সমললৈ যাওক

অপভ্ৰংশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অপভ্ৰংশ (সংস্কৃত: अपभ्रंश) হৈছে পতঞ্জলিৰ সময়ৰেপৰা বৈয়াকৰণা অৰ্থাৎ স্থানীয় ব্যাকৰণবিদসকলে আধুনিক ভাষাসমূহৰ উত্থানৰ পূৰ্বে উত্তৰ ভাৰতৰ কথিত ভাষাসমূহ বুজাবলৈ ব্যৱহাৰ কৰা এক শব্দ। ইণ্ড'লজীত (দক্ষিণ এছিয়া বা ভাৰতৰ বিষয়ে অধ্যয়ন) ইয়াক মধ্যকালৰ শেষৰ ফালৰ আৰু আৰম্ভণিৰ আধুনিক ইণ্ডো-আৰ্য ভাষাৰ মাজত পৰিৱৰ্তনৰ সূচনা কৰা উপভাষাসমূহক একগোট কৰা এক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়।[1] এই কালছোৱাই খ্ৰীষ্টীয় ষষ্ঠ আৰু ত্ৰয়োদশ শতিকাৰ মাজৰ সময়ছোৱাক সামৰি লৈছিল। কিন্তু এই উপভাষাসমূহ গতানুগতিকভাৱে মধ্য ইণ্ডো-আৰ্য যুগত অন্তৰ্ভুক্ত কৰা হৈছে।[2]:পৃ.৪২ সংস্কৃতত অপভ্ৰংশৰ আক্ষৰিক অৰ্থ হৈছে "বিকৃত" বা "অব্যাকৰণগত ভাষা" আৰু ই সংস্কৃত ব্যাকৰণৰ নিয়মৰ আওতাৰ বাহিৰত।

খ্ৰীষ্টীয় দ্বাদশৰ পৰা ষোড়শ শতিকাৰ সময়ছোৱাৰ বাবে উত্তৰ ভাৰতৰ ইতিহাসৰ ক্ষেত্ৰত অপভ্ৰংশ সাহিত্য এক মূল্যৱান উৎস।[3]

ইতিহাস[সম্পাদনা কৰক]

পালি ভাষাক সামৰি লোৱা প্ৰাকৃত শব্দটো উত্তৰ ভাৰতৰ স্থানীয় ভাষাৰ বাবেও এক প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়। এই ভাষাসমূহ সম্ভৱতঃ চতুৰ্থৰ পৰা অষ্টম শতিকাৰ শেষৰ ফালে কোৱা হৈছিল। কিন্তু কিছুসংখ্যক পণ্ডিতে সমগ্ৰ মধ্য ইণ্ডো-আৰ্য যুগৰ বাবে এই শব্দটো ব্যৱহাৰ কৰে। মধ্য ইণ্ডো-আৰ্য ভাষাসমূহ ক্ৰমান্বয়ে অপভ্ৰংশ উপভাষালৈ ৰূপান্তৰিত হয়। এইসমূহ প্ৰায় ত্ৰয়োদশ শতিকালৈকে ব্যৱহাৰ কৰা হৈছিল। অপভ্ৰংশসমূহে পৰৱৰ্তী সময়ত আধুনিক ইণ্ডো-আৰ্য ভাষালৈ বিকাশ লাভ কৰে। এই সময়ছোৱাৰ সীমা কিছু পৰিমাণে ধূসৰ। ই স্পষ্ট ৰূপত কালক্ৰমিক নহয়। আধুনিক উত্তৰ ভাৰতীয় ভাষাসমূহে প্ৰায় একাদশ শতিকাৰ আশে-পাশে এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল বুলি ধাৰণা কৰা হয়। ইয়াৰ বিপৰীতে অপভ্ৰংশসমূহ তেতিয়াও ব্যৱহৃত হৈ আছিল। দ্বাদশ শতিকাৰ শেষৰ ফালে এইসমূহে সম্পূৰ্ণ সুকীয়া ৰূপ একোটা লাভ কৰিছিল।

