সমললৈ যাওক

গঙ্গা নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গঙ্গা
নদী
বাৰাণসীত গঙ্গা
দেশসমূহ ভাৰত, বাংলাদেশ
প্ৰদেশসমূহ উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবঙ্গ
উপনৈ
 - বাঁওদিশত ৰামগঙ্গা, গোমতী, ঘৰ্ঘৰা, গণ্ডকী, বুৰি গণ্ডক, কোশী, মহানন্দা
 - সোঁদিশত যমুনা, তমসা, শোন, দামোদৰ
চহৰসমূহ হৰিদ্বাৰ, কানপুৰ, এলাহাবাদ, বাৰাণসী, গাজীপুৰ, পাটনা, মুঙ্গেৰ, ভাগলপুৰ, কলকাতা
উৎস গঙ্গোত্ৰী হিমবাহ, শতোপন্থ হিমবাহ, খাটলিং হিমবাহ, আৰু নন্দাদেবী, ত্ৰিশূল, কেদাৰনাথ, নন্দাকোট আৰু কামেট শৃঙ্গৰ বৰফগলা পানী।
 - অৱস্থান উত্তৰাখণ্ড, ভাৰত
 - উচ্চতা ৩,৮৯২ মি (১২,৭৬৯ ফুট)
 - স্থানাঙ্ক 30°59′N 78°55′E / 30.983°N 78.917°E / 30.983; 78.917
মোহনা গাঙ্গেয় বদ্বীপ
 - অৱস্থান বঙ্গোপসাগৰ, বাংলাদেশ & ভাৰত
 - উচ্চতা ০ মি (০ ফুট)
 - স্থানাঙ্ক 22°05′N 90°50′E / 22.083°N 90.833°E / 22.083; 90.833
দৈৰ্ঘ্য ২,৫২৫ কিমি (১,৫৬৯ মাইল) [1]
অৱবাহিকা ১০,৮০,০০০ বৰ্গকিমি (৪,১৬,৯৯০ বৰ্গমাইল) [2]
প্ৰবাহ for ফাৰাক্কা বান্ধ
 - গড় ১২,৫০০ ঘনমিটাৰ/ছেকেণ্ড (৪,৪১,৪৩৩ ঘনফুট/ছেকেণ্ড) [3]
 - সৰ্বোচ্চ ৭০,০০০ ঘনমিটাৰ/ছেকেণ্ড (২৪,৭২,০২৭ ঘনফুট/ছেকেণ্ড)
 - সৰ্বনিম্ন ২,০০০ ঘনমিটাৰ/ছেকেণ্ড (৭০,৬২৯ ঘনফুট/ছেকেণ্ড)
Discharge elsewhere (average)
 - বঙ্গোপসাগৰ ৪২,৪৭০ ঘনমিটাৰ/ছেকেণ্ড (১৪,৯৯,৮১৪ ঘনফুট/ছেকেণ্ড) [3]
গঙ্গা (কমলা), ব্ৰহ্মপুত্ৰ (বেঙুনীয়া) আৰু মেঘনা (সেউজীয়া) নদীৰ অববাহিকা।

গঙ্গা (সংস্কৃত: गङ्गा হিন্দী: गंगा উৰ্দু: گنگا Ganga IPA: [ˈɡəŋɡaː] ( শুনক)) ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃসীমান্ত নদী। এই নদী ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদীও। গঙ্গাৰ দৈৰ্ঘ্য 2,525 km (১,৫৬৯ মাইল); উৎসস্থল পশ্চিম হিমালয়ত ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য। দক্ষিণ আৰু পূৰ্বে গাঙ্গেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গঙ্গা মিলিছে বঙ্গোপসাগৰত। জলপ্ৰবাহৰ ক্ষমতা অনুযায়ী গঙ্গা বিশ্বৰ প্ৰথম ২০খন নদীৰ এখন।[4] গাঙ্গেয় অববাহিকাৰ জনসংখ্যা ৪০ কোটি আৰু জনঘনত্ব ১,০০০ জনবসতি প্ৰতি বৰ্গমাইল (৩৯০ /কি.মি.)। এইটোৱেই বিশ্বৰ আটাইতকৈ জনবহুল নদী অববাহিকা।[5]

গঙ্গা হিন্দুসকলৰ বাবে পবিত্ৰ নদী। তেওঁলোকে এই নদীক দেৱীজ্ঞানেৰে পূজা কৰে।[6] গঙ্গাৰ ঐতিহাসিক গুৰুত্বও অপৰিসীম; একাধিক পূৰ্বতন প্ৰাদেশিক আৰু সাম্ৰাজ্যিক ৰাজধানী (যেনে পাটলিপুত্ৰ,[7] কনৌজ,[7] কাশী, এলাহাবাদ, মুৰ্শিদাবাদ, মুঙ্গেৰ আৰু কলকাতা) এই নদীৰ পাৰতেই অৱস্থিত।

গঙ্গা বিশ্বৰ পাঁচখন আটাইতকৈ দূষিত নদীৰ এখন।[8] বাৰাণসীৰ কাষত এই নদীত ফেসাল কলিফৰ্মৰ পৰিমাণ ভাৰত চৰকাৰৰ নিৰ্ধাৰিত সীমাতকৈ এশ গুণ বেছি[9]গঙ্গাদূষণ কেবলমাত্ৰ গঙ্গাতীৰত বসবাসকাৰী কেইবা কোটি ভাৰতীয়ৰেই ক্ষতি কৰা নাই, কৰিছে ১৪০বিধ মাছৰ প্ৰজাতি, ৯০বিধ উভচৰ প্ৰাণীৰ প্ৰজাতি আৰু ভাৰতৰ জাতীয় জলচৰ প্ৰাণী গাঙ্গেয় শিশুৰো[8] গঙ্গাদূষণ ৰোধ কৰিবলৈ গঙ্গা অ্যাকশন প্ল্যান নামৰ এটা পৰিকল্পনা গৃহীত হৈছিল। কিন্তু দুৰ্নীতি, প্ৰযুক্তিগত অদক্ষতা,[10] সুষ্ঠ পৰিবেশ পৰিকল্পনাৰ অভাব,[11] Dams and canals were common in gangetic plain by fourth century BCE.[12] ভাৰতীয় ধৰ্মীয় ঐতিহ্য আৰু বিশ্বাস আৰু ধৰ্মীয় সংগঠনসমূহৰ অসহযোগিতাৰ কাৰণে[13] এই প্ৰকল্প ব্যৰ্থতালৈ পৰ্যবসিত হয়।[14]

প্ৰবাহপথ

[সম্পাদনা কৰক]
ভাগীৰথী নদী, গঙ্গোত্ৰীত।
দেবপ্ৰয়াগ, অলকানন্দা (বাওঁফালে) আৰু ভাগীৰথী (সোঁফালে) নদীৰ সঙ্গমস্থল, ইয়াৰ পৰা মূল গঙ্গা নদীৰ আৰম্ভ।
ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ গাড়োৱাল অঞ্চলত গঙ্গাৰ উৎস অঞ্চল।

মূল গঙ্গা নদীৰ উৎসস্থল ভাগীৰথী আৰু অলকানন্দা নদীৰ সঙ্গমস্থল। হিন্দু সংস্কৃতিত ভাগীৰথীকেই গঙ্গাৰ মূল প্ৰবাহ বুলি মানি লোৱা হয়। যদিও অলকানন্দা নদীখন দীৰ্ঘতৰ।[15][16] অলকানন্দাৰ উৎসস্থল নন্দাদেবী, ত্ৰিশূল আৰু কামেট শৃঙ্গৰ বৰফগলা পানী। ভাগীৰথীৰ উৎস গোমুখৰ গঙ্গোত্ৰী হিমবাহ (উচ্চতা 3,892 মিটাৰ (১২,৭৬৯ ফুট))।[17]

