হিমালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিমালয়

তিব্বত, চীনৰ বেছ কেম্পলৈ যোৱাৰ পথৰপৰা মাউণ্ট এভাৰেষ্টৰ উত্তৰ অংশক দেখা গৈছে।
উচ্চতম শিখৰ
শৃংগ মাউণ্ট এভাৰেষ্ট (নেপাল আৰু চীন)
উচ্চতা 8,848 মিটাৰ (29 ফুট)
স্থানাংক 27°59′17″N 86°55′31″E / 27.98806°N 86.92528°E / 27.98806; 86.92528
ভূগোল
Himalayas Map.png
হিমালয়ান পৰ্বতমালাৰ অৱস্থান
দেশসমূহ
উপগ্ৰহৰ পৰা তোলা হিমালয় পৰ্বতমালাৰ চিত্ৰ

হিমালয় পৰ্বতমালাক (ইংৰাজী: Himalaya Mountains) (pron.: /ˌhɪməˈl.ə/ বা /hɪˈmɑːləjə/;[1][2] সংস্কৃত: দেৱনাগিৰি: हिमालय), সাধাৰণতে হিমালয় বোলা হয়। সংস্কৃতৰ হিম আৰু আলয় - এই দুটা শব্দ মিলি হিমালয় শব্দটোৰ গঠন হৈছে। ইয়াৰ অৰ্থ হৈছে বৰফৰ ঘৰ। হিমালয় পৰ্বতমালা ভাৰতীয় উপদ্বীপৰ উত্তৰ দিশত অৱস্থিত। পৃথিৱীৰ কেইবাখনো উল্লেখযোগ্য নদী হিমালয়ৰপৰাই উপত্তি হৈছে। দক্ষিণ এছিয়াৰ সংস্কৃতি সুগভীৰতাৰে গঢ়ি তুলি ধৰিছে। বহুতো হিমালয়ৰ শৃংগ হিন্দু, বৌদ্ধ আৰু শিখ ধৰ্মৰ পৱিত্ৰ বুলি ধৰা হয়।

ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে উত্তৰ দিশত বাৰ্ষিক ১৫ ছেঃমিঃ বেগত গতি কৰি ইউৰেছিয়ান প্লেটক খুন্দা মৰাৰ ফলত হিমালয়ৰ উৎপত্তি হৈছিল। প্ৰায় ৭ কোটি বছৰৰ আগতে এই ঘটনাটো ঘটিছিল যদিও বৰ্তমানলৈকে ই চলি আছে। ইয়াৰ ফলত সমুদ্ৰপৃষ্ঠৰ পাতল শিলসমূহ ওপৰলৈ উঠি আহি পৰ্বতমালালৈ পৰিৱৰ্তন হয়। সমুদ্ৰৰ চূণশিলৰ দ্বাৰা মাউণ্ট এভাৰেষ্টৰ সৃষ্টি হোৱাতো এই ঘটনাটোৰ সত্যতা প্ৰমাণ কৰে।[3]


ভূগোল[সম্পাদনা কৰক]

পৃথিৱীৰ আঠ হাজাৰ মিটাৰতকৈও ওখ শৃংগ সমূহ হিমালয়তে অৱস্থিত। এছিয়াৰ বাহিৰত থকা আটাইতকৈ ওখ শৃংগটো এণ্ডিজ পৰ্বতমালা অৱস্থিত আৰু ইয়াৰ উচ্চতা ৬৯৬২ মিটাৰ (২২,৮৪১ ফুট)। অন্যহাতে, হিমালয়ত এশটাৰো অধিক ৭,২০০মিটাৰ (২৩,৬২২ ফুট)ৰো অধিক উচ্চতাৰ শৃংগ আছে। [4] হিমালয়ত ৮,০০০ মিটাৰ (২৬,০০০ ফুট)ৰো অধিক উচ্চতাৰ মুঠ ১৪ টা শৃংগ আছে। হিমালয়ৰ সৰ্ব্বোচ্চ পাঁচটা শৃংগৰ নাম হৈছে:

