সমললৈ যাওক

তীখা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইস্পাত

তীখা বা ইস্পাত (ইংৰাজী: Steel) হৈছে লো আৰু কাৰ্বনৰ এক সংকৰ ধাতু। মান ভেদে ইয়াৰ মুঠ ওজনৰ ০.২% ৰ পৰা ২.১% কাৰ্বন থাকে। মেংগানিজ, ক্ৰ'মিয়াম, ভেনেডিয়াম আৰু ট্যাংষ্টেন লোৰ সৈতে মিহলাই তীখা তৈয়াৰ কৰা হয়।

ইস্পাত লোৰ তুলনাত দৃঢ়তৰ। লোৰ সৈতে বিভিন্ন ধাতু মিশ্ৰণ কৰিলে লোৰ দৃঢ়তা বৃদ্ধি হয়। নিম্ন গলনাংক আৰু ঢালাই যোগ্যতাৰ বাবে উচ্চ কাৰ্বনযুক্ত সংকৰ ঢালাই লো (ইং: কাষ্ট আয়ৰন) নামে পৰিচিত।

বিভিন্ন পৰম্পৰাগত উপায়েৰে শিল্প বিপ্লৱৰ অনেক আগৰ পৰাই তীখা তৈয়াৰ কৰা হৈছিল। কিন্তু ১৭শ শতাব্দীত বিভিন্ন উন্নত উপায়েৰে তীখা তৈয়াৰী আৰম্ভ হৈ ইয়াৰ ব্যৱহাৰ বৃদ্ধি পায়। ১৯ শতকৰ মধ্যভাগত বেছমাৰ পদ্ধতিত ইস্পাত উৎপাদন আৰম্ভ হয়। ইয়াৰ ফলত ই সস্তা আৰু বহুল ব্যবহৃত ধাতুলৈ পৰিণত হয়। তাৰ পিছত বেছিক অক্সিজেন প্ৰক্ৰিয়াত উৎপাদনৰ ফলত ইয়াৰ মান অনেক বৃদ্ধি পায় আৰু দাম অনেক কমি যায়। বৰ্তমান ইস্পাত পৃথিবীৰ অন্যতম বহুল ব্যবহৃত পদাৰ্থ। গৃহ-কোঠা, মেছিন, জাহাজ, গাড়ী ইত্যাদিৰ প্ৰধান উপাদান হৈছে ইস্পাত। বৰ্তমান ইস্পাতৰ মান বিভিন্ন আন্তৰ্জাতিক মানদানকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পৰিমাপন কৰা হয়।

বৈশিষ্ট্য

[সম্পাদনা কৰক]

অন্যান্য ধাতুৰ দৰে লো ভূগৰ্ভত অক্সিজেন আৰু ছালফাৰৰ সৈতে যুক্ত অবস্থাত থাকে। এনে ধাতৱ অক্সাইড বা ছালফাইডক আকৰিক বোলে। লোৰ আকৰিকৰ উদাহৰণ হ'ল, হেমেটাইট, মেগনেটাইট আদি। ঢালাই লোৰ গলনাংক ১৩৭০ ডিগ্ৰী ছেলছিয়াছ। ইস্পাতৰ ঘনত্ব মানৰ ওপৰত ভিত্তি কৰি প্ৰতি ঘনচেণ্টিমিটাৰত ৭.৭৫ ৰ পৰা ৮.০৫ গ্ৰাম পৰ্যন্ত হব পাৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]