মহাভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰাচীন শাস্ত্ৰত কুৰুক্ষেত্ৰ যুদ্ধৰ বৰ্ণনা
কুৰুক্ষেত্ৰকৃষ্ণ আৰু অৰ্জুন , ১৮শ-১৯শ শতিকাৰ চিত্ৰ

মহাভাৰত (महाभारत, IPA: [məɦaːˈbʱaːrət̪ə]) হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন (আনখন হৈছে ৰামায়ণ)। এই মহাকাব্য ইতিহাসৰ এক অংশ।[1]

কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতহিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে, যেনে- জীৱনৰ চাৰি লক্ষ্য বা পুৰুষাৰ্থৰ বৰ্ণনা (১২.১৬১)। এইবোৰ হৈছে ধৰ্ম (সঠিক কাৰ্য্য), পুৰুষাৰ্থ (উদ্দেশ্য), পুৰুষাৰ্থ (সুখ) আৰু মোক্ষ (মুক্তি)।

মহাভাৰতৰ বিভিন্ন কাহিনীবোৰৰ ভিতৰত মদ্ভাগৱত গীতা, দময়ন্তীৰ কাহিনী, ৰামায়ণৰ সংক্ষিপ্ত ৰূপ আৰু ঋষ্যশৃংগ আদিক সুকীয়া কাব্য হিছাপে গণ্য কৰা হয়।

মহাকবি ব্যাসক মহাভাৰতৰ লেখক বুলি অভিহিত কৰা হয়। ইয়াৰ ৰচনাৰ স্তৰ আৰু ইতিহাসৰ তথ্য উলিয়াবলৈ বহুতো চেষ্টা চলোৱা হৈছে। এই কাহিনীৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৮ম আৰু ৯ম শতিকাৰ ভিতৰত হোৱা বুলি ঠাৱৰ কৰা হৈছে যহিও কাহিনীৰ পুৰণি সংৰক্ষিত অংশ খ্ৰীষ্টপূৰ্ব চাৰিশ বছৰৰ আগৰ নহয়।[2] সম্ভৱত গুপ্ত যুগৰ প্ৰথম ভাগৰ সময়ত কাহিনীটোৱে এতিয়াৰ ৰূপ পায়।[3] ‘মহাভাৰত’ নামটোৰ অৰ্থ ‘ভাৰত বংশৰ মহান কাহিনী’ বুলিও কোৱা হয়। মহাভাৰতৰ মতেই কাহিনীটোক ২৪,০০০ শ্লোকৰ পৰা বহলোৱা হৈছে যাক আদিতে কোৱা হৈছিল "ভাৰত" (কোনো কোনোৱে পুৰণি নামটো "বিজয়" বুলিও ক’ব খোজে)।[4]

মহাভাৰতত প্ৰায় এক লাখ শ্লোক আৰু দীঘল গদ্য বৰ্ণনাসমূহ ধৰি প্ৰায় ১৮ লাখ শব্দ আছে। ইয়াৰ কলেৱৰ ইলিয়াদ আৰু ওডিছীৰ সন্মিলিত দৈৰ্ঘ্যতকৈ দহগুণ বেছি বা ৰামায়ণতকৈ চাৰিগুণ বেছি।[5][6] ডব্লিউ. জি. জনছনে বিশ্ব সভ্যতাত মহাভাৰতৰ গুৰুত্ব বাইবেল, শ্যেক্সপীয়েৰৰ লেখা, হোমাৰৰ লেখা আৰু কোৰাণৰ লগত তুলনা কৰিছে।[7]

পৌৰাণিক পাঠৰ ৰূপ[সম্পাদনা কৰক]

ব্যাদে তেওঁৰ অনুলেখক গণেশক মহাভাৰতৰ শ্ৰুতলিপি দি থকাৰ দৃশ্য

আগতেই কৈ অহা হৈছে যে পৰম্পৰাগতভাৱে ব্যাসক মহাভাৰতৰ লেখক বুলি কোৱা হয়। মহাভাৰতৰ প্ৰথম অনুচ্ছেদৰ মতে ব্যাসে গণেশক তেওঁৰ শ্ৰুতলিপি অনুসৰি শ্লোকসমূহ লিখিবলৈ অনুৰোধ কৰে। তেতিয়া গণেশে চৰ্ত্ত দিয়ে যে ব্যাসে আবৃত্তিৰ মাজত অকণো ৰ’ব নোৱাৰিব। আনহাতে ব্যাসো এই চৰ্ত্ততহে মান্তি হয় যে গণেশে লিখাৰ পূৰ্বে শ্লোকটো বুজি ল’ব লাগিব।

এই কাব্যখনত কাহিনীৰ ভিতৰত কাহিনীৰ ৰূপ দেখিবলৈ পোৱা যায়। ইয়াক ব্যাসৰ শিষ্য বৈশম্পায়নে অৰ্জুনৰ পৰিনাতি ৰজা জন্মেজয়ক আবৃত্তি কৰি শুনায়। এই আবৃত্তিকে পুনৰ উগ্ৰস্ৰৱা সৌতী নামৰ এজন পেছাদাৰী সাধুকওঁতাই নৈমিশ বনত সন্যাসীৰ এটা দলক শুনায়।

মহাভাৰতৰ মূল কাহিনী "জয়"ক কুৰু নৃপতি ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ উপদেষ্টা তথা সাৰথি সঞ্জয়ৰ কথোপকথন হিছাপে দেখুওৱা হৈছে। সঞ্জয়এ ওঠৰ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰতিটো ঘটনা বৰ্ণনা কৰি যায়। ধৃতৰাষ্ট্ৰই মাজে মাজে প্ৰশ্ন কৰে আৰু এই যুদ্ধৰ ধ্বংসলীলাৰ কথা গম পাই দুখ আৰু অনুতাপ কৰে।

প্ৰথমে সঞ্জয়এ আন গ্ৰহসমূহৰ আৰু পৃথিৱীৰ বিভিন্ন মহাদেশৰ ব্যাখ্যা কৰে আৰু তাৰপিছত ভাৰতবৰ্ষৰ শ শ ৰাজ্য, জাতি, নগৰ, চহৰ, নদী, পৰ্বত, বন আদি সকলোৰে কথা কয়। তেওঁ লগতে যুদ্ধৰ দুই পক্ষৰ প্ৰতিদিনৰ সমৰসজ্জা, প্ৰতিজন মহাৰথীৰ মৃত্যু আৰু যুঁজৰ পুংখানুপুংখ বিৱৰণ দিয়ে। ব্যাসৰ জয়ৰ প্ৰায় ওঠৰটা অধ্যায়ত হিন্দুসকলৰ পবিত্ৰ গ্ৰন্থ মদ্ভাগৱত গীতা সন্নিৱিষ্ট আছে। মহাভাৰতৰ মতেই ব্যাসৰ জয় লগ লাগি বৈশম্পায়নৰ ভাৰতৰ আকাৰ ডাঙৰ হয়। শেষত উগ্ৰস্ৰৱাই দুইখন কাব্য একগোট কৰি মহাভাৰতৰ ৰচনা কৰে।

সংযোজন আৰু সম্পাদনা[সম্পাদনা কৰক]

মহাভাৰতৰ কাহিনীৰ বিভিন্ন স্তৰৰ চিনাক্তকৰণ আৰু সময় নিৰূপণৰ বাবে অলেখ গৱেষণা কৰা হৈছে। তাৰপৰা এই কথা প্ৰমাণ হয় যে মহাভাৰতৰ কিছু অংশৰ উৎপত্তি বৈদিক কালত।[8] মহাভাৰতৰ উৎপত্তি বৈদিক কালৰ আৰম্ভণিত আৰু খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ ভাৰতৰ প্ৰথম সাম্ৰাজ্যৰ পূৰ্বে বুলি ঠাৱৰ কৰা হৈছে। এই সময়ছোৱা খ্ৰীষ্টপূৰ্ব অষ্টম বা নৱম শতিকাও হ’ব পাৰে বুলি অনুমান কৰা হয়।[2][9] এইটো সৰ্বসন্মত যে বেদৰ দৰে মহাভাৰতৰ কথা স্থায়ী নাছিল আৰু আবৃতিকাৰসকলে ইয়াক তেওঁলোকৰ নিৰ্দিষ্ট ভাষা আৰু পদ্ধতিৰে গঢ়ি-পিতি লৈছিল [9]। এইটো অনুমান কৰা হয় যে সংস্কৃত ভাষাই গুপ্ত যুগৰ আৰম্ভণিত (খ্ৰীষ্টীয় চতুৰ্থ শতিকা) ইয়াৰ শেষ ৰূপ পায়।[9] মহাভাৰতৰ প্ৰথমখন সমালোচনামূলক সংস্কৰণৰ সম্পাদক বিষ্ণু সুক্‌থাংকৰেও মত পোষণ কৰিছিল যে আৱিষ্কৃত পুৰণি নমুনাৰ আধাৰত মৌলিক পাঠৰ উদ্ধাৰ অতিশয় দুৰুহ কাৰ্য্য।[10]

