চাণক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাণক্য

শিল্পীৰ কল্পনাত চাণক্যৰ ছবি
জন্ম খ্ৰীষ্টপূৰ্ব ৩৭০
মৃত্যু খ্ৰীষ্টপূৰ্ব ২৮৩
পাটলিপুত্ৰ (এতিয়া পাটনা, বিহাৰ, ভাৰত)
বাসগৃহ পাটলিপুত্ৰ (এতিয়া পাটনা, বিহাৰ, ভাৰত)
অন্য নাম কৌটিল্য, বিষ্ণুগুপ্ত
শিক্ষানুষ্ঠান তক্ষশীলা
পেচা অধ্যাপক; চন্দ্ৰগুপ্ত মৌৰ্যৰ উপদেষ্টা
জনা যায় মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
উল্লেখযোগ্য কৰ্ম অৰ্থশাস্ত্ৰ (ৰচনাকাৰীতা বিবদমান), চাণক্যনীতি

চাণক্য (ইংৰাজী: Chanakya, খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩)[1] প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা আছিল। তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও অভিহিত কৰা হয়। তেওঁ প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰবিজ্ঞানৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল।[2] তেখেতক ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ জনক, আৰু তেওঁৰ কৰ্মৰাজিক ধ্ৰুপদী অৰ্থনীতিৰ পথপ্ৰৱৰ্তক বুলি বিবেচনা কৰা হয়। গুপ্ত ৰাজবংশৰ শাসনৰ শেষ ফালে তেওঁৰ গ্ৰন্থখন হেৰাই যায়। এইখন পুনৰ আবিষ্কৃত হয় ১৯১৫ খ্ৰীষ্টাব্দত।[3]

তেওঁ প্ৰাচীন তক্ষশীলা বিশ্ববিদ্যালয়ত অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতিৰ অধ্যাপক আছিল। তেওঁ তৰুণ চন্দ্ৰগুপ্তক শিক্ষা প্ৰদান কৰিছিল আৰু মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্থানত তেৱেঁই প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। লিখিতৰূপত পোৱা তথ্য মতে মৌৰ্য সাম্ৰাজ্যই আছিল ভাৰতীয় উপমহাদেশৰ প্ৰথম সৰ্বভাৰতীয় সাম্ৰাজ্য। চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ পুত্ৰ বিন্দুসাৰৰ ৰাজ-উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কিছু সময়লৈ সম্ৰাট অশোকৰো মাৰ্গদৰ্শক আছিল। প্ৰাচীন ভাৰতৰ ইতিহাসত তেওঁৰ অৰ্থনীতি তত্ত্বই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।[4][3][5][6] চাণক্যক "ভাৰতৰ মেকিয়াভেলি" বুলিও আখ্যা দিয়া হয়।[7] যদিওবা তেওঁ নিকোলো মেকিয়াভেলিতকৈ প্ৰায় ১৮০০ বছৰ আগৰ মানুহ আছিল।[8]

জন্ম[সম্পাদনা কৰক]

অসাধাৰণ প্ৰতিভাসম্পন্ন চাণক্যৰ জন্ম হৈছিল বৰ্তমান পাকিস্তানৰ তক্ষশীলাৰ এক ব্ৰাহ্মণ পৰিয়ালত। এই তক্ষশীলাতেই আছিল ভাৰতীয় উপমহাদেশখনৰ ভিতৰতে শীৰ্ষতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান তক্ষশীলা বিশ্ববিদ্যালয়। ৰাজনৈতিক দৰ্শনৰ বাস্তৱ চৰ্চা আৰু ৰাষ্ট্ৰীয় কৌশলৰ প্ৰয়োগ পদ্ধতিৰ নিৰ্দেশনা দানত সিদ্ধহস্ত কৌটিল্যৰ অৱস্থান উপমহাদেশৰ প্ৰাচীন ইতিহাসত অত্যন্ত শক্তিশালী। তেওঁৰ পিতৃ-মাতৃ্ প্ৰদত্ত নাম আছিল বিষ্ণু গুপ্ত। ইয়াৰ উপৰিও তেওঁ তেওঁৰ বিখ্যাত সংস্কৃত গ্ৰন্থ 'অৰ্থশাস্ত্ৰ' ত 'কৌটিল্য', ছদ্মনাম গ্ৰহণ কৰিহিল। 'অৰ্থশাস্ত্ৰক' ৰাষ্ট্ৰশাসন আৰু কূটনীতিৰ কৌশলৰ সাৰসংক্ষেপ বুলি কোৱা হয়। যিহেতু তেওঁ 'কূটিলা গোত্ৰ' উদ্ভূত আছিল, সেই বাবে সেই নাম বৰ্তাই ৰখাৰ বাবে তেওঁ 'কৌটিল্য' ছদ্মনাম গ্ৰহণ কৰিছিল। আনহাতে তেওঁৰ সকলোতকৈ প্ৰিয় নাম 'চাণক্য' ৰ উদ্ভব 'চানকা' ৰ পৰা হৈছিল, কাৰণ এই নামৰ গাৱঁত তেওঁৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতাব্দীত।

নন্দ বংশৰ উৎখাত[সম্পাদনা কৰক]

ৰজা ধনানন্দৰ কৰ্তৃত্বত বিস্তৃত নন্দৰাজ্য, আনুমানিক খ্ৰীষ্টপূৰ্ব ৩৭০
চন্দ্ৰ গুপ্তৰ সাম্ৰাজ্যৰ প্ৰাথমিক অবস্থাত বিস্তৃতি

প্ৰচণ্ড শক্তিশালী নন্দ বংশৰ শাসন উৎখাত কৰি সম্ৰাট অশোকৰ পিতামহ চন্দ্ৰ গুপ্ত মৌৰ্যক ভাৰতৰ শাসন ক্ষমতাত অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁৰেই মূল অৱদান আছিল। চন্দ্ৰ গুপ্ত মৌৰ্যকেই উপমহাদেশখনৰ প্ৰথম ঐতিহাসিক সম্ৰাট হিচাপে বিবেচনা কৰা হয়। চন্দ্ৰ গুপ্তই মগধৰ সিংহাসনত আৰোহণ কৰে আৰু পাটলিপুত্ৰত তেওঁৰ ৰাজ্যৰ ৰাজধানী পাতে। পাটলিপুত্ৰ বৰ্তমানৰ বিহাৰ ৰাজ্যৰ আধুনিক চহৰ পাটনাৰ কাষতেই অৱস্থিত আছিল। খ্ৰীষ্টপূৰ্ব ৩২২ ৰ পৰা খ্ৰীষ্টপূৰ্ব ২৯৮ পৰ্যন্ত চন্দ্ৰ গুপ্তই ৰাজ্য শাসন কৰে। তেওঁৰ সময়কালত সমগ্ৰ ৰাজ্য জুৰি শান্তি বিৰাজমান আছিল, প্ৰজাসকলৰ প্ৰতি তেওঁ অত্যন্ত ন্যায়পৰায়ণ আৰু ৰাজ্যৰ সমৃদ্ধিৰ প্ৰতি যথেষ্ট নিষ্ঠাৱান আছিল। এই সম্পৰ্কে বিস্তাৰিতভাৱে লিপিবদ্ধ প্ৰমাণ পোৱা যায় চন্দ্ৰ গুপ্তৰ দৰবাৰলৈ অহা গ্ৰীক দূত মেগাস্থিনিছে লিখা 'ইণ্ডিকা' নামে গ্ৰন্থত।

নন্দ বংশৰ শেষৰ জন ৰজা প্ৰজা সাধাৰণৰ প্ৰিয়ভাজন নাছিল। এবাৰ তেওঁ চাণক্যক অপমান কৰিছিল। চাণক্যই এই অপমানৰ প্ৰতিশোধ গ্ৰহণৰ প্ৰতিজ্ঞা কৰে। এইফালে তৰুণ আৰু উচ্চাভিলাষী চন্দ্ৰ গুপ্তই নন্দ ৰজা ধনানন্দৰ দৰবাৰত সামৰিক কৰ্মকৰ্তা হিচাপে আছিল। তেওঁ সিংহাসন দখলৰ বাবে এক ষড়যন্ত্ৰ কৰিছিল। কিন্তু তেওঁৰ ষড়যন্ত্ৰ ব্যৰ্থ হয় আৰু জীৱন বচাবলৈ তেওঁ পলাবলৈ বাধ্য হয়। চন্দ্ৰ গুপ্তই যেতিয়া বিন্ধানৰ অৰণ্যত পলাতক হিচাপে আছিল আৰু নিৰ্বাসিত জীৱন যাপন কৰিছিল তেতিয়া ঘটনাক্ৰমে চাণক্যৰ সতে তেওঁৰ সাক্ষাৎ হয়। চন্দ্ৰ গুপ্তই তেওঁৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গ্ৰহণ কৰে চাণক্যক আৰু তেতিয়াই তেওঁক নিজৰ গুৰু, উপদেষ্টা আৰু মন্ত্ৰণাদাতা হিচাপে মানি লয়। পৰৱৰ্তী কালত চাণক্য চন্দ্ৰ গুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰীও হৈছিল।

চাণক্যৰ সক্ৰিয় সাহায্যত চন্দ্ৰগুপ্তই এটি শক্তিশালী সেনাবাহিনী গঢ়ি তোলে আৰু গুৰুৰ দ্বাৰা তৈয়াৰ কৰা সুনিপুণ পৰিকল্পনা অনুসাৰে পদক্ষেপ গ্ৰহণ কৰি শেষ পৰ্যন্ত নন্দ ৰজাক সিংহাসনচ্যুত কৰাত সক্ষম হয়। ইয়াৰ পিছত মগধৰ সিংহাসনত আৰোহণ কৰে চন্দ্ৰ গুপ্ত মৌৰ্যই।

প্ৰধানমন্ত্ৰী চাণক্য[সম্পাদনা কৰক]

মৌৰ্য আমোলৰ চকা আৰু হাতী প্ৰতীকযুক্ত ৰূপৰ মুদ্ৰা, খ্ৰীষ্টপূৰ্ব ৩য় শতক

আলেকজেণ্ডাৰৰ আকস্মিক মৃত্যুত গ্ৰীক শাসনৰ বিৰুদ্ধে পাঞ্জাবত বিদ্ৰোহৰ সূচনা হয় আৰু এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি চন্দ্ৰগুপ্তই গ্ৰীক বাহিনীৰ ওপৰত আক্ৰমণ চলাই সিহঁতক পৰাজিত কৰে আৰু পাঞ্জাবক নিজ শাসনলৈ আনে। চন্দ্ৰগুপ্তই সন্ধিৰ চুক্তি স্বৰূপে গ্ৰীক সেনাপতি চেলুকচ নিকেটৰৰ জীয়ৰী হেলেনাক বিয়া কৰায়। পাছত চন্দ্ৰগুপ্তই এখন এখনকৈ পশ্চিম ভাৰতৰ সকলো ৰাজ্য বিজয় কৰি এক শক্তিশালী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। সাম্ৰাজ্য দক্ষতাৰে পৰিচালনাৰ বাবে তেওঁ এখন মন্ত্ৰী পৰিষদ গঠন কৰি চাণক্যক প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰে।

কেনে চৰম পৰিস্থিতিত চন্দ্ৰগুপ্তই নন্দ বংশক ক্ষমতাচ্যুত কৰি নিজৰ বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সেয়া ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে পঞ্চম শতাব্দীতে লিখিত এখন ৰাজনৈতিক নাটক 'মুদ্ৰা ৰাক্ষস'ত। এই নাটকৰ ৰচয়িতা বিশাখাদত্ত নামে এজন প্ৰাচীন নাট্যকাৰ। শতাব্দীৰ পিছত শতাব্দী ধৰি এই নাটকখন পঠিত, মঞ্চস্থ আৰু প্ৰশংসিত হৈ আছে।

চন্দ্ৰগুপ্তৰ শ্ৰদ্ধেয় গুৰু আৰু প্ৰধানমন্ত্ৰী হিচাপে চাণক্যই বিলাসবহুল জীৱন কটাব পাৰিলেহেঁতেন জাকজমকতাপূৰ্ণ প্ৰাসাদত। কিন্তু তেওঁ ইয়াৰ পৰিৱৰ্তে খুব সাধাৰণভাৱে এটি সাধাৰণ ঘৰত বসবাস কৰিছিল। এই ঘৰটি অৱস্থিত আছিল এখন শ্মশানত। সেই ঠাইত ক্ষমতাৰ দৃশ্যপটৰ পৰা দূৰত অৱস্থান কৰি তেওঁ বহু শিষ্যক ৰাজ্যশাসনৰ কৌশলগত শিক্ষা দিছিল আৰু নৈতিক আৰু আৰ্থ-সামাজিক বিষয়ত জ্ঞান দান কৰিছিল। এইবোৰৰ উপৰিও তেওঁ তেওঁৰ ৰাজপ্ৰদত্ত দায়িত্ব পালন কৰিছিল বিশ্বস্বতাৰ সৈতে। চন্দ্ৰগুপ্তৰ জীৱনত তেওঁ আছিল অভিভাৱক, স্বৰ্গীয় দূত সদৃশ সঁচা বন্ধু, দাৰ্শনিক আৰু গুৰু।

চাণক্যৰ অৰ্থশাস্ত্ৰ[সম্পাদনা কৰক]

চাণক্যৰ বিৰাট সাহিত্য কৰ্ম 'অৰ্থশাস্ত্ৰ', যাৰ শব্দগত অৰ্থ 'পৃথিবীত সাধাৰণ কল্যাণ বিষয়ক বিবৰণী। ' এই গ্ৰন্থত লিপিবদ্ধ হৈছে শাসকৰ উদ্দেশ্যে পৰামৰ্শ যে, কেনেদৰে এজন শাসকে তেওঁৰ প্ৰজাৰ নিৰাপত্তা, কল্যাণ আৰু জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে কাম কৰাটো দৰকাৰ আৰু কেনেদৰে নতুন ভূখণ্ড তথা মূল্যবান সম্পদ নিজ সাম্ৰাজ্যভুক্ত কৰিব লাগে। চাণক্যই যিবোৰ পৰামৰ্শ বা নিৰ্দেশনা সেই গ্ৰন্থত লিপিবদ্ধ কৰিছে সেইবোৰৰ অধিকাংশই কেৱল ৰাজ্যশাসনেই নহয় ডাঙৰ ডাঙৰ বাণিজ্যিক প্ৰতিষ্ঠান পৰিচালনা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰতো প্ৰযোজ্য। চাণক্য উপমহাদেশত ৰাষ্ট্ৰবিজ্ঞানৰ প্ৰথম প্ৰবক্তা আৰু তেওঁৰ কিছুমান নীতি বিশ্বজনীনভাবে প্ৰযোজ্য।

এই বিজ্ঞ আৰু বাস্তবজ্ঞান সম্পন্ন দাৰ্শনিকে ধৰ্ম, নীতিশাস্ত্ৰ, সামাজিক আচৰণ আৰু ৰাজনীতিৰ ক্ষেত্ৰত বিশেষ কিছু পৰ্যবেক্ষণ দাঙি ধৰিছিল। এইবোৰৰ কিছু কিছু অন্যান্য বিবৰণীত সংগৃহীত আছে। এই ধৰণৰ এটি সংকলনৰ নাম 'চাণক্য নীতি দৰ্পণ'। তাৰ কথাবোৰ হয়তো আধুনিক যুগৰ পৰিশীলিত কথাবাৰ্তাতকৈ ভিন্ন, কিন্তু দুই হাজাৰ বছৰৰ অধিক সময়ৰ ব্যবধানতো সেইবোৰে গুৰুত্ব হেৰাই পেলোৱা নাই।

চাণক্য তেওঁৰ কালোত্তীৰ্ণ গ্ৰন্থ 'অৰ্থশাস্ত্ৰত' ৰজাকে পৰামৰ্শ দিছে, "যি ৰজাই শত্ৰুৰ গতিবিধি সম্পৰ্কে ধাৰণা কৰিব নোৱাৰে আৰু কেৱল অভিযোগ কৰে যে তেওঁৰ পিঠিত তেওঁৰ অজ্ঞাতে ছুৰিকাঘাত কৰা হৈছে, তেওঁক সিংহাসনচ্যুত কৰা উচিত। "

চাণক্যই তেওঁৰ নীতিকথাত কৈছিল, "মনৰ বাসনাক দূৰীভূত কৰা উচিত নহয়। এই বাসনাবোৰক গানৰ গুঞ্জনৰ নিচিনাকৈ কামত লগোৱা উচিত। "

"পৰিশ্ৰমীৰ বাবে কোনো কামেই অসাধ্য নহয়। শিক্ষিত কোনো ব্যক্তিৰ বাবে কোন দেশেই বিদেশ নহয়। মিষ্টভাষীৰ কোন শত্ৰু নাই। "

"বিৰাট পশুৰ জাকৰ মাজতো পোৱালিয়ে তাৰ মাকক বিচাৰি পায়। অনুৰূপ ভাৱে যিয়ে কাম কৰে অৰ্থই সকলো সময়তে তাকেই অনুসৰণ কৰে। "

"মন খাঁটি হলে পবিত্ৰ স্থানত গমন অৰ্থহীন। "

অনাড়ম্বৰ জীৱন-যাপন[সম্পাদনা কৰক]

চাণক্যই তেওঁৰ জীৱিত কালত, আনকি মৃত্যুৰ পাছতো ভাৰতৰ ভিতৰতে অত্যন্ত জনপ্ৰিয় আৰু ব্যতিক্ৰমী প্ৰতিভাৰ অধিকাৰী পণ্ডিত, সাধু, দেশপ্ৰেমিক, গুৰু আৰু কৰ্মবীৰ হিচাপে জনসমাজত শ্ৰদ্ধেয় আছিল। প্ৰথমেই তেওঁ পাঞ্জাবক বিদেশী শাসন (গ্ৰীক) মুক্ত কৰাত ৰজাক সহায় কৰিছিল। ইয়াৰ পিছত অযোগ্য শাসক নন্দ ৰজাক উৎখাত কৰি চন্দ্ৰগুপ্তৰ সাম্ৰাজ্যৰ লগত আৰু ৰাজ্য যুক্ত কৰে আৰু সাম্ৰাজ্যত শান্তি, সমৃদ্ধি আৰু ন্যায়বিচাৰ নিশ্চিত কৰাত তেওঁৰ ভূমিকা পালন কৰে। সন্ন্যাসীৰ দৰে জীৱন যাপন কৰি প্ৰধানমন্ত্ৰীৰ দায়িত্বও পালন কৰে। অসংখ্য শিষ্যক তেওঁ জ্ঞান দান কৰে। তেওঁ শিষ্যসকলক দেশপ্ৰেম, ৰজাৰ প্ৰতি আনুগত্যৰ শিক্ষা দিয়াৰ লগতে প্ৰজাৰ কল্যাণ নিশ্চিত কৰাত সকলো সময়তে ৰজাক উদ্বুদ্ধ কৰিছিল। গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ দৰে চাণক্যৰ চেহেৰাও সুন্দৰ বা আকৰ্ষণীয় নাছিল আৰু দৈহিক গঠনো আছিল আকৰ্ষণহীন। দুৰ্বল স্বাস্থ্যৰ অধিকাৰী আছিল তেওঁ, যদিও ছক্ৰেটিছৰ নিচিনাই পণ্ডিত আৰু দাৰ্শনিক আছিল।

মৃত্যু[সম্পাদনা কৰক]

লোক কথা মতে চাণক্যই তেওঁৰ জীৱনৰ শেষকালত অৰণ্যলৈ গুচি যায় আৰু তাতে আমৰণ অনশনৰ দ্বাৰা প্ৰাণত্যাগ কৰে। জৈন লিখক হেমচন্দ্ৰই উল্লেখ কৰা আন এক লোক-কথা অনুসৰি সুবন্ধু নামেৰে বিন্দুসাৰৰ এজন মন্ত্ৰীৰ ষড়যন্ত্ৰৰ বলি হৈ চাণক্যই মৃত্যুবৰণ কৰে।

চাণক্য শ্লোক[সম্পাদনা কৰক]

প্ৰচলিত কিছুমান চাণক্য শ্লোক(অনূদিত) তলত উল্লেখ কৰা হʼল-[9]

  • অধমসকলে ধন বিচাৰে, মধ্যমসকলে ধন আৰু মান বিচাৰে। উত্তমসকলে কেৱল মান বিচাৰে। মানেই মহৎলোকসকলৰ ধন।
  • অনেক মানুহে চাৰি বেদ আৰু ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিও আত্মাক নাজানে, হেতাই যেনেকৈ ৰন্ধন-ৰস নাজানে।
  • অবহেলাযত কৰ্মনাশ হয়, যথেষ্ট ভোজনত কুলনাশ হয়, ভিক্ষাত সম্মান-নাশ হয়, দাৰিদ্ৰ্যত বুদ্ধিনাশ হয়।
  • অভ্যাসহীন বিদ্যা, অজীৰ্ণত ভোজন, দৰিদ্ৰৰ সভাত কালক্ষেপ আৰু বৃদ্ধৰ তৰুণী ভাৰ্যা বিষতুল্য।
  • অহংকাৰৰ নিচিনা শত্ৰু নাই।
  • আদৰ কৰাৰ অনেক দোষ, শাসন কৰাৰ অনেক গুণ, সেয়েহে পুত্ৰ আৰু শিষ্যক শাসন কৰাই দৰকাৰ, আদৰ কৰাটো নহয়।
  • আপদৰ নিশ্চিত পথ হʼল ইন্দ্ৰিয়বোৰৰ অসংযম, এইবোৰ জয় কৰাটো হʼল সম্পদৰ পথ, যাৰ যিটো ঈপ্সিত সি সেই পথেৰেই যায়।
  • ইন্দ্ৰিয়ৰ যি অধীন তাৰ চতুৰঙ্গ সেনা থাকিলেও সি বিনষ্ট হয়।
  • উৎসৱত, বিপদত, দুৰ্ভিক্ষত, শত্ৰুৰ লগত সংগ্ৰামকালত, ৰাজদ্বাৰত আৰু শ্মশানত যি লগত থাকে, সিয়েই প্ৰকৃত বন্ধু।
  • ঋণ, অগ্নি আৰু ব্যাধিৰ শেষ ৰখাতো উচিত নহয়, কাৰণ এইবোৰ আকৌ বাঢ়ি যাব পাৰে।
  • এটি দোষে বহু গুণকো গ্ৰাস কৰে।
  • শত মুৰ্খ পুত্ৰতকৈ এটি গুণী পুত্ৰ শ্ৰেয়। এটি চন্দ্ৰই অন্ধকাৰ দূৰ কৰে, সকলো তৰাই মিলিও নোৱাৰে।
  • কৰ্কশ কথা অগ্নিদাহতকৈও ভয়ঙ্কৰ।
  • খাই যাৰ হজম হয়, ব্যাধি তাৰ দূৰত ৰয়।
  • গুণবানক আশ্ৰয় দিলে নিৰ্গুণো গুণী হয়।
  • ধৰ্মতকৈ ব্যবহাৰ ডাঙৰ।
  • পাপীয়ে বিক্ষোভৰ ভয় নকৰে।
  • পুত্ৰ যদি হয় গুণবান, পিতামাতাৰ বাবে সেয়া স্বৰ্গ সমান।
  • বিনয় সকলোৰে ভূষণ।
  • ভোগবাসনাত বুদ্ধি আচ্ছন্ন হয়।
  • নিয়মিত ভোজনতেই স্বাস্থ্যলাভ হয়।
  • যশবানৰ বিনাশ নাই।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. S. K. Agarwal (1 September 2008). Towards Improving Governance. Academic Foundation. পৃষ্ঠা. 17. ISBN 978-81-7188-666-1. http://books.google.com/books?id=1nIkFqh_TmEC&pg=PA17। আহৰণ কৰা হৈছে: 2012-06-06. 
  2. Mabbett, I. W. (1964). "The Date of the Arthaśāstra". Journal of the American Oriental Society (American Oriental Society) খণ্ড 84 (2): 162–169. doi:10.2307/597102. ISSN 0003-0279. 
  3. 3.0 3.1 Waldauer, C., Zahka, W.J. and Pal, S. 1996. Kauṭilya's Arthashastra: A neglected precursor to classical economics. Indian Economic Review, Vol. XXXI, No. 1, pp. 101–108.
  4. L. K. Jha, K. N. Jha (1998). "Chanakya: the pioneer economist of the world", International Journal of Social Economics 25 (2–4), p. 267–282.
  5. Tisdell, C. 2003. A Western perspective of Kauṭilya's Arthasastra: does it provide a basis for economic science? Economic Theory, Applications and Issues Working Paper No. 18. Brisbane: School of Economics, The University of Queensland.
  6. Sihag, B.S. 2007. Kauṭilya on institutions, governance, knowledge, ethics and prosperity. Humanomics 23 (1): 5–28.
  7. "The Indian Machiavelli" or Political Theory in India Two Thousand Years Ago by Herbert H. Gowen. Political Science Quarterly Vol. 44, No. 2 (Jun. 1929), pp. 173–192. Published by: The Academy of Political Science.
  8. Herbert H. Gowen (1929). and in a much more conventional world.or Political Theory in India Two Thousand Years Ago, Political Science Quarterly 44 (2), p. 173–192.
  9. মো. আবুল হোসেন. চাণক্য-শ্লোক : কে ছিলেন চাণক্য?. প্ৰথম আলো ব্লগ. http://prothom-aloblog.com/posts/16/46260. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]