মাউণ্ট এভাৰেষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাউণ্ট এভাৰেষ্ট (Mount Everest)
सगरमाथा (Sagarmāthā)
ཇོ་མོ་གླང་མ (Chomolungma)
珠穆朗玛峰 (Zhūmùlǎngmǎ Fēng)

তীব্বতৰ পৰা মাউণ্ট এভাৰেষ্টৰ উত্তৰ দিশৰ দৃশ্য
উচ্চতা 8,848 m (29,029 ft)[1]
Ranked 1st
Prominence 8,848 m (29,029 ft)
Ranked 1st
(Notice special definition for Everest)
তালিকা Seven Summits
Eight-thousander
Country high point
Ultra
অৱস্থান
Location on the Sagarmatha Zone, Nepal - Tibet, China border
অৱস্থিতি Solukhumbu District, Sagarmatha Zone, Nepal;
Tingri County, Xigazê, Tibet Autonomous Region, China[2]
প্ৰসাৰ Mahalangur Himal, Himalayas
স্থানাংক 27°59′17″N 86°55′31″E / 27.98806°N 86.92528°E / 27.98806; 86.92528স্থানাংক: 27°59′17″N 86°55′31″E / 27.98806°N 86.92528°E / 27.98806; 86.92528[3]
আৰোহন
প্ৰথম আৰোহনকাৰী 29 May 1953
Edmund Hillary and Tenzing Norgay
(First winter ascent 1980 Leszek Cichy and Krzysztof Wielicki[4][5])
সহজতম পথ South Col (Nepal)
মাউণ্ট এভাৰেষ্টৰ দক্ষিণ দিশ
Tibetan Plateau and surrounding areas above 1600 m in colour- topography.[6][7]
মাউণ্ট এভাৰেষ্ট আৰু বৰফাবৃত হিমালয় পৰ্বতমালা

মাউণ্ট এভাৰেষ্ট (Mount Everest), (নেপালত Sagarmāthā আৰু তীব্বতত Chomolungma হিচাপে জনা যায় ), পৃথিৱীৰ সৰ্ব্বোচ্চ উচ্চতাত থকা পৰ্বত। ই হিমালয় পৰ্বতমালাৰ মহালংগোৰ ( Mahalangur) অংশত সাগৰ পৃষ্ঠৰ পৰা ৮৮৪৮ মিটাৰ (২৯০২৯ ফুট) উচ্চতাত অৱস্থিত[1]। অৱশ্যে পৃথিৱীৰ কেন্দ্ৰৰ পৰা সৰ্বোচ্চ উচ্চতাত থকা শৃংগটো হৈছে এণ্ডিজ পৰ্বতমালাৰ ’মাউণ্ট চ্চিমব’ৰাজ’ (Mount Chimborazo) ]][8]চীন আৰু নেপালৰ আন্তঃৰাষ্ট্ৰীয় সীমা এই এভাৰেষ্ট শৃংগত মিলিত হৈছে।

ইতিহাস[সম্পাদনা কৰক]

১৮৫৬ চনত ভাৰতৰ ’Great Trigonometrical Survey of India’ ই পোনপ্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্টৰ উচ্চতা 29,002 ফুট (8,840 মিটাৰ) বুলি মাপ কৰি উলিয়ায়। বৰ্তমান চৰকাৰীভাৱে ইয়াৰ উচ্চতা 8,848 মিটাৰ (29,029 ফুট) বুলি স্বীকৃতি দিয়া হৈছে। এই মাপ ১৯৫৫ চনত এক ভাৰতীয় চাৰ্ভেই নিৰ্ণয় কৰিছিল। পৰৱৰ্ত্তী কালত অৰ্থাৎ ১৯৭৫ চনত চীনে পৃথক চাৰ্ভেৰ দ্বাৰা এই মাপকে নিশ্চিত কৰে। ১৮৬৫ চনত ব্ৰিটিছ চাৰ্ভেয়ৰ জেনেৰেল (Surveyor General of India) এণ্ড্ৰিউ ৱাগ (Andrew Waugh) ৰ পৰামৰ্শ ক্ৰমে ৰ’য়েল জিঅ’গ্ৰাফিকেল চ’ছাইটি (Royal Geographical Society) য়ে এভাৰেষ্ট নামটো প্ৰদান কৰে। তাৰ আগলৈকে এই শৃংগক Peak XV নামেৰে জনা গৈছিল। ৱাগে তেওঁৰ পূৰ্বৰ জেনৰেল ছাৰ জৰ্জ এভাৰেষ্ট (Sir George Everest) ৰ নামেৰে এই নাম দিয়ে। [9]