‘মহাভাৰত’ৰ পাঠত মূল ২৪,০০০ শ্লোকৰ ‘ভাৰত’ক পিছত যোগ হোৱা কথাখিনিৰ পৰা পৃথক কৰিব পাৰি। মহাভাৰতৰ অতিকমেও তিনিটা সংস্কৰণ চিনাক্ত কৰিব পাৰি। সেয়া হ’ল ব্যাসৰ ৮,৮০০ শ্লোকৰ "জয়", বৈশম্পায়নে আবৃত্তি কৰা ২৪,০০০ শ্লোকৰ "ভাৰত" আৰু শেষত উগ্ৰস্ৰৱা সৌতীয়ে আবৃতি কৰা "মহাভাৰত" য’ত ১,০০,০০০০ ৰো অধিক শ্লোক আছে।[11][12] আনহাতে জন ব্ৰকিংটনকে ধৰি একাংশ পণ্ডিতৰ মতে "জয়" আৰু "ভাৰত"ৰ পাঠ একেখিনিয়েই আৰু "জয়"ৰ কথা "আদিপৰ্ব"ৰ (১.১.৮১) এটা অধ্যায়ৰ ভুল ব্যাখ্যাহে।[13]

কিছু বিধিসন্মত আদৰ্শ মানি চলি ১৮ আৰু ১২ সংখ্যা দুটাক গুৰুত্ব দি এই বৃহৎ কলেৱৰৰ কাব্যখনৰ সম্পাদনা কৰা হৈছিল।[14] কুষাণ যুগৰ সময়ৰ আৱিষ্কৃত সংস্কৃত পুথিখনেই এতিয়ালৈকে পোৱা মহাভাৰতৰ আটাইতকৈ পুৰণি ৰূপ আৰু তাত "অনুশাসন পৰ্ব" আৰু "বিৰাট পৰ্ব"ৰ অনুপস্থিতিলৈ চাই নতুন সংযোজনসমূহৰ সময় জানিব পৰা গৈছে।[15] ইয়াৰপৰা এই কথা অনুমান কৰিব পাৰি যে প্ৰথম শতিকাত ১৮ টা পৰ্বৰে কাব্যখনৰ সম্পাদনা কৰা হৈছিল। ২০ টা পৰ্ব থকা আন এটা ৰূপো কিছুকাল বৰ্তি আছিল। ১০০ টা "উপ-পৰ্ব"ত কৰা ভাগ (মহাভাৰত ১.২.৭০ ত উল্লেখ কৰা মতে) অধিক পুৰণি আৰু বেছিভাগ পৰ্বৰে শিৰোনামা তাত থকা কোনো উপ-পৰ্বৰ নামেৰে দিয়া হৈছে। হৰিবংশত এই এশ উপ-পৰ্বৰ শেষ দুটা আছে যাক প্ৰকৃত "মহাভাৰত"ৰ পৰিশিষ্ট বুলিও অভিহিত কৰা হয়।

