পৰীক্ষিত
পৰীক্ষিত | |
---|---|
কুৰু ৰজা
| |
![]() | |
শুক মুনি আৰু ৰজা পৰীক্ষিত | |
পূৰ্বসূৰী | যুধিষ্ঠিৰ (Grand uncle) |
উত্তৰসূৰী | জনমেজয় (পুত্ৰ) |
দাম্পত্য সঙ্গী | মাদ্ৰৱতী |
সন্তান | |
| |
মাতৃ | উত্তৰা |
পিতৃ | অভিমন্যু |
পৰীক্ষিত (সংস্কৃত: परिक्षित्) পাণ্ডৱ বংশৰ এজনা ৰজা। ঋষিৰ শাপত তেওঁক তক্ষক নাগে দংশি মাৰে।[1] তেওঁ অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ তথা জনমেজয়ৰ পিতৃ আছিল। শুকে তেওঁৰ আগত মহাভাগৱত কৈছিল।[1]
বংশলতা[সম্পাদনা কৰক]
সাংকেতিক চিহ্ন
মৃত্যু[সম্পাদনা কৰক]
এদিন পৰীক্ষিত ৰজাই মৃগয়া কৰিবলৈ বনলৈ যায় আৰু পিয়াহ লগাত পানী বিচাৰি শমিক মুনিৰ আশ্ৰম পায়গৈ। শমিক মনি তেতিয়া চকু মুদি ধ্যানমগ্নহৈ আছিল। ৰজা পৰীক্ষিতে ধ্যান কৰা ভাও জুৰি মুনিয়ে তেখেতক অৱজ্ঞা কৰা বুলি ভাবি, খঙত ওচৰতে পৰি থকা মৰা সাপ এডাল মুনিৰ ডিঙিত মেৰিয়াই দি থৈ যায়।
ৰজাই মুনিৰ ডিঙিত সাপ মেৰিয়াই থৈ যোৱা বাৰ্তা পাই শমীক মুনিৰ পুত্ৰ শৃংগীয়ে খঙত অগ্নিশৰ্মাহৈ কৌষিকী নদীৰ পানী স্পৰ্শ কৰি ৰজাক সাত দিন পিছত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিয়ে। অৱশেষত তক্ষক সাপে তেওঁক দংশন কৰে।[2]
উল্লেখ আছে যে মৃত্যুৰ আগমুহূৰ্তত শুকে তেওঁৰ আগত মহাভাগৱতৰ কথা কৈছিল।[2]
চিত্ৰবিথিকা[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Garg, Gaṅgā Rām (1992), Encyclopaedia of the Hindu World, Concept Publishing Company, ISBN 978-81-7022-376-4, https://books.google.com/books?id=0U2QRpDv2KMC&pg=PA743, r কৰা হৈছে: 2 August 2013
- Raychaudhuri, Hemchandra (2006), Political History of Ancient India, Cosmo Publications, ISBN 81-307-0291-6, https://books.google.com/books?id=h1KObc_qaXYC