জৈন পুথিভঁৰালসমূহত যথেষ্ট পৰিমাণৰ অপভ্ৰংশ সাহিত্য পোৱা গৈছে। আমিৰ খুছৰো আৰু কবীৰে আধুনিক হিন্দী ভাষাৰ সৈতে প্ৰায় মিল থকা ভাষাত লিখি থকাৰ সময়তে বহু কবিয়ে বিশেষকৈ হিন্দু ৰজাৰ শাসনত থকা অঞ্চলবোৰত অপভ্ৰংশত সাহিত্য ৰচনা কৰি আছিল। এই লেখকসকলৰ ভিতৰত কামৰূপৰ চাৰাহা, তিলোপা আৰু কান্‌হা (চৰ্যাপদৰ ৰচয়িতাসকলৰ অন্যতম); ধৰ অঞ্চলৰ (বৰ্তমানৰ মধ্যপ্ৰদেশ) দেৱসেন (খ্ৰীষ্টীয় নৱম শতিকা); মান্যাখেতৰ (বৰ্তমান কৰ্ণাটক) পুষ্পদন্ত (খ্ৰীষ্টীয় নৱম শতিকা); ধনপাল; মুনি ৰামসিংহ; পাটানৰ (বৰ্তমানৰ গুজৰাট) হেমাচন্দ্ৰ; আৰু গোৱালিয়ৰৰ ৰাইঘু[4](খ্ৰীষ্টপূৰ্ব ১৫ শতিকা)।

আপভ্ৰংশৰ ব্যৱহাৰৰ এটা প্ৰাচীন উদাহৰণ হ’ল কালিদাসৰ বিক্ৰমোৰ্বশীয়ম নামৰ নাট্য। ইয়াত পুৰুৰৱে অৰণ্যত থকা জীৱ-জন্তুবোৰক তেওঁৰ নিৰুদ্দেশ হোৱা প্ৰিয়জনৰ বিষয়ে অপভ্ৰংশত সুধিছিল। অপভ্ৰংশত কৰা সাহিত্য ৰচনা অষ্টাদশ শতিকালৈকে চলি আছিল। সেই সময়ত ভগৱতীদাসে মিগনকলহ চাৰিউ ৰচনা কৰিছিল।[3]

এজন মুছলমান সাহিত্যিকে ৰচনা কৰা অপভ্ৰংশ গ্ৰন্থৰ একমাত্ৰ জনাজাত উদাহৰণ হ'ল মুলতানৰ আব্দুৰ ৰহমানৰ দ্বাৰা ৰচিত সন্দেশৰাসক। ই সম্ভৱতঃ প্ৰায় ১০০০ খ্ৰীষ্টাব্দত ৰচিত।[5][6][7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Shapiro, Michael C. (2003), "Hindi", in Cardona, George; Jain, Dhanesh, The Indo-Aryan Languages, Routledge, ISBN 978-0-415-77294-5, https://books.google.com/books?id=jPR2OlbTbdkC&q=indo-aryan&pg=PA250 
  2. Shastri, Dr Devendra Kumar (1996). Apabhramsha Bhasha Sahitya Ki Shodh Pravritiyan. প্ৰকাশক New Delhi: Bhartiya Jnanpith. Bhartiya Jnanpith Bhartiya Jnanpith.. পৃষ্ঠা. 388. 
  3. 3.0 3.1 Apabhramsha Sahitya, Devendra Kumar Jain, Mahavir Jain Vidyalay Suvarna Mahotsav Granth, 2003.
  4. Phyllis Granoff (2006). "Mountains of Eternity: Raidhū and the Colossal Jinas of Gwalior". Rivista di Studi Sudasiatici (Firenze University Press) খণ্ড 1: 31–50. doi:10.13128/RISS-2455. Archived from the original on 2014-04-22. https://web.archive.org/web/20140422145713/http://www.fupress.net/index.php/rss/article/viewFile/2455/2290। আহৰণ কৰা হৈছে: 2022-07-17. 
  5. सन्देशरासक : संस्कृत-टिप्पनक-अवचूरिकादिसमेत अपभ्रंश मूलग्रन्थ तथा आंग्लभाषानुवाद-विस्तृत प्रस्तावना-टिप्पणी-शब्दकोषादि समन्वित अब्दुल रहमान-कृत; संपादक, जिनविजय मुनि, तथा हरि वल्लभ भायाणी, सिंघी जैन ग्रन्थमाला, भारतीय विद्या भवन, 1945
  6. हिन्दी साहित्य में रासो काव्य परम्परा, सन्देश रासक, Ajay Kumar
  7. Sandesh Rasak, Hazari Prasad Dwiwedi, Rajkamal Prakashan Pvt Ltd, 2003, p. 12-13 (Google Books.)