মহাভাৰত ১.১.৫০ৰ এটা চৰিত্ৰৰ মুখেৰেই কোৱা মতে মহাকাব্যখনৰ তিনিটা ৰূপ আছিল, যথা- "মনু" (১.১.২৭), "আস্তিক" (১.৩, উপ-পৰ্ব ৫) আৰু "বসু" (১.৫৭)। "বসু"ৰ সংস্কৰণে কথোপকথনৰ গাঁথনি এৰি ব্যাসৰ জন্ম কথাৰে পাঠ আৰম্ভ কৰে। "আস্তিক"ৰ সংস্কৰণত ব্ৰাহ্মণ সাহিত্যৰ পৰা "সৰ্পসত্ৰ" আৰু "অশ্বমেধ"ৰ কাহিনী যোগ দিয়া হয়, কাব্যখনৰ "মহাভাৰত" নাম দিয়া হয় আৰু "ব্যাস"ক লেখক বুলি উল্লেখ কৰা হয়। এই সংস্কৰণসমূহৰ সম্পাদকসকল সম্ভৱত পঞ্চৰত্ৰিন পণ্ডিত আছিল আৰু অ’বাৰ্লিছৰ (১৯৯৮) মতে পুথিখনৰ শেষ সম্পাদনালৈ তেওঁলোকে কতৃত্ব বজাই ৰাখিছিল। কিন্তু "ভীষ্ম-পৰ্ব"ত হুণসকলৰ উল্লেখে এই পৰ্বৰ সম্পাদনা ৪ৰ্থ শতিকাৰ সময়ছোৱাত হোৱাৰ ইংগিত দিয়ে।

জন্মেজয়ৰ সৰ্পযজ্ঞ

আদি-পৰ্বত আন আন কথাৰ উপৰি জন্মেজয়ৰ সৰ্প আহুতি ("সৰ্পসত্ৰ")ৰ কথাও সন্নিবিষ্ট হৈছে। এই "সৰ্পসত্ৰ"ৰ কাহিনীক এক ভিন্ন স্বাধীন কাহিনী বুলি ভবা হয় যাক কেৱল বিষয়বস্তুৰ আকৰ্ষণত মহাভাৰতত যোগ দিয়া হৈছিল। বৈদিক সংস্কৃত বা ব্ৰাহ্মণ সাহিত্যৰ লগত ইয়াৰ এক নিকট সম্পৰ্ক আছিল। পঞ্চবিংশ ব্ৰাহ্মণত (২৫.১৫.৩)ত "সৰ্পসত্ৰ"ৰ উল্লেখ আছে য’ত মহাভাৰতৰ চৰিত্ৰ "ধৃতৰাষ্ট্ৰ","জন্মেজয়" আৰু "তক্ষক"ৰ নাম আছে।[16]

এনেবোৰ কাৰণতে কাব্যখনৰ বৰ্ণনাক পণ্ডিতসকলে অগঢ়ী আৰু বিশৃংখল আখ্যা দিছে। হাৰ্মান অ’ল্ডেনবাৰ্গও কৈছে যে মূল পোৰাণিক পুথিখনত নিশ্চয় এক শোকাৰ্ত শক্তি আছিল কিন্তু গোটেই পুথিখন অতিকৈ বিশৃংখল।[17]

ঐতিহাসিক প্ৰসংগ[সম্পাদনা কৰক]

মহাভাৰত আৰু ইয়াৰ মূল ভাৰতৰ সকলোতকৈ পুৰণি উল্লেখ পোৱা যায় পাণিণিঅষ্টাধ্যয়ী (সূত্ৰ ৬.২.৩৮) (আনুমানিক খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা) আৰু গাৰ্হ্য সূত্ৰ (৩.৪.৪)ত। ইয়াৰ পৰা উমান পাব পাৰি যে ভাৰত নামৰ মূল ২৪,০০০ শ্লোক আৰু বিস্তাৰিত মহাভাৰতৰ প্ৰাথমিক ৰূপ খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকামানত ৰচনা কৰা হৈছিল। গ্ৰীক লেখক ডিঅ’ ক্ৰাইছ'ষ্ট’ম (Dio Chrysostom)ৰ (খ্ৰীষ্টপূৰ্ব ৪০-খ্ৰীষ্টাব্দ ১২০ৰ ভিতৰত) এটা লেখাত হোমাৰৰ পদ্যৰ আবৃত্তিও ভাৰতত শুনাৰ কথা পোৱা যায়[18] আৰু ইয়াৰ অৰ্থ ইলিয়াদ ইতিমধ্যে সংস্কৃতলৈ অনুবাদ হোৱাটো বুজাব পাৰে। কিন্তু পণ্ডিতসকলে মত পোষণ কৰিছে যে ই মাত্ৰ "মহাভাৰত"ৰ অস্তিত্বৰ প্ৰমাণহে যাক ডিঅ’ বা তেওঁৰ উৎসসমূহে "ইলিয়াদ"ৰ কাহিনী বুলি ভুল কৰিব পাৰে। [19]

মহাভাৰতত থকা কেইবাটাও কাহিনীৰ স্বতন্ত্ৰ ৰূপো সংস্কৃত সাহিত্যত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে- গুপ্ত যুগৰ বিখ্যাত সংস্কৃত কবি কালিদাসৰ (আনুমানিক ৪ৰ্থ শতিকা)অভিজ্ঞানম শকুন্তলম গ্ৰন্থখন মহাভাৰতৰ আদি কাহিনীৰ ওপৰত ভিত্তি কৰি লিখা হৈছে বুলি বিশ্বাস কৰা হয়। কালিদাসৰ পূৰ্বৱৰ্তী কবি ভাসাৰ সংস্কৃত নাট উৰুভংগৰ কাহিনীভাগ ভীমৰ দ্বাৰা দুৰ্য্যোধনৰ মৃত্যুৰ ওপৰত লিখা হৈছে।

মধ্যপ্ৰদেশৰ খোহৰ (সতনা জিলা) মহাৰাজ শৰ্বন্থৰ তামৰ ফলিত (৫৩৩-৫৩৪ খ্ৰীষ্টাব্দ) "মহাভাৰত"ক "১,০০,০০০ শ্লোকৰ সংগ্ৰহ" ("শতসহস্ৰী সংহিতা") বুলি উল্লেখ কৰা হৈছে।

১৮টা পৰ্ব[সম্পাদনা কৰক]

১৮ টা পৰ্বক তলত দিয়া ধৰণে ভাগ কৰা হৈছে :

