পৈশাচী (ভাষা)
পৈশাচী প্ৰাকৃত | |
---|---|
পৈশাচী | |
ব্ৰাহ্মী: 𑀧𑁃𑀰𑀸𑀘𑀻 | |
অঞ্চল | উত্তৰ ভাৰত |
যুগ | সম্বৱতঃ খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ, অৱশ্যে সিংহভাগ লেখা খ্ৰীষ্টীয় তৃতীয়ৰ পৰা দশম শতিকাৰ |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপিয়ান
|
ভাষা সংকেত | |
ISO 639-3 | নাই (mis ) |
ভাষাতাত্বিক |
qpp |
গ্লোটোলগ | pais1238 [1] |
পৈশাচী হৈছে প্ৰাচীন কালৰ প্ৰাকৃত[2] আৰু সংস্কৃত ব্যাকৰণত উল্লেখ কৰা ভাৰতৰ মধ্যৱৰ্তী ৰাজ্যসমূহৰ লিপিবদ্ধ ৰূপত বহুলাংশে উপলব্ধ নোহোৱা এক সাহিত্যিক ভাষা। ইয়াক সাধাৰণতে প্ৰাকৃতসমূহৰ সৈতে একগোট কৰা হয়। প্ৰাকৃতৰ লগত ইয়াৰ কিছু ভাষিক সাদৃশ্য আছে যদিও ব্যাকৰণবিদসকলে কেৱল সাহিত্যিক ভাষা হোৱাৰ লগতে ইয়াৰ প্ৰাচীনতাবাদৰ বাবে এই ভাষাক এতিয়াও কথিত প্ৰাকৃত বুলি গণ্য কৰা নাই।[3]
পৰিচয়
[সম্পাদনা কৰক]নামটোৰ ব্যুৎপত্তিৰ পৰা অনুমান কৰিব পাৰি যে এই ভাষা পিশাচে কোৱা ভাষা। দণ্ডিনৰ কাব্যাদৰ্শৰ দৰে সংস্কৃত কাব্যৰ গ্ৰন্থসমূহত ইয়াক ভূতভাষা নামেৰেও জনা যায়। ভূতভাষা নামটোক দুই ধৰণে ব্যাখ্যা কৰিব পাৰি। প্ৰথমটো হ'ল ই এটা "মৃত ভাষা" (অৰ্থাৎ কোনো জীৱিত বক্তা নথকা) আৰু দ্বিতীয়টো হৈছে "মৃতকসকলে কোৱা ভাষা" (অৰ্থাৎ ভূতৰ ভাষা)। ইয়াৰে প্ৰথম ব্যাখ্যাটো অধিক বাস্তৱিক আৰু দ্বিতীয়টো অধিক কল্পনাপ্ৰসূত। প্ৰথম ব্যাখ্যাটো সমৰ্থন কৰাৰ প্ৰমাণ হৈছে যে পৈশাচীৰ সাহিত্য খণ্ডিত আৰু অতিশয় বিৰল। অৱশ্যে ই হয়তো এসময়ত সচৰাচৰ ব্যৱহৃত ভাষা আছিল।
আচাৰ্য্য হেমচন্দ্ৰাচাৰ্য্যৰ দ্বাৰা ৰচিত ব্যাকৰণৰ গ্ৰন্থখনত ছটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে: সংস্কৃত, "মান্য" প্ৰাকৃত (প্ৰায় মহাৰাষ্ট্ৰী প্ৰাকৃত), সৌৰসেনী, মাগধী, পৈশাচী বা কালিকাপৈশাচী আৰু অপভ্ৰংশ (সাংস্কৃতিকভাৱে সেই সময়ত গুজৰাট আৰু ৰাজস্থান অঞ্চলত প্ৰচলিত আৰু গুজৰাটী ভাষাৰ পূৰ্বসূৰী)।
ত্ৰয়োদশ শতিকাৰ তিব্বতী ইতিহাসবিদ বুটন ৰিঞ্চেন ড্ৰুবে লিখিছিল যে আদিকালৰ বৌদ্ধ শিক্ষাক্ষেত্ৰসমূহ পবিত্ৰ ভাষা বাছনিৰ দ্বাৰা ইটো সিটোৰ পৰা পৃথক কৰা হৈছিল। মহাসাংঘিকসকলে প্ৰাকৃত ব্যৱহাৰ কৰিছিল, সৰ্বাষ্টিবাদিনসকলে সংস্কৃত ব্যৱহাৰ কৰিছিল, স্থবীৰাবাদিনসকলে পৈশাচী ব্যৱহাৰ কৰিছিল আৰু সম্মিতীয়সকলে অপভ্ৰংশ ব্যৱহাৰ কৰিছিল।[4]
