ভাৰতীয় দৰ্শন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতীয় দৰ্শনৰ মূল বেদ। সংস্কৃতত দৰ্শনৰ নিষ্পন্ন ৰূপ হ'ল" দৃশ্" ধাতু আৰু ল্যুট্ প্ৰত্যয়। অতীজৰেপৰাই ভাৰতত বিভিন্ন দাৰ্শনিক পৰম্পৰা বিদ্যমান। [সৰ্বপল্লী ৰাধাকৃষ্ণণ]ৰ মতে, প্ৰথমৰ [উপনিষদ] কেইখনেই আছিল '...দৰ্শন সম্বন্ধে লিখিত পৃথিৱীৰ আটাইতকৈ পুৰণি পুথি। '[1]পাণিনী অষ্টাধ্যায়ীৰ‘দৃশিৰ্ প্ৰেক্ষণে ’ অৰ্থাৎ দৃশ্ ধাতুত ল্যুট্ প্ৰত্যয় সংযোগ হৈ সংস্কৃত দৰ্শন শব্দৰ উৎপত্তি হৈছে। দৃশ্যতে অনেন ইতি দৰ্শনম্  অৰ্থাৎ যাৰ দ্বাৰা দেখা হয়। দৰ্শন শব্দৰ বহুত অৰ্থত প্ৰয়োগ হোৱা দেখা যায় যেনে –জনা ,বুজা, চিন্তা কৰা, নিৰীক্ষন কৰা ইত্যাদি। গতিকে এই দৰ্শন শব্দটোৱে  মাত্ৰ বহিৰ্ভূত জাগতিক পদাৰ্থক দেখা নুসূচায়, আনকি সামান্যভাৱে স্থূল নেত্ৰৰদ্বাৰা নেদেখি সূক্ষ্ম নেত্ৰৰ যোগেদি বিশেষভাৱে দেখাটো হে দৰ্শন শব্দৰ অভিপ্ৰায়। মনীষীসকলে দৃশ্যতে অনেন এই ব্যুৎপত্তি অনুসাৰে ‘আত্মা ৱা অৰে দ্ৰষ্টৱ্যঃ শ্ৰোতব্যঃ মন্তব্যঃ নিধিধ্যাসিতব্যঃ’ এই শ্ৰুতিবাক্যৰ দ্বাৰা উপদিষ্ট আত্মা সাক্ষাৎকাৰৰ সাধন হৈছে দৰ্শন। স্থূল আৰু সূক্ষ্ম উভয় প্ৰকাৰে দেখাই হৈছে দৰ্শনৰ মূল বিষয়বস্তু। চিন্তাৰ আধাৰত দৰ্শনৰ সৃষ্টি হয়, তৰ্কনিষ্ঠ বিচাৰ বিবেচনাই হৈছে জ্ঞানৰ মূল ভেটি। তৰ্কনিষ্ঠ বিচাৰ বিবেচনাৰ যোগেদি দৰ্শনে পৰম সত্তাৰ স্বৰূপ  দাঙি ধৰিবলৈ চেষ্টা কৰিছে। পাশ্চাত্য দৰ্শনে স্বতন্ত্ৰভাবে চিন্তা কৰে কিন্তু ভাৰতীয় দৰ্শন নীতি আৰু ধৰ্মৰ বিভিন্ন ব্যবহাৰিক দিশক সামৰি আধ্যাত্মিক চিন্তা চৰ্চা কৰে। মোক্ষ প্ৰাপ্তিয়েই হৈছে ভাৰতীয় দৰ্শনৰ মূল ভেটি। বাহ্যিকজগত আৰু আভ্যন্তৰীন জগতৰ বৈচিত্ৰ্যৰ আৰু বিপুল সমস্যাৰাজিৰ প্ৰতি থকা নৈসৰ্গিক জিজ্ঞাসা হৈছে  দৰ্শনৰ মূল উৎস। দাৰ্শনিক চিন্তাই হৈছে মানৱৰ মূল প্ৰবৃত্তি। পৃথিৱীত বাস কৰা প্ৰত্যেক মানুহৰে একো একোটা  জীৱন দৰ্শন আছে। ভাৰতীয় মনীষী সকলে তপস্যা আৰু সাধনাত ব্ৰতী হৈ নিজৰ জীৱন  উৎসৰ্গা কৰি অক্লান্ত পৰিশ্ৰমেৰে যি আধ্যাত্মিক চিন্তাৰ জোৱাৰ তুলিছিল তাৰ মিঠা  প্ৰতিফল হৈছে ভাৰতীয় দৰ্শনশাস্ত্ৰ। পৃথিবীৰ ভিতৰত অকল মানুহেই এনেকুৱা এটা প্ৰাণী যিহে নিজৰ বিবেকবুদ্ধি প্ৰয়োগ কৰি দক্ষতা আৰু পাৰদৰ্শিতাৰে চিন্তা-চৰ্চাৰ অনুপম সমল যোগাই নিজকে জীবশ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব পাৰিছে।

পাৰম্পৰিক ভাৱে ভাৰতীয় দৰ্শনক ৰক্ষণশীল বা আস্তিক আৰু অৰক্ষণশীল বা নাস্তিক এই দুটা ভাগত ভগোৱা হৈ আহিছে। 'বেদ'সমূহক জ্ঞানৰ সৰ্বোত্তম আকৰ হিচাপে গণ্য কৰা-নকৰাৰে ভিত্তিতে এই বিভাজন কৰা হৈছে।[2] ভাৰতীয় আস্তিক দৰ্শনক ছটা ভাগত ভাগ কৰা হৈছে, ক্ৰমে- ন্যায়, বৈশেষিক, সাংখ্য, যোগ, পূৰ্ব মীমাংসা আৰু উত্তৰ মীমাংসা বা বেদান্ত দৰ্শন। নাস্তিক দৰ্শনৰ তিনিটা ভাগ ক্ৰমে- জৈন, বৌদ্ধ আৰু বস্তুবাদী (চাৰ্বাক‌‌ ‌ প্ৰতিটো বিভাগৰ মাজত নিজস্ব মত-বিৰোধ থাকিলেও মূল উদ্দেশ্য কিন্তু মোক্ষ। এই বিশ্বাস মতে প্ৰতিজন মানুহৰে জীৱন ব্যক্তি আৰু সমাজৰ মঙ্গলৰ অৰ্থে ব্যতীত হোৱা উচিত। প্ৰতিটো শাখাই ধৰ্ম আৰু অস্তিত্বৰ প্ৰশ্নৰ লগত জড়িত, আৰু নিজৰ দৰ্শন অনুসৰি নিৰ্বাণ লাভ কৰাৰ ভিন ভিন ধাৰণা পোষণ কৰে।

ভাৰতীয় দৰ্শনৰ মূল শাখাসমূহ খ্ৰী.পূ. ১০০০ চনৰ পৰা খ্ৰীষ্টাব্দৰ প্ৰথম শতিকা কেইটাতে গঢ় লৈ উঠিছিল। ইয়াৰ পাছত প্ৰতিটো যুগতে মূল ভাৱধাৰাৰ লগত নতুন নতুন বিষয়ৰ যোগ আৰু সংস্কাৰ সাধন কৰা হৈ আহিছে। উনবিংশ শতিকাত ঋষি অৰবিন্দ আৰু স্বামী প্ৰভুপাদেও ভাৰতীয় দৰ্শনলৈ নিজা অৱদান আগবঢ়ায়।

সমূহ ভাৰতীয় দৰ্শনৰ এটা মূল বৈশিষ্ট্য হৈছে ইয়াৰ বহুধা আৰু জীণ নিয়াৰ মানসিকতা। বিভিন্ন শাখাৰ মাজত থকা সাদৃশ্যৰ বাবে ভিন ভিন শাখাৰ পণ্ডিত একেলগে বহি আলোচনা কৰি কেবাটাও বিষয়ৰ ওপৰত একমত হ'ব পাৰে।

