আলেকজেণ্ডাৰ
মাকেদ’নিয়াৰ ৩য় আলেক্সান্দ্ৰ’ছ[টোকা 1] (Ancient Greek: Ἀλέξανδρος, pronounced [aléksandros]; Latin: Alexander, pronounced [aɫɛkˈsandɛr]; ২০/২১ জুলাই ৩৫৬ খ্ৰী.পূ. – ১০/১১ জুন ৩২৩ খ্ৰী.পূ.), যিজনক বেছিকৈ মহান আলেক্সান্দ্ৰ’ছ[টোকা 2] নামেৰে জনা যায়, আছিল ইতিহাসৰ আটাইতকৈ বিখ্যাত বীৰসকলৰ ভিতৰত অন্যতম। প্ৰাচীন গ্ৰীক ৰাজ্য মেচিডনৰ ৰজা। পিতাকৰ নাম ফিলিপ। খ্ৰীঃপূঃ ৩৩৫ চনত ফিলিপৰ মৃত্যুৰ পিছত আলেকজেণ্ডাৰ মেচিডনৰ সিংহাসনত আৰোহণ কৰে। দাৰ্শনিক এৰিষ্টটল আছিল তেওঁৰ গৃহ শিক্ষক। ২০ বছৰ বয়সতে সিংহাসনত আৰোহণ কৰি তেওঁ বিশ্ব-বিজয় অভিযানত বাহিৰ হয়। আলেকজেণ্ডাৰ বিশ্ব বিজয় অভিযানত ওলাই আহি ইজিপ্ত জয় কৰাৰ পিছত খ্ৰীঃপূঃ ৩৩২ চনত তাত নিজৰ নামেৰে এখন নতুন নগৰ আলেকজেড্ৰিয়া স্থাপন কৰে।[2] এই নগৰখন প্ৰাচীন গ্ৰীক আৰু ইহুদী সংস্কৃতিৰ প্ৰধান কেন্দ্ৰ হৈ উঠে। পাৰস্য আৰু আফগানিস্তান জয় কৰাৰ পিছত তেওঁ ভাৰতত প্ৰবেশ কৰি পঞ্জাব জয় কৰে। তেওঁৰ লক্ষ্য আছিল গাঙ্গেয় উপত্যকা। কিন্তু তেওঁৰ সৈন্যসকলে বিদ্ৰোহ কৰাত তেওঁ ভাৰত বিজয়ৰ অভিযান অসমাপ্ত ৰাখি স্বদেশলৈ ঘূৰি যাবলৈ বাধ্য হয়। স্বদেশ গৈ পোৱাৰ আগতে তেওঁৰ আধাবাটতে মৃত্যু হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Diana Spencer (2019). "Alexander the Great, reception of". Oxford Research Encyclopedia of Classics. Oxford Research Encyclopedias. doi:10.1093/acrefore/9780199381135.013.8048. ISBN 978-0-19-938113-5. https://oxfordre.com/classics/view/10.1093/acrefore/9780199381135.001.0001/acrefore-9780199381135-e-8048। আহৰণ কৰা হৈছে: 9 November 2021. "Alexander enjoys the epithet the Great for the first time in Plautus's Roman comedy Mostellaria (775–777)."
- ↑ বৰগোহাঞি, হোমেন (এপ্ৰিল, ২০০২). প্ৰজ্ঞাৰ সাধনা (প্ৰথম প্ৰকাশ সম্পাদনা). প্ৰকাশক গোলাঘাট: ভাৰতী বুক ষ্টল. পৃষ্ঠা. ৬১.
- ↑ Ancient Greek: Ἀλέξανδρος, pronounced [aléksandros]; Latin: Alexander, pronounced [aɫɛkˈsandɛr]।
- ↑ Αλέξανδρος ο Μέγας, Alexander Magnus; আলেক্সান্দ্ৰ’ছক প্ৰথম “মহান” বুলি অভিহিত কৰিছিল প্লাউতুছ (২৫৪ – ১৮৪ খ্ৰী..পূ.) নামৰ এজন ৰোমান নাট্যকাৰে তেওঁৰ ম’স্তেল্লাৰিয়া নাটকত।[1]
<ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল