অশোক স্তম্ভ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অশোক স্তম্ভ (ইংৰাজী: Emblem of India) সম্ৰাট অশোকে উত্তৰ প্ৰদেশৰ সাৰনাথত নিৰ্মাণ কৰোৱা প্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীৰ্ষত থকা যৌথ 'সিংহমূৰ্ত্তি'। স্তম্ভটোৰ শীৰ্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূৰ্ত্তি আছে। এই শিলৰ মূৰ্ত্তিটোকে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে।[1]

ডাক টিকটত অশোক স্তম্ভ

অবয়ৱ[সম্পাদনা কৰক]

অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিছফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে চকুত পৰে। একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীৰ্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছে।[2] এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্ৰতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোঁৰা, এটা ষাঁড় গৰু আৰু এটা সিংহ। চাৰিটা চক্ৰই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। এই চক্ৰৰ নাম অশোক চক্ৰ বা ধৰ্ম চক্ৰ। ২৪ ডাল দাণ্ডি থকা অশোক চক্ৰই ভাৰতৰ জাতীয় পতাকাতো ঠাই পাইছে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্ৰৰ ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ ২৪টা আদৰ্শক বুজায়।

ইতিহাস[সম্পাদনা কৰক]

সম্ৰাট অশোকে নিজৰ বৌদ্ধ ধৰ্মাৱলম্বী পত্নী সম্ৰাজ্ঞী বিদিশা দেৱীৰ পৰামৰ্শক্ৰমে সাৰনাথৰ যিখন ঠাইত গৌতম বুদ্ধই প্ৰথম দীক্ষা দিছিল তাক যুগমীয়া কৰা তথা চিহ্নিত কৰাৰ উদ্দ্যেশ্যৰে ঠাইডোখৰত স্তম্ভ স্থাপন কৰাৰ লগতে বৌদ্ধ সংঘ প্ৰতিষ্ঠা কৰিছিল।

১৯০৫ চনত পুৰাতত্ব বিভাগৰ খননত এই অশোক স্তম্ভটো উদ্ধাৰ হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰে।[1] প্ৰতীকটোত সিংহ তিনিটাৰ উপৰিও তলৰ সোমাজত অশোক চক্ৰ; চক্ৰটোৰ সোঁফালে এটা ষাঁড়আৰু বাওঁফালে এটা ঘোঁৰা দেখা যায় । ৰাষ্ট্ৰীয় প্ৰতীকটোত মূল স্তম্ভৰ তলত থকা পদুম পাহ বাদদি তাৰ ঠাইত মুণ্ডক উপনিষদৰ পৰা লোৱা "সত্যমেৱ জয়তে" (সত্যৰ সদায় জয় )[3] কথাফাঁকি দেৱনাগৰী লিপিত লিখা হৈছে।[4]

মূল অশোক স্তম্ভটোক সাৰনাথৰ যাদুঘৰত সংৰক্ষণ কৰা হৈছে । ইয়াৰ উচ্চতা ২ মিটাৰৰো অধিক ।

ভাৰত চৰকাৰে প্ৰতীকৰূপে ব্যৱহাৰ কৰা এই স্তম্ভটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।

তথ্যৰ উৎস[সম্পাদনা কৰক]

  • [ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ ]