আন্তঃসীমান্ত নদী
আন্তঃসীমান্ত নদী হৈছে এক ধৰণৰ নদী, যি অন্ততঃ এক বা ততোধিক দেশৰ ৰাজনৈতিক সীমান্ত অতিক্ৰম কৰি প্ৰবাহিত হয়। এই সীমান্ত দুখন বা ততোধিক দেশৰ অভ্যন্তৰীণ সীমান্ত হ'ব পাৰে। বৰ্তমান পৃথিৱীত প্ৰায় ২৬০খন আন্তঃসীমান্ত নদী আছে।[1]
বাংলাদেশত এই নদীসমূহৰ সংখ্যা সৰ্বাধিক, ভাৰত গণৰাজ্যৰ পৰা কমেও ৫৮খন প্ৰধান নদী দেশত প্ৰৱেশ কৰে, য’ত বিশ্বৰ দুখন বৃহৎ নদী গংগা আৰু ব্ৰহ্মপুত্ৰকে ধৰি দেশখনত প্ৰৱেশ কৰে।[2] বাংলাদেশ হৈ ম্যানমাৰলৈ বৈ যোৱা একমাত্ৰ নদী হৈছে নাফ নদী।
উল্লেখযোগ্য সীমা অতিক্ৰম কৰা নদীৰ জলবিজ্ঞান আৰু ৰাজনৈতিক প্ৰভাৱ অতিশয়। নদীৰ ইতিবাচক প্ৰভাৱ এই ক্ষেত্ৰত যে ই যথেষ্ট পৰিমাণৰ পলস কঢ়িয়াই লৈ ফুৰে, যিয়ে মোহনা অঞ্চলত ভূমি নিৰ্মাণত সহায় কৰে। কিন্তু এই পলসে নদীৰ তলৰ উচ্চতা বৃদ্ধি কৰে, যাৰ ফলত বানপানীৰ সৃষ্টি হয়। পানী ভাগ-বতৰা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ ফলত জটিল ৰাজনৈতিক বিবাদৰ সৃষ্টি হৈছে।
ভাৰতৰ আন্তঃসীমান্ত নদীসমূহ
[সম্পাদনা কৰক]| নদী | দৈৰ্ঘ্য (কিঃমিঃ) | দেশসমূহ |
|---|---|---|
| ব্ৰহ্মপুত্ৰ | ৩,৮৪৮ | |
| সিন্ধু নদী | ৩,৫০০ | |
| গংগা | ৩,০৮৪ | |
| সুতলেজ | ১,৪৫০ | |
| চেনাব | ৯৬০ | |
| ৰবি | ৭২৫ | |
| ব্যাস | ৪৭০ | |
| মহাকালী নদী | ২২৩ | |
| কৰতোৱা নদী | ১৮৭ | |
| আত্ৰাই নদী | ৩৯০ | |
| টাংগন নদী | ৪১ | |
| তিস্তা নদী | ৩১৫ | |
| পুনৰ্ভবা নদী | ২২৩ | |
| সুৰমা নদী | ৯০০ | |
| মনু নদী | ১৬৭ | |
| কৰ্ণফুলী নদী | ১৬১ | |
| কুশিয়াৰা নদী | ১৬১ | |
| মাথাভাঙ্গা নদী | ১২১ | |
| মাতামুহুৰী নদী | ১৪৬ | |
| মুহুৰী নদী | ৬২ | |
| সাঙ্গু বা শংঘ নদী | ২৯৪ | |
| তিতাস নদী | ৯৮ | |
| গোমতী নদী | ৯৫ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "আন্তঃসীমান্ত নদী". বাংলাপেডিয়া. https://bn.banglapedia.org/index.php/%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4_%E0%A6%A8%E0%A6%A6%E0%A7%80.
- ↑ "আন্ত:সীমান্ত নদীসমূহ". http://bwdb.tangail.gov.bd/bn/site/page/x47v-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%A8%E0%A6%A6%E0%A7%80%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9.[সংযোগবিহীন উৎস]