পুৰস্কাৰ বিজয়ী সুনীতি কুমাৰ চেটাৰ্জীকে ধৰি বহু বিশিষ্ট ভাষাতত্ত্বজ্ঞৰ মতে এই ভাষাৰ অস্তিত্বৰ ইতিহাস প্ৰায় ১৫০০–২০০০ বছৰ পুৰণি।[21][22] মণিপুৰৰ "মণিপুৰ ৰাজ্য সংবিধান আইন, ১৯৪৭"-ত মণিপুৰী আৰু ইংৰাজীক ৰাজ্যিক আদালতৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল।[23][24]
পাৰ্চী ভাষা (বা ফাৰ্চী) গাজনাভিদ আৰু অন্যান্য তুৰ্কো-আফগান বংশীয় শাসকসকলে দৰবাৰী ভাষা হিচাপে ভাৰতলৈ অনিছিল। সাংস্কৃতিকভাৱে পাৰ্চীকৃত এই শাসকসকল, পিছৰ তুৰ্কো-মংগোল উৎসৰ মোগল বংশৰ সৈতে মিলি, ৫০০ বছৰতকৈও অধিক সময় ধৰি ভাৰতৰ শিল্প, সাহিত্য আৰু ইতিহাসৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল, যাৰ ফলত বহু ভাৰতীয় ভাষাৰ পাৰ্চীকৰণ ঘটিছিল, বিশেষকৈ শব্দভাণ্ডাৰৰ ক্ষেত্ৰত। ১৮৩৭ চনত ব্ৰিটিছ চৰকাৰে প্ৰশাসনিক কাম-কাজত পাৰ্চী ভাষাৰ সলনি ইংৰাজী আৰু পাৰ্চো-আৰবী লিপিত লিখা হিন্দুস্তানীৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। ১৯শ শতিকাৰ হিন্দী আন্দোলনে পাৰ্চীকৃত শব্দসমূহৰ সলনি সংস্কৃত-ভিত্তিক শব্দ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল আৰু পাৰ্চো-আৰবী লিপিৰ সলনি দেৱনাগৰীক প্ৰচলন কৰিছিল।[25][26]
উত্তৰ ভাৰতৰ বিভিন্ন ভাষাই বিভিন্ন উৎসৰ পৰা প্ৰভাৱ গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, হিন্দুস্তানী ভাষাত সংস্কৃত, আৰবী আৰু পাৰ্চী ভাষাৰ গভীৰ প্ৰভাৱ পৰিছিল; এই ভাষাটোৰ দ্বৈত ৰূপ হিচাপে আধুনিক মানক হিন্দী আৰু আধুনিক মানক উৰ্দুৰ সৃষ্টি হৈছিল। আনহাতে, বাংলা ভাষাই ইয়াৰ সংস্কৃতভিত্তি অটুট ৰাখি পাৰ্চী, ইংৰাজী, ফৰাচী আৰু অন্যান্য বিদেশী ভাষাৰ পৰা শব্দ গ্ৰহণ কৰি ইয়াৰ শব্দভাণ্ডাৰ বিস্তৃত কৰিছে।[27][28]
ভাৰতীয় ভাষা সম্পৰ্কে সংগ্ৰহীত তথ্য
[সম্পাদনা কৰক]ভাৰতীয় উপমহাদেশৰ ভাষাগত বৈচিত্ৰ্যৰ প্ৰথম চৰকাৰী সমীক্ষা ১৮৯৮ ৰ পৰা ১৯২৮ চনলৈকে ছাৰ জৰ্জ এব্ৰাহাম গ্ৰিয়াৰচনৰ দ্বাৰা কৰা হৈছিল। ভাষাতাত্ত্বিক সমীক্ষা (Linguistic Survey of India) শীৰ্ষক এই সমীক্ষাত মুঠ ১৭৯টা ভাষা আৰু ৫৪৪টা উপভাষাৰ কথা উল্লিখিত হৈছে।[29] যদিও এই ফলাফলত "ভাষা" আৰু "উপভাষা"ৰ মাজৰ বিভেদ, অনভিজ্ঞ কৰ্মচাৰী ব্যৱহাৰ আৰু দক্ষিণ ভাৰতৰ তথ্য যথাযথভাৱে অন্তৰ্ভুক্ত নকৰাৰ বাবে অসংগতি দেখা গৈছিল। কিছুমান ৰাজ্যত এই সমীক্ষাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।[30]
ভাষাৰ পৰিয়াল অনুসৰি ভাৰতৰ ভাষাসমূহ (Ethnologue)ৰ তথ্য অনুসৰি[31]
Ethnologue, যি খ্ৰীষ্টান ধৰ্মপ্ৰচাৰক সংগঠন SIL International-ৰ দ্বাৰা প্ৰকাশিত, তাত ভাৰতৰ বাবে ৪৩৫টা ভাষা তালিকাভুক্ত আছে, যাৰ ভিতৰত ৪২৪টা জীৱিত আৰু ১১টা বিলুপ্ত। এই ৪২৪টা জীৱিত ভাষাক Ethnologue-এ তলত দিয়া শ্ৰেণীবিভাগ অনুসৰি ভাগ কৰিছে:[31][32]
- প্ৰতিষ্ঠানিক – ৪৫
- স্থিৰ – ২৪৮
- সংকটাপন্ন – ১৩১
- লুপ্ত – ১১
ভাৰতৰ এখন ব্যক্তিগত গৱেষণা প্ৰতিষ্ঠান People's Linguistic Survey of India (PLSI)-এ দেশজুৰি কৰা এখন বৃহৎ ভাষা সমীক্ষাত ৭৮০ৰো অধিক ভাষা আৰু ৬৬টা ভিন্ন লিপিৰ অস্তিত্ব ৰেকৰ্ড কৰিছে, যাক তেওঁলোকে ভাৰতৰ আটাইতকৈ ডাঙৰ ভাষাতাত্ত্বিক সমীক্ষা বুলি দাবী কৰিছে।[33]
