মৌৰ্য সাম্ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৌৰ্য সাম্ৰাজ্য

 

ৰ্খ্ৰীষ্টপূৰ্ব ৩২২–খ্ৰীষ্টপূৰ্ব ১৮৫
 

 

 

মৌৰ্য সাম্ৰাজ্যৰ সৰ্বাধিক বিস্তৃত ৰূপ
ৰাজধানী পাটলিপুত্ৰ (বৰ্তমানৰ পাটনা)
ভাষা(সমূহ) পৌৰাণিক ইণ্ডিক (যেনে মাগধী প্ৰাকৃত, অন্যান্য প্ৰাকৃত, সংস্কৃত)
ধৰ্ম হিন্দুধৰ্ম
বৌদ্ধ ধৰ্ম
জৈনধৰ্ম
অজিভিকা
চৰকাৰ অৰ্থশাস্ত্ৰত উল্লেখ থকা মতে পূৰ্ণ ৰাজতন্ত্ৰ
সম্ৰাট
 - ৩২০–২৯৮ খ্ৰী:পূ: চন্দ্ৰগুপ্ত মৌৰ্য
 - ২৯৮–২৭২ খ্ৰী:পূ: বিন্দুসাৰ
 - ২৬৮–২৩২ খ্ৰী:পূ: অশোক
 - ২৩২–২২৪ খ্ৰী:পূ: দশৰথ মৌৰ্য
 - ২২৪–২১৫ খ্ৰী:পূ: সম্প্ৰতি
 - ২১৫–২০২ খ্ৰী:পূ: শালিশুক
কাল পৌৰাণিক
 - স্থাপিত ৰ্খ্ৰীষ্টপূৰ্ব ৩২২
 - পতন খ্ৰীষ্টপূৰ্ব ১৮৫
Area 50,00,000 km2 (19,30,511 sq mi)
Currency পানা
Today part of  আফগানিস্তান
 বাংলাদেশ
 ভূটান
 ভাৰত
 ইৰান
 নেপাল
 পাকিস্তান
Warning: Value specified for "continent" does not comply
মৌৰ্য ৰজাসকল (৩২৪ খ্ৰী:পূ: – ১৮০ খ্ৰী:পূ:)
চন্দ্ৰগুপ্ত (৩২৪-২৯৭ খ্ৰী:পূ:)
বিন্দুসাৰ (২৯৭-২৭৩ খ্ৰী:পূ:)
অশোক (২৬৮-২৩২ খ্ৰী:পূ:)
দশৰথ (২৩২-২২৪ খ্ৰী:পূ:)
সম্প্ৰতি (২২৪-২১৫ খ্ৰী:পূ:)
শালিশুক (২১৫-২০২ খ্ৰী:পূ:)
দেৱবৰ্মন (২০২-১৯৫ খ্ৰী:পূ:)
শতধনৱান (১৯৫-১৮৭ খ্ৰী:পূ:)
বৃহদ্ৰথ (১৮৭-১৮০ খ্ৰী:পূ:)
পুষ্যামিত্ৰ শুংগ
(শুংগ সাম্ৰাজ্য)
(১৮০-১৪৯ খ্ৰী:পূ:)

মৌৰ্য সাম্ৰাজ্য (ইংৰাজী:  Maurya Empire) লৌহ যুগৰ অবিভক্ত প্ৰাচীন ভাৰতৰ এক বৃহৎ ৰাজনৈতিক শক্তি। খ্ৰীষ্টপূৰ্ব ৩২২-১৮৫ লৈকে মৌৰ্য ৰাজবংশই মৌৰ্য সাম্ৰাজ্যত ৰাজত্ব কৰিছিল। ইণ্ডো-গংগা সমভূমিৰ মগধ ৰাজ্য (বৰ্তমানৰ বিহাৰ) আৰু উত্তৰ প্ৰদেশৰ পূব অংশৰ পৰা উদ্ভৱ হোৱা মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আছিল পাটলিপুত্ৰ।[1][2] ৩২২ খ্ৰী:পূ:ত চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ ৰাজবংশক ক্ষমতাচ্যুত কৰি মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু চাণক্যৰ সহায়ত আলেকজেণ্ডাৰৰ দ্বিগ্বিজয়ৰ সময়ত মহাজনপদসমূহৰ অস্থিৰতাৰ সুযোগ লৈ ভাৰতৰ মধ্য আৰু পশ্চিম অংশলৈ দ্ৰুতগতিত সাম্ৰাজ্য বিস্তাৰ কৰে। ৩১২ খ্ৰী:পূ:লৈ মৌৰ্য সাম্ৰাজ্যই ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰ-পশ্চিম অংশলৈ বিস্তৃতি লাভ কৰে।[3] ইয়াৰ পিছত চন্দ্ৰগুপ্ত মৌৰ্যই আলেকজেণ্ডাৰৰ মেচিড’নিয়ান সেনানায়ক চেলুকছৰ নেতৃত্বত অহা গ্ৰীক সৈন্যক পৰাভূত কৰে আৰু সিন্ধু নদীৰ পশ্চিমলৈ সাম্ৰাজ্য বিস্তাৰ কৰে।[4]

মৌৰ্য সাম্ৰাজ্য সেই সময়ৰ পৃথিৱীৰ বৃহত্তম সাম্ৰাজ্যসমূহৰ অন্যতম আছিল। পূৰ্ণাংগ বা সৰ্বাধিক বিস্তৃত ৰূপত এই সাম্ৰাজ্যৰ সীমা আছিল উত্তৰে হিমালয় পৰ্বত, পূবে অসম, পশ্চিমে বেলুচিস্তান (দক্ষিণ পশ্চিম পাকিস্তান আৰু দক্ষিণ পূব ইৰাণ) আৰু হিন্দুকুশ পৰ্বত (বৰ্তমানৰ আফগানিস্তান)।[5] সম্ৰাট চন্দ্ৰগুপ্ত আৰু বিন্দুসাৰৰ অধীনত ভাৰতৰ মধ্য আৰু দক্ষিণ প্ৰান্তলৈকে এই সাম্ৰাজ্যই বিস্তৃতি লাভ কৰিছিল।[6][7] তেওঁলোকৰ শাসনকালত একাংশ জনজাতি আৰু কলিঙ্গৰ (বৰ্তমানৰ উৰিষ্যা) ওচৰৰ কিছু অৰণ্য অঞ্চল পৰাভূত কৰিবলৈ বাকী ৰয় যদিও অশোকৰ শাসনকালত সেই অঞ্চলসমূহো মৌৰ্য সাম্ৰাজ্যৰ ভিতৰুৱা হয়।[8] অশোকৰ ৰাজত্বৰ অৱসান ঘটাৰ প্ৰায় ৫০ বছৰমানৰ পিছত মগধত শুংগ ৰাজবংশৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটে।

চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ উত্তৰসূৰীসকলৰ শাসনকালত এক কাৰ্যকৰী বিত্তীয়, প্ৰশাসনিক আৰু সুৰক্ষা ব্যৱস্থাৰ বাবে সমগ্ৰ ভাৰততে বেপাৰ-বাণিজ্য, কৃষি আৰু অৰ্থনৈতিক কাম-কাজে উন্নত ৰূপত বিস্তাৰ লাভ কৰে। কলিঙ্গ যুদ্ধৰ পিছৰ প্ৰায় ৫০ বছৰ সম্ৰাট অশোকৰ অধীনত ৰাজ্যখনে এক শান্তি আৰু সুৰক্ষাৰ অৱস্থা লাভ কৰে। মৌৰ্য যুগটোক সামাজিক সমন্বয়, ধাৰ্মিক পৰিৱৰ্তন আৰু বিজ্ঞান তথা জ্ঞানৰ প্ৰসাৰৰ যুগ বুলি কোৱা হয়। জৈন ধৰ্মৰ আৰু বৌদ্ধ ধৰ্মৰ প্ৰতি যথাক্ৰমে চন্দ্ৰগুপ্ত মৌৰ্য আৰু সম্ৰাট অশোকে দেখুওৱা সঁহাৰিৰ ফলত সমগ্ৰ ভাৰততে ধাৰ্মিক দিশটোৰ নবীকৰণ হোৱাৰ লগতে ৰাজনৈতিক শান্তি আৰু অহিংসাই প্ৰাধান্য লাভ কৰে। অশোকে শ্ৰীলংকাকে ধৰি দক্ষিণ-পূব আৰু পশ্চিম এছিয়া আৰু মেডিটেৰেনিয়ান ইউৰোপত বৌদ্ধ ধৰ্মৰ দৰ্শনসমূহ প্ৰসাৰৰ পৃষ্ঠপোষকতা কৰিছিল।[9][3]

মৌৰ্য সাম্ৰাজ্যৰ আনুমানিক জনসংখ্যা ৫-৬ কোটি বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ ফলত মৌৰ্য সাম্ৰাজ্য পৌৰাণিক যুগৰ আটাইতকৈ জনবহূল সাম্ৰাজ্যসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে।[10][11] অৰ্থশাস্ত্ৰ[12] আৰু সম্ৰাট অশোকৰ ঘোষণা বা বাণীসমূহ মৌৰ্য যুগৰ প্ৰধান লিখিত সমল। অশোকৰ দ্বাৰা নিৰ্মিত অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে।

ইতিহাস[সম্পাদনা কৰক]

চন্দ্ৰগুপ্ত মৌৰ্য আৰু চাণক্য[সম্পাদনা কৰক]

তক্ষশীলা বিশ্ববিদ্যালয়ৰ শিক্ষক, অৰ্থশাস্ত্ৰৰ প্ৰণেতা চাণক্যৰ সহায়ত চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে। কিংবদন্তি মতে মগধ আছিল চুবুৰীয়া ৰাজ্যসমূহে ভয় কৰা বৃহৎ আৰু সামৰিক শক্তিসম্পন্ন ৰাজ্য। এবাৰ চাণক্য মগধলৈ যাওঁতে মগধৰ ৰজা নন্দ ৰাজবংশৰ ধন নন্দই তেওঁক অপমান কৰে। ফলস্বৰূপে চাণক্যই নন্দ সাম্ৰাজ্য ধ্বংস কৰি এই কথাৰ পোতক তোলাৰ পণ লয়।[13] সেই সময়তে মহাবীৰ আলেকজেণ্ডাৰৰ দিগ্বিজয়ী সৈন্য বীজ নদীৰ পাৰ পায়হি যদিও মগধৰ সৈতে যুঁজিবলৈ অপাৰগ হয়। ইয়াৰ পিছত আলেকজেণ্ডাৰে তেওঁৰ সিংহভাগ সৈন্য সিন্ধু নদীৰ পশ্চিমে বহুৱাই থৈ বেবিলনলৈ উলটি যায়। ৩২৩ খ্ৰী:পূ:ত আলেকজেণ্ডাৰৰ মৃত্যু হোৱাত তেওঁৰ সাম্ৰাজ্য খণ্ডিত হৈ পৰে আৰু স্থানীয় ৰজাসকলে ইয়াৰ সুযোগ লৈ স্বাধীনতা ঘোষণা কৰে।

গ্ৰীক সৈন্যবাহিনীৰ সেনাধ্যক্ষ ইউডিমাছ আৰু পেইথনে প্ৰায় ৩১৭ খ্ৰী:পূ:লৈকে শাসন চলায় যদিও চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁৰ উপদেষ্টা চাণক্যৰ সহায়ত মেচিড’নিয়ানসকলক পৰাভূত কৰি সমগ্ৰ অঞ্চলটো একত্ৰিত কৰে আৰু মগধৰ ৰাজপাটত বহে।[3]

চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্থান এতিয়াও বিভিন্ন ৰহস্য আৰু বিতৰ্কৰ আৱৰ্তত আছে। বিশাখাদত্তৰ মুদ্ৰাৰাক্ষসৰ (ৰাক্ষসৰ কবিতা – ইয়াত উল্লেখিত 'ৰাক্ষস' হৈছে মগধৰ প্ৰধান মন্ত্ৰী) দৰে পৌৰাণিক ভাৰতীয় লেখনিত চন্দ্ৰগুপ্তৰ পূৰ্বপুৰুষৰ বিষয়ে আলোচনা কৰা হৈছে আৰু আনকি নন্দ বংশৰ লগতো তেওঁৰ সম্পৰ্ক দেখুওৱা হৈছে। প্ৰাচীন বৌদ্ধ লেখনি মহাপৰিনিব্বান সূত্তত মৌৰ্য নামৰ এক ক্ষত্ৰিয় বংশৰ উল্লেখ আছে। গ্ৰীক লেখনি চেন্দ্ৰ’কট্টছত আলেকজেণ্ডাৰৰ বালক চন্দ্ৰগুপ্তৰ সৈতে সাক্ষাৎ হোৱাৰ কথা কোৱা হৈছে।[14] নন্দ ৰজাৰ সৈতেও তেওঁৰ সাক্ষাৎ হোৱাৰ কথা কোৱা হয় য’ত তেওঁ নন্দ ৰজাৰ খং তুলি কথমপি পলাই আহে।[15] চাণক্যৰ প্ৰধান লক্ষ্য আছিল চন্দ্ৰগুপ্তৰ অধীনত এক গেৰিলা বাহিনীক প্ৰশিক্ষণ দিয়া। বিশাখাদত্তৰ মুদ্ৰাৰাক্ষস আৰু জৈন ধৰ্মৰ পৰিশিষ্টপাৰ্বন গ্ৰন্থত হিমালয়ৰ ৰজা পৰ্বতকৰ (কোনো সময়ত পৰুশ বুলিও পৰিচিত) সৈতে চাণক্যৰ মিত্ৰতাৰ কথা কোৱা হৈছে।[16][17][18]

মহামতি অশোক[সম্পাদনা কৰক]

সাৰনাথৰ অশোক স্তম্ভ, ২৫০ খ্ৰী:পূ:

যুৱৰাজ হিচাপে অশোকে সুশৃংখলিত ৰূপত নেতৃত্ব দি উজ্জয়িনী আৰু তক্ষশীলাৰ বিদ্ৰোহ দমন কৰিছিল। ৰজা হিচাপে তেওঁ আছিল উচ্চাকাংক্ষী আৰু আগ্ৰাসী। অশোকে ভাৰতবৰ্ষৰ দক্ষিণ আৰু পশ্চিম প্ৰান্তলৈকে একছত্ৰী আধিপত্য স্থাপন কৰিছিল। কিন্তু ২৬২-২৬১ খ্ৰী:পূ:ত হোৱা কলিঙ্গ যুদ্ধই সম্ৰাট অশোকৰ জীৱনৰ সুঁতি সলনি কৰে। এই যুদ্ধত অশোকৰ ১০ হাজাৰ সেনাৰ লগতে প্ৰায় ১ লাখ সৈন্য আৰু সাধাৰণ লোকৰ মৃত্যু হয়। যুদ্ধত জয়ী হ’লেও এই যুদ্ধই অগণন লোকলৈ কঢ়িয়াই অনা বিভীষিকা তেওঁ স্বচক্ষে দেখা পায় আৰু ইয়াৰ বাবে অনুতপ্ত হয়। ইয়াৰ পিছতেই তেওঁ বৌদ্ধ ধৰ্মৰ নীতিসমূহ অনুসৰণ কৰে আৰু যুদ্ধ তথা হিংসা পৰিহাৰ কৰে। তেওঁ সমগ্ৰ ভাৰত আৰু এছিয়াতে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ হকে অহোপুৰুষাৰ্থ কৰে।

অশোকে অহিংসাৰ নীতি প্ৰৱৰ্ত্তন কৰি হিংসাত্মক ক্ৰীড়া আৰু বলপূৰ্বক কৰ্ম নিয়োজন নিষিদ্ধ কৰে। অৱশ্যে প্ৰশাসনীয় কাম-কাজ নিয়াৰিকৈ চলাবলৈ তেওঁ এক শক্তিশালী সেনাবাহিনী ৰাখিছিল। সমগ্ৰ এছিয়া আৰু ইউৰোপৰ সৈতেও অশোকে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বঢ়াই তোলে। প্ৰায় ৪০ বছৰীয়া শান্তি, সমন্বয় আৰু সমৃদ্ধিৰ বাবে সম্ৰাট অশোক ভাৰতৰ ইতিহাসৰ এক অন্যতম সফল শাসক হিচাপে পৰিগণিত।

পতন[সম্পাদনা কৰক]

অশোকৰ পিছত প্ৰায় ৫০ বছৰ কালৰ ৰজাসকল তুলনামূলকভাৱে দুৰ্বল আছিল। ১৮৫ খ্ৰী:পূ:ত অন্তিমজন মৌৰ্য ৰজা বৃহদ্ৰথ সেনাবাহিনীৰ এক পেৰেডৰ সময়ত হত্যাৰ বলি হয়। ইয়াৰ পিছত সেনাবাহিনীটোৰ মুখ্য সেনাধ্যক্ষ পুষ্যামিত্ৰ শুংগই শাসনভাৰ লয় আৰু শুংগ ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। [19]

টোকা[সম্পাদনা কৰক]

  1. Kulke, Hermann; Rothermund, Dietmar (2004). A History of India. 4th edition. Routledge, Pp. xii, 448. ISBN 0-415-32920-5. http://www.amazon.com/History-India-Hermann-Kulke/dp/0415329205/. 
  2. Thapar, Romila (1990). A History of India, Volume 1. New Delhi and London: Penguin Books. Pp. 384. ISBN 0-14-013835-8. http://www.amazon.com/History-India-Penguin/dp/0140138358/. 
  3. 3.0 3.1 3.2 Rajadhyaksha, Abhijit (2009-08-02). "The Mauryas: Chandragupta". Historyfiles.co.uk. http://www.historyfiles.co.uk/FeaturesFarEast/India_IronAge_Mauryas01.htm। আহৰণ কৰা হৈছে: 2012-03-01. 
  4. Seleucus I ceded the territories of Arachosia (modern Kandahar), Gedrosia (modern Balochistan), and Paropamisadae (or Gandhara). Aria (modern Herat) "has been wrongly included in the list of ceded satrapies by some scholars [...] on the basis of wrong assessments of the passage of Strabo [...] and a statement by Pliny." (Raychaudhuri & Mukherjee 1996, p. 594). Seleucus "must [...] have held Aria", and furthermore, his "son Antiochos was active there fifteen years later." (Grainger 2014, p. 109).
  5. The account of Strabo indicates that the western-most territory of the empire extended from the southeastern Hindu Kush, through the region of Kandahar, to coastal Balochistan to the south of that (Raychaudhuri & Mukherjee 1996, p. 594).
  6. Sri Lanka and the southernmost parts of India (modern Tamil Nadu and Kerala) remained independent, despite the diplomacy and cultural influence of their larger neighbor to the north (Schwartzberg 1992, p. 18; Kulke & Rothermund 2004, p. 68).
  7. The empire was once thought to have directly controlled most of the Indian subcontinent excepting the far south, but its core regions are now thought to have been separated by large tribal regions (especially in the Deccan peninsula) that were relatively autonomous. (Kulke & Rothermund 2004, p. 68-71, as well as Stein 1998, p. 74). "The major part of the Deccan was ruled by [Mauryan administration]. But in the belt of land on either side of the Nerbudda, the Godavari and the upper Mahanadi there were, in all probability, certain areas that were technically outside the limits of the empire proper. Ashoka evidently draws a distinction between the forests and the inhabiting tribes which are in the dominions (vijita) and peoples on the border (anta avijita) for whose benefit some of the special edicts were issued. Certain vassal tribes are specifically mentioned." (Raychaudhuri & Mukherjee pp. 275–6)
  8. Kalinga had been conquered by the preceding Nanda Dynasty but subsequently broke free until it was re-conquered by Ashoka, c. 260 BCE. (Raychaudhuri & Mukherjee, pp. 204–209, pp. 270–271)
  9. "Buddhism in Iran, Mehrak Golestan". iranian.com. 2004-12-15. http://www.iranian.com/History/2004/December/Buddhism/index.html। আহৰণ কৰা হৈছে: 2014-07-25. 
  10. Boesche, Roger (2003-03-01). The First Great Political Realist: Kautilya and His Arthashastra. পৃষ্ঠা. 11. ISBN 9780739106075. https://books.google.com/books?id=K85NA7Rg67wC. 
  11. Demeny, Paul George; McNicoll, Geoffrey (May 2003). Encyclopedia of population. ISBN 9780028656793. https://books.google.com/books?id=4jQOAQAAMAAJ. 
  12. "It is doubtful if, in its present shape, [the Arthashastra] is as old as the time of the first Maurya," as it probably contains layers of text ranging from Maurya times till as late as the 2nd century CE. Nonetheless, "though a comparatively late work, it may be used [...] to confirm and supplement the information gleaned from earlier sources." (Raychaudhuri & Mukherjee 1996, pp.246–7)
  13. Sugandhi, Namita Sanjay (2008). Between the Patterns of History: Rethinking Mauryan Imperial Interaction in the Southern Deccan. পৃষ্ঠা. 88–89. ISBN 9780549744412. https://books.google.com/books?id=8bdULPF4gNYC&pg=PA88. 
  14. :"Androcottus, when he was a stripling, saw Alexander himself, and we are told that he often said in later times that Alexander narrowly missed making himself master of the country, since its king was hated and despised on account of his baseness and low birth." Plutarch 62-3 Plutarch 62-3
  15. :"He was of humble Indian to a change of rule." Justin XV.4.15 "Fuit hic humili quidem genere natus, sed ad regni potestatem maiestate numinis inpulsus. Quippe cum procacitate sua Nandrum regem offendisset, interfici a rege iussus salutem pedum ceieritate quaesierat. (Ex qua fatigatione cum somno captus iaceret, leo ingentis formae ad dormientem accessit sudoremque profluentem lingua ei detersit expergefactumque blande reliquit. Hoc prodigio primum ad spem regni inpulsus) contractis latronibus Indos ad nouitatem regni sollicitauit." Justin XV.4.15
  16. "asti tava Shaka-Yavana-Kirata-Kamboja-Parasika-Bahlika parbhutibhih
    Chankyamatipragrahittaishcha Chandergupta Parvateshvara
    balairudidhibhiriva parchalitsalilaih samantaad uprudham Kusumpurama"
    (Sanskrit original, Mudrarakshasa 2).
  17. The Hunas mentioned in Mudrarakshasa play (II) of Vishakhadatta are same people as the Harahunas of the Mahabharata (II.32.12). They were located in Herat/Aria according to Dr Moti Chandra and were an earlier branch of the Hunas (See: Geographical and Economic Studies in the Mahābhārata: Upāyana Parva, 1945, p 66, Dr Moti Chandra; Also: Studies in the Geography of Ancient and Medieval India, 1971, p 33, Dr D. C. Sircar.)
  18. For Harahunas being a group of the Hunas, see also: Early History of Iranians and Atharvaveda, Persica-9, 1980, p 118, Dr Michael Witzel, Harvard University.
  19. Army and Power in the Ancient World by Angelos Chaniotis/Pierre Ducrey(Eds.),Franz Steiner Verlag Stuttgart, P35

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Chanakya, Arthashastra ISBN 0-14-044603-6
  • J.F.C. Fuller, The Generalship of Alexander the Great ISBN 0-306-81330-0
  • Grainger, John D. (1990, 2014). Seleukos Nikator: Constructing a Hellenistic Kingdom. Routledge.
  • Keay, John (2000). India, a History. New York: Harper Collins Publishers.
  • Kulke, H.; Rothermund, D. (2004). A History of India, 4th, Routledge.
  • Robert Morkot, The Penguin Historical Atlas of Ancient Greece ISBN 0-14-051335-3
  • Raychaudhuri, H. C.; Mukherjee, B. N. (1996). Political History of Ancient India: From the Accession of Parikshit to the Extinction of the Gupta Dynasty. Oxford University Press.
  • Schwartzberg, J. E. (1992). A Historical Atlas of South Asia. University of Oxford Press.
  • Stein, Burton (1998). A History of India (1st ed.), Oxford: Wiley-Blackwell.