হিমালয়ৰ মূল পৰ্বতমালাটো পশ্চিমৰপৰা পূবলৈ তথা হিন্দু নদী উপত্যকাৰপৰা ব্ৰহ্মপুত্ৰ নদী উপত্যকালৈকে, ধনু আকৃতিত প্ৰায় ২,৪০০ কিঃমিঃ (১৫০০ মাইল) জুৰি বৃস্তিত হৈ আছে। ইয়াৰ প্ৰস্থ ৪০০ কিঃমিঃৰপৰা (পশ্চিম কাশ্মীৰ-জিনজিয়াঙ অঞ্চলত) ১৫০ কিঃমিঃ(তিব্বত-অৰুণাচল প্ৰদেশ অঞ্চলত) লৈকে দেখা যায়। হিমালয় পৰ্বতমালাত তিনিটাকৈ উপ-বিভাগ আছে। উত্তৰ দিশত থকা সৰ্ব্বোচ্চ পৰ্বতমালাক বৃহৎ বা আভ্যন্তৰীণ হিমালয় বোলা হয়।


জীৱ জগত[সম্পাদনা কৰক]

য়ামথাঙ নদী উপত্যকাত (ছিক্কিম) হিমালয় পৰ্বতমালাক দেখা গৈছে

জলবায়ু, বৃষ্টিপাত, উচ্চতা আৰু মাটিৰ প্ৰকাৰৰ ভেদে ইয়াৰ জীৱজগতৰ ভেদ দেখা যায়। পৰ্বতমালাৰ নিম্নাংশত গ্ৰীষ্ম মণ্ডলৰ জলবায়ু পৰা আৰু হিমালয়ৰ ওপৰৰ অংশত বৰফৰে ভৰা জলবায়ু লৈকে ইয়াৰ জলবায়ুত প্ৰভেদ দেখা পোৱা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ক্ৰমাৎ পশ্চিমৰপৰা পূবলৈ বাঢ়ি গৈছে। জলবায়ু, বৃষ্টিপাত, উচ্চতা আৰু মাটিৰ প্ৰকাৰৰ বৈচিত্ৰতাৰ বাবে হিমালয়ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তু পোৱা যায়। উদাহৰণ স্বৰূপে, হিমালয়ৰ সৰ্ব্বোচ্চ উচ্চতা (নিম্ন বায়ুৰ চাপত) আৰু অতিপাত ঠাণ্ডাৰ ফলত জীৱও হিমালয়ত পোৱা যায়।[5]

জলবায়ু সলনি হোৱাৰ ফলত হিমালয়ৰ উদ্ভিদ আৰু জীৱ-জন্তু জগতখনৰ গঠনত বৰ্তমান বহুতো সাল-সলনি হোৱা দেখা গৈছে। উষ্ণতাৰ বৃদ্ধি হোৱাৰ ফলত বহুতো প্ৰজাতিৰ জীৱই নিজৰ বাসস্থান উচ্চ স্থানলৈ সলনি কৰা দেখা গৈছে। বৰ্তমান গাঢ়ৱাল হিমালয় অঞ্চলত অ'ক বনাঞ্চলৰ ঠাইত পাইনৰ বনাঞ্চলৰে ভৰি পৰা দেখা গৈছে। ইয়াৰ উপৰিও বহুতো প্ৰজাতিৰ উদ্ভিদৰ ঔষধীয় গুণত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে।[6][7]

ভূ-তত্ব[সম্পাদনা কৰক]

৬০০০ কিঃমিঃৰৰো অধিক গতি কৰাৰ পাছত ভাৰতৰ ভূ-খণ্ডই(ইণ্ডিয়ান প্লেট) এছিয়া (ইউৰেছিয়ান প্লেট)ক খুন্দা মৰা দেখা গৈছে।

হিমালয় হৈছে পৃথিৱীৰ আটাইতকৈ নতুনকৈ গঠিত হোৱা পৰ্বতমালা। ইয়াৰ উৎপত্তি গেদীয় আৰু ৰূপান্তৰিত শিল ওপৰলৈ উঠি অহাৰ ফলত হৈছে। প্লেট টেকটনিকৰ আধুনিক তত্বৰ মতে, ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ সমকেন্দ্ৰিক সীমাত হোৱা মহাদেশীয় খুন্দাৰ (orogeny ) ফলত হিমালয় পৰ্বতমালাৰ গঠন হৈছে। ইয়াক fold mountain বোলা হয়।