Anthropological Survey of India-ৰ People of India (POI) প্ৰকল্প অনুসৰি, ভাৰতৰ ৫,৬৩৩টা গোটে নিজৰ ভিতৰৰ যোগাযোগৰ বাবে মুঠ ৩২৫টা ভাষা ব্যৱহাৰ কৰে।[34]
ভাৰতৰ জনগণনাৰ তথ্য
[সম্পাদনা কৰক]ভাৰতৰ লোকপিয়লে ভাষা আৰু উপভাষা বিষয়ক তথ্য সংগ্ৰহ কৰে আৰু প্ৰকাশ কৰে, যদিও তেওঁলোকে "ভাষা" আৰু "মাতৃভাষা" শব্দ দুটাৰ ব্যৱহাৰত নিজৰ সংজ্ঞা প্ৰয়োগ কৰে। অনেক মাতৃভাষা, যাক তেওঁলোকে এখন ভাষাৰ অন্তৰ্গত উপভাষা হিচাপে দৰ্শায়, ভাষাতাত্ত্বিক দৃষ্টিকোণে সৰ্বাংশতঃ এখন পৃথক ভাষা হিচাপে গণ্য হ'ব পাৰে। বিশেষকৈ বহু দশমিলিয়ন বক্তাৰ মাতৃভাষা হিন্দী ভাষাৰ অন্তৰ্গত হিচাপে দৰ্শোৱা হৈছে।
- ১৯৫১
এই বছৰত হিন্দী, উৰ্দু আৰু পাঞ্জাবীৰ বাবে পৃথক তথ্য প্ৰকাশ কৰা হোৱা নাছিল, কাৰণ পূব পঞ্জাব, হিমাচল প্ৰদেশ, দিল্লী, PEPSU, আৰু বিলাসপুৰ আদিত জনাই দিয়া তথ্য ইচ্ছাকৃতভাৱে বিভ্ৰান্তিপূৰ্ণ আছিল।[35]
- ১৯৬১
এই বছৰত ৪৩,৮৯,৩৬,৯১৮ জনৰ দ্বাৰা ঘোষণা কৰা তথ্য অনুসৰি ১,৬৫২টা মাতৃভাষা চিনাক্ত কৰা হৈছিল।[36] যদিও ঘোষণাকাৰীয়ে প্ৰায়ে ভাষা, উপভাষা, বৰ্ণ, পেছা, ধৰ্ম, অঞ্চল বা ৰাষ্ট্ৰৰ নাম সংমিশ্ৰণ কৰিছিল।[36] ফলত বহু অতি সৰু ভাষাৰ লগতে "আফ্ৰিকান", "কানাডিয়ান", "বেলজিয়ান" আদি অবিচ্ছিন্ন শব্দো এই তালিকাত অন্তৰ্ভুক্ত হৈছিল।[36]
- ১৯৯১
এই বছৰত ১,৫৭৬টা চিনাক্ত মাতৃভাষা দৰ্শোৱা হৈছিল।[37] ইয়াৰ ভিতৰত ২২টা ভাষাৰ দশ লাখৰো অধিক মাতৃভাষী আছিল, ৫০ টাৰ লাখৰ নিচেই কম আৰু ১১৪ টাৰ ১০ হাজাৰতকৈ অধিক। বাকী ভাষাসমূহৰ সংযুক্ত মাতৃভাষীসংখ্যা আছিল ৫,৬৬,০০০।[38]
- ২০০১
এই বছৰত ১,৬৩৫টা যুক্তিসংগত মাতৃভাষা, ২৩৪টা পৰিচিত মাতৃভাষা আৰু ২২টা প্ৰধান ভাষাৰ কথা উল্লেখ কৰা হৈছে।[39] ইয়াৰ ভিতৰত ২৯টা ভাষাৰ দশ লাখতকৈ অধিক মাতৃভাষী, ৬০ টাৰ লাখৰ তলত আৰু ১২২ টাৰ ১০ হাজাৰতকৈ অধিক বক্তা আছিল।[40] কোৰ্গ অঞ্চলৰ কোডাৱা যেনে কিছুমান ভাষাৰ নিজৰ লিপি নাথাকিলেও স্থানীয়ভাৱে কথিত।
- ২০১১
২০১১ চনৰ লোকপিয়লৰ অনুসন্ধানত ১৯,৫৬৯টা ভাষাগত তথ্যসমূহ পৰীক্ষা আৰু যুক্তিকৰণৰ পিছত ১,৩৬৯টা যুক্তিসংগত মাতৃভাষা স্বীকৃত দিয়া হৈছে আৰু ১,৪৭৪ টাক ‘‘অশ্ৰেণীবদ্ধ’’ হিচাপে ‘‘অন্যান্য মাতৃভাষা’’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।[41] এই ১,৩৬৯ টাৰ ভিতৰত ১০ হাজাৰৰো অধিক বক্তা থকা মাতৃভাষাসমূহক সঠিকভাৱে গোট দিয়া হোৱাত মুঠ ১২১টা ভাষাৰ তালিকা তৈয়াৰ কৰা হৈছে, যাৰ ভিতৰত ২২টা ভাষা ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত আৰু বাকী ৯৯টা ভাষাক ‘‘অন্যান্য ভাষা’’ হিচাপে গণ্য কৰা হৈছে।[42]
অধিকাৰিক ভাষা
[সম্পাদনা কৰক]
ভাষা | ভাষা পৰিয়াল | ভাষীকৰ সংখ্যা (২০০১, নিযুতত)[44] | ৰাজ্য |
---|---|---|---|
অসমীয়া | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ১৩ | অসম, অৰুণাচল প্ৰদেশ |
উৰ্দু | হিন্দ-আৰ্য্য, মধ্য | ৫২ (ভাৰতত) | জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ |
ওড়িয়া | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ৩৩ | উৰিষ্যা |
কন্নড় | দ্ৰাবিড় | ৩৮ | কৰ্ণাটক |
কাশ্মিৰী | হিন্দ-আৰ্য্য | ৫.৫ | জম্মু আৰু কাশ্মীৰ |