পৰ্বতাৰোহণ[সম্পাদনা কৰক]

মাউণ্ট এভাৰেষ্টলৈ বহুতো অভিজ্ঞতাপুষ্ট আৰোহণকাৰী আৰু দু:সাহসিক অভিযানকাৰীৰ আগমণ ঘটে। এই শৃংগত আৰোহণ কৰিবলৈ দুটা মূল পথ আছে-এটা নেপালৰ দক্ষিণ-পূবৰ পৰা আৰু আনটো তীব্বতৰ উত্তৰেদি। এভাৰেষ্টত আৰোহণকাৰীয়ে বহুতো বাধা-বিঘনিৰ সন্মুখীন হ’ব লগাত পৰে। ইয়াৰ ভিতৰত altitude sickness, ৰুক্ষ জলবায়ু, বতাহ, বৰফৰ স্খলন (avalanches) ইত্যাদি প্ৰধান।

এভাৰেষ্টৰ শিখৰত আৰোহণৰ প্ৰথম চেষ্টা ব্ৰিটিছ আৰোহণকাৰীসকলে কৰিছিল বুলি জনা যায়। সেই সময়ছোৱাত নেপালে বিদেশী পৰ্বতাৰোহণকাৰীক প্ৰবেশৰ বাবে অনুমতি নিদিয়াৰ বাবে ব্ৰিটিছ আৰোহণকাৰীসকলে তীব্বতৰ দিশৰ পৰা আৰোহণৰ চেষ্টা কৰিছিল। ১৯২১ চনত এটা দলে উত্তৰ ক’ল ( 7,000 মিটাৰ (22,970 ফুট) উচ্চতালৈকে আৰোহণত সফল হয়। ১৯২২ চনৰ অভিযানত মানুহে তেতিয়ালৈকে আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা 8,320 মিটাৰ (27,300 ফুট) পাবলৈ সক্ষম হয়। কিন্তু ওভতাৰ পথত বৰফৰ স্খলন (avalanche) ৰ মুখামুখি হৈ সাতজন পৰ্টাৰ মৃত্যুমুখত পৰে। ১৯২৪ চনৰ অভিযানত দুজন পৰ্বতাৰোহণকাৰী George Mallory আৰু Andrew Irvine সন্ধানহীন হয়। পৰৱৰ্ত্তী সময়ত ১৯৯৯ চনত মেল’ৰিৰ মৃতদেহ 8,155 মিটাৰ (26,755 ফুট) উচ্চতাত উদ্ধাৰ হয়। ১৯৫৩ চনত টেনজিং নৰ্গে (Tenzing Norgay) আৰু এডমাণ্ড হিলাৰী (Edmund Hillary) য়ে পোনপ্ৰথমে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰাৰ সফলতা লাভ কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Based on the 1999 and 2005 surveys of elevation of snow cap, not rock head. For more details, see Surveys.
  2. The position of the summit of Everest on the international border is clearly shown on detailed topographic mapping, including official Nepalese mapping.
  3. The WGS84 coordinates given here were calculated using detailed topographic mapping and are in agreement with adventurestats. They are unlikely to be in error by more than 2". Coordinates showing Everest to be more than a minute further east that appeared on this page until recently, and still appear in Wikipedia in several other languages, are incorrect.
  4. Starr, Daniel (18 March 2011). "Golden Decade: The Birth of 8000m Winter Climbing". Alpinist.com. http://www.alpinist.com/doc/web11w/wfeature-polish-winter। আহৰণ কৰা হৈছে: 28 May 2013. 
  5. "Mt Everest History and facts". Mnteverest.net. http://www.mnteverest.net/history.html। আহৰণ কৰা হৈছে: 29 May 2013. 
  6. National Geophysical Data Center, 1999. Global Land One-kilometer Base Elevation (GLOBE) v.1. Hastings, D. and P.K. Dunbar. National Geophysical Data Center, NOAA. doi:10.7289/V52R3PMS [access date: 2015-03-16]
  7. Amante, C. and B.W. Eakins, 2009. ETOPO1 1 Arc-Minute Global Relief Model: Procedures, Data Sources and Analysis. NOAA Technical Memorandum NESDIS NGDC-24. National Geophysical Data Center, NOAA. doi:10.7289/V5C8276M [access date: 2015-03-18].
  8. Robert Krulwich (7 April 2007). "The "Highest" Spot on Earth?". NPR.org. http://www.npr.org/templates/story/story.php?storyId=9428163. 
  9. "Papers relating to the Himalaya and Mount Everest". Proceedings of the London Royal Geographical Society of London খণ্ড IX: 345–351. April–May 1857.