কালিদাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কালিদাস

চিত্ৰশিল্পীৰ কল্পিত কালিদাস
জন্ম আনুমানিক চতুৰ্থ শতিকা
সম্ভৱতঃ হিমালয় বা উজ্জয়িনীৰ ওচৰত
মৃত্যু আনুমানিক পঞ্চম শতিকা
গুপ্তযুগত, সম্ভৱতঃ উজ্জয়িনী বা শ্ৰী লংকা
পেচা কবি আৰু নাট্যকাৰ
সময় গুপ্তযুগ
ধৰণ সংস্কৃত নাট, ধ্ৰূপদী সাহিত্য
বিষয় মহাকাব্য আৰু পুৰাণ
উল্লেখনীয় কৰ্মৰাজী অভিজ্ঞানম শকুন্তলম, মেঘদূত, কুমাৰসম্ভৱ, মালবিকাগ্নিমিত্ৰম, ৰঘুবংশম, শৃংগাৰতিলক, বিক্ৰমোৰ্বৈশ্যম


কালিদাস (সংস্কৃত: कालिदासः) (অৰ্থ: কালি বা চিঞাহীৰ দাস বা উপাসক) আছিল এজন ধ্ৰুপদী সংস্কৃত ৰচয়িতা যাক সংস্কৃত ভাষাৰ শ্ৰেষ্ঠ কবি আৰু নাট্যকাৰ বুলিও গণ্য কৰা হয়।

তেওঁৰ জীৱনকাল সম্বন্ধে অধিকাংশ তথ্যই অজ্ঞাত ৷ মাত্ৰ তেওঁৰ কাব্য আৰু নাট্যৰ পৰা সামান্য পাঠোদ্ধাৰ সম্ভৱ ৷ তেওঁৰ জীৱনকালৰ সঠিক সময়সীমা উদ্ধাৰ নহ'লেও পঞ্চম শতিকা বুলি অনুমান কৰা হৈছে।[1]

ইংৰাজী সাহিত্যত ৱিলিয়াম শ্যেক্সপীয়েৰৰ যি স্থান, সংস্কৃত সাহিত্যতো কালিদাসৰ স্থান একেই বুলি গণ্য কৰা হয় ।[2] তেওঁৰ নাট্য আৰু কাব্যসাহিত্য ঘাইকৈ হিন্দু পুৰাণ আৰু দৰ্শনৰ ওপৰত ভিত্তি কৰি লিখা।

জীৱন[সম্পাদনা কৰক]

পণ্ডিতসকলৰ মতে কালিদাস হিমালয়ৰ ওচৰত বাস কৰিছিল, পৌৰাণিক উজ্জয়িনী আৰু কলিংগৰ পৰিধিৰ অন্তৰালত ৷ এই প্ৰতিপাদ্যটি কালিদাসৰ কুমাৰসম্ভৱৰ হিমালয়ৰ বহল বৰ্ণনাৰ ওপৰত ভিত্তিত, মেঘদূতত কবিৰ উজ্জয়িনীলৈ থকা প্ৰেম প্ৰদৰ্শন আৰু তেওঁৰ প্ৰসস্তি কলিংগ সম্ৰাট হেমাংগদ ৰঘুবংশত (ষষ্ঠ সৰ্গ) ৷

সময়কাল[সম্পাদনা কৰক]

বহুসংখ্যক পৌৰাণিক আৰু মধ্যযুগৰ গ্ৰন্হৰ মতে কালিদাস এজন সম্ৰাট বিক্ৰমাদিত্যৰ ৰাজকীয় কবি আছিল ৷ কিংবদন্তি সম্ৰাট বিক্ৰমাদিত্যই খ্ৰীষ্টিয় প্ৰথম শতিকাত উজ্জয়িনীৰ পৰা শাসন কৰিছিল বুলি জনা যায় ৷ আন একাংশ পণ্ডিতৰ মতে এইজন বিক্ৰমাদিত্য ঐতিহাসিক বিক্ৰমাদিত্য নহয় ৷ অন্যান্য উজ্জয়িনীৰ সম্ৰাটসকলেও বিক্ৰমাদিত্য নামৰ শিৰোনাম লৈছিল, উল্লেখযোগ্যভাবে, দ্বিতীয় চন্দ্ৰগুপ্ত (৪১৪-৪৫৫ শতিকা) আৰু যশোধৰ্মণ( ষষ্ঠ শতিকা ) ৷

আটাইতকৈ জনপ্ৰিয় তত্বটো হৈছে, কালিদাসৰ বিকাশ হৈছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত ৷ সেইবাবে তেওঁৰ জীৱনকাল পঞ্চম-ষষ্ঠ শতিকা বুলি ধৰা হয় ৷ বহুতো পাশ্চাত্যৰ পণ্ডিতৰ মতে যেনে ৱিলিয়াম জন্ছ আৰু এ বি কীথ, এই তত্ব শুদ্ধ ৷ ভাৰতীয় পণ্ডিত সকলেও তেওঁক এইটো কালতে আৰোপণ কৰিছে ৷ এই তত্বমতে, কালিদাসৰ বৃত্তিকাল কুমাৰগুপ্তৰ পৰা স্কন্দগুপ্তলৈ বিয়পি পৰিছিল ৷

কালিদাসৰ প্ৰথম হস্তাক্ষৰৰ প্ৰমাণ-তথ্য পোৱা যায় ৪৭৩ খ্ৰীষ্টাব্দত খোদিত সংস্কৃত শিলালিপিত, মন্দসৌৰৰ সূৰ্য মন্দিৰত ৷ তেওঁৰ নাম আৰু আন এজন কবি ভাৰৱীৰ নাম ৬৩৪ খ্ৰীষ্টাব্দৰ এখন শিলালিপিত একেলগে পোৱা যায় বৰ্তমান কৰ্ণাটকৰ আইহলত ৷

কালিদাসৰ বহুজন বিবাদ[সম্পাদনা কৰক]

কিছুসংখ্যক পণ্ডিত, এম শ্ৰীনিবাচাৰিয়াৰ আৰু টি এচ নাৰায়ণাশাস্ত্ৰীৰ মতে, কালিদাস নামৰ কবিজনক আৰোপ কৰা ৰচনাৱলী একক ব্যক্তিৰ নহয় ৷ শ্ৰীনিবাচাৰিয়াৰৰ মতে, অষ্টম আৰু নৱম শতিকাৰ পৰা তিনিজনকৈ জীৱিত খ্যাতিসম্পন্ন সাহিত্যিক কালিদাস নাম পোৱা যায় ৷ এইসকলৰ ভিতৰত দেৱেন্দ্ৰ ( "কবি-কল্প-লতা"ৰ ৰচয়িতা ), ৰাজশেখৰ আৰু অভিনন্দ ৷ শাস্ত্ৰীৰমতে, তলত দিয়া তালিকা অনুসৰি,

  1. কালিদাস ওৰফে মৈত্ৰীগুপ্ত, সেতুবন্ধ আৰু তিনিখন কাব্যনাটৰ ৰচয়িতা ( অভিজ্ঞানম শকুন্তলম, মালবিকাগ্নিমিত্ৰম আৰু বিক্ৰমোৰ্বৈশ্যম )৷
  2. কালিদাস ওৰফে মেধাৰুদ্ৰ, কুমাৰসম্ভৱ, মেঘদূত আৰু ৰঘুবংশমৰ ৰচয়িতা৷
  3. কালিদাস ওৰফে কোটিজিৎ, ৰিতুসংহাৰ, শ্যামল-দণ্ডকম আৰু শৃংগাৰতিলক

শাস্ত্ৰীয়ে ইয়াৰ উপৰিও অন্য ছয়জন সাহিত্যিক কালিদাসৰ উল্লেখ কৰিছে: পৰিমল কালিদাস বা পদ্মগুপ্ত ( ৰচনা নৱসাহসংক ), যমকবি ওৰফে কালিদাস ( নলোদয়ৰ ৰচয়িতা), নৱকালিদাস ( ৰচনা চম্পো ভাগৱত ), কালিদাস অকবৰীয় ( "সমস্যা"ৰ কৃত ), কালিদাস অষ্টম ( ৰচনা লম্বোদৰ প্ৰহসন ) আৰু অভিনৱ কালিদাস ওৰফে মাধৱ ( সংক্ষেপ-শংকৰ-বিজয়ম ৰচয়িতা ) ৷ কে কৃষ্ণমূৰ্তিৰ মতে, বিক্ৰমাদিত্য বা কালিদাসে সাধাৰণত: বিশেষ্য হিচাপে যিকোনো অনুদানিত/পালিত সম্ৰাট আৰু তেওঁৰ ৰাজসভাৰ ৰাজকবিক বুজায় ৷

প্ৰবাদমতে কবিজন তেওঁৰ সৌন্দৰ্য্যৰ বাবে জনাজাত আছিল যাৰ বাবে ৰাজকুঁৱৰী বিদ্যোতমা তেওঁৰ প্ৰতি আকৰ্ষিত হয় আৰু বিয়া কৰায়। কিন্তু কালিদাসৰ কোনো শিক্ষা-দিক্ষা নাছিল। সেইকাৰণে ৰাজকুঁৱৰী তেওঁৰ মূৰ্খতাৰ বাবে লজ্জিত হৈ কালিদাসক কটু কথা শুনায়। তেতিয়া কালিদাসে এটা কুঁৱাৰ ওচৰলৈ আত্মহত্যাৰ উদ্দেশ্যে গৈ তেওঁৰ আৰাধ্য দেৱী কালীক (কিছুমানৰ মতে সৰস্বতী) স্মৰণ কৰে আৰু দেৱীয়ে নিজৰ ভক্তক অসাধাৰণ বুদ্ধিমত্তা প্ৰদান কৰে। প্ৰবাদ অনুসৰি উজ্জয়িনীৰ ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাত নৱৰত্নৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ বুলি পৰিগণিত হয়। ইয়াকো কোৱা হয় যে শ্ৰী লংকাকুমাৰদাসৰ শাসনকালত এজন সভাসদে তেওঁক হত্যা কৰে।

পৰৱৰ্তী ব্যাপ্তি[সম্পাদনা কৰক]

বহুতো পণ্ডিতে কালিদাসৰ সম্পৰ্কে টীকাভাষ্য বা আলচ্য আগবঢাইছে ৷ তাৰ ভিতৰত সবাতোকৈ বহুল পঠিত টীকাভাষ্য খন হৈছে কোলাচ্চল মল্লিনাথ চোৰীৰ দ্বাৰা ১৫শ শতিকাত ৰচিত ৷ ইয়াতকৈ পুৰণি টীকাভাষ্যখনৰ ৰচয়িতা কাশ্মীৰি পণ্ডিত বল্লভদেৱ ৷ প্ৰসিদ্ধ সংস্কৃত কবি বাণভট্ত, জয়দেৱ আৰু ৰাজশেখৰ আদিয়ে প্ৰণিপাতত মনোমোহা ৰচনাৰ প্ৰশংসা ৰাখি গৈছে ৷ সৰ্বজনবিদিত কবিতা ( উপমা কালিদাসস্য....)ই কালিদাসৰ উপমা আৰু বক্তব্যৰ দক্ষতাৰ প্ৰশংসা কৰি গৈছে ৷

কালিদাসৰ অভিজ্ঞানমশকুন্তলম হৈছে প্ৰথমখন ইংৰাজী ভাষালৈ অনূদিত হোৱা গ্ৰন্হ ৷ পিছলৈ ই জাৰ্মান ভাষালৈও অনূদিত হয় আৰু প্ৰথিতযশা জাৰ্মান কবিসকলক যেনে হাৰ্ডাৰ আৰু গ'থক অভিভূত কৰে ৷

প্ৰভাৱিত[সম্পাদনা কৰক]

কালিদাসৰ প্ৰভাৱ বিভিন্ন সংস্কৃত ৰচনাৱলীত, আৰু প্ৰায়সমূহ ভাৰতীয় ভাষাতে পৰিছিল ৷ কালিদাসৰ প্ৰভাৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ক্ষেত্ৰত উল্লেখ্য ৷ মেঘদূত কাব্যৰমন্যাসবাদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ষা কালৰ ওপৰত লিখা ৰচনাৰাজিত পোৱা যায় ৷ কালিদাসকৃত সংস্কৃত নাট্যসমূহৰ প্ৰভাৱ ১৮ শতিকাৰ শেহৰফালে আৰু ১৯ শতিকাৰ আৰম্ভণিত ইউৰোপীয় সাহিত্যত পৰে ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Encyclopædia Britannica. Kalidasa (Indian author)
  2. R A Malagi (2005), "Toward a Terrestrial Divine Comedy: A study of The Winter's Tale and Shakuntalam", in Poonam Trivedi; Dennis Bartholomeusz, India's Shakespeare: translation, interpretation, and performance, University of Delaware Press, p. 123, ISBN 9780874138818, http://books.google.com/?id=n5lKp1XE2OQC&pg=PA123&dq=kalidasa+shakespeare#PPA124,M1