গঙ্গাৰ পানীৰ উৎস অনেকবোৰ সৰু নদী। ইয়াৰ মাজত ছটা দীৰ্ঘতম ধাৰা আৰু গঙ্গাৰ লগত সেইবোৰৰ সঙ্গমস্থল সমূহক হিন্দুসকলে পবিত্ৰ বুলি মানি চলে। এই ছয়টি ধাৰা হ'ল অলকানন্দা, ধৌলীগঙ্গা, নন্দাকিনী, পিণ্ডাৰ, মন্দাকিনী আৰু ভাগীৰথী। পঞ্চপ্ৰয়াগ নামে পৰিচিত পাঁচোটা সঙ্গমস্থলেই অলকানন্দাৰ ওপৰত অৱস্থিত। এইবিলাক হল বিষ্ণুপ্ৰয়াগ (য’ত ধৌলীগঙ্গা অলকানন্দাৰ লগত মিলিত হৈছে), নন্দপ্ৰয়াগ (য’ত নন্দাকিনী মিলিত হৈছে), কৰ্ণপ্ৰয়াগ (য’ত পিণ্ডাৰ মিলিত হৈছে), ৰুদ্ৰপ্ৰয়াগ (য’ত মন্দাকিনী মিলিত হৈছে) আৰু সৰ্বশেষত দেবপ্ৰয়াগ য’ত ভাগীৰথী আৰু অলকানন্দাৰ মিলনৰ ফলত মূল গঙ্গা নদীৰ জন্ম হৈছে।[15]

হিমালয় পাৰ্বত্য অঞ্চলত গঙ্গাৰ দৈৰ্ঘ্য ২৫০ কিলোমিটাৰ (১৬০ মাইল)[17] হৃষীকেশৰ ওচৰত গঙ্গাই হিমালয় ত্যাগ কৰি তীৰ্থচহৰ হৰিদ্বাৰ গাঙ্গেয় সমভূমিত পৰিছেগৈ।[15] হৰিদ্বাৰত এটি বান্ধ সৃষ্টি কৰি গঙ্গা খালৰ মাধ্যমেৰে গঙ্গাৰ পানী উত্তৰপ্ৰদেশৰ দোয়াব অঞ্চললৈ জলসিঞ্চনৰ বাবে পঠোৱা হয়। এইখিনিতে গঙ্গাৰ মূলধাৰাটো হৰিদ্বাৰৰ আগত সামান্য দক্ষিণ-পশ্চিমমুখী হ'লেও হৰিদ্বাৰৰ পৰা তাক দক্ষিণ-পূৰ্বৰ ফালে বোৱাই নিয়া হৈছে॥

ইয়াৰ পৰা গঙ্গা কনৌজ, ফাৰুকাবাদ আৰু কানপুৰ চহৰৰ ধাৰেৰে এটা অৰ্ধ-বৃত্তাকাৰ পথেৰে 800 কিলোমিটাৰ (500 মাইল) পাৰ হৈছে। এই পথেৰেই ৰামগঙ্গা (বাৰ্ষিক জলপ্ৰবাহ 500 cubic metres per second (১৮,০০০ cu ft/s)) গঙ্গাত মিলিছে।[18] এলাহাবাদৰ ত্ৰিবেণী সঙ্গমত যমুনা নদী গঙ্গাত মিলিছে। সঙ্গমস্থলত যমুনাৰ আকাৰ গঙ্গাতকৈয়ো বৃহত্‌। যমুনাই গঙ্গাত 2,950 m3/s (১,০৪,০০০ cu ft/s) পানী বোৱায়, যি উভয় নদীৰ যুগ্মপ্ৰবাহৰ জলধাৰাৰ মুঠ ৫৮.৫%।[19]

ইয়াৰ পৰা গঙ্গা পূৰ্ববাহিনী নদী। যমুনাৰ পাছত গঙ্গাত মিলিছে কাইমুৰ পৰ্বতমালাৰ পৰা উৎপন্ন নদী তমসা (বাৰ্ষিক জলপ্ৰবাহ 190 m3/s (৬,৭০০ cu ft/s))। তাৰপাছত মিলিছে দক্ষিণ হিমালয়ত উৎপন্ন নদী গোমতী (বাৰ্ষিক জলপ্ৰবাহ 234 m3/s (৮,৩০০ cu ft/s))। তাৰপাছত গঙ্গাত মিলিছে গঙ্গাৰ বৃহত্তম উপনদী ঘৰ্ঘৰা (বাৰ্ষিক জলপ্ৰবাহ 2,990 m3/s (১,০৬,০০০ cu ft/s))। ঘৰ্ঘৰাৰ পাছত দক্ষিণ ফালৰ পৰা গঙ্গাৰ লগত মিলিছে শোন (বাৰ্ষিক জলপ্ৰবাহ 1,000 m3/s (৩৫,০০০ cu ft/s)), উত্তৰ ফালৰ পৰা মিলিছে গণ্ডকী (বাৰ্ষিক জলপ্ৰবাহ 1,654 m3/s (৫৮,৪০০ cu ft/s)) আৰু কোশী (বাৰ্ষিক জলপ্ৰবাহ 2,166 m3/s (৭৬,৫০০ cu ft/s))। কোশী ঘৰ্ঘৰা আৰু যমুনাৰ পাছত গঙ্গাৰ তৃতীয় বৃহত্তম উপনদী।[18]

এলাহাবাদৰ পৰা পশ্চিমবঙ্গৰ মালদহ পৰ্যন্ত গঙ্গা বাৰাণসী, পাটনা, গাজীপুৰ, ভাগলপুৰ, মিৰ্জাপুৰ, বালিয়া, বক্সাৰ, চৈয়দপুৰ আৰু চুনাৰ চহৰৰ কাষেদি প্ৰবাহিত হৈছে। ভাগলপুৰত নদী দক্ষিণ-দক্ষিণপূৰ্বৰ ফালে ববলৈ আৰম্ভ কৰিছে। পাকুৰৰ কাষত গঙ্গাৰ ঘৰ্ষণক্ষয় আৰম্ভ হৈছে। এইখিনিৰ পৰাই গঙ্গাৰ প্ৰথম শাখানদী ভাগীৰথী-হুগলিৰ জন্ম, যিখন দক্ষিণবঙ্গত গৈ হৈছে হুগলি নদীবাংলাদেশ সীমান্ত পাৰ হোৱাৰ কিছু আগত হুগলি নদীত গঢ়ি তোলা হৈছে ফাৰাক্কা বান্ধ। এই বান্ধ আৰু ফিডাৰ খালৰ মাধ্যমেৰে জলপ্ৰবাহ নিয়ন্ত্ৰণ কৰি হুগলি নদীক আপেক্ষিকভাবে পলসমুক্ত ৰখা হয়। ভাগীৰথী আৰু জলঙ্গী নদীৰ সঙ্গমৰ পাছত হুগলি নদীৰ উৎপত্তি। এই নদীৰ বহু উপনদী আছে। তাৰ মাজত আটাইতকৈ ডাঙৰ উপনদীখন হ’ল দামোদৰ নদ (দৈৰ্ঘ্য 541 km (৩৩৬ মাইল); অববাহিকাৰ আয়তন 25,820 বৰ্গ কি.মি. (৯,৯৭০ বৰ্গ মাইল))।[20] হুগলি নদী সাগৰ দ্বীপৰ কাষত বঙ্গোপসাগৰত মিলিছে।[21]

হুগলি নদীৰ ওপৰত বিদ্যাসাগৰ সেতু, কলকাতা

বাংলাদেশত যমুনা নদীৰ (ব্ৰহ্মপুত্ৰৰ বৃহত্তম শাখানদী) সঙ্গমস্থল পৰ্যন্ত গঙ্গাৰ মূল শাখাটো পদ্মা নামে পৰিচিত। তাৰো দক্ষিণলৈ গৈ গঙ্গা ব্ৰহ্মপুত্ৰৰ দ্বিতীয় বৃহত্তম শাখানদী মেঘনাৰ লগত মিলি মেঘনা নাম ধাৰণ কৰি শেষ পৰ্যন্ত বঙ্গোপসাগৰত পৰিছে।

গঙ্গা-ব্ৰহ্মপুত্ৰ নদীৰ বদ্বীপ বিশ্বৰ বৃহত্তম বদ্বীপ। ইয়াৰ আয়তন প্ৰায় 59,000 বৰ্গ কি.মি. (২৩,০০০ বৰ্গ মাইল)[3] বঙ্গোপসাগৰৰ তীৰ-অনুযায়ী এই বদ্বীপৰ দৈৰ্ঘ্য 322 km (২০০ মাইল)[5]

গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু সুৰমা-মেঘনা নদীৰ মিলিত জলপ্ৰবাহতকৈ একমাত্ৰ আমাজন আৰু কঙ্গো নদীৰ জলপ্ৰবাহৰ পৰিমাণ বেছি।[5] পূৰ্ণ প্লাবনৰ ক্ষেত্ৰত একমাত্ৰ আমাজনেই দুই নদীৰ মাজত বৃহত্তৰ।[22]

ভূতত্ত্ব

[সম্পাদনা কৰক]

ভাৰতীয় উপমহাদেশ ইন্দো-অষ্ট্ৰেলীয় ভাগৰ উপৰিভাগত ভাৰতীয় ভাগ নামেৰে এটি সৰু ভাগৰ এক খণ্ডত অৱস্থিত।[23] ইয়াৰ গঠনপ্ৰক্ৰিয়া ৭৫ কোটি বছৰ আগেয়ে দক্ষিণৰ মহামহাদেশ গণ্ডোৱানাৰ উত্তৰমুখে অভিসৰণৰ সময়ত আৰম্ভ গঠন হোৱাৰ প্ৰক্ৰিয়া চলে ৫০ কোটি বছৰ ধৰি।[23] তাৰপাছত উপমহাদেশৰ ভাগটো ইউৰেশীয় ভাগৰ লগত খুন্দা খায়। ইয়াৰ ফলত জন্ম হয় বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালা হিমালয়ৰ[23] উত্থানশীল হিমালয়ৰ ঠিক দক্ষিণে পূৰ্বতন সমুদ্ৰতলৰ ভাগ সঞ্চাৰণৰ ফলত এক বিৰাট চ্যূতিৰ সৃষ্টি হয়। এই চ্যূতিটোৱে সিন্ধু নদ আৰু তাৰ উপনদীসমূহ আৰু গঙ্গাই কঢ়িয়াই অনা পলসেৰে পৰিপূৰ্ণ হৈ[24] বৰ্তমান সিন্ধু-গাঙ্গেয় সমভূমিৰ জন্ম দিছে।[25] সিন্ধু-গাঙ্গেয় সমভূমি ভূতাত্ত্বিক পৰিভাষাত এক অগ্ৰভূমি অববাহিকা[26]

জলবিদ্যা

[সম্পাদনা কৰক]
গঙ্গা আৰু তাৰ উপনদীসমূহৰ ১৯০৮ চনৰ মানচিত্ৰ। বাওঁ তীৰৰ প্ৰধান উপনদীসমূহ হ’ল গোমতী, ঘৰ্ঘৰা, গণ্ডকী আৰু কোশী; সোঁ তীৰৰ প্ৰধান উপনদী হ’ল যমুনা, শোন, পুনপুন আৰু দামোদৰ।

গঙ্গা নদীৰ জলবিদ্যা, বিশেষত: গাঙ্গেয় বদ্বীপ অঞ্চলত, যথেষ্ট জটিল। গতিকে নদীৰ দৈৰ্ঘ্য, জলধাৰণ ক্ষমতা আৰু অববাহিকাৰ আকাৰ বিভিন্ন উপায়েৰে জোখ-মাপ কৰা হয়। নদীৰ 'গঙ্গা' নামটো হিমালয়ত ভাগীৰথী-অলকানন্দাৰ সঙ্গমস্থলৰ পৰা ফাৰাক্কা বান্ধৰ কাষলৈকে বাংলাদেশ-ভাৰত সীমান্তৰ নদীৰ প্ৰথম শাখানদীৰ উৎপত্তিস্থল পৰ্যন্ত ব্যবহৃত হয়। গঙ্গাৰ দৈৰ্ঘ্য সাধাৰণতঃ ধৰা হয় 2,500 km (১,৬০০ মাইল), প্ৰায় 2,505 km (১,৫৫৭ মাইল),[27] পৰা 2,525 km (১,৫৬৯ মাইল),[1][19] অথবা সম্ভবত: 2,550 km (১,৫৮০ মাইল)[28] এই সকলো ক্ষেত্ৰত নদীৰ উৎস ধৰা হয় গোমুখত গঙ্গোত্ৰী হিমবাহৰ ভাগীৰথী নদীৰ উৎসস্থলটোক আৰু নদীৰ মোহনা ধৰা হয় বঙ্গোপসাগৰত মেঘনাৰ মোহনাটোক।[1][19][27][28] অন্যমতে, গঙ্গাৰ উৎস ধৰা হয় হৰিদ্বাৰত, য’ত গঙ্গাৰ পাৰ্বত্য প্ৰবাহটো গাঙ্গেয় সমভূমিত প্ৰবেশ কৰিছে।[20]

কোনো কোনো ক্ষেত্ৰত মেঘনাৰ সলনি শাখানদী হুগলিৰ দৈৰ্ঘ্যশুদ্ধ গঙ্গাৰ দৈৰ্ঘ্য জোখা হয়। এই দৈৰ্ঘ্য মেঘনাৰ দৈৰ্ঘ্যতকৈ বেছি। ভাগীৰথীক উৎস ধৰি হুগলি-সহ গঙ্গাৰ দৈৰ্ঘ্য জুখিলে, মুঠ দৈৰ্ঘ্য বাঢ়ি গৈ হয়গৈ 2,620 km (১,৬৩০ মাইল)[3] আৰু হৰিদ্বাৰৰ পৰা হুগলিৰ মোহনা পৰ্যন্ত গঙ্গাৰ উৎস হয়গৈ 2,135 km (১,৩২৭ মাইল)[20] কোনো কোনোৰ মতে, ভাগীৰথীৰ উৎসৰ পৰা বাংলাদেশ সীমান্ত পৰ্যন্ত গঙ্গাৰ দৈৰ্ঘ্য জোখা হয়; কাৰণ ইয়াৰ পৰাই নদীখনে পদ্মা নাম লৈছে। এই দৈৰ্ঘ্য হ’ল 2,240 km (১,৩৯০ মাইল)[29]

একেই কাৰণতে, নদীৰ অববাহিকাৰ আকাৰ সম্পৰ্কে ভিন্নমত বৰ্তমান। নেপাল, চীন আৰু বাংলাদেশ ৰাষ্ট্ৰ আৰু ভাৰতৰ এঘাৰখন ৰাজ্য (হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীচগড়, বিহাৰ, ঝাৰখণ্ড, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, পশ্চিমবংগ) আৰু জাতীয় ৰাজধানী অঞ্চল দিল্লী ব্যাপী এই অববাহিকা অবস্থিত।[30] ব্ৰহ্মপুত্ৰ-মেঘনা অববাহিকাৰ বাদে বদ্বীপ-সহ গাঙ্গেয় অববাহিকাৰ আয়তন প্ৰায় 10,80,000 বৰ্গ কি.মি. (৪,২০,০০০ বৰ্গ মাইল)। ইয়াৰ মাজত 8,61,000 বৰ্গ কি.মি. (৩,৩২,০০০ বৰ্গ মাইল) ভাৰতত (প্ৰায় ৮০%), 1,40,000 বৰ্গ কি.মি. (৫৪,০০০ বৰ্গ মাইল) নেপালত (১৩%), 46,000 বৰ্গ কি.মি. (১৮,০০০ বৰ্গ মাইল) বাংলাদেশত (৩%) ও 33,000 বৰ্গ কি.মি. (১৩,০০০ বৰ্গ মাইল) (৩%)।[2] গঙ্গা আৰু ব্ৰহ্মপুত্ৰ-মেঘনাৰ যৌথ অববাহিকাৰ সামগ্ৰিক আয়তন প্ৰায় 16,00,000 বৰ্গ কি.মি. (৬,২০,০০০ বৰ্গ মাইল)[22] বা 16,21,000 বৰ্গ কি.মি. (৬,২৬,০০০ বৰ্গ মাইল)[5] গঙ্গা-ব্ৰহ্মপুত্ৰ-মেঘনা (গ-ব্ৰ-মে) অববাহিকা বাংলাদেশ, ভূটান, ভাৰত, নেপাল আৰু চীন ব্যাপী প্ৰসাৰিত।[31]