প্ৰায় ৭ কোটি বছৰৰ আগতে উত্তৰ দিশলৈ বাৰ্ষিক ১৫ ছেঃমিঃ বেগত গতি কৰা ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে ইউৰেছিয়ান প্লেটক খুন্দা মাৰিছিল। প্ৰায় ৫ কোটি বছৰৰ আগত, এই ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে টেঠিছ মহাসাগৰক সম্পূৰ্ণকৈ বন্ধ কৰি তুলিছিল। এই ঘটনাটো ইয়াত থকা গেদীয় শিলৰ উপস্থিতিয়ে ইয়াৰ সত্যতা প্ৰমাণ কৰিছে। ইয়াৰ গেদসমূহ পাতল হোৱা বাবে এইবিলাক ডুব যোৱাৰ পৰিৱৰ্তে ভাঁজ হৈ পৰ্বতমালালৈ পৰিৱৰ্তন হয়। ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটে তিব্বতীয় মালভূমিৰ নিম্নাংশত অনুভূতি দিশত হেঁচা দিয়াৰ ফলত ই ওপৰলৈ উঠি গৈছে। এই খুন্দাৰ ফলতেই ম্যানমাৰৰ আৰাকান য়মা আৰু বংগোপ সাগৰৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৃষ্টি হৈছিল।

বৰ্তমানলৈকে ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট প্ৰতিবছৰে ৬৭ মিঃমিঃকৈ গতি কৰি আছে। ঠাৱৰ কৰা হৈছে যে, পৰৱৰ্তী ১০০ কোটি বছৰৰ পাছত ই ৰ দিশত প্ৰায় ১৫০০ কিঃমিঃ গতি কৰিব। ইয়াৰ ফলত হিমালয়ৰ উচ্চতা প্ৰতিবছৰে ৫মিঃমিঃকৈ বাঢ়ি গৈ আছে। এছিয়ান প্লেটৰ দিশত ইণ্ডিয়ান প্লেটে গতি কৰাৰ ফলত এই অঞ্চলটোত সঘনে ভূমিকম্পৰ অনুভৱ কৰা যায়।

হাইড্ৰ'ল'জি[সম্পাদনা কৰক]

চীনৰ জিনজিয়াঙ আৰু পাকিস্তানত, গডউইন অষ্টিনৰ ওচৰৰ হিমবাহৰ চিত্ৰ

হিমালয় পৰ্বতমালাত প্ৰায় ১৫০০০ মান হিমবাহ আছে আৰু এইবোৰত প্ৰায় ১২০০০ ঘন কিঃমিঃ বিশুদ্ধ পানী সংৰক্ষিত হৈ আছে। প্ৰায় ৭০ কিঃমিঃ দৈৰ্ঘ্যৰ ভাৰত-পাকিস্তানৰ সীমান্তৰ ছিয়াছেন হিমবাহ মেৰু অঞ্চলৰ বাহিৰত অৱস্থিত পৃথিৱীৰ দ্বিতীয় বৃহত্তম হিমবাহ। গংগোত্ৰী আৰু যমুনাত্ৰী (উত্তৰাখণ্ড), জেমু (ছিক্কিম), খুম্বু (মাউণ্ট এভাৰেষ্টঅঞ্চল) হৈছে হিমালয়ৰ আন কেইটামান উল্লেখযোগ্য হিমবাহ।

হিমালয়ৰ নদীসমূহৰ ফলত দুটা উল্লেখযোগ্য নদী উপত্যকাৰ গঠন হৈছে:

  • পশ্চিম দিশৰ নদীসমূহৰ দ্বাৰা সিন্ধু উপত্যকা গঠিত হৈছে। সিন্ধু নদী হৈছে ইয়াৰ বৃহত্তম নদী। তিব্বতছেংগে আৰু গাৰ নদীৰ সংগম স্থলত সিন্ধু নদীৰ উৎপত্তি হৈছে। ই দক্ষিণ-পশ্চিমমুৱাকৈ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজেদি বৈ গৈ আৰৱ সাগৰত পৰিছেগৈ। ইয়াৰ মুখ্য উপনৈ সমূহ হৈছে: ঝেলাম, চেনাব, ৰবি আৰু ছুটলেজ।
  • হিমালয়ৰ আনটো নদী উপত্যকা হৈছে গংগা-ব্ৰহ্মপুত্ৰ নদী উপত্যকাগংগা, ব্ৰহ্মপুত্ৰ, যমুনা ইয়াৰ মুখ্য নদী। পশ্চিম তিব্বতৰ য়াৰলোঙ ছাঙপো নদীৰপৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে। ই তিব্বতৰ মাজেদি পূবমুৱাকৈ আৰু অসমৰ সমভূমিৰ মাজেদি পশ্চিমমুৱাকৈ বৈ গৈছে। গংগা আৰু ব্ৰহ্মপুত্ৰ বাংলাদেশত মিলিত হৈ বংগোপ সাগৰত পৰিছেগৈ। গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলতেই পৃথিৱীৰ বৃহত্তম ব-দ্বীপ, সুন্দৰবন অৱস্থিত।[8]

পূব দিশৰ হিমালয়ৰ নদীসমূহ মূলতঃ আয়েয়াৰ্ৱাদী নদী (Ayeyarwady River)ৰ উপনৈ। ই পূৱ তিব্বতত উৎপত্তি হৈ ম্যানমাৰৰ মাজেদি বৈ গৈ আন্দামান সাগৰত পৰিছেগৈ।


হ্ৰদ[সম্পাদনা কৰক]

প্ৰায় ৫,০০০ মিটাৰ উচ্চতাত ভাৰতবৰ্ষৰ ছিক্কিমত অৱস্থিত এটা হিমালয়ৰ হ্ৰদ দেখা গৈছে

হিমালয় অঞ্চলত কেইবাশ হ্ৰদ অৱস্থিতি ত আছে। প্ৰায়বিলাক হ্ৰদ ৫,০০০ মিটাৰ উচ্চতাৰ ভিতৰতে পোৱা যায় আৰু উচ্চতা বাঢ়ি যোৱাৰ লগে লগে হ্ৰদবিলাকৰ আকাৰ কমি যোৱা দেখা যায়। ভাৰত আৰু চীনৰ সীমান্তত অৱস্থিত পাংগং ছ’ (৭০০ বৰ্গ কিঃমিঃ) তথা মধ্য তিব্বতত অৱস্থিত য়ামড্ৰ’ক ছ’(৬৩৮ বৰ্গ কিঃমিঃ) হৈছে হিমালয়ৰ আটাইতকৈ ডাঙৰ হ্ৰদ (মাটিকালি ফালৰপৰা)। আন কেইটামান উল্লেখযোগ্য হ্ৰদ হৈছে গুৰুড’গমাৰ হ্ৰদ (উত্তৰ ছিক্কিম), ছাংমৌ হ্ৰদ (ভাৰত আৰু চীনৰ সীমান্তৰ ওচৰত) আৰু তিলিছ’ হ্ৰদ (নেপাল)। হিমবাহৰ কাৰ্য্যকলাপৰ ফলত কেতিয়াবা পৰ্বতবিলাকৰ মাজত হ্ৰদৰ উৎপত্তি হয়। হিমালয়ত এনেধৰণৰ হ্ৰদ প্ৰধানকৈ ইয়াৰ ওপৰৰ অংশ, অৰ্থাৎ ৫,০০০ মিটাৰৰো অধিক উচ্চতাত পোৱা যায়।[9]


জলবায়ুৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

লাডাখত অৱস্থিত কোনো এক গিৰিপথৰ মাজত বৌদ্ধ ধৰ্মৰ লোকসকলে প্ৰাৰ্থনাত ব্যৱহাৰ কৰা পতাকা দেখা গৈছে।