পৰ্ব শিৰোনামা উপ-পৰ্ব সাৰাংশ
আদি পৰ্ব ১-১৯ সৌতীৰ দ্বাৰা নৈমিশ বনত ঋষিসকলক শুনোৱা মহাভাৰতৰ বৃত্তান্ত। জন্মেজয়ৰ "সৰ্পসত্ৰ’ৰ সময়ত তক্ষশীলাত বৈস্পায়নৰ দ্বাৰা মহাভাৰতৰ আবৃত্তি। ভৰত বংশৰ কথা বিস্তাৰিতভাৱে কোৱা হৈছে আৰু ভৃগু বংশৰ আঁতিগুৰি বিচাৰ কৰা হৈছে। কৌৰৱ ৰাজপুত্ৰসকলৰ জন্ম আৰু শৈশৱকাল। ("আদি"ৰ অৰ্থ প্ৰথম )
সভা পৰ্ব ২০-২৮ মায়া দানৱৰ দ্বাৰা ইন্দ্ৰপ্ৰস্থত ৰাজপ্ৰসাদ আৰু ৰাজসভা নিৰ্মাণ। ৰাজপ্ৰসাদত কটোৱা জীৱন, যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ, শকুনিৰ পাশাখেল আৰু পাণ্ডৱৰ বনবাস।
বন পৰ্ব বা "অৰণ্য পৰ্ব" ২৯-৪৪ বনত কটোৱা বাৰ বছৰ কাল।
বিৰাট পৰ্ব ৪৫-৪৮ বিৰাট ৰজাৰ ৰাজ্যত কটোৱা এবছৰ অজ্ঞাতবাস।
উদ্যোগ পৰ্ব ৪৯-৫৯ মহাৰণৰ প্ৰস্তুতি আৰু কুৰু-পাণ্ডৱৰ মাজত মাজত শান্তিৰ ব্যৰ্থ প্ৰচেষ্টা।
ভীষ্ম পৰ্ব ৬০-৬৪ মহাৰণৰ প্ৰথম ভাগ, কৌৰৱৰ সেনাপতি হিছাপে ভীষ্মৰ যুদ্ধ আৰু তেওঁৰ শৰশৰ্য্যা।
দ্ৰোণ পৰ্ব ৬৫-৭২ দ্ৰোণৰ সেনাপতিত্বত ৰণ। এইটো যুদ্ধৰ এক গুৰুত্বপূৰ্ণ পৰ্ব। দুয়োপক্ষৰে বেছিভাগ মহান যোদ্ধাৰে এই ভাগৰ অন্তত পতন ঘটে।
কৰ্ণ পৰ্ব ৭৩ কৰ্ণৰ সেনাপতিত্বত কৌৰৱৰ ৰণ।
শল্য পৰ্ব ৭৪-৭৭ শল্যৰ সেনাপতি বৰণ আৰু যুদ্ধৰ শেষ দিন। বলৰামৰ সৰস্বতী নদীলৈ যাত্ৰা। ভীম আৰু দুৰ্যোধনৰ মাজত গদাযুদ্ধ আৰু দুৰ্যোধনৰ উৰুভঙ্গৰ লগে লগে যুদ্ধৰ সামৰণি।
১০ সুপ্তিক পৰ্ব ৭৮-৮০ অশ্বত্থামা, কৃপাচাৰ্য আৰু কৃতবৰ্মাৰ দ্বাৰা সুপ্ত অৱস্থাত পাণ্ডৱ সেনাৰ হত্যা। পাণ্ডৱ পক্ষত কেৱল সাত জন আৰু কৌৰৱ পক্ষত কেৱল তিনিজন যোদ্ধা বাকী থাকে।
১১ স্ত্ৰী পৰ্ব ৮১-৮৫ গান্ধাৰী, কুন্তী আৰু কৌৰৱ-পাণ্ডৱ পক্ষৰ নাৰীসকলে মৃতকৰ বাবে কৰা শোক।
১২ শান্তি পৰ্ব ৮৬-৮৮ হস্তিনাপুৰত যুধিষ্ঠিৰৰ ৰাজ্যাভিষেক আৰু ভীষ্মৰ দ্বাৰা সমাজ, অৰ্থনীতি আৰু ৰাজনীতি সম্পৰ্কে ৰজাক দিয়া উপদেশসমূহ। এইটো মহাভাৰতৰ আটাইতকৈ দীঘল পৰ্ব।
১৩ অনুশাসন পৰ্ব ৮৯-৯০ ভীষ্মৰ অন্তিম উপদেশসমূহ।
১৪ অশ্বমেধ পৰ্ব [20] ৯১-৯২ যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞ। অৰ্জুনৰ বিশ্বজয়। কৃষ্ণৰ দ্বাৰা অৰ্জুনক অনুগীতাৰ জ্ঞান প্ৰদান।
১৫ আশ্ৰমবাস পৰ্ব ৯৩-৯৫ হিমালয়ৰ পাদদেশৰ কুটীৰত বাস কৰোঁতে বনজুইত ধৃতৰাষ্ট্ৰ, গান্ধাৰী আৰু কুন্তীৰ মৃত্যু। বিদূৰৰ তাৰ আগতেই মৃত্যু আৰু সঞ্জয়ৰ হিমালয় যাত্ৰা।
১৬ মুষল পৰ্ব ৯৬ মুষলেৰে যাদৱসকলৰ মাজত হোৱা অন্তৰ্কন্দল আৰু তেওঁলোকৰ মৃত্যু।.
১৭ মহাপ্ৰয়াণ পৰ্ব ৯৭ যুধিষ্ঠিৰ আৰু তেওঁৰ ভ্ৰাতৃবৃন্দৰ অন্তিম যাত্ৰা আৰু হিমালয় আৰোহণ য’ত যুধিষ্ঠিৰৰ বাহিৰে আন সকলোৰে মৃত্যু ঘটে।
১৮ স্বৰ্গাৰোহণ পৰ্ব ৯৮ যুধিষ্ঠিৰৰ অন্তিম পৰীক্ষা আৰু স্বৰ্গলৈ পাণ্ডৱসকলৰ প্ৰত্যাবৰ্তন।
খিল হৰিবংশ পৰ্ব ৯৯-১০০ মহাভাৰতৰ ওঠৰটা পৰ্বত সন্নিবিষ্ট নোহোৱা কৃষ্ণৰ জীৱন কাহিনী।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. The Encyclopaedia Of Indian Literature (Volume Two) (Devraj To Jyoti), Volume 2; By Amaresh Datta
  2. 2.0 2.1 Brockington (1998, p. 26)
  3. Van Buitenen; The Mahabharata – 1; The Book of the Beginning. Introduction (Authorship and Date)
