নেফামিজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেফামিজ
Nefamese
থলুৱা অঞ্চল অৰুণাচল প্ৰদেশ
স্থানীয় ভাষিক
অজ্ঞাত (2006)
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 nef
গ্লোটোলগ nefa1235[1]

নেফামিজ বা অৰুণামিজ (ইংৰাজী: Nefamese বা Arunamese) ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ৮৩,৭৪৩ বৰ্গ কিঃমিঃ ব্যাপ্ত হৈ থকা ৰাজ্য অৰুণাচল প্ৰদেশৰ মিশ্ৰিত (pidgin) ভাষা। পূৰ্বে এই প্ৰদেশখনক উত্তৰ-পূব সীমান্ত অঞ্চল যাক ইংৰাজীত North East Frontier Agency বা চমুকৈ NEFA বুলি জনা গৈছিল।[2] ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত পৃথক ৰাজ্যৰূপে স্বীকৃতি পোৱা এই অৰুণাচল প্ৰদেশখন পূৰ্বতে অসমৰে এটা অংশ আছিল।

অৰুণাচল প্ৰদেশৰ বিভিন্ন ভাষিক জনগোষ্ঠীৰবিলাকৰ মাজত অসমীয়া ভাষাই বিকাশ লাভ কৰে যাক প্ৰথমে 'ভঙা অসমীয়া ভাষা' বুলি ক’লেও তাক পিছলৈ 'নেফামিজ' বুলিহে জনা গ’ল। সম্প্ৰতি প্ৰদেশখনৰ নাম অৰুণাচল হোৱাত ইয়াক 'অৰুণামিজ ভাষা' বুলিও কোৱা হয়।[2]

ধ্বনি-তত্ব[সম্পাদনা কৰক]

নেফামিজত ছয়টা স্বৰযুক্ত বিশিষ্ট ধ্বনি, ওঠৰটা ব্যঞ্জনবৰ্ণৰ বিশিষ্ট ধ্বনি আৰু ছয়টা দ্বি-স্বৰ আছে৷[3]

লগতে চাওক[সম্পাদনা কৰক]

  1. নাগামিজ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "নেফামিজ". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/nefa1235. 
  2. 2.0 2.1 বৰুৱা, ড॰ ভীমকান্ত. অসমীয়া ভাষা. পৃষ্ঠা. 53-60. 
  3. (Bhuyan 2012, পৃষ্ঠা 232)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]