ভাৰতীয় উপদ্বীপ আৰু তিব্বতীয় মালভূমিৰ জলবায়ুৰ ওপৰত হিমালয়ৰ প্ৰভাৱ আটাইতকৈ বেছি। দক্ষিণ দিশে ভাৰতীয় উপদ্বীপলৈ হিমশীতল, শুকান সুমেৰুৰ পৰা বলা বতাহক হিমালয়ে বাধা প্ৰদান কৰে। ইয়াৰ ফলত অন্যান্য মহাদেশৰ নাতিশীতোষ্ণ অঞ্চলতকৈ দক্ষিণ এছিয়াত বেছি গৰম অনুভৱ কৰা যায়। উত্তৰ দিশলৈ বলা মৌচুমী বতাহকো হিমালয়ে বাধা প্ৰদান কৰাৰ ফলত তৰাই অঞ্চলত ধাৰাষাৰ বৰষুণ হয়। মধ্য এছিয়াৰ মৰুভূমি, যেনে টাকলা মাকান আৰু গোবি মৰুভূমিৰ সৃষ্টিৰ কাৰণো হিমালয় বুলি ভৱা হয়।[10]

পশ্চিমৰ ইৰাণৰপৰা বলা শীতল বতাহক হিমালয় পৰ্বতমালাই বাধা প্ৰদান কৰে। ইয়াৰ ফলত কাশ্মীৰত তুষাৰপাত তথা পঞ্জাৱ আৰু উত্তৰ ভাৰতত ধাৰাষাৰ বৰষুণ হয়। উত্তৰ দিশৰপৰা বলা হিমশীতল বতাহক হিমালয়ে বাধা প্ৰদান কৰাৰ পাছতো কিছু বতাহ ব্ৰহ্মপুত্ৰ উপত্যকালৈ বৈ যায়। ইয়াৰ ফলস্বৰূপে, উত্তৰ-পূৰ্বাঞ্চল আৰু বাংলাদেশৰ উষ্ণতা কিছু পৰিমাণে হ্ৰাস পায়।

মেৰু অঞ্চলৰ বাহিৰে হিমালয় পৰ্বতমালাত আটাইতকৈ বেছি হিমবাহৰ অঞ্চল পোৱা যায়। এছিয়াৰ কেইবাখনো উল্লেখযোগ্য নদী ইয়াৰপৰাই উৎপত্তি হৈছে আৰু ইয়াৰ ওপৰতেই পৃথিৱীৰ প্ৰায় ১০কোটি লোকে নিৰ্ভৰ কৰি জীয়াই আছে। বৰ্তমান চিন্তনীয় বিষয় হৈছে যে, হিমালয়ৰ উষ্ণতাৰ বৃদ্ধি গোলকীয় গড় উষ্ণতা বৃদ্ধিতকৈ বেছি বাঢ়িছে। নেপালত, যোৱা দশকত ০.৬ ডিগ্ৰী ছেলছিয়াছ উষ্ণতা বৃদ্ধি পাইছে। অন্যহাতে যোৱা এশ বছৰত, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সমগ্ৰ পৃথিৱীত প্ৰায় ০.৭ ডিগ্ৰী ছেলছিয়াছ উষ্ণতা বৃদ্ধি পাইছে।[11]

ৰাজনৈতিক আৰু সংস্কৃতিৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

ধনাউল্টি, ভাৰতবৰ্ষৰপৰা গাঢ়ৱাল হিমালয়ৰ সম্পূৰ্ণ দৃশ্যাৱলী

পৃথিৱীৰ কেইবাখনো মুখ্য নদী, গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, য়াঙৎজে, মেকং, ছুনজিয়াঙ আদি হিমালয়ৰপৰা উৎপত্তি হৈছে। এই নদীসমূহৰ উপত্যকাতেই আফগানিস্তান, বাংলাদেশ, ভূটান, চীন, ভাৰতবৰ্ষ, নেপাল, ম্যানমাৰ, কম্ব’ডিয়া, তাজাকিস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, কাজাকিস্তান, কাইৰগিজস্তান, থাইলেণ্ড, ভিয়েটনাম, মালেয়েছিয়া আৰু পাকিস্তানৰ প্ৰায় ৩০ কোটি লোকে বসবাস কৰে।