  4. "ভাৰত"ৰ অৰ্থ ভৰত ৰজাৰ বংশ যাৰ নামৰপৰাই সাম্ৰাজ্যখনক ভাৰতবৰ্ষ বুলি জনা গৈছিল
  5. Spodek, Howard. Richard Mason. The World's History. Pearson Education: 2006, New Jersey. 224, 0-13-177318-6
  6. Amartya Sen, The Argumentative Indian. Writings on Indian Culture, History and Identity, London: Penguin Books, 2005.
  7. W.J.Johnson (1998). The Sauptikaparvan of the Mahabharata: The Massacre at Night. Oxford University Press. পৃষ্ঠা. ix. ISBN 9780192823618. http://books.google.co.in/books?id=d8sYSPhSBEAC&lpg=PP1&pg=PR9#v=onepage. 
  8. A History of Indian Literature, Volume 1 By Maurice Winternitz
  9. 9.0 9.1 9.2 Buitenen (1973) pp. xxiv–xxv
  10. Sukthankar (1933) "Prolegomena" p. lxxxvi. Emphasis is original.
  11. Gupta & Ramachandran (1976), citing Mahabharata, Critical Edition, I, 56, 33
  12. SP Gupta and KS Ramachandran (1976), p.3-4, citing Vaidya (1967), p.11
  13. The Sanskrit epics, Part 2. Volume 12. BRILL. 1998. পৃষ্ঠা. 21. ISBN 9004102604. http://books.google.com/?id=HR-_LK5kl18C&pg=PA21. 
  14. 18 books, 18 chapters of the Bhagavadgita and the Narayaniya each, corresponding to the 18 days of the battle and the 18 armies (Mbh. 5.152.23)
  15. The Spitzer Manuscript(Beitrage zur Kultur- und Geistesgeschichte Asiens), Austrian Academy of Sciences, 2004. It is one of the oldest Sanskrit manuscripts found on the Silk Road and part of the estate of Dr. Moritz Spitzer.
  16. J.A.B. van Buitenen, Mahābhārata, Volume 1, p.445, citing W. Caland, The Pañcaviṃśa Brāhmaṇa, p.640-2
  17. Hermann Oldenberg, Das Mahabharata: seine Entstehung, sein Inhalt, seine Form, Göttingen, 1922
  18. Dio Chrysostom, 53.6-7, trans. H. Lamar Crosby, Loeb Classical Library, 1946, vol. 4, p. 363.
  19. Christian Lassen, in his Indische Alterthumskunde, supposed that the reference is ultimately to Dhritarashtra's sorrows, the laments of Gandhari and Draupadi, and the valor of Arjuna and Suyodhana or Karna (cited approvingly in Max Duncker, The History of Antiquity (trans. Evelyn Abbott, London 1880), vol. 4, p. 81). This interpretation is endorsed in such standard references as Albrecht Weber's History of Indian Literature but has sometimes been repeated as fact instead of as interpretation.
  20. "অশ্বমেধ পৰ্ব"ৰ "যৈমিনী ভাৰত" বুলি আন এটা ৰূপ পোৱা যায় য’ত কথোপকথনৰ ঠাঁচ নাই আৰু ব্যাসৰ আন এজন শিষ্য যৈমিনীক ইয়াৰ লেখক হিছাপে স্বীকৃতি দিয়া হৈছে। মূল মহাকাব্যখনতকৈ ইয়াত কৃষ্ণ সম্পৰ্কীয় আধ্যাত্মিক বৰ্ণনা বেছি। ইয়াৰ ৰচনা কাল ১২শ শতিকা বুলি অনুমান কৰা হৈছে