কোংকণী | হিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য | ২.৫ | গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা |
গুজৰাটী | হিন্দ-আৰ্য্য, পশ্চিমাঞ্চল | ৪৬ | দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট |
চাঁওতালি | মুন্ডা | ৬.৫ | বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল |
ডোগ্ৰী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৩ | জম্মু আৰু কাশ্মীৰ |
তামিল | দ্ৰাবিড় | ৬১ | তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী |
তেলেগু | দ্ৰাবিড় | ৭৪ | আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী |
নেপালী | হিন্দ-আৰ্য্য, উত্তৰাঞ্চল | ২.৯ (ভাৰতত) | ছিক্কিম, পশ্চিমবংগ, অসম |
পঞ্জাবী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২৯ (ভাৰতত) | চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পঞ্জাব |
বঙালী | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ৮৩ (ভাৰতত) | পশ্চিমবংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত |
বড়ো | তিব্বত-বৰ্মা | ১.৪ | অসম |
মণিপুৰী (মেইতেই) | তিব্বত-বৰ্মা | ১.৫ | মণিপুৰ |
মালয়ালম | দ্ৰাবিড় | ৩৩ | কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী |
মাৰাঠী | হিন্দ-আৰ্য্য, দাক্ষিনাত্য | ৭২ | মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক |
মৈথিলী | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ১২ | বিহাৰ |
সংস্কৃত | হিন্দ-আৰ্য্য | ০.০১ | অক্ষেত্ৰীয় |
সিন্ধী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৫ (ভাৰতত) | অক্ষেত্ৰীয় |
আদৰ্শ হিন্দী | হিন্দ-আৰ্য্য, মধ্য | অজ্ঞাত[45] | আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড |
বহুভাষিকতা
[সম্পাদনা কৰক]

২০১১ চনৰ ভাৰতীয় জনগণনা
[সম্পাদনা কৰক]ভাষা | ভাষা-পৰিয়াল | প্ৰথম ভাষা | দ্বিতীয় ভাষা |
তৃতীয় ভাষা |
মুঠ বক্তা | ||
---|---|---|---|---|---|---|---|
সংখ্যা[46] | মুঠ জনসংখ্যাৰ শতাংশ |
বক্তাৰ সংখ্যা (মিলিয়ন) | (মিলিয়ন)[47] | মুঠ জনসংখ্যাৰ শতাংশ[48] | |||
হিন্দী | ইণ্ডো-আৰ্য | ৫২,৮৩৪৭,১৯৩ | ৪৩.৬৩% | ১৩৯ | ২৪ | ৬৯২ | ৫৭.১% |
বাংলা | ইণ্ডো-আৰ্য | ৯৭,২৩৭,৬৬৯ | ৮.৩০% | ৯ | ১ | ১০৭ | ৮.৯% |
মাৰাঠী | ইণ্ডো-আৰ্য | ৮৩,০২৬,৬৮০ | ৬.৮৬% | ১৩ | ৩ | ৯৯ | ৮.২% |
তেলুগু | দ্ৰাবিড়ীয় | ৮১,১২৭,৭৪০ | ৬.৭০% | ১২ | ১ | ৯৫ | ৭.৮% |
তামিল | দ্ৰাবিড়ীয় | ৬৯,০২৬,৮৮১ | ৫.৭০% | ৭ | ১ | ৭৭ | ৬.৩% |
গুজৰাটী | ইণ্ডো-আৰ্য | ৫৫,৪৯২,৫৫৪ | ৪.৫৮% | ৪ | ১ | ৬০ | ৫.০% |
উৰ্দু | ইণ্ডো-আৰ্য | ৫০,৭৭২,৬৩১ | ৪.১৯% | ১১ | ১ | ৬৩ | ৫.২% |
কন্নড় | দ্ৰাবিড়ীয় | ৪৩,৭০৬,৫১২ | ৩.৬১% | ১৪ | ১ | ৫৯ | ৪.৯% |
ওড়িয়া | ইণ্ডো-আৰ্য | ৩৭,৫২১,৩২৪ | ৩.১০% | ৫ | ০.০৩ | ৪৩ | ৩.৫% |
মালয়ালম | দ্ৰাবিড়ীয় | ৩৪,৮৩৮,৮১৯ | ২.৮৮% | ০.০৫ | ০.০২ | ৩৬ | ২.৯% |
পঞ্জাবী | ইণ্ডো-আৰ্য | ৩৩,১২৪,৭২৬ | ২.৭৪% | ০.০৩ | ০.০০৩ | ৩৬ | ৩.০% |
অসমীয়া | ইণ্ডো-আৰ্য | ১,৫৩১১,৩৫১ | ১.২৬% | ৭.৪৮ | ০.৭৪ | ২৪ | ২.০% |
মৈথিলী | ইণ্ডো-আৰ্য | ১,৩৫৮৩,৪৬৪ | ১.১২% | ০.০৩ | ০.০০৩ | ১৪ | ১.২% |