প্ৰাৰম্ভিক কালচোৱাত শাখাসমূহৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ আছিল, মূলতঃ খ্ৰী.পূ. ৮০০ চনৰপৰা খ্ৰী. ২০০-লৈ। এই প্ৰতিযোগিতাৰ মাজত জৈন, বৌদ্ধ, শৈৱ আৰু অদ্বৈত আদি ৰৈ গ'ল আৰু সাংখ্য, অজিৱিকা আদি দৰ্শন হয় মাৰ গ'ল নহয়, আন দৰ্শনৰ অন্তৰ্ভুক্ত হ'ল।[3]

কেন্দ্ৰীয় ধাৰণা[সম্পাদনা কৰক]

আদিকালৰ ভাৰতীয় চিন্তাবিদসকলে মত পোষণ কৰিছিল যে দৰ্শন জীৱনৰ এটা অপৰিহাৰ্য ব্যৱহাৰিক অংশ। আৰু জীৱনটো কেনেকৈ পাৰ কৰা উচিত তাৰ জ্ঞান দৰ্শন অবিহনে পাব নোৱাৰি। সেয়ে ভাৰতীয় লেখকসকলে দাৰ্শনিক লেখাৰ আৰম্ভণিতে সেই মতে ব্যক্তিক কেনেকৈ সহায় কৰিব পাৰে (পুৰুষাৰ্থ) তাৰ ওপৰত বিতংকৈ লিখিছিল।[4]

ব্ৰাহ্মণ চিন্তাবিদসকলৰ দৰ্শনত এক সৰ্বজনীন ঐকিক নিয়মৰ (Unitary underlying order, rta) পোষকতা পৰিছিল[5]। এই নিয়ম সকলোতে পৰিব্যাপ্ত। এই নিয়মৰ স্বৰূপ আৰু আদি মূল ব্যাখ্যা কৰাটো আছিল বিভিন্ন শাখা সমূহৰ মূল উদ্দেশ্য। সৰ্বজনীন নিয়মৰ (ধৰ্ম) ভিত্তিত পৃথিৱীত কেনেকৈ জীৱন কটাব লাগে তাৰ উপায় প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছিল। ঋষিসকলে এই নিয়ম অনুসৰণ কৰি জীৱন নিৰ্বাহ কৰাৰ উপদেশ দিছিল।

বেদান্ত দৰ্শন আধুনিক যুগৰ আটাইতকৈ চৰ্চিত ভাৰতীয় দৰ্শন। বেদান্ত দৰ্শনত একেটা সত্যক উপলব্ধি কৰাৰ বাবে চাৰিটা ভিন্ন উপায় উল্লেখ কৰি তিনিটা ভাগত ভগোৱা হৈছে, দ্বৈত, বিশিষ্টদ্বৈত আৰু অদ্বৈত। বৰ্হিভাগৰপৰা এই তিনিবিধক ভিন্ন আৰু মতবিৰোধী যেন লাগিলেও, এই তিনিওবিধে আচলতে মানুহৰ বিবেকৰ বিকাশৰ তিনিটা ভিন্ন স্তৰক নিৰ্দেশ কৰে।

শাখা সমূহ[সম্পাদনা কৰক]

ভাৰতীয় দৰ্শন[সম্পাদনা কৰক]

মধ্যযুগৰ ব্ৰাহ্মণীয়-সংস্কৃতসকলৰ ৰচনাত ছটা ৰক্ষণশীল শাখা দেখা যায়। এইকেইটাক একেলগে "ষড় দৰ্শন" বোলা হয়। "ষড় দৰ্শন"ত 'বেদ'ক সকলো জ্ঞানৰ আকৰ বুলি মনা হয়। আৰু 'বেদ'ৰপৰাই এই শাখাসমূহ উৎপত্তি হোৱা বুলি কোৱা হয়।[6][7][8]

  • ন্যায়, তৰ্ক শাখা (the school of logic)
  • বৈশেষিক, কণা শাখা (the atomist school)
  • সাংখ্য, (the enumeration school)
  • ৰাজ যোগ,( বা যোগ), পতঞ্জলিৰদ্বাৰা স্থাপিত শাখা (পতঞ্জলিয়ে সাংখ্য দৰ্শনৰো পোষকতা কৰিছিল। )
  • পূৰ্ব মীমাংসা (বা মীমাংসা), বৈদিক ৰীতি-নীতি পোষকতা কৰা শাখা
  • বেদান্ত (বা উত্তৰ মীমাংসা), উপনিষদৰ ৰীতি-নীতি পোষকতা কৰা শাখা, বৈদিক দৰ্শনকো সমানে গুৰুত্ব দিয়া শাখা

ঐতিহাসিক আৰু ধাৰণাভিত্তিক মিল থকাৰ বাবে ইয়াক আন তিনিটা গোটত ভাগ কৰা হয়ঃ ন্যায়-বৈশেষিক, সাংখ্য-যোগ আৰু মীমাংসা-বেদান্ত। বেদান্ত দৰ্শনৰ আকৌ আকৌ ছটা উপ-শাখা আছেঃ অদ্বৈত (অজাতিবেদক সাঙুৰি), বিশিষ্টদ্বৈত, দ্বৈত, দ্বৈতদ্বৈত, শুদ্বদ্বৈত, আৰু অচিন্ত ভেদ-অভেদ।

ওপৰত উল্লিখিত ছটা শাখাৰ বাহিৰেও আৰু শাখা বিদ্যমান। কিন্তু প্ৰধান শাখা এই ছটায়েই। ইয়াৰ বাহিৰেও 'ব্যাকৰণীয়' আন এটা ৰক্ষণশীল দৰ্শনৰ বিভাগ।[7] এই সমূহ দৰ্শনে 'বেদ'ৰ অস্তিত্বক স্বীকাৰ কৰে। 'বেদ'ৰ অস্তিত্বক অস্বীকাৰ কৰা দৰ্শন শাখাসমূহক ব্ৰাহ্মণসকলে অৰক্ষণশীল ('নাস্তিক' ) আখ্যা দিছিল।[7]অৰক্ষণশীল শাখাসমূহৰ ভিতৰত বৌদ্ধ, জৈন আৰু চাৰ্বাক দৰ্শনেই প্ৰধান।

জৈন দৰ্শন[সম্পাদনা কৰক]

জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰে প্ৰাচীন শ্ৰমণ দৰ্শনৰ প্ৰচাৰ কৰে আৰু তাৰপৰাই জৈন দৰ্শনৰ সৃষ্টি হয়। বৰ্তমানৰ বিহাৰ ৰাজ্যত খ্ৰী.পূ. ৫৫০ চনৰ সময়চোৱাত জৈন দৰ্শনৰ বিকাশ হৈছিল। এই কালচোৱাত আদৰ্শবাদী নৱজাগৰণ হৈছিল। এই নৱজাগৰণত বেদৰ প্ৰভাৱক অস্বীকাৰ কৰা কেবাটাও মতবাদৰ সৃষ্টি হৈছিল। বৌদ্ধ ধৰ্মও এই কালচোৱাতে গঢ় লৈ উঠে।

মহাবীৰতীৰ্থংকৰসকলৰ ২৪-তম আৰু শেষ তীৰ্থকংৰ বুলি গণ্য কৰা হয়। ২৩-তম তীৰ্থকংৰ প্ৰভাষৰ সময় পাৰম্পৰিকভাৱে ৯০০ খ্ৰী.পূ. বুলি ধাৰণা কৰা হয়।

জৈন ধৰ্মক বৈদিক ধৰ্ম হিন্দুৰ ভিতৰত ধৰা নহয়,[9][10][11]। জৈন তীৰ্থংকৰৰ উল্লেখ বেদ আৰু হিন্দু শাস্ত্ৰসমূহত পোৱা যায়। বৈদিক যুগত ভাৰতবৰ্ষত দুটা মূল দাৰ্শনিক ভাগ আছিল, শ্ৰমণ আৰু ব্ৰাহ্মণ, বা বৈদিক, বা পৌৰাণিক। শ্ৰমণ মতবাদৰ আধাৰতে পাছলৈ বৌদ্ধ, জৈন আৰু বৰ্তমান লুপ্ত অজীৱিকা দৰ্শনৰ সৃষ্টি হৈছিল। দুয়োটা মূল শাখাই ইটোৱে-সিটোক প্ৰভাৱান্বিত কৰিছিল।[12]

পণ্ডিত লোকমান্য তিলক-এ জৈন দৰ্শনে হিন্দু ধৰ্মৰ বৈদিক বলি-বিধান আদি আঁতৰ কৰাত প্ৰভাৱ পেলাইছিল বুলি মত পোষণ কৰিছে। বাল গংগাধৰ তিলক-এ জৈন মতবাদে জৈন ধৰ্মলৈ অহিংসাৰ প্ৰচলন আনিছিল বুলি উল্লেখ কৰিছে।

স্বামী বিবেকানন্দই জৈন মতবাদে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভুত প্ৰভাৱ পেলাইছে বুলি মত পোষণ কৰিছিল।[13]

জৈন শব্দৰ অৰ্থ হৈছে 'জিনস'ৰ (Jinas, মূলঃ সংস্কৃতঃ Jina) অনুগামী। যাৰ অৰ্থ আধ্যাত্মিক বিজেতা, অৰ্থাৎ যিজনে 'ধৰ্ম' লাভ কৰিছে, আৰু পূৰ্ণ 'মোক্ষ' লাভ কৰাৰ পাছত সকলোৰে হিতাৰ্থে আধ্যাত্মিক জীৱন জীয়াবলৈ শিক্ষা প্ৰদান কৰে। জৈনসকলে ২৪ জন এনে 'জিনস'ৰ শিক্ষা আনুসৰণ কৰে। এওঁলোকক তীৰ্থকংৰ বুলিও জনা যায়।[14] ২৩-তম তীৰ্থকংৰক এজন বাস্তৱ পুৰুষ বুলি বিবেচনা কৰা হয়। তেখেত খ্ৰী.পূ. ৮৭২-ৰপৰা ৭৭২-লৈ জীৱিত আছিল বুলি কোৱা হৈছে।[15][16] Jaina tradition is unanimous in making Rishabha, as the First Tirthankar.[14]


জৈন বিশ্বাসৰ এটা মূল বৈশিষ্ট্য হৈছে শাৰীৰিক আৰু মানসিক আচৰণেতাৎক্ষণিক প্ৰতিক্ৰিয়া।[17] জৈনসকলে বিশ্বাস কৰে যে সকলো প্ৰাণীয়েই মানুহৰ দৰেই আত্মাধাৰী, সেয়ে ব্যক্তিৰ জীৱন আন কোনো জীৱৰে ক্ষতি নকৰাকৈ জীয়াই থাকিবলৈ যথেষ্ট সংযম আৰু সচেতনতাৰে নিৰ্বাহ কৰা উচিত। জৈন ধৰ্মত প্ৰতি জীৱকে সন্মান জনোৱা হয় আৰু ক্ষুদ্ৰতম জীৱবিধৰো ক্ষতি নকৰিবলৈ চেষ্টা কৰা হয়।

জৈন বিশ্বাসত অহিংসাই হৈছে প্ৰকৃত পথ আৰু পূৰ্ণ জ্ঞান আৰু সঠিক আচৰণৰ প্ৰথম চৰ্ত।

জৈন বিশ্বাসে 'আধ্যাত্মিক স্বাধীনতা' (প্ৰতিজন ব্যক্তিয়েই নিজৰ ব্যক্তিগত জ্ঞান কৰ্ষণ কৰিব পাৰে) আৰু 'ব্ৰত পালন'ৰ (আধ্যাত্মিক উৎকৰ্ষৰ বাবে আত্ম-সংবৰণ) ওপৰত গুৰুত্ব দিয়ে। জৈন বিশ্বাসতো আন ভাৰতীয় বিশ্বাসৰ দৰেই জীৱনৰ লক্ষ্য হৈছে 'মোক্ষ লাভ'। জৈন বিশ্বাস মতে 'আত্মাৰ প্ৰকৃত সত্তাক জনাটোৱেই' হৈছে মোক্ষ। মোক্ষ পূৰ্ণ জ্ঞানৰ যোগেৰেহে অহাটো সম্ভৱ। জৈন মতবাদৰ আন এটা বৈশিষ্ট্য হৈছে 'অনেকান্তবাদ', অৰ্থাৎ বাস্তৱ জগতখন পৰিপ্ৰেক্ষিতৰ ভিত্তিত বেলেগ বেলেগ অনুভূত হয়। আৰু কোনোটো পৰিপ্ৰেক্ষিতই সম্পূৰ্ণ সত্য নহয়। জৈন ধৰ্মৰ মতে অকল 'কেৱলী'সকলেহে, যাৰ জ্ঞান অসীম, প্ৰকৃত সত্যৰ কাষ চাপিব পাৰে। বাকীসকলে সেই সত্যৰ এটা অপূৰ্ণ অংশহে দেখিবলৈ পায়। 'অনেকান্তবাদ' পাশ্চাত্য দৰ্শনৰ 'subjectivism'-ৰ সমান্তৰাল।

বৌদ্ধ দৰ্শন[সম্পাদনা কৰক]

বৌদ্ধ দৰ্শনৰ উৎপত্তি গৌতম বুদ্ধৰ মতবাদৰপৰা হৈছে। পাতনিৰেপৰাই বৌদ্ধ ধৰ্মত দৰ্শনৰ প্ৰভাৱ লক্ষণীয়। কেইটামান ৰক্ষণশীল দাৰ্শনিক মতবাদৰ বিৰোধিতা কৰি বৌদ্ধ দৰ্শনৰ সৃষ্টি হৈছিল। বুদ্ধই অস্তিত্বৰ (being) ধাৰণাক অনৈদ্দেশ্যিক বুলি কৈছিল, কাৰণ এই ধাৰণাত অস্তিত্বক এক প্ৰামাণ্য ধৰাণা বুলি গণ্য কৰা হৈছিল। এই মূল সিদ্ধান্তৰ ওপৰতে বৌদ্ধ দৰ্শন প্ৰতিষ্ঠিত হৈছে।

ভাৰতীয় দৰ্শনৰ 'কৰ্ম'ৰ ধাৰণা ('কাৰ্য্য আৰু ফলাফল' (cause and effect): প্ৰতিটো হৈ যোৱা কাম আৰু কৰিবলগীয়া কামৰ মাজত সম্বন্ধ থাকে) বৌদ্ধ দৰ্শনতো বিদ্যমান। প্ৰতিটো ঘটনাই আগতে সংঘটিত কৰা অন্য কাৰ্যৰ ফলাফল। কিন্তু বৌদ্ধ মতবাদত 'অজৰ-অমৰ, স্থায়ী' আত্মাৰ কথা স্বীকাৰ কৰা নহয়।[উদ্ধৃতিৰ প্ৰয়োজন]

শিখ দৰ্শনৰ প্ৰসাৰ[সম্পাদনা কৰক]

ভাৰতত চুফী দৰ্শনৰ প্ৰসাৰ[সম্পাদনা কৰক]

আধুনিক দৰ্শন[সম্পাদনা কৰক]

ভাৰতত ব্ৰিটিছ শাসনৰ কালচোৱাত (১৭৫০-১৯৪৭) 'আধুনিক ভাৰতীয় দৰ্শন'ৰ পাতনি তৰা হয়। এই যুগৰ দাৰ্শনিকসকলে প্ৰাচীন মতবাদৰ সমকালীন ব্যাখ্যা দিবলৈ আৰম্ভ কৰে। স্বামী বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ঋষি অৰবিন্দ, মহাপণ্ডিত ৰাহুল সাংকৃত্যায়ন, স্বামী সহজানন্দ সৰস্বতী, আনন্দ কুমাৰাস্বামী, ৰমন মহৰ্ষি আৰু সৰ্বপল্লী ৰাধাকৃষ্ণন-এ এই আধুনিক ভাৰতীয় দৰ্শনৰ গুৰি ধৰে। ভগৱান শ্ৰী ৰাজনীশ (অ'ছো) আৰু জে. কৃষ্ণমূৰ্তিয়ে নিজা মতবাদৰ প্ৰচলন কৰে।

ৰাজনৈতিক দৰ্শন[সম্পাদনা কৰক]

চাণক্যৰ দ্বাৰা ৰছিত অৰ্থশাস্ত্ৰ ৰাজনীতিৰ দৰ্শন সম্বন্ধে ৰছিত এখন প্ৰাচীন বিখ্যাত পুথি। খ্ৰী.পূ. চতুৰ্থ শতিকাত লিখিত এই পুথিত ৰাজনীতি আৰু অৰ্থনীতিৰ কথা আলোচনা কৰা হৈছে।

ভাৰতীয়া ৰাজনীতি দৰ্শনত আটাইতকৈ প্ৰখ্যাত মতবাদ হৈছে মহাত্মা গান্ধীৰদ্বাৰা ভাৰতৰ স্বাধীনতা যুদ্ধত অনুসৰিত অহিংসা আৰু সত্যাগ্ৰহ নীতি। এই মত ঘাইকৈ ভাৰতীয় দৰ্শনৰ ধৰ্ম (মূলতঃ ভাগৱত গীতাত বৰ্ণিত)-ৰ মতবাদৰ ওপৰত আশ্ৰিত আছিল। সাহিত্যিক লিও টলষ্টয়, হেনৰি ডেভিদ থৰো আৰু জন ৰাস্কিনৰ লেখনীৰ দ্বাৰাও মহাত্মা গান্ধীৰ মতবাদ প্ৰভাৱান্বিত হৈছিল।[18]

তথ্য উৎস[সম্পাদনা কৰক]