গঙ্গাৰ জলধাৰণ ক্ষমতা সম্পৰ্কে বিভিন্ন মত প্ৰচলিত আছে। সাধাৰণতে মেঘনাৰ মোহনাৰ কাষত গঙ্গাৰ জলধাৰণ ক্ষমতা জোখা হয়। এই পৰিমাপৰ ফলত গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু মেঘনাৰ মিলিত পানীৰ পৰিমাণ জনা যায়। তিনি নদীৰ বাৰ্ষিক গড় জলধাৰণ ক্ষমতা 38,000 m3/s (১৩,০০,০০০ cu ft/s),[5] বা 42,470 m3/s (১৫,০০,০০০ cu ft/s)[3] কোনো কোনোৰ মতে, গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু মেঘনাৰ জলধাৰণ ক্ষমতা পৃথক পৃথকভাবে দেখুওৱা হয়। পৃথকভাবে উক্ত তিনি নদীৰ জলধাৰণ ক্ষমতা যথাক্ৰমে 16,650 m3/s (৫,৮৮,০০০ cu ft/s), 19,820 m3/s (৭,০০,০০০ cu ft/s)5,100 m3/s (১,৮০,০০০ cu ft/s)[1]

পদ্মা নদীৰ ওপৰত হাৰ্ডিঞ্জ ব্ৰিজ, বাংলাদেশ। গঙ্গাৰ নিম্ন অববাহিকাৰ জলধাৰণ ক্ষমতা পৰিমাপৰ অন্যতম প্ৰধান স্থান।

বাংলাদেশৰ হাৰ্ডিঞ্জ ব্ৰিজৰ কাষত গঙ্গাৰ সৰ্বোচ্চ জলপ্ৰবাহ 70,000 m3/s (২৫,০০,০০০ cu ft/s)-ইয়াতকৈয়ো বেছি বুলি নথিবদ্ধ হৈছে।[32] একেই স্থানত সৰ্বনিম্ন জলপ্ৰবাহ আছিল প্ৰায় 180 m3/s (৬,৪০০ cu ft/s) (১৯৯৭ চনত)।[33]

গঙ্গাৰ জলচক্ৰ দক্ষিণ-পূৰ্ব মৌচুমী বায়ু-ঘটিত বৰ্ষাকালৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। বৰ্ষাৰ ৮৪% শতাংশ বৃষ্টিপাত হয় জুনৰ পৰা চেপ্টেম্বৰ মাহৰ মাজলৈকে। তেনেদৰেই গঙ্গাৰ নিজস্ব জলপ্ৰবাহো ঋতুনিৰ্ভৰ। হাৰ্ডিঞ্জ ব্ৰিজৰ পৰিমাপ অনুযায়ী, শুকান বতৰত আৰু বৰ্ষাকালৰ জলপ্ৰবাহৰ অনুপাত ১:৬। এই ঋতুনিৰ্ভৰ জলপ্ৰবাহ এই অঞ্চলত ভূমি আৰু জলসম্পদ উন্নয়ন সংক্ৰান্ত নানা সমস্যাৰ জন্মদাতা।[29] ইয়াৰ ফলত খৰাং আৰুবান দুয়োটাই হোৱা দেখা যায়। বিশেষকৈ বাংলাদেশত, শুকান বতৰত খৰাং আৰু বৰ্ষাকালত বান এটা প্ৰধান সমস্যা।[34]

গাঙ্গেয় বদ্বীপত অনেক ডাঙৰ নদী আছে। এইবোৰ হয় উপনদী নহয় শাখানদী। এই সকলো নদ নদীয়ে এটা জটিল নদীজালিকাৰ সৃষ্টি কৰিছে। গঙ্গা আৰু ব্ৰহ্মপুত্ৰ এইবোৰৰ মাজত বৃহত্তম নদী। দুই নদীয়েই একাধিক শাখানদীত বিভক্ত হৈছে, আকৌ শাখানদীসমূহো পৰস্পৰে মিলিত হৈছে। তথাপি এই নদীজালিকাসমূহত মাজে মাজে ভৌগোলিক পৰিবৰ্তন দেখা যায়।

দ্বাদশ শতাব্দীৰ আগেয়ে ভাগীৰথী-হুগলি শাখানদীয়েই আছিল গঙ্গাৰ মূল প্ৰবাহ। পদ্মা আছিল এখন সৰু শাখানদী মাত্ৰ। তেতিয়া গঙ্গা বঙ্গোপসাগৰত মিলিত হৈছিল আধুনিক হুগলি নদীৰ পথেৰে নহয়, আদিগঙ্গাৰ মাধ্যমেৰে। দ্বাদশৰ পৰা ষোড়শ শতাব্দীৰ মাজভাগত ভাগীৰথী-হুগলি আৰু পদ্মাৰ আকাৰ প্ৰায় একেই হৈ উঠে। ষোড়শ শতাব্দীৰ পাছত পদ্মাৰ আকাৰ বৃদ্ধি পায় আৰু ই গঙ্গাৰ মূল প্ৰবাহপথত পৰিণত হয়।[21] ধৰা হয়, ভাগীৰথী-হুগলিৰ প্ৰবাহপথটো ক্ৰমে ক্ৰমে পলস পৰি ৰুদ্ধ হৈ যায়। সেই কাৰণেই গঙ্গাৰ মূল প্ৰবাহ পদ্মাৰ পথৰ পৰা আঁতৰি গৈছিল। অষ্টাদশ শতাব্দীৰ শেষৰফালে পদ্মাই গঙ্গাৰ মূল প্ৰবাহপথ হৈ উঠে।[35] গঙ্গাৰ মূল প্ৰবাহপথ পদ্মালৈ আঁতৰি যোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদী পৃথকভাবে বঙ্গোপসাগৰত নিমিলি একেলগে মিলিত হয়। গঙ্গা আৰু মেঘনাৰ বৰ্তমান সঙ্গমস্থলটো দেড়শ বছৰৰ আগেয়ে গঠিত হৈছে।[36]

ওঠৰ শতিকাৰ শেষৰফালে নিম্ন ব্ৰহ্মপুত্ৰৰ প্ৰবাহপথতো নাটকীয় পৰিবৰ্তন আহিছিল, যাৰ ফলত গঙ্গাৰ লগত ইয়াৰ সম্পৰ্কই সলনি হৈ যায়। ১৭৮৭ চনৰ বিধ্বংসী বানত তিস্তা নদীৰ প্ৰবাহপথটো ঘূৰি যায়। এই নদী আগেয়ে গঙ্গা-পদ্মাৰ উপনদী আছিল। ১৭৮৭ চনৰ বানৰ পাছত নদীখনে গতিপথ ওলোটাই পূবফালেৰে গৈ ব্ৰহ্মপুত্ৰত পৰে। ফলত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ দক্ষিণলৈ আঁতৰি আহে আৰু এটা নতুন নদীপথৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰৰ এই নতুন প্ৰধান গতিপথটোৰ নাম হয় যমুনা নদী। ই দক্ষিণলৈ প্ৰবাহিত হৈ গঙ্গা-পদ্মাত মিলিত হয়। আগেয়ে ব্ৰহ্মপুত্ৰৰ গতি আছিল কিঞ্চিৎ পূৰ্বমুখী। যিটো ময়মনসিংহ চহৰৰ কাষেৰে গৈ প্ৰবাহিত হৈ মেঘনা নদীত মিলিত হয়। বৰ্তমানে এই নদীপথটো এখন সৰু শাখানদী হ'লেও পুৰাতন ব্ৰহ্মপুত্ৰ নামেৰে ব্ৰহ্মপুত্ৰ নামটো বজায় ৰাখিছে।[37] লাঙ্গলবান্ধত পুৰাতন ব্ৰহ্মপুত্ৰ-মেঘনাৰ সঙ্গমস্থল হিন্দুসকলৰ বাবে আজিও পবিত্ৰ। এই সঙ্গমৰ কাষতেই ঐতিহাসিক উয়াড়ি-বটেশ্বৰ অবস্থিত।[21]

সিন্ধু সভ্যতাৰ অন্তিম হৰপ্পা পৰ্যায়ত (১৯০০-১৩০০ খ্ৰীষ্টপূৰ্বত) হৰপ্পাবাসীসকলে সিন্ধু উপত্যকা এৰি পূবফালে বসতি স্থাপন কৰি গঙ্গা-যমুনা দোয়াব পৰ্যন্ত গুচি আহে। যদিও কোনেও গঙ্গা পাৰ হৈ পূৰ্বতীৰত বসতি স্থাপন নাইকৰা। খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ আৰম্ভণিৰ ফালে হৰপ্পা সভ্যতা ভাঙি যোৱাৰ সময়ৰ পৰা ভাৰতীয় সভ্যতাৰ প্ৰাণকেন্দ্ৰ সিন্ধু উপত্যকাৰ পৰা আঁতৰি আহে গাঙ্গেয় অববাহিকালৈ।[38] গাঙ্গেয় অববাহিকাত অন্তিম হৰপ্পা বসতি আৰু সমাধিক্ষেত্ৰ এইচ পুৰাতাত্ত্বিক সংস্কৃতি, ইন্দো-আৰ্য জাতি আৰু বৈদিক যুগৰ মাজত কোনো সংযোগ থাকিলেও থাকিব পাৰে।

আদি বৈদিক যুগ বা ঋগ্বেদৰ যুগত গঙ্গাই নহয়, সিন্ধু আৰু সৰস্বতী নদীও আছিল পবিত্ৰ নদী। কিন্তু পৰৱৰ্তী তিনি বেদত গঙ্গাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।[39] তাৰপাছত মৌৰ্যৰ পৰা মোগল সাম্ৰাজ্য পৰ্যন্ত অধিকাংশ ভাৰতীয় সভ্যতাৰেই প্ৰাণকেন্দ্ৰ আছিল গাঙ্গেয় সমভূমি।[15][40]

প্ৰথম যি ইউৰোপীয় পৰ্যটকৰ ৰচনাত গঙ্গাৰ উল্লেখ পোৱা যায়, তেওঁ মেগাস্থেনিচ (৩৫০-২৯০ খ্ৰীষ্টপূৰ্ব)। তেওঁৰ লেখা ইণ্ডিকা কিতাপখনত একাধিকবাৰ গঙ্গাৰ উল্লেখ পোৱা যায়: "ভাৰতত অনেক ডাঙৰ আৰু নৌবহনযোগ্য নদী আছে। এই নদীসমূহ উত্তৰ সীমান্তৰ পাৰ্বত্য অঞ্চলৰ পৰা উৎপন্ন হৈ সমতল অঞ্চল পৰ্যন্ত প্ৰবাহিত। অনেকবোৰ নদী আকৌ পৰস্পৰৰ লগত মিলিত হৈ সম্মিলিত ৰূপত মিলিছে গঙ্গা নদীত। গঙ্গা নদী উৎসৰ কাষত ৩০ ষ্টেডিয়া ওখ। এই নদী উত্তৰ-দক্ষিণলৈ প্ৰবাহিত হৈ গঙ্গাৰিডাত দেশৰ (যি দেশত সকলোতকৈ ডাঙৰ আকাৰৰ হাতীৰ বাহিনী আছে) পূৰ্ব সীমান্তৰ মহাসাগৰত পৰিছে"। (ডিওডোৰাস, দুই। ৩৭)[41]

১৯৫১ চনত ভাৰত ফাৰাক্কা বান্ধ নিৰ্মাণ প্ৰকল্পৰ কথা ঘোষণা কৰাত ভাৰত আৰু পূৰ্ব পাকিস্তানৰ (অধুনা বাংলাদেশ) মাজত গঙ্গাৰ জলবণ্টন লৈ বিবাদ আৰম্ভ হয়। এই বান্ধ নিৰ্মাণৰ প্ৰকৃত উদ্দেশ্য আছিল 40,000 cu ft/s (১,১০০ m/s) পানী গঙ্গাৰ পৰা ভাগীৰথী-হুগলি নদীৰ পথেৰে ঘূৰাই দিয়া যাতে কলকাতা বন্দৰৰ নাব্যতা ৰক্ষিত হয়। সেই সময়ত শুকান বতৰত গঙ্গাত মুঠ পানী থাকিছিল 50,000 ৰ পৰা 55,000 cu ft/s (1,400 ৰ পৰা 1,600 m3/s)। ফলত পূৰ্ব পাকিস্তানৰ বাবে কেৱল মাত্ৰ 10,000 ৰ পৰা 15,000 cu ft/s (280 ৰ পৰা 420 m3/s) পানীহে অবশিষ্ট থাকে।[33] পূৰ্ব পাকিস্তানে ইয়াত আপত্তি জনোৱাত বিবাদৰ সূত্ৰপাত হয়। ১৯৯৬ চনত এক ৩০ বছৰীয়া চুক্তি সাক্ষৰিত হয়। এই চুক্তিৰ চৰ্তসমূহ জটিল আছিল। তথাপি তাৰ সাৰমৰ্ম আছিল গঙ্গাত যদি 70,000 cu ft/s (২,০০০ m/s)-ৰ কম পানী প্ৰবাহিত হয়, তেতিয়া ভাৰত আৰু বাংলাদেশে ৫০% কৰি অৰ্থাৎ 35,000 cu ft/s (৯৯০ m/s) পানী প্ৰতি দহ-দিনৰ ব্যৱধানত পাব। কিন্তু পাছৰ বছৰতেই ফাৰাক্কাত জলপ্ৰবাহৰ পৰিমাণৰ ৰেকৰ্ড হ্ৰাস পায়। ফলত চুক্তিৰ চৰ্ত মনা অসম্ভব হৈ পৰে। ১৯৯৭ চনৰ মাৰ্চ মাহত বাংলাদেশত গঙ্গাৰ জলপ্ৰবাহৰ পৰিমাণ আছিল আটাইতকৈ কম - 6,500 cu ft/s (১৮০ m/s)। পাছৰ বছৰসমূহত অৱশ্যে শুকান বতৰৰ জলপ্ৰবাহ স্বাভাবিক হৈ আহে। কিন্তু সমস্যাৰ মোকাবিলা কিভাবে কৰা যায়, তাক লৈ চিন্তাভাবনা চলি থাকিল। বাংলাদেশত গঙ্গাৰ পানীৰ সুষম বণ্টনৰ বাবে ঢাকাৰ পশ্চিমে পাংশাত আৰু এটা বান্ধ নিৰ্মাণৰ পৰিকল্পনা গৃহীত হৈছে।[33][42]

ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব

[সম্পাদনা কৰক]

পবিত্ৰতা

[সম্পাদনা কৰক]
গঙ্গা, কালীঘাট পটচিত্ৰ, ১৮৭৫।

উৎসৰ পৰা মোহনা পৰ্যন্ত সম্পূৰ্ণ গঙ্গা নদীখনেই হিন্দুৰ বাবে পবিত্ৰ। সকলো ঠাইতেই গঙ্গাস্নান হিন্দুসকলৰ বাবে এটি পুণ্যকৰ্ম বুলি বিবেচিত হয়।[43] গঙ্গাৰ পানীত হিন্দুসকলে পূৰ্বপুৰুষৰ তৰ্পণ কৰে। গঙ্গাত ফুল আৰু বন্তি উটুৱায়।[43] এনেকি গঙ্গাস্নান কৰি উঠি ঘৰলৈ ওভতাৰ সময়ত কিছু পৰিমাণে গঙ্গাৰ পানী ঘৰোৱা ধৰ্মানুষ্ঠানত ব্যৱহাৰৰ বাবে তুলি নিয়ে।[44] প্ৰিয়জনৰ মৃত্যু হ'লে মৃতকৰ অস্থি গঙ্গাত বিসৰ্জন দিয়া হয়।[44]