মেইতেই (মণিপুৰী) | ইণ্ডো-আৰ্য | ১,৭৬১,০৭৯ | ০.১৫% | ০.৪ | ০.০৪ | ২.২৫ | ০.২% |
ইংৰাজী | ইণ্ডো-ইউৰোপীয় জাৰ্মানীয় |
২৫৯,৬৭৮ | ০.০২% | ৮৩ | ৪৬ | ১২৯ | ১০.৬% |
সংস্কৃত | ইণ্ডো-আৰ্য | ২৪,৮২১ | ০.০০১৮৫% | ০.০১ | ০.০০৩ | ০.০২৫ | ০.০০২% |
ধ্ৰুপদী ভাষা
[সম্পাদনা কৰক]২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে কিছুমান প্ৰয়োজনীয়তা পূৰণ কৰা ভাষাক ভাৰতৰ "ধ্ৰুপদী ভাষা"ৰ মৰ্যাদা প্ৰদান কৰিব পাৰি।[49]
এতিয়ালৈকে ধ্ৰুপদী বুলি ঘোষণা কৰা ভাষাসমূহ:
- তামিল (২০০৪ চনত),[50]
- সংস্কৃত (২০০৫ চনত),[51]
- কন্নড় (২০০৮ চনত),[52]
- তেলুগু (২০০৮ চনত),[52]
- মালয়ালম (২০১৩ চনত),[53]
- ওড়িয়া (২০১৪ চনত).[54]
- অসমীয়া (২০২৪চনত)
ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰা ভাষা কেইটা হ'ল: পালি, বাংলা,[55][56] মাৰাঠী,[57] মৈথিলী[58] আৰু মেইতেই (মণিপুৰী ভাষা নামেৰেও জনা যায়। ).[59][60][61]
অন্যান্য আঞ্চলিক ভাষা আৰু উপভাষাসমূহ
[সম্পাদনা কৰক]২০০১ চনৰ জনগণনাত তলত উল্লেখ কৰা ভাষাসমূহক ১০ লাখতকৈ অধিক মাতৃভাষী থকা বুলি চিনাক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত বেছিভাগ ভাষা হিন্দী ভাষাৰ উপভাষা বা ভিন্ন ৰূপ হিচাপে বিবেচিত হৈছে।[62]
ভাষাসমূহ | মাতৃভাষী লোকৰ সংখ্যা[62] |
---|---|
ভোজপুৰী | ৩,৩০,৯৯,৪৯৭ |
ৰাজস্থানী | ১,৮৩,৫৫,৬১৩ |
মগধী/মগহী | ১,৩৯,৭৮,৫৬৫ |
ছত্তীছগঢ়ী | ১,৩২,৬০,১৮৬ |
হাৰিয়াণৱী | ৭৯,৯৭,১৯২ |
মাৰোৱাৰী | ৭৯,৩৬,১৮৩ |
মালৱী | ৫৫,৬৫,১৬৭ |
মেৱাৰী ভাষা | ৫০,৯১,৬৯৭ |
খোৰঠা/খোত্তা | ৪৭,২৫,৯২৭ |
বুন্দেলী ভাষা | ৩০,৭২,১৪৭ |
বাঘেলী | ২৮,৬৫,০১১ |
পাহাৰী | ২৮,৩২,৮২৫ |
লম্বাড়ী | ২৭,০৭,৫৬২ |
অৱধী | ২৫,২৯,৩০৮ |
হাড়ৌতী | ২৪,৬২,৮৬৭ |
গঢ়ৱালী | ২২,৬৭,৩১৪ |
নিমাড়ী | ২১,৪৮,১৪৬ |
চাদ্ৰী | ২০,৪৪,৭৭৬ |
কুমাঊঁনী | ২০,০৩,৭৮৩ |
ঢূণ্ঢাড়ী | ১৮,৭১,১৩০ |
তুলু | ১৭,২২,৭৬৮ |
সুৰগুজীয়া | ১৪,৫৮,৫৩৩ |
বাগড়ী | ১৪,৩৪,১২৩ |
বাঞ্জাৰী | ১২,৫৯,৮২১ |
নাগপুৰী | ১২,৪২,৫৮৬ |
সুৰজাপুৰী | ১২,১৭,০১৯ |
কাংগড়ী | ১১,২২,৮৪৩ |
অন্যান্য
[সম্পাদনা কৰক]অংগিকা, আহোম, ককবৰক, কমৰ, কামতাপুৰী (কোচ-ৰাজবংশী), কাৰ্বি, কুৰ্মালী, কুলূঈ, কোচ, খৰিয়া থাৰ, খাছী, খামটি, গদী, গাৰো, গুজৰী, চম্বয়ালী, চিংফৌ, চিলেটী, চুৰাহী, জয়ন্তীয়া, জুমলী, জৌনসাৰী, ডটেলী, ডিমাছা, দেউৰী, দেশিয়া, নহৰী, নাগামিজ, নেফামিজ, নেৱাৰী, পংগৱাড়ী, পালি, পাহাড়ী কিনৌৰী, পৈশাচী, বজ্জিকা, ব্ৰজাৱলী, বিলাসপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, বুক্সা, ভটিয়ালী, ভত্ৰী, ভুঞ্জিয়া (হলবিক), মণ্ডিয়ালী, মৰাণ, মহাসু পাহাড়ী, মাল পহাড়িয়া, মিচিং, মিজো, ৰাজস্থানী, ৰাভা, ৰেলী, সম্বলপুৰী, সিৰমৌৰী, হলবী, হাজং, হাফলং হিন্দী
ব্যৱহাৰিক সমস্যাসমূহ
[সম্পাদনা কৰক]