  1. p 22, The Principal Upanisads, Harper Collins, 1994
  2. Oxford Dictionary of World Religions, p. 259
  3. Apte, p. 497.
  4. Chatterjee and Datta, p.12.
  5. Flood, (1996) pp. 45, 47.
  6. Flood, op. cit., p. 231–232.
  7. 7.0 7.1 7.2 Chatterjee and Datta, p. 5.
  8. Michaels, p. 264.
  9. J. L. Jaini, (1916) Jaina Law, Bhadrabahu Samhita, (Text with translation ) Arrah, Central jaina publishing House) " As to Jainas being Hindu dissenters, and, therefore governable by Hindu law, we are not told this date of secession [...] Jainism certainly has a longer history than is consistent with its being a creed of dissenters from Hinduism." P.12-13
  10. P.S. Jaini, (1979), The Jaina Path to Purification, Motilal Banarsidass, Delhi, p. 169 "Jainas themselves have no memory of a time when they fell within the Vedic fold. Any theory that attempts to link the two traditions, moreover fails to appreciate rather distinctive and very non-vedic character of Jaina cosmology, soul theory, karmic doctrine and atheism"
  11. Y. Masih (2000) In : A Comparative Study of Religions, Motilal Banarsidass Publ : Delhi, ISBN 81-208-0815-0 “There is no evidence to show that Jainism and Buddhism ever subscribed to vedic sacrifices, vedic deities or caste. They are parallel or native religions of India and have contributed to much to the growth of even classical Hinduism of the present times.” Page 18
  12. Harry Oldmeadow (2007) Light from the East: Eastern Wisdom for the Modern West, World Wisdom, Inc ISBN 1-933316-22-5 "What is historically known is that there was a tradition along with vedic Hinduism known as sramana dharma. Essentially, the sramana tradition included it its fold, the Jain and Buddhist traditions, which disagreed with the eternality of the Vedas, the needs for ritual sacrifices and the supremacy of the Brahmins". Page 141
  13. Dulichand Jain (1998) Thus Spake Lord Mahavir, Sri Ramakrishna Math Chennai, ISBN 81-7120-825-8 Page 15
  14. 14.0 14.1 Singh, Ramjee Dr. Jaina Perspective in Philosophy and Religion, Faridabad, Pujya Sohanalala Smaraka Parsvanatha Sodhapitha, 1993.
  15. Jarl Charpentier: The History of the Jains, in: The Cambridge History of India, vol. 1, Cambridge 1922, p. 153; A.M. Ghatage: Jainism, in: The Age of Imperial Unity, ed. R.C. Majumdar/A.D. Pusalkar, Bombay 1951, p. 411-412; Shantaram Bhalchandra Deo: History of Jaina Monachism, Poona 1956, p. 59-60.
  16. Mehta, T.U (1993). Path of Arhat - A Religious Democracy. 63. Pujya Sohanalala Smaraka Parsvanatha Sodhapitha. http://www.ibiblio.org/jainism/database/BOOK/arhat.doc। আহৰণ কৰা হৈছে: 2008-03-11. 
  17. Tobias, Michael (1991). Life Force. The World of Jainism. প্ৰকাশক Berkeley, California: Asian manush Press. পৃষ্ঠা. 6–7, 15. ISBN 0-89581-899-X. 
  18. Gandhi (1961) p. iii
  • Apte, Vaman Shivram (1965). The Practical Sanskrit-English Dictionary (Fourth Revised and Enlarged Edition সম্পাদনা). প্ৰকাশক Delhi: Motilal Banarsidass Publishers. ISBN 81-208-0567-4. 
  • Chatterjee, Satischandra; Datta, Dhirendramohan (1984). An Introduction to Indian Philosophy (Eighth Reprint Edition সম্পাদনা). প্ৰকাশক Calcutta: University of Calcutta. 
  • Flood, Gavin (1996). An Introduction to Hinduism. প্ৰকাশক Cambridge: Cambridge University Press. ISBN 0-521-43878-0. 
  • Gandhi, M.K. (1961). Non-Violent Resistance (Satyagraha). প্ৰকাশক New York: Schocken Books. 
  • Jain, Dulichand (1998). Thus Spake Lord Mahavir. প্ৰকাশক Chennai: Sri Ramakrishna Math. ISBN 81-7120-825-8. 
  • Michaels, Axel (2004). Hinduism: Past and Present. প্ৰকাশক New York: Princeton University Press. ISBN 0-691-08953-1. 
  • Radhakrishnan, S (1929). Indian Philosophy, Volume 1. Muirhead library of philosophy (2nd edition সম্পাদনা). প্ৰকাশক London: George Allen and Unwin Ltd.. 
  • Radhakrishnan, S.; Moore, CA (1967). A Sourcebook in Indian Philosophy. Princeton. ISBN 0-691-01958-4. 
  • Stevenson, Leslie (2004). Ten theories of human nature. Oxford University Press.  4th edition.
  • Hiriyanna, M.. Essentials of Indian Philosophy. Motilal Banarsidas. ISBN 978-8120813045. 

বহিঃ সংযোগ[সম্পাদনা কৰক]