দৰ্শন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


দৰ্শন (ইংৰাজী: Philosophy) জ্ঞানৰ অন্যতম প্ৰাচীন এটি শাখা। ফিল’ছফী শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰিছিলে গ্ৰীক চিন্তাবিদ আৰু গণিতজ্ঞ পাইথাগাৰাছে। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সময়ত শব্দটো প্ৰথম ব্যৱহৃত হয়। পাইথেগাৰাছে প্ৰথম ফিল’ছফী শব্দটো ব্যৱহাৰ কৰে love of wisdom অৰ্থাত্‍ প্ৰজ্ঞাৰ প্ৰতি অনুৰাগ হিচাপে।[1] দৰ্শনৰ সংজ্ঞা হিছাপে এই বিষয়টোকেই গ্ৰহণ কৰা যায়। আৰু নিৰ্দিষ্টভাৱে ক’ব গ’লে দৰ্শন জ্ঞানৰ এনে এটা ধাৰা য’ত, মানুহে কিভাবে জীৱন নিৰ্বাহ কৰা উচিত (নীতিবিদ্যা); কোন ধৰনৰ বস্তুৰ অস্তিত্ব আছে আৰু সিহঁতৰ প্ৰকৃতি কি (অধিবিদ্যা); প্ৰকৃত জ্ঞান বুলিলে যি বুজায় আৰু কাৰণ প্ৰদৰ্শনৰ সঠিক নীতি কি কি (যুক্তিবিদ্যা); এই বিষয়সমূহ সম্পৰ্কে আলোচনা কৰে।[2]

পাইথেগাৰাছৰ আৱক্ষ প্ৰতিমূৰ্ত্তি

ফিল’ছফী শব্দটি প্ৰাচীন গ্ৰীক ভাষাৰ পৰা উত্‍পত্তি হৈছে। গ্ৰীক ভাষাত φιλοσοφία (philosophía) শব্দটো φίλος (ফিলছ: বন্ধু, ভালপোৱাৰ পাত্ৰ) আৰু σοφία (ছফিয়া: প্ৰজ্ঞা) শব্দদুটা জড়িত হৈ উত্‍পত্তি হৈছে।[3][4] ইয়াৰ পৰা স্পষ্টভাৱে বুজা যায় যে, দৰ্শনৰ লগত প্ৰজ্ঞা, আৰু নিৰ্দিষ্টভাৱে ক’ব গ’লে প্ৰজ্ঞাৰ প্ৰতি ভালপোৱাৰ মূল সম্পৰ্ক আছে। জ্ঞান আৰু প্ৰজ্ঞা একেই নহয়। ঘটনা আৰু তথ্য সম্পৰ্কে স্পষ্ট আৰু নিৰ্ভুল ধাৰণাৰ পৰা জ্ঞান লাভ কৰা যায়, কিন্তু দাৰ্শনিক (যিয়ে দৰ্শন চৰ্চা কৰে সেই ব্যক্তিক দাৰ্শনিক বোলা হয়) কেৱল তথ্যগত জ্ঞানৰ উপৰতে নিৰ্ভৰ নকৰে। দৰ্শনৰ প্ৰধান কাম্য বিষয় প্ৰজ্ঞা। প্ৰজ্ঞাৰ অনুসন্ধান আৰু চৰ্চাৰ মাধ্যমৰে দৰ্শনে বিকাশ লাভ কৰে।[1]


লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 প্ৰাচীন আৰু মধ্যযুগৰ পাশ্চাত্য দৰ্শন: অধ্যাপক আমিনুল ইছলাম, ঢাকা বিশ্ববিদ্যালয়; শিখা প্ৰকাশনী - মুদ্ৰণ: ২০০২। ইতিহাসৰ আলোকত দৰ্শন, পৃ. ২১
  2. Quinton, Anthony; ed. Ted Honderich (1996). "Philosophy". The Oxford Companion to Philosophy. 
  3. "But philosophy has been both the seeking of wisdom and the wisdom sought." Dagobert D. Runes. Dictionary of Philosophy. Kessinger Publishing.  ISBN 1-4286-1310-2
  4. The definition of philosophy is: "1.orig., love of, or the search for, wisdom or knowledge 2.theory or logical analysis of the principles underlying conduct, thought, knowledge, and the nature of the universe." Webster's New World Dictionary (Second College সম্পাদনা). 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]