ভাৰতত বহুতো ভাষা ব্যৱহৃত হয়; যিকোনো এটা ভাষাক একক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাটো সেইসকল লোকৰ বাবে সমস্যাৰ সৃষ্টি কৰে, যাৰ "মাতৃভাষা" ভিন্ন। যদিও, ভাৰতৰ সকলো শিক্ষা পৰিষদে এটা সাধাৰণ ভাষাত মানুহক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন স্বীকৃতি দিছে।[63] উত্তৰ ভাৰতত হিন্দীভাষা নজনাসকলৰ ভাষাগত সমস্যাৰ বিষয়ে অভিযোগ আছে। একেদৰে, উত্তৰ ভাৰতীয়সকলে দক্ষিণ ভাৰত ভ্ৰমণ কৰাৰ সময়ত ভাষাৰ সমস্যাৰ সন্মুখীন হয় বুলি অভিযোগ থাকে। চৰকাৰী ভাষা বাছনি লৈ দৃঢ় বিশ্বাস ৰখা আৰু সেই ভাষাৰ অপ্ৰিয়তাৰ সমান্তৰাল দৃষ্টিভংগী ৰখা লোকৰ মাজত সংঘাতৰ ঘটনা সাধাৰণতে শুনা যায়।[64] স্থানীয় চৰকাৰী ভাষা কমিশন স্থাপন কৰা হৈছে আৰু বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে এনে ভাষাগত উত্তেজনা আৰু সংঘাত হ্ৰাস পায়।[উদ্ধৃতিৰ প্ৰয়োজন]
ইণ্টাৰনেট জগতত উপলভ্য
[সম্পাদনা কৰক]ভাষা | ভাষা ক'ড | গুগল ট্ৰান্সলেট[65] | Bhashini[66] | মাইক্ৰ'ছফ্ট অনুবাদক[67] | Yandex Translate[68] | IBM Watson[69] |
---|---|---|---|---|---|---|
বাংলা | bn | হয় | হয় | হয় | হয় | হয় |
গুজৰাটী | gu | হয় | হয় | হয় | হয় | হয় |
হিন্দী | hi | হয় | হয় | হয় | হয় | হয় |
কন্নড় | kn | হয় | হয় | হয় | হয় | হয় |
মালয়ালম | ml | হয় | হয় | হয় | হয় | হয় |
মাৰাঠী | mr | হয় | হয় | হয় | হয় | হয় |
মেইতেই (মণিপুৰী) | mni (in script specific case, mni-Mtei) | হয় | বিটা | নহয় | নহয় | নহয় |
ওড়িয়া | or | হয় | হয় | হয় | নহয় | নহয় |
পঞ্জাবী | pa | হয় | হয় | হয় | হয় | হয় |
তামিল | ta | হয় | হয় | হয় | হয় | হয় |
তেলুগু | te | হয় | হয় | হয় | হয় | হয় |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Indo-Aryan languages". Encyclopædia Britannica. https://www.britannica.com/EBchecked/topic/286348/Indo-Aryan-languages। আহৰণ কৰা হৈছে: 10 December 2014.
- ↑ "Hindi languages". Encyclopædia Britannica. https://www.britannica.com/EBchecked/topic/171083/Dravidian-languages। আহৰণ কৰা হৈছে: 10 December 2014.
- ↑ Kak, Subhash (January 1996). "Indic Language Families and Indo-European". Yavanika. https://www.academia.edu/45150016.
- ↑ Reynolds, Mike; Verma, Mahendra (2007), Britain, David, ed., "Indic languages", Language in the British Isles (Cambridge: Cambridge University Press): pp. 293–307, ISBN 978-0-521-79488-6, https://www.cambridge.org/core/books/language-in-the-british-isles/indic-languages/8343FABC094E91986DBD68A492FFEA1B, আহৰণ কৰা হৈছে: 4 October 2021
- ↑ Kak, Subhash. "On The Classification Of Indic Languages". Louisiana State University. https://www.ece.lsu.edu/kak/indic.pdf.
- ↑ Moseley, Christopher (10 March 2008). Encyclopedia of the World's Endangered Languages. Routledge. ISBN 978-1-135-79640-2. https://books.google.com/books?id=p-7ON7Rvx_AC&pg=PT528.
- ↑ Seetharaman, G. (13 August 2017). "Seven decades after Independence, many small languages in India face extinction threat". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/seven-decades-after-independence-many-small-languages-in-india-facing-extinction-threat/articleshow/60038323.cms.
- ↑ "What countries have the most languages?". Ethnologue. 22 May 2019. https://www.ethnologue.com/guides/countries-most-languages.
- ↑ "Official Language Act | Government of India, Ministry of Electronics and Information Technology". meity.gov.in. http://meity.gov.in/content/official-language-act। আহৰণ কৰা হৈছে: 24 January 2017.
- ↑ Aadithiyan, Kavin (10 November 2016). "Notes and Numbers: How the New Currency May Resurrect an Old Language Debate". https://thewire.in/politics/of-notes-and-numbers-how-the-new-currency-may-resurrect-the-language-debate.
- ↑ "Article 343 in The Constitution Of India 1949". https://indiankanoon.org/doc/379861/। আহৰণ কৰা হৈছে: 5 March 2020.
- ↑ "Constitution of India". http://lawmin.nic.in/olwing/coi/coi-english/coi-indexenglish.htm। আহৰণ কৰা হৈছে: 21 March 2012.
- ↑ Khan, Saeed (25 January 2010). "There's no national language in India: Gujarat High Court". The Times of India. https://timesofindia.indiatimes.com/india/Theres-no-national-language-in-India-Gujarat-High-Court/articleshow/5496231.cms.
- ↑ "Hindi, not a national language: Court". প্ৰকাশক Ahmedabad: The Hindu. 25 January 2010. http://www.thehindu.com/news/national/hindi-not-a-national-language-court/article94695.ece। আহৰণ কৰা হৈছে: 23 December 2014.
- ↑ Languages Included in the Eighth Schedule of the Indian Constu. Archived 4 June 2016 at the Wayback Machine
- ↑ "Cabinet approves conferring status of Classical Language to Marathi, Pali, Prakrit, Assamese and Bengali languages". www.pmindia.gov.in. https://www.pmindia.gov.in/en/news_updates/cabinet-approves-conferring-status-of-classical-language-to-marathi-pali-prakrit-assamese-and-bengali-languages/। আহৰণ কৰা হৈছে: 2 April 2025.
- ↑ Avari, Burjor (11 June 2007). India: The Ancient Past: A History of the Indian Sub-Continent from C. 7000 BC to AD 1200. Routledge. ISBN 9781134251629. https://books.google.com/books?id=y88nzRtTNUAC.
- ↑ Andronov, Mikhail Sergeevich (1 January 2003). A Comparative Grammar of the Dravidian Languages. Otto Harrassowitz Verlag. পৃষ্ঠা. 299. ISBN 9783447044554. https://books.google.com/books?id=vhB60gYvnLgC.
- ↑ Krishnamurti, Bhadriraju (2003). The Dravidian Languages. Cambridge University Press. পৃষ্ঠা. 19–20. ISBN 0521771110.
- ↑ Kachru, Yamuna (1 January 2006). Hindi. London Oriental and African language library. John Benjamins Publishing. পৃষ্ঠা. 1. ISBN 90-272-3812-X. https://books.google.com/books?id=ooH5VfLTQEQC.
- ↑ Sanajaoba, Naorem (1988). Manipur, Past and Present: The Heritage and Ordeals of a Civilization. Mittal Publications. পৃষ্ঠা. 290. ISBN 978-81-7099-853-2. https://books.google.com/books?id=-CzSQKVmveUC&dq=manipuri+court+language&pg=PA290.
- ↑ Mohanty, P. K. (2006). Encyclopaedia of Scheduled Tribes in India: In Five Volume. Gyan Publishing House. পৃষ্ঠা. 149. ISBN 978-81-8205-052-5. https://books.google.com/books?id=zkguECp3vKEC&dq=manipuri+court+language&pg=PA149.
- ↑ Sanajaoba, Naorem (1993). Manipur: Treatise & Documents. Mittal Publications. পৃষ্ঠা. 369. ISBN 978-81-7099-399-5. https://books.google.com/books?id=vO-vtI8NuxIC&dq=manipuri+court+language&pg=PA369.
- ↑ Sanajaoba, Naorem (1993). Manipur: Treatise & Documents. Mittal Publications. পৃষ্ঠা. 255. ISBN 978-81-7099-399-5. https://books.google.com/books?id=vO-vtI8NuxIC&dq=manipuri+court+language&pg=PA255.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;KachruKachru2008
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Brass, Paul R. (2005). Language, Religion and Politics in North India. iUniverse. পৃষ্ঠা. 129. ISBN 978-0-595-34394-2. https://books.google.com/books?id=SylBHS8IJAUC&pg=PA129.
- ↑ Kulshreshtha, Manisha; Mathur, Ramkumar (24 March 2012). Dialect Accent Features for Establishing Speaker Identity: A Case Study. Springer Science & Business Media. পৃষ্ঠা. 16. ISBN 978-1-4614-1137-6. https://books.google.com/books?id=xHmARyhRoNYC&pg=PA16.
- ↑ Robert E. Nunley; Severin M. Roberts; George W. Wubrick; Daniel L. Roy (1999), The Cultural Landscape an Introduction to Human Geography, Prentice Hall, ISBN 0-13-080180-1, https://books.google.com/books?id=7wQAOGMJOqIC, "... Hindustani is the basis for both languages ..."
- ↑ Aijazuddin Ahmad (2009). Geography of the South Asian Subcontinent: A Critical Approach. Concept Publishing Company. পৃষ্ঠা. 123–124. ISBN 978-81-8069-568-1. https://books.google.com/books?id=I2QmPHeIowoC&pg=PA123। আহৰণ কৰা হৈছে: 17 December 2014.