হিন্দু পুৰাণৰ সকলোতেই গঙ্গাজলক পবিত্ৰ বোলা হৈছে।[45] অনেক ঠাইত স্থানীয় নদীসমূহক "গঙ্গাতুল্য" বুলি মান কৰা হয়।[45] যেনে, কাবেৰী নদীক বোলা হয় "দক্ষিণৰ গঙ্গা"। গোদাবৰী নদীক ধৰা হয়, ঋষি গৌতমৰ দ্বাৰা মধ্যভাৰতলৈ আহ্বান কৰা গঙ্গা।[45] হিন্দুসকলৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে গঙ্গাক আবাহন কৰা হয়। ধৰা হয়, সকলো পবিত্ৰ পানীতেই গঙ্গা অধিষ্ঠিত।[45] গঙ্গোত্ৰী, হৰিদ্বাৰ, প্ৰয়াগ আৰু বাৰাণসীত গঙ্গাস্নান হিন্দুসকলৰ বাবে বিশেষ পুণ্যকৰ্ম।[45] গঙ্গাৰ প্ৰতীকী আৰু ধৰ্মীয় গুৰুত্ব ভাৰতত সংশয়বাদী্সকলেও স্বীকাৰ কৰে।[46] জৱাহৰলাল নেহেৰু নিজে ধৰ্মবিৰোধী হলেও তেওঁৰ চিতাভষ্মৰ একমুঠি গঙ্গাত বিসৰ্জন দিবলৈ কৈছিল।[46] তেওঁ লিখিছিল, "গঙ্গা ভাৰতৰ নদী। ভাৰতবাসীৰ প্ৰিয়। এই নদীক আগুৰি ৰৈছে কত জাতিৰ কত স্মৃতি, কত আশা আৰু ভীতি, বিজয়ৰ কত গান, কত জয়পৰাজয়। গঙ্গা ভাৰতৰ প্ৰাচীন সংস্কৃতি আৰু সভ্যতাৰ প্ৰতীক। কত পৰিবৰ্তনৰ মাজেদি নিত্য বৈ যায় গঙ্গা। তথাপি গঙ্গা ”গঙ্গা”ই হৈ আছে"।[46]

গঙ্গাবতৰণ

[সম্পাদনা কৰক]
দশহৰা উপলক্ষ্যে হৰিদ্বাৰত স্নানাৰ্থীসকলৰ ভিৰ।

প্ৰতি বছৰে জেঠ মাহৰ কৃষ্ণপক্ষৰ দশমী তিথি হিন্দুসকলে "গঙ্গাবতৰণ" বা গঙ্গাৰ মৰ্ত্যলৈ অবতৰণৰ স্মৰণত বিশেষভাবে উদযাপন কৰে। এই দিনটোক "দশহৰা" বোলে।[47] হিন্দুমতে, এই দিনটো গঙ্গাস্নানৰ কাৰণে বিশেষভাবে প্ৰশস্ত।[47] হিন্দুসকলে বিশ্বাস কৰে যে, এই দিনা গঙ্গাস্নান কৰিলে দহবিধ বা দহ জন্মৰ পাপৰ পৰা পৰিত্ৰাণ পোৱা যায়।[47] যিসকলে এই দিনা গঙ্গালৈ আহি স্নান কৰিব নোৱাৰে, তেওঁলোকে তেওঁলোকৰ বাসস্থানৰ নিকটবৰ্তী জলাশয় বা নদীত স্নান কৰে। কাৰণ, হিন্দু বিশ্বাসত এই দিনটোত সকলো জলাশয় বা নদী গঙ্গাতুল্য হয়।[47]

"গঙ্গাবতৰণ" হিন্দুধৰ্মৰ এক প্ৰাচীন উপাখ্যান। এই গল্পৰ নানা পাঠান্তৰ পোৱা যায়।[47] বেদত আছে, স্বৰ্গৰ ৰজা ইন্দ্ৰ বৃত্ৰ নামেৰে এক অসুৰক বধ কৰে। তাৰ তেজ সোমৰসৰ ৰূপত পৃথিবীত বাগৰি পৰে।[47]

বৈষ্ণব মতে, এই গল্পত ইন্দ্ৰৰ পৰিবৰ্তে দেখা যায় তেওঁৰ পূৰ্বৰ সহকাৰী বিষ্ণুক।[47] এই স্বৰ্গীয় তৰলৰ নাম, এই মতে, "বিষ্ণুপদী"।[47] বামন ৰূপেৰে বিষ্ণুৱে তেওঁৰ এক ভৰি ৰাখিছিল স্বৰ্গত। তেওঁৰ নখৰ আঘাতত স্বৰ্গত এটি বিন্ধাৰ সৃষ্টি হয়। এই বিন্ধাৰেই মুক্তি পায় বিষ্ণুপদী। ধ্ৰুব বিষ্ণুপদীক লৈ আনে স্বৰ্গলৈ। আকাশত বিষ্ণুপদীয়ে আকাশগঙ্গা সৃষ্টি কৰি উপস্থিত হৈ চন্দ্ৰত।[48] তাৰপৰা পূবফালে প্ৰবাহিত হৈ তেওঁ গুচি যায় মেৰুপৰ্বতৰ শৃঙ্গে ব্ৰহ্মলোকলৈ। মেৰুপৰ্বতৰ শীৰ্ষত অবস্থিত ব্ৰহ্মাৰ আসনৰ পদুমসমূহৰ পৰাই পৃথিবীৰ মহাদেশসমূহৰ সৃষ্টি হয়।[48] ইয়াৰ পৰাই বিষ্ণুপদীয়ে অলকানন্দাৰ ৰূপ ধৰি এই মহাদেশত অৱতীৰ্ণ হয় আৰু ভাৰতবৰ্ষত গঙ্গা নামেৰে প্ৰৱেশ কৰে।[48]

তথাপিও "গঙ্গাবতৰণ"-সংক্ৰান্তত অধিকাংশ গল্পত যি হিন্দু দেবতাৰ উপস্থিতি চকুত পৰে, তেওঁ হ’ল শিৱ[49] ৰামায়ণ, মহাভাৰত আৰু একাধিক পুৰাণত কপিল মুনিৰ গল্পটো পোৱা যায়। এই গল্প অনুযায়ী, কপিল মুনিৰ তপস্যা ভঙ্গ কৰিছিল ৰজা সগৰৰ সাতহাজাৰ পুত্ৰই। তপস্যাভঙ্গত ক্ৰুদ্ধ কপিল মুনিয়ে তেওঁলোকক এক দৃষ্টিনিক্ষেপতেই ভষ্ম কৰি দিয়ে। তাৰপাছত সেই ভষ্ম নিক্ষেপ কৰে পাতাললোকলৈ। সগৰ ৰজাৰ এক উত্তৰপুৰুষ ভগীৰথ তেওঁৰ পূৰ্বপুৰুষসকলৰ আত্মাৰ সদগতিৰ বাবে উদ্বিগ্ন হৈ গঙ্গাক মৰ্ত্যলৈ নমাই অনাৰ বাবে তপস্যা কৰে। কাৰণ, তেওঁ জানিছিল যে, একমাত্ৰ গঙ্গাৰ জলতহে তেওঁৰ পূৰ্বপুৰুষৰ আত্মাই মুক্তি পাব। কিন্তু পৃথিবীত গঙ্গাৰ গতি বেগ ধাৰণ কৰাত একমাত্ৰ সক্ষম শিৱ। ভগীৰথে শিৱক তুষ্ট কৰি অবতৰণকালে গঙ্গাক নিজেৰ জটাত ধাৰণ কৰিবৰ কাৰণে ৰাজি কৰায়। কৈলাস পৰ্বতত শিৱই নিজৰন জটাত গঙ্গাক ধাৰণ কৰে। তাৰপৰা গঙ্গা নামি আহে হিমালয়লৈ। হিমালয়ৰ পৰা হৰিদ্বাৰ হৈ গঙ্গা আহে সমতললৈ। তাৰপাছাত তেওঁ ভগীৰথ প্ৰদৰ্শিত পথেৰে বৈ যায়। প্ৰথমে প্ৰয়াগত যমুনা নদীৰ লগত তেওঁৰ মিলন ঘটিল। তাৰপাছত বাৰাণসীলৈ আহে। সৰ্বশেষত গঙ্গাসাগৰত আহি গঙ্গা সাগৰত মিলিত হয়। তাৰ পৰা পাতাললোকলৈ গুচি যায়। সগৰ ৰজাৰ পুত্ৰসকলে নিস্তাৰ পায়।[49] গঙ্গাবতৰণত ৰজা ভগীৰথৰ ভূমিকাৰ কথা স্মৰণ কৰিয়েই গঙ্গাৰ ওপৰত নামকৰণ হয় ভাগীৰথী[49]

মৃতকৰ সদগতি

[সম্পাদনা কৰক]

গঙ্গা যিহেতু স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি আহিছিল, গতিকে গঙ্গাক মৰ্ত্যৰ পৰা স্বৰ্গলৈ উত্তৰণৰ এটি মাধ্যম বুলি ধৰা হয়।[50] হিন্দু বিশ্বাস অনুযায়ী, স্বৰ্গ, মৰ্ত্য আৰু পাতাল - এই তিনি লোকত প্ৰবাহিত বুলিয়েই গঙ্গাৰ নাম ত্ৰিলোকপথগামিনী। আকৌ, জীবিত অথবা মৃত সকলো জীৱৰেই যাত্ৰাপথত অবস্থিত বুলি, ইয়াৰ অন্য নাম তীৰ্থ[50] এই কাৰণে হিন্দুসকলৰ শ্ৰাদ্ধ অনুষ্ঠানত গঙ্গাবতৰণ উপাখ্যানটি পাঠ কৰা হয় আৰু মৃতকৰ অন্ত্যেষ্টি আৰু পৰলৌকিক ক্ৰিয়াত গঙ্গাজল ব্যবহৃত হয়।[50] গঙ্গাৰ সকলো স্তোত্ৰতেই গঙ্গাতীৰত হোৱা মৃত্যুক গৌৰবান্বিত কৰা হৈছে।[50] গঙ্গাষ্টকম্‌ বুলি:[50]

মা! ... তুমি জগৎচন্দ্ৰহাৰ!
স্বৰ্গগামী ধ্বজা!
ইচ্ছা কৰোঁ, তোমাৰ তীৰত দেহত্যাগ কৰিবলৈ,
তোমাৰ জল পান কৰি, যেন চকু মুদি,
তোমাৰ নাম স্মৰণ কৰি, নিজকে সমৰ্পণ কৰি মুক্তি পাওঁ।[51]