সাহিত্য
[সম্পাদনা কৰক]লুপ্ত হৈ গ'লেও পৈশাচী ভাষাত ৰচিত আটাইতকৈ অধিক পৰিচিত গ্ৰন্থখন হৈছে গুণাধ্যৰ বৃহৎকথা[5]:৯২ (আক্ষৰিক অৰ্থত "বৃহৎ কাহিনী")। ই পদ্যৰে লিখা কাহিনীৰ এক বৃহৎ সংকলন। সংস্কৃতত হোৱা বৃহৎকথাৰ অভিযোজন, যেনে সোমদেৱৰ একাদশ শতিকাৰ কথাসৰিৎসাগৰ আৰু ক্ষেমেন্দ্ৰৰ বৃহৎকথাৰ পৰাও গ্ৰন্থখন জনাজাত। সোমদেৱ আৰু ক্ষেমেন্দ্ৰ দুয়োজনেই কাশ্মীৰৰ আছিল আৰু তাত বৃহৎকথা জনপ্ৰিয় বুলি কোৱা হৈছিল।
গ্ৰীয়েৰচনৰ মতে পৈশাচী ভাষা বায়ৱ্য (উত্তৰ-পশ্চিম) অঞ্চলত কোৱা হৈছিল। ই সম্ভৱতঃ পাহাৰীয়া লোকসকলৰ কথিত ভাষা আছিল আৰু নগৰাঞ্চলৰ শিক্ষিত লোকসকলে তুচ্ছাৰ্থত ইয়াক পৈশাচী আখ্যা দিছিল।[6]
বৰৰুচিৰ দ্বাৰা ৰচিত বুলি খ্যাত প্ৰাকৃত ভাষাৰ ব্যাকৰণ গ্ৰন্থ প্ৰাকৃত প্ৰকাশত পৈশাচী প্ৰাকৃত সন্দৰ্ভত এটা অধ্যায় আছে।[2] এই গ্ৰন্থত উল্লেখ কৰা হৈছে যে পৈশাচীৰ ভিত্তি হৈছে সৌৰসেনী ভাষা।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "পৈশাচী প্ৰাকৃত". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/pais1238.
- ↑ 2.0 2.1 Dr. Narinder Sharma (Sanskrit ভাষাত). Prakrita Prakasha Of Vararuchi Dr. P. L. Vaidya. https://archive.org/details/PrakritaPrakashaOfVararuchiDr.P.L.Vaidya_201806.
- ↑ "181 [95 - The home of the Paisaci - The home of the Paisaci - Page - Zeitschriften der Deutschen Morgenländischen Gesellschaft - MENAdoc – Digital Collections"]. menadoc.bibliothek.uni-halle.de. http://menadoc.bibliothek.uni-halle.de/dmg/periodical/pageview/56372.
- ↑ Yao, Zhihua. The Buddhist Theory of Self-Cognition. 2012. p. 9
- ↑ Pollock, Sheldon I. (2006), The language of the gods in the world of men: Sanskrit, culture, and power in premodern India, University of California Press, ISBN 978-0-520-24500-6, https://books.google.com/books?id=0UCh7r2TjQIC&pg=PA92
- ↑ "Bhūta-bhāṣā – Paiśācī-bhāṣā". www.prekshaa.in. https://www.prekshaa.in/kathamrita-introduction-part7#_ftn3। আহৰণ কৰা হৈছে: 17 July 2022.