হিন্দু দৰ্শন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

হিন্দু দৰ্শন[1] প্ৰাচীন ভাৰতত বিকশিত হিন্দু ধৰ্মৰ সৈতে সম্বন্ধ ৰখা দৰ্শন, দৃষ্টিভংগী আৰু শিক্ষা[2]। ষদ্দৰ্শন (সাংখ্য, যোগ, ন্যায়, বৈশেষিক, মীমাংসা আৰু বেদান্ত) হিন্দু দৰ্শনৰ অন্তৰ্গত। তদুপৰি, চাৰ্বাক, বৌদ্ধ, জৈন, আজীৱিক আদি দৰ্শনো ইয়াৰ অন্তৰ্গত।

আস্তিক আৰু নাস্তিক দৰ্শন[সম্পাদনা কৰক]

ষদ্দৰ্শনক আস্তিক দৰ্শনো বোলা হয়। আস্তিক দৰ্শন এনে দৰ্শন যিয়ে বেদসমূহক কৰ্তৃত্বপূৰ্ণ আৰু জ্ঞানৰ গুৰুত্বপূৰ্ণ উৎস বুলি মান্যতা প্ৰদান কৰে।[3][note 1][note 2] এই ছয় আস্তিক দৰ্শনৰ উপৰিও প্ৰাচীন আৰু মধ্যকালীন ভাৰতত অনেক নাস্তিক দৰ্শন প্ৰভাৱশালী আছিল। এই নাস্তিক দৰ্শনসমূহৰ উৎস আৰু অনেক ধাৰণা আস্তিক দৰ্শনৰ সৈতে মিলে, কিন্তু এই দৰ্শনসমূহে বেদক নস্যাৎ কৰে।[6][7] বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম, চাৰ্বাক, আজীৱিক আদি নাস্তিক দৰ্শনৰ উদাহৰণ।[8]

পশ্চিমীয়া গৱেষকে আস্তিক আৰু নাস্তিক দৰ্শনৰ সম্বন্ধ আৰু প্ৰভেদৰ ওপৰত ভালেমান তৰ্ক কৰিছে, বিশেষকৈ ভাৰতবিদ আৰু প্ৰাচ্যবিদসকলে। তেওঁলোকে ১৮ আৰু ১৯ শতিকাত সীমিতভাৱে উপলব্ধ ভাৰতীয় সাহিত্যৰ ভিত্তিতেই তৰ্ক কৰিছিল।[9] হিন্দু দৰ্শনত অন্তৰ্ভুক্ত বিভিন্ন দৰ্শন বৈচিত্ৰ্যপূৰ্ণ। এই দৰ্শনসমূহৰ উৎস, অনেক ধাৰণা আৰু কিছু লেখনি, তত্ত্ববিদ্যা আদি কিন্তু একেই[10][11]। যদিও বৌদ্ধ আৰু জৈন দৰ্শনক প্ৰায় হিন্দু দৰ্শনতকৈ পৃথক গণ্য কৰা হয়, চাৰ্বাকৰ দৰে অন্যান্য নাস্তিক দৰ্শনক হিন্দু দৰ্শনৰেই ভাগ গণ্য কৰা হয়, যিহেতু "হিন্দু" ভাৰতৰ বাহিৰৰ লোকে দিয়া নামহে, ভাৰতীয় উপমহাদেশৰ সকলো লোককে বুজাবলৈ।[12][13][14][15]

অন্যান্য উপ-পৰম্পৰা[সম্পাদনা কৰক]

হিন্দু দৰ্শনে অন্য অনেক দৰ্শনক সামৰে যিয়ে বিভিন্ন আস্তিক দৰ্শনৰ পৰা কিছু কিছু অংশ গ্ৰহণ কৰে: যেনে ন্যায়ৰ পৰা বাস্তৱবাদ, বৈশেষিকৰ পৰা প্ৰকৃতিবাদ, সাংখ্যৰ পৰা দ্বৈতবাদ, অদ্বৈতৰ পৰা মুক্তিৰ বাবে আত্মজ্ঞানৰ মহত্ত্ব, যোগৰ পৰা বৈৰাগ্য আৰু আত্মশৃংখলাবদ্ধতা আদি।[16][17][17] এনে দৰ্শনৰ উদাহৰণ পাশুপত শৈৱ, শৈৱ সিদ্ধান্ত, প্ৰত্যভিজ্ঞ, ৰসেশ্বৰ আৰু বৈষ্ণৱ[18][17] কোনো কোনো দৰ্শনত বৌদ্ধ পৰম্পৰাৰ তান্ত্ৰিক প্ৰভাৱো দেখা যায়।[19] এই উপ-পৰম্পৰাসমূহৰ ধাৰণাসমূহ পুৰাণ আৰু আগম আদিত পোৱা যায়।[20][21][22]

সাহিত্য[সম্পাদনা কৰক]

প্ৰত্যেক হিন্দু দৰ্শনৰেই বৃহৎ সাহিত্য পোৱা যায় জ্ঞানতত্ত্ব (যাক প্ৰমাণশাস্ত্ৰ বোলা হয়[23][24]), অধিবিদ্যা, মূল্যমীমাংসা আদিৰ বিষয়ে[25]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Meaning of word Darshana
  2. Soken Sanskrit, darzana
  3. Klaus Klostermaier (2007), Hinduism: A Beginner's Guide, আই.এচ.বি.এন. 978-1851685387, Chapter 2, page 26
  4. M Chadha (2015), The Routledge Handbook of Contemporary Philosophy of Religion (Editor: Graham Oppy), Routledge, আই.এচ.বি.এন. 978-1844658312, pages 127–128
  5. M Chadha (2015), The Routledge Handbook of Contemporary Philosophy of Religion (Editor: Graham Oppy), Routledge, আই.এচ.বি.এন. 978-1844658312, pages 127–128
  6. Andrew Nicholson (2013), Unifying Hinduism: Philosophy and Identity in Indian Intellectual History, Columbia University Press, আই.এচ.বি.এন. 978-0231149877, pages 2–5
  7. Klaus Klostermaier (2007), Hinduism: A Beginner's Guide, আই.এচ.বি.এন. 978-1851685387, Chapter 2, page 26
  8. P Bilimoria (2000), Indian Philosophy (Editor: Roy Perrett), Routledge, আই.এচ.বি.এন. 978-1135703226, page 88
  9. Andrew Nicholson (2013), Unifying Hinduism: Philosophy and Identity in Indian Intellectual History, Columbia University Press, আই.এচ.বি.এন. 978-0231149877, pages 2–5
  10. Frazier, Jessica (2011). The Continuum companion to Hindu studies. প্ৰকাশক London: Continuum. পৃষ্ঠা. 1–15. ISBN 978-0-8264-9966-0. 
  11. Carl Olson (2007), The Many Colors of Hinduism: A Thematic-historical Introduction, Rutgers University Press, আই.এচ.বি.এন. 978-0813540689, pages 101-119
  12. Pennington, Brian K. (2005). Was Hinduism Invented?: Britons, Indians, and the Colonial Construction of Religion. প্ৰকাশক Oxford university press. পৃষ্ঠা. 111–118. ISBN 978-0-19-803729-3. 
  13. R Thomas (2014), Hindu Perspectives on Evolution: Darwin, Dharma, and Design. Sociology of Religion, Vol. 75, No. 1, pages 164–165, Quote: "some of the ancient Hindu traditions like Carvaka have a rich tradition of materialism, in general, other schools..."
  14. KN Tiwari (1998), Classical Indian Ethical Thought, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120816077, page 67; Quote: "Of the three heterodox systems, the remaining one, the Cārvāka system, is a Hindu system.";
  15. KN Tiwari (1998), Classical Indian Ethical Thought, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120816077, page 67; Quote: "Of the three heterodox systems, the remaining one, the Cārvāka system, is a Hindu system.";
  16. Klaus K. Klostermaier (1984), Mythologies and Philosophies of Salvation in the Theistic Traditions of India, Wilfrid Laurier University Press, আই.এচ.বি.এন. 978-0889201583, pages 124–134, 164–173, 242–265
  17. 17.0 17.1 17.2 Flood 1996, পৃষ্ঠা. 132–136, 162–169, 231–232.
  18. Klaus K. Klostermaier (1984), Mythologies and Philosophies of Salvation in the Theistic Traditions of India, Wilfrid Laurier University Press, আই.এচ.বি.এন. 978-0889201583, pages 124–134, 164–173, 242–265
  19. Klaus K. Klostermaier (1984), Mythologies and Philosophies of Salvation in the Theistic Traditions of India, Wilfrid Laurier University Press, আই.এচ.বি.এন. 978-0889201583, pages 219–223
  20. Klaus K. Klostermaier (1984), Mythologies and Philosophies of Salvation in the Theistic Traditions of India, Wilfrid Laurier University Press, আই.এচ.বি.এন. 978-0889201583, pages 28–35
  21. Jayandra Soni (1990), Philosophical Anthropology in Śaiva Siddhānta, Motilal Banarsidass Publishers, আই.এচ.বি.এন. 978-8120806320, pages vii–xii
  22. Hilko Schomerus and Humphrey Palme (2000), Śaiva Siddhānta: An Indian School of Mystical Thought, Motilal Banarsidass Publishers, আই.এচ.বি.এন. 978-8120815698, pages 13–19
  23. Potter 1991, পৃষ্ঠা. 172.
  24. Guttorm Fløistad 1993, পৃষ্ঠা. 137-154.
  25. Karl H. Potter (1961), A Fresh Classification of India's Philosophical Systems, The Journal of Asian Studies, Vol. 21, No. 1, pages 25–32


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "note" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="note"/> টেগ্‌ পোৱা নগ'ল