অনেক হিন্দুৱে বাৰাণসীৰ শ্মশানঘাটত শেষ নিঃশ্বাস ত্যাগ কৰিব বিচাৰে।[50] তেওঁলোকে ধৰি লয়, বাৰাণসীৰ গঙ্গাতীৰত শেষ নিঃশ্বাস ত্যাগ কৰিলে তেওঁলোকে সত্ত্বৰে মুক্তিলাভ কৰিব।[52] অন্যত্ৰ মৃত্যু হলে, মৃতকৰ পৰিয়ালবৰ্গই মৃতকৰ দেহাৱশেষ গঙ্গাত নিক্ষেপ কৰে।[52] যদি তাকো সম্ভব নহয়, তেতিয়াহ’লে মৃতকৰ কোনো আত্মীয়ই আহিন মাহত পিতৃপক্ষত গঙ্গাতীৰলৈ আহি মৃতকৰ বিশেষ শ্ৰাদ্ধানুষ্ঠান কৰে।[52]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 Sharad K. Jain; Pushpendra K. Agarwal; Vijay P. Singh (5 March 2007). Hydrology and water resources of India. Springer. পৃষ্ঠা. 334–342. ISBN 9781402051791. http://books.google.com/books?id=ZKs1gBhJSWIC&pg=PA334 আহৰণ কৰা হৈছে: 18 April 2011.
  2. 1 2 Suvedī, Sūryaprasāda (2005). International watercourses law for the 21st century: the case of the river Ganges basin. Ashgate Publishing, Ltd.. পৃষ্ঠা. 61. ISBN 9780754645276. http://books.google.com/books?id=Vn4OSPZXo3QC&pg=PA61 আহৰণ কৰা হৈছে: 24 April 2011.
  3. 1 2 3 4 5 Pranab Kumar Parua (3 January 2010). The Ganga: water use in the Indian subcontinent. Springer. পৃষ্ঠা. 267–272. ISBN 9789048131020. http://books.google.com/books?id=yUc7Cus2a-MC&pg=PA267 আহৰণ কৰা হৈছে: 18 April 2011.
  4. The Ganga: water use in the Indian subcontinent, by Pranab Kumar Parua, p. 33
  5. 1 2 3 4 5 Arnold, Guy (2000). World strategic highways. Taylor & Francis. পৃষ্ঠা. 223–227. ISBN 9781579580988. http://books.google.com/books?id=FarwCNdYdmoC&pg=PA223 আহৰণ কৰা হৈছে: 26 April 2011.
  6. Bhattacharji, Sukumari; Bandyopadhyay, Ramananda (1995). Legends of Devi. Orient Blackswan. পৃষ্ঠা. 54. ISBN 9788125007814. http://books.google.com/books?id=B0j0hRgWsg8C&pg=PA54 আহৰণ কৰা হৈছে: 27 April 2011.
  7. 1 2 Ghosh, A.. An encyclopaedia of Indian archaeology. BRILL. পৃষ্ঠা. 334. ISBN 9789004092648. OCLC 313728835. http://books.google.com/books?id=law3AAAAIAAJ&pg=PA334 আহৰণ কৰা হৈছে: 27 April 2011.
  8. 1 2 "আৰ্কাইভ কপি". Archived from the original on 2012-06-23. https://web.archive.org/web/20120623121337/http://www.greendiary.com/entry/ganga-is-dying-at-kanpur আহৰণ কৰা হৈছে: 2012-09-07.
  9. "India and pollution: Up to their necks in it", The Economist, 27 July 2008.
  10. Sheth, Jagadish N. (2008), Chindia Rising, Tata McGraw-Hill Education. Pp. 205, ISBN 0-07-065708-4
  11. Singh, N. T. (2005). Irrigation and soil salinity in the Indian subcontinent: past and present. Lehigh University Press. পৃষ্ঠা. 69–79. ISBN 978-0-934223-78-2. http://books.google.com/books?id=a4RCXuoMotAC&pg=PA69 আহৰণ কৰা হৈছে: 24 April 2011.
  12. Christopher V. Hill. South Asia: an environmental history. পৃষ্ঠা. 32. http://books.google.com/books?id=f9D4Ob1YcJgC&pg=PA32&dq=cholas+and+canals&hl=en&ei=87a0TbTxDKuC0QHEvf2fCQ&sa=X&oi=book_result&ct=result&resnum=8&ved=0CEsQ6AEwBzgU#v=onepage&q=cholas%20and%20canals&f=false.
  13. Puttick, Elizabeth (2008), "Mother Ganges, India's Sacred River", in Emoto, Masaru, The Healing Power of Water, Hay House Inc. Pp. 275, pp. 241–252, ISBN 1-4019-0877-2
  14. "Clean Up Or Perish" Archived 2011-11-03 at the Wayback Machine, The Times of India, Mar 19, 2010
  15. 1 2 3 4 "Ganges River". Encyclopædia Britannica (Encyclopædia Britannica Online Library Edition ed.). 2011. Retrieved 23 April 2011.
  16. Penn, James R. (2001). Rivers of the world: a social, geographical, and environmental sourcebook. ABC-CLIO. পৃষ্ঠা. 88. ISBN 9781576070420. http://books.google.com/books?id=koacGt0fhUoC আহৰণ কৰা হৈছে: 23 April 2011.
  17. 1 2 C. R. Krishna Murti; Gaṅgā Pariyojanā Nideśālaya; India Environment Research Committee (1991). The Ganga, a scientific study. Northern Book Centre. পৃষ্ঠা. 19. ISBN 9788172110215. http://books.google.com/books?id=dxpxDSXb9k8C&pg=PA19 আহৰণ কৰা হৈছে: 24 April 2011.
  18. 1 2 Jain, Sharad K.; Agarwal, Pushpendra K.; Singh, Vijay P. (2007). Hydrology and water resources of India. Springer. পৃষ্ঠা. 341. ISBN 9781402051791. http://books.google.com/books?id=ZKs1gBhJSWIC&pg=PA341 আহৰণ কৰা হৈছে: 26 April 2011.
  19. 1 2 3 Gupta, Avijit (2007). Large rivers: geomorphology and management. John Wiley and Sons. পৃষ্ঠা. 347. ISBN 9780470849873. http://books.google.com/books?id=gXgyHLT_hwIC&pg=PA347 আহৰণ কৰা হৈছে: 23 April 2011.
  20. 1 2 3 Dhungel, Dwarika Nath; Pun, Santa B. (2009). The Nepal-India Water Relationship: Challenges. Springer. পৃষ্ঠা. 215. ISBN 9781402084027. http://books.google.com/books?id=cgYwDW13ILoC&pg=PA215 আহৰণ কৰা হৈছে: 27 April 2011.
  21. 1 2 3 Chakrabarti, Dilip K. (2001). Archaeological geography of the Ganga Plain: the lower and the middle Ganga. Orient Blackswan. পৃষ্ঠা. 126–127. ISBN 9788178240169. http://books.google.com/books?id=OEZe-wAIiKIC&pg=PA126 আহৰণ কৰা হৈছে: 27 April 2011.
  22. 1 2 Elhance, Arun P. (1999). Hydropolitics in the Third World: conflict and cooperation in international river basins. US Institute of Peace Press. পৃষ্ঠা. 156–158. ISBN 9781878379917. http://books.google.com/books?id=uB0ZSZjTECsC&pg=PA156 আহৰণ কৰা হৈছে: 24 April 2011.
  23. 1 2 3 Ali, Jason R.; Jonathan C. Aitchison (2005). "Greater India". Earth-Science Reviews খণ্ড 72 (3–4): 170–173. doi:10.1016/j.earscirev.2005.07.005. https://archive.org/details/sim_earth-science-reviews_2005-10_72_3-4/page/170.
  24. Dikshit & Schwartzberg 2007, পৃষ্ঠা 7.
  25. Prakash, B.; Sudhir Kumar, M. Someshwar Rao, S. C. Giri (2000). "Holocene tectonic movements and stress field in the western Gangetic plains" (PDF). Current Science খণ্ড 79 (4): 438–449. http://www.ias.ac.in/currsci/aug252000/prakash.pdf.
  26. Dmowska, Renata (2003). Advances in Geophysics. Academic Press. পৃষ্ঠা. 14. ISBN 9780120188468. http://books.google.com/books?id=ikFcqh1u1Q0C&pg=PA14 আহৰণ কৰা হৈছে: 6 May 2011.
  27. 1 2 Merriam-Webster (1997). Merriam-Webster's geographical dictionary. Merriam-Webster. পৃষ্ঠা. 412. ISBN 9780877795469. http://books.google.com/books?id=Co_VIPIJerIC&pg=PA412 আহৰণ কৰা হৈছে: 23 April 2011.
  28. 1 2 L. Berga (25 May 2006). Dams and Reservoirs, Societies and Environment in the 21st Century: Proceedings of the International Symposium on Dams in the Societies of the 21st Century, 22nd International Congress on Large Dams (ICOLD), Barcelona, Spain, 18 June 2006. Taylor & Francis. পৃষ্ঠা. 1304. ISBN 9780415404235. http://books.google.com/books?id=T01W4Jbe1q8C&pg=PA1304 আহৰণ কৰা হৈছে: 23 April 2011.
  29. 1 2 M. Monirul Qader Mirza; Ema. Manirula Kādera Mirjā (2004). The Ganges water diversion: environmental effects and implications. Springer. পৃষ্ঠা. 1–6. ISBN 9781402024795. http://books.google.com/books?id=g854ur_f6xcC&pg=PA1 আহৰণ কৰা হৈছে: 18 April 2011.
  30. Roger Revelle and V. Lakshminarayan (9 May 1975). "The Ganges Water Machine". Science খণ্ড 188 (4188): 611–616. doi:10.1126/science.188.4188.611. http://www.sciencemag.org/content/188/4188/611.extract.
  31. Eric Servat; IAHS International Commission on Water Resources Systems (2002). FRIEND 2002: Regional Hydrology: Bridging the gap between research and practice. IAHS. পৃষ্ঠা. 308. ISBN 9781901502817. http://books.google.com/books?id=9NxqSD-V-acC&pg=PA308 আহৰণ কৰা হৈছে: 18 April 2011.
  32. C. R. Krishna Murti; Gaṅgā Pariyojanā Nideśālaya; India. Environment Research Committee (1991). The Ganga, a scientific study. Northern Book Centre. পৃষ্ঠা. 10. ISBN 9788172110215. http://books.google.com/books?id=dxpxDSXb9k8C&pg=PA10 আহৰণ কৰা হৈছে: 24 April 2011.
  33. 1 2 3 Salman, Salman M. A.; Uprety, Kishor (2002). Conflict and cooperation on South Asia's international rivers: a legal perspective. World Bank Publications. পৃষ্ঠা. 136–137. ISBN 9780821353523. http://books.google.com/books?id=8GEr4fyDbqgC&pg=PA135 আহৰণ কৰা হৈছে: 27 April 2011.
  34. Salman, Salman M. A.; Uprety, Kishor (2002). Conflict and cooperation on South Asia's international rivers: a legal perspective. World Bank Publications. পৃষ্ঠা. 133. ISBN 9780821353523. http://books.google.com/books?id=8GEr4fyDbqgC&pg=PA133 আহৰণ কৰা হৈছে: 27 April 2011.
  35. Pranab Kumar Parua (2010). The Ganga: water use in the Indian subcontinent. Springer. পৃষ্ঠা. 7. ISBN 9789048131020. http://books.google.com/books?id=yUc7Cus2a-MC&pg=PA7 আহৰণ কৰা হৈছে: 26 April 2011.
  36. Catling, David (1992). Rice in deep water. International Rice Research Institute. পৃষ্ঠা. 175. ISBN 9789712200052. http://books.google.com/books?id=N5JxwKx1RAgC&pg=PA175 আহৰণ কৰা হৈছে: 23 April 2011.
  37. "Brahmaputra River". Encyclopædia Britannica (Encyclopædia Britannica Online Library Edition ed.). 2011. Retrieved 25 April 2011.
  38. McIntosh, Jane (2008). The ancient Indus Valley: new perspectives. ABC-CLIO. পৃষ্ঠা. 99–101. ISBN 9781576079072. http://books.google.com/books?id=1AJO2A-CbccC&pg=PA99 আহৰণ কৰা হৈছে: 25 April 2011.
  39. Romila Thapar (October 1971). "The Image of the Barbarian in Early India". Comparative Studies in Society and History (Cambridge University Press) খণ্ড 13 (4): 408–436. https://archive.org/details/sim_comparative-studies-in-society-and-history_1971-10_13_4/page/408. "The stabilizing of what were to be the Arya-lands and the mleccha-lands took some time. In the .Rg Veda the geographical focus was the sapta-sindhu (the Indus valley and the Punjab) with Sarasvati as the sacred river, but within a few centuries drya-varta is located in the Gariga-Yamfna Doab with the Ganges becoming the sacred river. (page 415)".
  40. André Wink (July 2002). "From the Mediterraneanto the Indian Ocean: Medieval History in Geographic Perspective". Comparative Studies in Society and History খণ্ড 44 (3): 423.
  41. W. W. Tarn (1923). "Alexander and the Ganges". The Journal of Hellenic Studies খণ্ড 43 (2): 93–101.
  42. Salman, Salman M. A.; Uprety, Kishor (2002). Conflict and cooperation on South Asia's international rivers: a legal perspective. World Bank Publications. পৃষ্ঠা. 387–391. ISBN 9780821353523. http://books.google.com/books?id=8GEr4fyDbqgC&pg=PA387 আহৰণ কৰা হৈছে: 27 April 2011. "Treaty Between the Government of the Republic of India and the Government of the People's Republic of Bangladesh on Sharing of the Ganga/Ganges Waters at Farakka."
  43. 1 2 Eck 1982, পৃষ্ঠা 212
  44. 1 2 Eck 1982, পৃষ্ঠা 212 213
  45. 1 2 3 4 5 Eck 1982, পৃষ্ঠা 214
  46. 1 2 3 Eck 1982, পৃষ্ঠা 214 215
  47. 1 2 3 4 5 6 7 8 Eck 1998, পৃষ্ঠা 144
  48. 1 2 3 Eck 1998, পৃষ্ঠা 144–145
  49. 1 2 3 Eck 1998, পৃষ্ঠা 145
  50. 1 2 3 4 5 6 Eck 1998, পৃষ্ঠা 145 146
  51. Quoted in: Eck 1998, পৃষ্ঠা 145 146
  52. 1 2 3 Eck 1982, পৃষ্ঠা 215

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

আৰু পঢ়ক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]