সমললৈ যাওক

যোগ দৰ্শন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যোগ দৰ্শন ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম।[1][2] প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক সাহিত্যত ই প্ৰায় কেৱল 'যোগ' শব্দৰে অভিহিত।[1][3] যোগ দৰ্শন সাংখ্য দৰ্শনৰ সৈতে সম্বন্ধিত। যোগ দৰ্শনৰ নিজক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে উন্নতিৰ দিশে নিয়াৰ অধ্যয়নে আন সকলো ভাৰতীয় দৰ্শনকো প্ৰভাৱিত কৰিছে।[4][5] পতঞ্জলীযোগ সূত্ৰসমূহ এই দাৰ্শনিক ধাৰাৰ মূল লেখৰ অন্যতম।[6]

অধিবিদ্যা আৰু জ্ঞানতত্ত্ব

[সম্পাদনা কৰক]

সাংখ্য দৰ্শনৰ দৰেই যোগ দৰ্শনতো ৬ প্ৰমাণ গ্ৰহণযোগ্য।[7] প্ৰত্যক্ষ, অনুমান আৰু শব্দ এই প্ৰমাণসমূহৰ অন্যতম।[8][9] যোগ দৰ্শনৰ অধিবিদ্যা সাংখ্য দৰ্শনৰ দৰেই দ্বৈতবাদী[6] সাংখ্য আৰু যোগ দৰ্শনত ব্ৰহ্মাণ্ড দুই বাস্তৱতাৰে গঠিত- পুৰুষ (চেতনা) আৰু প্ৰকৃতি। জীৱ এনে এক অৱস্থা য'ত পৰুষ কোনো ৰূপত প্ৰকৃতিৰে বান্ধ খাই থাকে, ভিন্ন তত্ত্ব, অনুভৱ, কৰ্ম, মন আদিৰ মিশ্ৰণ ৰূপে।[10] ভাৰসাম্যহীন অৱস্থাত, কোনো এক অংশ আন অংশসমূহতকৈ অধিক প্ৰভাৱশালী হৈ পৰে, এক বান্ধোনৰ সৃষ্টি হয়। এই বান্ধোনৰ অন্তই মোক্ষ। [11] যোগ দৰ্শনৰ নীতিশাস্ত্ৰ সাংখ্য দৰ্শনৰ গুণৰ ধাৰণাৰ লগতে যম আৰু নিয়মৰ ওপৰত আধাৰিত।[6]

আন ভাৰতীয় দৰ্শনৰ সৈতে সম্বন্ধ

[সম্পাদনা কৰক]

যোগ দৰ্শন আৰু সম্বন্ধিত ঈশ্বৰহীন সাংখ্য দৰ্শনৰ মাজৰ পাৰ্থক্য ই যে যোগ দৰ্শনত এক "ব্যক্তিগত, কিন্তু নিষ্ক্ৰিয়, আৰাধ্য" বা "ব্যক্তিগত ঈশ্বৰ"ৰ ধাৰণাক স্থান দিয়া হয়।[12][13][14] তদুপৰি, সাংখ্য দৰ্শনানুযায়ী, মোক্ষ প্ৰাপ্তিৰ বাবে জ্ঞান পৰ্যাপ্ত, কিন্তু যোগ দৰ্শনানুযায়ী সাংখ্য দৰ্শনে গুৰুত্ব দিয়া জ্ঞানৰ লগতে ব্যৱস্থিত পদ্ধতি আৰু অভ্যাস, বা ব্যক্তিগত পৰীক্ষণৰ সংমিশ্ৰণ মোক্ষ প্ৰাপ্তি‌ৰ পথ।[6] যোগ দৰ্শন আৰু অদ্বৈত বেদান্তৰ মাজতো সামঞ্জস্য দেখা যায়। পিচে যোগ দৰ্শন পৰীক্ষামূলক ৰহস্যবাদহে।[15][16][17] অদ্বৈত বেদান্তৰ লগতে আনা আন হিন্দু দৰ্শনেও যোগ দৰ্শনক স্বীকৃতি প্ৰদান কৰে, গ্ৰহণ কৰে আৰু এই দৰ্শনৰ কেইবাটাও শিক্ষাৰ ওপৰত ভিত্তি কৰি অনেক কৰ্ম কৰিছে।

উদ্ধৃতি

[সম্পাদনা কৰক]
  1. 1.0 1.1 Knut Jacobsen (2008), Theory and Practice of Yoga, Motilal Banarsidass,
  2. Maurice Phillips (Published as Max Muller collection), The Evolution of Hinduism, Origin and Growth of Religion, p. 8, গুগুল বুকচ্‌ত, PhD. Thesis awarded by University of Berne, Switzerland, page 8
  3. Mike Burley (2012), Classical Samkhya and Yoga – An Indian Metaphysics of Experience, Routledge, আই.এচ.বি.এন. 978-0-415-64887-5, pages 43-46 and Introduction chapter
  4. Mike Burley (2012), Classical Samkhya and Yoga – An Indian Metaphysics of Experience, Routledge, আই.এচ.বি.এন. 978-0-415-64887-5, pages 20-29
  5. Roy Perrett, Indian Ethics: Classical traditions and contemporary challenges, Volume 1 (Editor: P Bilimoria et al), Ashgate, আই.এচ.বি.এন. 978-0-7546-3301-3, pages 149-158
  6. 6.0 6.1 6.2 6.3 Edwin Bryant (2011, Rutgers University), The Yoga Sutras of Patanjali IEP
  7. John A. Grimes, A Concise Dictionary of Indian Philosophy: Sanskrit Terms Defined in English, State University of New York Press, আই.এচ.বি.এন. 978-0-7914-3067-5, page 238
  8. Larson 1998, পৃষ্ঠা 9
  9. Eliott Deutsche (2000), in Philosophy of Religion : Indian Philosophy Vol 4 (Editor: Roy Perrett), Routledge, আই.এচ.বি.এন. 978-0-8153-3611-2, pages 245-248;
  10. Samkhya – Hinduism Encyclopædia Britannica (2014)
  11. Gerald James Larson (2011), Classical Sāṃkhya: An Interpretation of Its History and Meaning, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120805033, pages 36-47
  12. Mike Burley (2012), Classical Samkhya and Yoga – An Indian Metaphysics of Experience, Routledge, আই.এচ.বি.এন. 978-0-415-64887-5, page 39-41
  13. Lloyd Pflueger, Person Purity and Power in Yogasutra, in Theory and Practice of Yoga (Editor: Knut Jacobsen), Motilal Banarsidass, আই.এচ.বি.এন. 978-8120832329, pages 38-39
  14. Kovoor T. Behanan (2002), Yoga: Its Scientific Basis, Dover, আই.এচ.বি.এন. 978-0-486-41792-9, pages 56-58
  15. Phillips, Stephen H. (1995). Classical Indian Metaphysics: Refutations of Realism and the Emergence of "New Logic". Open Court Publishing. পৃষ্ঠা. 12–13. 
  16. Personalism Stanford Encyclopedia of Philosophy (2013)
  17. Northrop Frye (2006), Educated Imagination and Other Writings on Critical Theory, 1933–1962, University of Toronto Press, আই.এচ.বি.এন. 978-0-8020-9209-0, page 291