সমললৈ যাওক

সঞ্জয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাতাৰামৰ সঞ্জয়
কাংগাল শিলালিপি, মাতাৰামৰ ৰজা সঞ্জয়ৰ বিষয়ে উল্লেখ কৰা আটাইতকৈ প্ৰাচীন শিলালিপি
মাতাৰাম ৰাজ্যৰ মহাৰাজা
ৰাজত্ব ৭৩২-৭৬০
উত্তৰাধিকাৰী দ্যাহ পাংকাপানা
ধৰ্ম শৈৱ

সঞ্জয় (৭১৬ খ্ৰীষ্টাব্দ – ৭৪৬) অষ্টম শতিকাৰ সময়ছোৱাত মাতাৰাম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। তেওঁৰ নাম সংস্কৃত কাংগাল শিলালিপিত খোদিত কৰা হৈছিল[1]:87–88 যিটো মধ্য জাভাৰ দক্ষিণ কেডু সমভূমিৰ উঁকিৰ বা উকিৰ পাহাৰত (প্ৰায় ