প্ৰস্তৰ যুগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
The Stone Age

before Homo (Pliocene)

Paleolithic

Lower Paleolithic
Early Stone Age
Homo
Control of fire
Stone tools
Middle Paleolithic
Middle Stone Age
Homo neanderthalensis
Homo sapiens
Recent African origin of modern humans
Upper Paleolithic
Late Stone Age
Behavioral modernity, Atlatl,
Origin of the domestic dog

Mesolithic

Microliths, Bow, Canoe
Natufian
Khiamian
Tahunian
Heavy Neolithic
Shepherd Neolithic
Trihedral Neolithic
Pre-Pottery Neolithic
Neolithic Revolution,
Domestication
Pottery Neolithic
Pottery
Chalcolithic
Ġgantija temples in Gozo, Malta. Some of the world's oldest free-standing structures.
ইথিয়’পিয়াৰ আৱাছ নদীত প্ৰস্তৰ যুগৰ প্ৰাচীনতম সঁজুলি আৱিষ্কৃত হৈছে

প্ৰস্তৰ যুগ (ইংৰাজী: Stone Age)হৈছে প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) প্ৰথমটো ভাগ য’ত ধাৰ থকা, জোঙা অথবা মিহি পৃষ্ঠৰ যাৱতীয় সামগ্ৰী সাজিবলৈ প্ৰস্তৰ অৰ্থাৎ শিলৰ ব্যৱহাৰ কৰা হৈছিল। এই কালছোৱাৰ দৈৰ্ঘ্য প্ৰায় ৩০ লাখ ৪০ হাজাৰ বছৰ জোৰা আছিল আৰু ধাতুৰ আৱিষ্কাৰৰ ফলত ৬০০০-২০০০ খ্ৰী:পূ:ৰ মাজৰ সময়ছোৱাত ইয়াৰ অন্ত পৰিছিল।[1] প্ৰস্তৰ যুগত নিৰ্মিত সামগ্ৰীসমূহৰ ভিতৰত আধুনিক মানৱ আৰু মানুহৰ পূৰ্বজ হ’ম’ গোষ্ঠীৰ লগতে সমসাময়িক গোষ্ঠী অষ্ট্ৰেল’পিথিকাছ ((ইংৰাজী: Australopithecus)) আৰু পেৰানথ্ৰ’পাছে ((ইংৰাজী: Paranthropus)) ব্যৱহাৰ কৰা সঁজুলিসমূহ উল্লেখযোগ্য। প্ৰস্তৰ যুগত হাঁড়েৰে নিৰ্মিত সঁজুলিও ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াৰ পুৰাতাত্ত্বিক সংৰক্ষণ চিহ্ন অতিশয় বিৰল। ব্যৱহৃত শিলৰ সঁজুলিৰ প্ৰকাৰ অনুসৰি প্ৰস্তৰ যুগক পুনৰ ভাগ কৰা হৈছে।

ঐতিহাসিক গুৰুত্ত্ব[সম্পাদনা কৰক]

প্ৰস্তৰ যুগটো আদিমানৱ হ’ম’ গোষ্ঠীৰ উত্তৰণৰ সমসাময়িক। অৱশ্যে কোনোক্ষেত্ৰত হ’ম’ৰ পূৰ্বজ কোনো গোষ্ঠীয়েও শিলৰ সা-সঁজুলি সাজিব পাৰে বুলি ধাৰণা কৰা যায়। উদ্ধাৰ কৰা সমলবিলাকৰ বয়স আৰু প্ৰাপ্ত ঠাই অনুসৰি এই গোষ্ঠীসমূহৰ স্থান পূব আফ্ৰিকান ৰিফ্ট, বিশেষকৈ ঘাঁহনিৰে আগুৰি থকা ইথিয়’পিয়া বুলি ঠাৱৰ কৰা হৈছে। অন্য প্ৰাইমেটসমূহৰ ভিতৰত হ’ম’ৰ নিকটতম গোষ্ঠী পানে (চিম্পাঞ্জী) গভীৰ অৰণ্য অঞ্চলত জীৱনপ্ৰণালী অব্যাহত ৰখা ইয়াৰ এটা ঠালক প্ৰতিনিধিত্ব কৰে। পূব আফ্ৰিকান ৰিফ্টটোৱে উত্তৰ তথা দক্ষিণ আফ্ৰিকা, লেভাণ্ট আৰু এচিয়ালৈ এক বাহক হিচাপে কাম কৰে।

প্ৰায় ৩০ লাখ বছৰ (ম্যা) আগেয়ে এটা মাত্ৰ বায়’ম বা জৈৱপুঞ্জই (কোনো বিশেষ ঠাইৰ উদ্ভিদ তথা প্ৰাণীৰ সমষ্টি) ৰিফ্টটোৰ যোগেদি দক্ষিণ আফ্ৰিকাৰ পৰা উত্তৰ আফ্ৰিকা আৰু এচিয়াৰ মাজেদি আহি বৰ্তমানৰ চীনলৈকে খোপনি পোতেহি। ইয়াক "অন্তৰ্মহাদেশীয় চাভানা" ("transcontinental 'savannahstan'") আখ্যা দিয়া হৈছে।[2] পূব আফ্ৰিকান ৰিফ্টত সঞ্চাৰিত, আধুনিক মানৱৰ পূৰ্বজ হ’ম’ ইৰেক্টাচে ইয়াত সা-সঁজুলি নিৰ্মাণ কৰাৰ প্ৰাকৃতিক ব্যৱস্থা এটা বিচাৰি উলিয়ায় আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰিবলৈ লয়।[3]

প্ৰস্তৰ যুগৰ পুৰাতাত্ত্বিক দিশ[সম্পাদনা কৰক]

Obsidian projectile point

প্ৰস্তৰ যুগৰ আৰম্ভণি[সম্পাদনা কৰক]

২০১০ চনত ইথিয়’পিয়াৰ নিম্ন আৱাছ উপত্যকাত শৈল অস্ত্ৰৰ দাগ থকা প্ৰায় ৩০ লাখ ৪০ হাজাৰ বছৰ পুৰণি জন্তুৰ জীৱাষ্ম আৱিষ্কৃত হয়।[1]

উত্তৰ-পশ্চিম কেনিয়াৰ তুৰ্কানাৰ পৰা ৩০ লাখ ৩০ হাজাৰ বছৰ পুৰণি শিলৰ সঁজুলি আৱিষ্কাৰ কৰা হৈছে।[4]

প্ৰস্তৰ যুগৰ অন্তকাল[সম্পাদনা কৰক]

ধাতুৰ আকৰৰ পৰা ধাতু আহৰণ কৰা পদ্ধতিৰ আৱিষ্কাৰ হোৱাৰ লগে লগে প্ৰস্তৰ যুগৰ অন্ত পৰে আৰু ব্ৰঞ্জ যুগৰ সূচনা হয়। প্ৰস্তৰ যুগ আৰু ব্ৰঞ্জ যুগৰ মাজৰ সময়ছোৱাত মানুহে তাম আৰু টিন আহৰণ কৰিবলৈ শিকিছিল। এই কালছোৱাক তাম্ৰ যুগ বা কেলক’লিথিক অৰ্থাৎ তাম্ৰ-প্ৰস্তৰ যুগ বুলি অভিহিত কৰা হয়। ব্ৰঞ্জ যুগৰ পিছত লৌহ যুগৰ আৰম্ভণি ঘটে। কিন্তু এই গোটেই কালছোৱাতে কিছুসংখ্যক সামগ্ৰীৰ (যেনে শৈল পাত্ৰ) সন্দৰ্ভত ধাতুৰ লগতে সমান্তৰালভাৱে শিলৰ ব্যৱহাৰ অব্যাহত থাকে।

৬০০০-২৫০০ খ্ৰী:পূ:ৰ কালছোৱাতে প্ৰস্তৰ যুগৰ অন্ত পৰিছিল। খ্ৰী:পূ: ৫ম আৰু ৬ষ্ঠ সহস্ৰাব্দৰ ভিতৰতে মানুহে প্ৰথম ধাতুৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।[5]

টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 http://www.nhm.ac.uk/about-us/news/2010/august/oldest-tool-use-and-meat-eating-revealed75831.html
  2. Barham & Mitchell 2008, পৃষ্ঠা 106
  3. Barham & Mitchell 2008, পৃষ্ঠা 147
  4. Harmand, Sonia, et al (21 May 2015). "3.3-million-year-old stone tools from Lomekwi 3, West Turkana, Kenya". Nature খণ্ড 521: 310–315. doi:10.1038/nature14464. 
  5. "Neolithic Vinca was a metallurgical culture". Reuters. Archaeo News. 17 November 2007. http://www.stonepages.com/news/archives/002605.html। আহৰণ কৰা হৈছে: 25 January 2011. 

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Barham, Lawrence; Mitchell, Peter (2008). The First Africans: African Archaeology from the Earliest Toolmakers to Most Recent Foragers. Cambridge World Archaeology. প্ৰকাশক Oxford: Oxford University Press. 
  • Belmaker, Miriam (March 2006). Community Structure through Time: 'Ubeidiya, a Lower Pleistocene Site as a Case Study (Thesis). Paleoanthropology Society. Archived from the original on 2011-04-30. https://web.archive.org/web/20110430044435/http://www.paleoanthro.org/dissertations/Miriam%20Belmaker.pdf। আহৰণ কৰা হৈছে: 2015-08-22. 
  • Clark, J. Desmond (1970). The Prehistory of Africa. Ancient People and Places, Volume 72. প্ৰকাশক New York; Washington: Praeger Publishers. 
  • Deacon, Hilary John; Deacon, Janette (1999). Human beginnings in South Africa: uncovering the secrets of the Stone Age. প্ৰকাশক Walnut Creek, Calif. [u.a.]: Altamira Press. 
  • Piccolo, Salvatore (2013). Ancient Stones: The Prehistoric Dolmens of Sicily. প্ৰকাশক Abingdon (UK): Brazen Head Publishing. 
  • Rogers, Michael J.; Semaw, Sileshi (2009). "From Nothing to Something: The Appearance and Context of the Earliest Archaeological Record". In Camps i Calbet, Marta; Chauhan, Parth R.. Sourcebook of paleolithic transitions: methods, theories, and interpretations. প্ৰকাশক New York: Springer. 
  • Schick, Kathy D.; Nicholas Toth (1993). Making Silent Stones Speak: Human Evolution and the Dawn of Technology. প্ৰকাশক New York: Simon & Schuster. ISBN 0-671-69371-9. 
  • Shea, John J. (2010). "Stone Age Visiting Cards Revisited: a Strategic Perspective on the Lithic Technology of Early Hominin Dispersal". In Fleagle, John G.; Shea, John J.; Grine, Frederick E. et al.. Out of Africa I: the First Hominin Colonization of Eurasia. প্ৰকাশক Dordrecht; Heidelberg; London; New York: Springer. পৃষ্ঠা. 47–64.