- ↑ Naheed Saba (18 September 2013). "2. Multilingualism". Linguistic heterogeneity and multilinguality in India: a linguistic assessment of Indian language policies. প্ৰকাশক Aligarh: Aligarh Muslim University. পৃষ্ঠা. 61–68. http://shodhganga.inflibnet.ac.in:8080/jspui/bitstream/10603/11248/9/09_chapter+2.pdf। আহৰণ কৰা হৈছে: 17 December 2014.
- ↑ 31.0 31.1 Lewis, M. Paul; Simons, Gary F.; Fennig, Charles D., eds (2014). "Ethnologue: Languages of the World (Seventeenth edition) : India". প্ৰকাশক Dallas, Texas: SIL International. http://www.ethnologue.com/country/IN। আহৰণ কৰা হৈছে: 29 December 2023.
- ↑ Ethnologue : Languages of the World (Seventeenth edition) : Statistical Summaries Archived 17 December 2014 at the Wayback Machine।
- ↑ Singh, Shiv Sahay (22 July 2013). "Language survey reveals diversity". The Hindu. http://www.thehindu.com/news/national/language-survey-reveals-diversity/article4938865.ece.
- ↑ Banerjee, Paula; Chaudhury, Sabyasachi Basu Ray; Das, Samir Kumar; Bishnu Adhikari (2005). Internal Displacement in South Asia: The Relevance of the UN's Guiding Principles. SAGE Publications. পৃষ্ঠা. 145. ISBN 978-0-7619-3329-8. https://books.google.com/books?id=VjGdDo75UssC&pg=PA145। আহৰণ কৰা হৈছে: 17 December 2014.
- ↑ Dasgupta, Jyotirindra (1970). Language Conflict and National Development: Group Politics and National Language Policy in India. প্ৰকাশক Berkeley: University of California, Berkeley. Center for South and Southeast Asia Studies. পৃষ্ঠা. 47. ISBN 9780520015906.
- ↑ 36.0 36.1 36.2 Mallikarjun, B. (5 August 2002). "Mother Tongues of India According to the 1961 Census". Languages in India (M. S. Thirumalai) খণ্ড 2. ISSN 1930-2940. http://www.languageinindia.com/aug2002/indianmothertongues1961aug2002.html। আহৰণ কৰা হৈছে: 11 December 2014.
- ↑ Vijayanunni, M. (26–29 August 1998). "Planning for the 2001 Census of India based on the 1991 Census". 18th Population Census Conference. প্ৰকাশক Honolulu, Hawaii, USA: Association of National Census and Statistics Directors of America, Asia, and the Pacific. http://www.ancsdaap.org/cencon98/papers/india/india.pdf। আহৰণ কৰা হৈছে: 17 December 2014.
- ↑ Mallikarjun, B. (7 November 2001). "Languages of India according to 2001 Census". Languages in India. http://www.languageinindia.com/nov2001/1991Languages.html। আহৰণ কৰা হৈছে: 17 December 2014.
- ↑ "Census Data 2001 : General Note". Census of India. http://www.censusindia.gov.in/Census_Data_2001/Census_Data_Online/Language/gen_note.html। আহৰণ কৰা হৈছে: 11 December 2014.
- ↑ Wischenbart, Ruediger (11 February 2013). The Global EBook Market: Current Conditions & Future Projections. "O'Reilly Media, Inc.". পৃষ্ঠা. 62. ISBN 978-1-4493-1999-1. https://books.google.com/books?id=XFmKE7rsKqwC&pg=PA62। আহৰণ কৰা হৈছে: 18 December 2014.
- ↑ "Census of India 2011, Paper 1 of 2018, Language – India, States and Union Territories". Census of India Website. http://www.censusindia.gov.in/2011Census/C-16_25062018_NEW.pdf। আহৰণ কৰা হৈছে: 29 August 2019.
- ↑ Census Data 2001 General Notes|access-date = 29 August 2019
- ↑ "50th Report of the Commissioner for Linguistic Minorities in India (July 2012 to June 2013)". Commissioner for Linguistic Minorities, Ministry of Minority Affairs, Government of India. http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf। আহৰণ কৰা হৈছে: 17 September 2016.
- ↑ অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
- ↑ ২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মানিক হিন্দীৰ লগতে অন্য ভাষা, যেনে ৰাজস্থানী (৮০ নিযুত), ভোজপুৰী (৪০ নিযুত), অৱধি (৩৮ নিযুত), ছত্তীছগঢ় (১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।
- ↑ Census of India: Comparative speaker's strength of Scheduled Languages-1951, 1961, 1971, 1981, 1991, 2001 and 2011 (Report). http://www.censusindia.gov.in/2011Census/C-16_25062018_NEW.pdf.
- ↑ "How many Indians can you talk to?". Hindustan Times. https://www.hindustantimes.com/static/iframes/language_probability_interactive/index.html.
- ↑ "How languages intersect in India". Hindustan Times. 22 November 2018. https://www.hindustantimes.com/india-news/how-languagesintersect-in-india/story-g3nzNwFppYV7XvCumRzlYL.html.
- ↑ "India sets up classical languages". BBC. 17 September 2004. http://news.bbc.co.uk/2/hi/south_asia/3667032.stm.