হিমালয় পৰ্বতমালাৰ আকাৰ বৃহদাকাৰ হোৱা হেতুকে এই অঞ্চলৰ লোকসকলৰ চলাচলত প্ৰাকৃতিক বাধা প্ৰধান কৰি আহিছে। ইয়াৰ ফলস্বৰূপে বিশেষকৈ, ভাৰতীয় উপদ্বীপৰ লোকসকলক চীন আৰু মংগোলীয় লোকসকলৰ লগত মিহলি হোৱাত বাধা দিছে। ইয়াৰ ফলত দুয়ো অঞ্চলৰ লোকসকলৰ ভাষা আৰু ৰীতি-নীতিত পাৰ্থক্য দেখা যায়। হিমালয় পৰ্বতমালাই বাণিজ্য আৰু সাম্ৰাজ্য বিস্তাৰৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছে।

ধৰ্ম[সম্পাদনা কৰক]

টাকৎছাঙ বৌদ্ধ বিহাৰ

হিমালয়ত অৱস্থিত বহুতো স্থান হিন্দু, জৈন, শিখ আৰু বৌদ্ধ ধৰ্মৰ লগত জড়িত। হিন্দু ধৰ্মৰ মতে, হিমালয়ক ভগৱান হিমাৱতৰ অন্য এক ৰূপ বুলি ভৱা হয়। হিমাৱত হৈছে হিন্দুৰ দেৱতা শিৱৰ স্ত্ৰী পাৰ্বতীৰ পিতৃ। ইয়াৰ ধাৰ্মিক স্থানৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে পাৰ’ টাকছাং। কোৱা হয় যে, পদ্মসম্ভাৱই ইয়াতেই ভূটানত বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল।[12] দালাই লামাৰ বাসস্থানৰ দৰে বহুতো তিব্বতীয় বৌদ্ধ ধৰ্মৰ লোকসকলৰ ধাৰ্মিক স্থান হিমালয়ত অৱস্থিত আছে। তিব্বতত ছয় সহস্ৰাধিকৰো অধিক বৌদ্ধ বিহাৰ আছিল।[13] ইয়াৰ উপৰিও তিব্বতীয় মুছলিম ধৰ্মৰ লোকসকলৰ লাছা আৰু ছিগাৎছেত নিজা মছজিদ আছিল।[14] হৰিদ্বাৰ, বদ্ৰীনাথ, কেদাৰনাথ, গৌমুখ, দেৱপ্ৰয়াগ, ঋষিকেশ, মাউণ্ট কৈলাশ, মানসৰোবৰ আৰু অমৰনাথ হৈছে আন কেইখনমান উল্লেখযোগ্য ধৰ্মীয় স্থান।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Definition of Himalayas". Oxford Dictionaries Online. http://oxforddictionaries.com/view/entry/m_en_gb0378930#m_en_gb0378930। আহৰণ কৰা হৈছে: 2011-05-09. 
  2. "Definition of Himalayas". Free Online Encyclopedia. http://encyclopedia2.thefreedictionary.com/Himalayas। আহৰণ কৰা হৈছে: 2011-05-09. 
  3. A site which uses this dramatic fact first used in illustration of "deep time" in John McPhee's book Basin and Range
  4. Yang, Qinye (2004). Himalayan Mountain System. ISBN 978-7-5085-0665-4. http://books.google.com/?id=4q_XoMACOxkC&pg=PA25&lpg=PA23&dq=%22South+Tibet+Valley%22। আহৰণ কৰা হৈছে: 2007-08-07. 
  5. C.Michael Hogan. 2010. Archaea. eds. E.Monosson & C.Cleveland, Encyclopedia of Earth. National Council for Science and the Environment, Washington DC.
  6. Kala, Chandra Prakash Kala (2011). Medicinal Plants and Sustainable Development. প্ৰকাশক New York: Nova Science Publishers. পৃষ্ঠা. 280. ISBN 9781617619427. 
  7. Kala, C.P. (2012). Biodiversity, Communities and Climate Change. প্ৰকাশক New Delhi: Teri Publications. পৃষ্ঠা. 358. 
  8. "Sunderbans the world’s largest delta". gits4u.com. http://www.gits4u.com/wb/wb6a.htm. 
  9. Drews, Carl. Highest Lake in the World "Highest Lake in the World". http://www.highestlake.com/highest-lake-world.html%7CThe Highest Lake in the World। আহৰণ কৰা হৈছে: 2010-11-14. 
  10. Devitt, Terry (3 May 2001). "Climate shift linked to rise of Himalayas, Tibetan Plateau". University of Wisconsin–Madison News. http://www.news.wisc.edu/6138। আহৰণ কৰা হৈছে: 1 November 2011. 
  11. Gravgaard, Anna-Katarina (2009-12-13). "Nepalis note climate change". Global Post. http://www.globalpost.com/dispatch/asia/091208/nepal-glaciers-climate-change. 
  12. Pommaret, Francoise (2006). Bhutan Himlayan Mountains Kingdom (5th edition). Odyssey Books and Guides. পৃষ্ঠা. 136–7. 
  13. Tibetan monks: A controlled life. BBC News. March 20, 2008.
  14. Mosques in Lhasa, Tibet. People's Daily Online. October 27, 2005.

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • Aitken, Bill, Footloose in the Himalaya, Delhi, Permanent Black, 2003. ISBN 81-7824-052-1
  • Berreman, Gerald Duane, Hindus of the Himalayas: Ethnography and Change, 2nd rev. ed., Delhi, Oxford University Press, 1997.
  • Bisht, Ramesh Chandra, Encyclopedia of the Himalayas, New Delhi, Mittal Publications, c2008.
  • Everest, the IMAX movie (1998). ISBN 0-7888-1493-1
  • Fisher, James F., Sherpas: Reflections on Change in Himalayan Nepal, 1990. Berkeley, University of California Press, 1990. ISBN 0-520-06941-2
  • Gansser, Augusto, Gruschke, Andreas, Olschak, Blanche C., Himalayas. Growing Mountains, Living Myths, Migrating Peoples, New York, Oxford: Facts On File, 1987. ISBN 0-8160-1994-0 and New Delhi: Bookwise, 1987.
  • Gupta, Raj Kumar, Bibliography of the Himalayas, Gurgaon, Indian Documentation Service, 1981
  • Hunt, John, Ascent of Everest, London, Hodder & Stoughton, 1956. ISBN 0-89886-361-9
  • Isserman, Maurice and Weaver, Stewart, Fallen Giants: The History of Himalayan Mountaineering from the Age of Empire to the Age of Extremes. Yale University Press, 2008. ISBN 978-0-300-11501-7
  • Ives, Jack D. and Messerli, Bruno, The Himalayan Dilemma: Reconciling Development and Conservation. London / New York, Routledge, 1989. ISBN 0-415-01157-4
  • Lall, J.S. (ed.) in association with Moddie, A.D., The Himalaya, Aspects of Change. Delhi, Oxford University Press, 1981. ISBN 0-19-561254-X
  • Nandy, S.N., Dhyani, P.P. and Samal, P.K., Resource Information Database of the Indian Himalaya, Almora, GBPIHED, 2006.
  • Palin, Michael, Himalaya, London, Weidenfeld & Nicolson Illustrated, 2004. ISBN 0-297-84371-0
  • Swami Sundaranand, Himalaya: Through the Lens of a Sadhu. Published by Tapovan Kuti Prakashan (August 2001). ISBN 81-901326-0-1
  • Swami Tapovan Maharaj, Wanderings in the Himalayas, English Edition, Madras, Chinmaya Publication Trust, 1960. Translated by T.N. Kesava Pillai.
  • Tilman, H. W., Mount Everest, 1938, Cambridge University Press, 1948.
  • ‘The Mighty Himalaya: A Fragile Heritage,’ National Geographic, 174:624-631 (November 1988).

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


স্থানাংক: 28°00′N 82°00′E / 28°N 82°E / 28; 82