লৌহ যুগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লৌহ যুগ (ইং: Iron Age) হৈছে ব্ৰঞ্জ যুগৰ পৰৱৰ্ত্তী কাল য’ত আধুনিক মানুহে লোৰ ব্যৱহাৰ শিকিছিল আৰু বহুলভাৱে ইয়াৰ ব্যৱহাৰ কৰিছিল। অতি কমেও ১২০০ খ্ৰী:পূ:তে এনাটলিয়াত লোৰ উৎপাদন কৰাৰ প্ৰমাণ পোৱা গৈছে।

লৌহ যুগটো লো আৰু তীখাৰ বহুল ব্যৱহাৰৰ কাৰণে জনাজাত। এই ধাতুকেইবিধৰ লগতে সমাজত হোৱা অন্যান্য পৰিৱৰ্তনবিলাকৰ ভিতৰত ভিন্নধৰণৰ কৃষিকাৰ্য, ধৰ্মীয় বিশ্বাস আৰু কলাত্মক ধাৰা আদি উল্লেখযোগ্য। পুৰাতাত্ত্বিক অৰ্থত লৌহ যুগে মানৱ সভ্যতাৰ এনে এক স্তৰক সূচায় য’ত কটা-ছিঙা কৰাৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ সাজিবলৈ লোৰ ব্যৱহাৰ কৰা হৈছিল।[1] লৌহ যুগ মানৱ সভ্যতাৰ প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) তৃতীয়টো ভাগ।[2]

লৌহ যুগৰ সাহিত্যৰ ভিতৰত হাতেলিখা পৌৰাণিক লেখনিসমূহৰ কথা উনুকিয়াব পাৰি। সংস্কৃত আৰু চীনা সাহিত্যই সেই সময়ত বিকাশ লাভ কৰিছিল। অন্যান্য লেখনিৰ ভিতৰত অভেষ্টান গাঁথা, ভাৰতীয় বেদসমূহ আৰু হিব্ৰু বাইবেলৰ আটাইতকৈ পুৰণি ভাগবোৰৰ কথা ক’ব পাৰি। আখৰৰ সূচনা আৰু লিখিত ভাষাৰ বিকাশে লৌহ যুগক ইয়াৰ পূৰ্বৱৰ্ত্তী যুগসমূহৰ পৰা পৃথক কৰিছে। লিখিত ভাষাৰ বিকাশে পৌৰাণিক সাহিত্য আৰু লিপিৱদ্ধ বুৰঞ্জীৰ জন্ম দিছিল।[1]

ব্ৰঞ্জ যুগ প্ৰস্তৰ যুগ

ইউৰোপ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত লৌহ যুগৰ আৰম্ভণিৰ চিন অস্ত্ৰ-শস্ত্ৰ, অলংকাৰ, বাচন-বৰ্তন আদিত পৰিলক্ষিত হৈছিল যি সমূহীয়াভাৱে ব্ৰঞ্জ যুগতকৈ ভিন্ন আছিল।[1] ব্ৰঞ্জ যুগৰ ধাতুৰ কাৰিকৰ বা কমাৰসকলৰ কাম-কাজ প্ৰাথমিক পৰ্যায়ৰ পৰা উন্নতি লাভ কৰি বিভিন্ন গঢ়্ৰ অলংকৰণৰ মাত্ৰা পাইছিলগৈ।[1]

পুৰাতাত্ত্বিক দিশৰ পৰা লৌহ যুগৰ গুৰুত্ব কম কিয়নো বিশ্বৰ সকলো ঠাইতে একে সময়তে লৌহ যুগৰ আৰম্ভণি হোৱা নাছিল।[3] প্ৰশান্ত মহাসাগৰৰ দক্ষিণৰ দ্বীপপুঞ্জ, আফ্ৰিকাৰ আভ্যন্তৰীণ অঞ্চল, উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ একাংশ আদি ব্ৰঞ্জ যুগৰ প্ৰভাৱ নপৰাকৈয়ে পোনপটীয়াকৈ লৌহ যুগ পাইছিল।[1]

লৌহ যুগৰ ভাৰত[সম্পাদনা কৰক]

মৌৰ্য সাম্ৰাজ্য নন্দ সাম্ৰাজ্য মগধ সাম্ৰাজ্য মহা জনপদ


ভাৰতৰ ধাতুবিদ্যাৰ ইতিহাস খ্ৰী:পূ: ২য় সহস্ৰাব্দতে আৰম্ভ হয়। বৰ্তমান উত্তৰ প্ৰদেশৰ অন্তৰ্গত মলহাৰ, দাদুপুৰ, ৰাজা নালা কা টিলা আৰু লাহোৰাদেৱা আদি পুৰাতাত্ত্বিক থলীসমূহত খ্ৰী:পূ: ১৮০০-১২০০ ত লো ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে।[4] হায়দৰাবাদৰ পুৰাতাত্ত্বিক খননথলীসমূহত লৌহ যুগৰ এক সমাধিস্থল পোৱা গৈছ।[5] খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দৰ আৰম্ভণিতে ভাৰতত লোৰ বহুল বিকাশ হৈছিল। পূব ভাৰতত খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দৰ এটা লৌহকৰ্ম কেন্দ্ৰ পোৱা গৈছে।[6] দক্ষিণ ভাৰতত খ্ৰী:পূ: ১২শ ৰ পৰা ১১শ সহস্ৰাব্দৰ ভিতৰতে লোৰ আৱিৰ্ভাব ঘটে।[6] ভাৰতীয় উপনিষদসমূহতো ধাতুবিদ্যাৰ উল্লেখ আছে।[7] মৌৰ্য যুগত ধাতুবিদ্যাই প্ৰসাৰ লাভ কৰে।[8] খ্ৰী:পূ: ৩০০-ৰ পৰা খ্ৰীষ্টিয় ২০০ চন মানৰ ভিতৰলৈ দক্ষিণ ভাৰতত উন্নতমানৰ তীখা উৎপাদন কৰিব পৰা হয়গৈ।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 The Junior Encyclopædia Britannica: A reference library of general knowledge. (1897). Chicago: E.G. Melvin.
  2. C. J. Thomsen and Jens Jacob Asmussen Worsaae first applied the system to artifacts.
  3. Chisholm, H. (1910). The Encyclopædia Britannica. New York: The Encyclopædia Britannica Co.
  4. The origins of Iron Working in India: New evidence from the Central Ganga plain and the Eastern Vindhyas by Rakesh Tewari (Director, U.P. State Archaeological Department)
  5. "News By Industry". The Times Of India. 2008-09-10. http://economictimes.indiatimes.com/ET_Cetera/Hyderabads_history_dates_back_to_500_BC/articleshow/3468146.cms. 
  6. 6.0 6.1 Early Antiquity By I. M. Drakonoff. Published 1991. University of Chicago Press. ISBN 0-226-14465-8. pg 372
  7. Upanisads By Patrick Olivelle. Published 1998. Oxford University Press. ISBN 0-19-283576-9. pg xxix
  8. The New Cambridge History of India By J. F. Richards, Gordon Johnson, Christopher Alan Bayly. Published 2005. Cambridge University Press. ISBN 0-521-36424-8. pg 64
  9. Juleff, G. (1996), "An ancient wind powered iron smelting technology in Sri Lanka", Nature, 379 (3): 60–63.