- ↑ "Front Page : Tamil to be a classical language". The Hindu (Chennai, India). 18 September 2004. http://www.thehindu.com/2004/09/18/stories/2004091806530100.htm.
- ↑ "National : Sanskrit to be declared classical language". The Hindu (Chennai, India). 28 October 2005. http://www.thehindu.com/2005/10/28/stories/2005102809281200.htm.
- ↑ 52.0 52.1 "Declaration of Telugu and Kannada as classical languages". Press Information Bureau. Ministry of Tourism and Culture, Government of India. http://pib.nic.in/newsite/erelease.aspx?relid=44340। আহৰণ কৰা হৈছে: 31 October 2008.
- ↑ "'Classical' status for Malayalam". The Hindu (Thiruvananthapuram, India). 24 May 2013. http://www.thehindu.com/todays-paper/tp-national/classical-status-for-malayalam/article4744630.ece.
- ↑ "Odia gets classical language status". The Hindu. 20 February 2014. http://www.thehindu.com/news/national/odia-gets-classical-language-status/article5709028.ece.
- ↑ "Didi, Naveen face-off over classical language status". The New Indian Express. https://www.newindianexpress.com/nation/2013/jun/23/didi-naveen-face-off-over-classical-language-status-489514.html। আহৰণ কৰা হৈছে: 2020-02-12.
- ↑ "Bangla O Bangla Bhasha Banchao Committee" (en ভাষাত). www.facebook.com. https://www.facebook.com/bobbbc/posts/1109896535705445। আহৰণ কৰা হৈছে: 2020-02-12.
- ↑ Clara Lewis (16 April 2018). "Clamour grows for Marathi to be given classical language status". The Times of India. https://timesofindia.indiatimes.com/city/mumbai/clamour-grows-for-marathi-to-be-given-classical-language-status/articleshow/63776578.cms.
- ↑ Jagran Team (9 July 2021). "बिहार की एक भी भाषा अब तक नहीं बनी शास्त्रीय भाषा, मैथिली हो सकता शामिल". Jagran. https://www.jagran.com/bihar/madhubani-not-a-single-language-of-bihar-has-become-a-classical-language-yet-maithili-may-be-included-21816443.html.
- ↑ "Manipur steps up to renew push for inclusion of Manipuri among India's classical languages (time duration of the movement)" (en-GB ভাষাত). Imphal Free Press. Archived from the original on 2024-09-21. https://web.archive.org/web/20240921084217/https://www.ifp.co.in/manipur/manipur-steps-up-to-renew-push-for-inclusion-of-manipuri-among-indias-classical-languages. "The movement for recognizing Manipuri as a classical language began in 2013, yet there has been a gap in the follow up actions."
- ↑ "MP for classical language status : 23rd sep20 ~ E-Pao! Headlines". e-pao.net. http://e-pao.net/GP.asp?src=17..230920.sep20.
- ↑ "Process for recognising Manipuri as classical language of India underway: MP Sanajaoba" (en ভাষাত). Imphal Free Press. Archived from the original on 2024-09-21. https://web.archive.org/web/20240921084552/https://www.ifp.co.in/4203/process-for-recognising-manipuri-as-classical-language-of-india-underway-mp-sanajaoba। আহৰণ কৰা হৈছে: 2024-02-25.
- ↑ 62.0 62.1 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;CensusData2001S1
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Language and Globalization: Center for Global Studies at the University of Illinois". Archived from the original on 10 May 2013. https://web.archive.org/web/20130510062844/http://cgs.illinois.edu/content/language-and-globalization। আহৰণ কৰা হৈছে: 26 May 2025.
- ↑ Prakash, A Surya (27 September 2007). "Indians are no less racial". The Pioneer. http://www.dailypioneer.com/columnist1.asp?main_variable=Columnist&file_name=surya%2Fsurya25.txt&writer=surya.
- ↑ "Language support | Cloud Translation" (en ভাষাত). Google Cloud. https://cloud.google.com/translate/docs/languages। আহৰণ কৰা হৈছে: 18 September 2021.
- ↑ "Bhashini". bhashini.gov.in. https://bhashini.gov.in/। আহৰণ কৰা হৈছে: 2024-01-03.
- ↑ "Language support - Translator - Azure AI services" (en-us ভাষাত). learn.microsoft.com. 7 November 2023. https://learn.microsoft.com/en-us/azure/ai-services/translator/language-support। আহৰণ কৰা হৈছে: 7 November 2023.
- ↑ "Supported languages" (en ভাষাত). yandex.com. Archived from the original on 22 March 2022. https://web.archive.org/web/20220322235033/https://yandex.com/support/translate/supported-langs.html। আহৰণ কৰা হৈছে: 18 September 2021.
- ↑ "IBM Cloud Docs". cloud.ibm.com. https://cloud.ibm.com/docs/language-translator?topic=language-translator-translation-models। আহৰণ কৰা হৈছে: 18 September 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Distribution of languages in India
- http://www.languageinindia.com/
- Languages of India (SIL Ethnologue list)
- Languages and Scripts of India
- Reconciling Linguistic Diversity: The History and the Future of Language Policy in India by Jason Baldridge
- Titus - Languages of India
- Diversity of Languages in India
- Official webpage explains the chronological events related to Official Languages Act and amendments
- A comprehensive federal government site that offers complete info on Indian Languages
- Ethnologue Ethnologue report on the languages of India
- Technology Development for Indian Languages, Government of India Archived 2010-01-30 at the Wayback Machine
- The Official Portal of the Indian Government
|
|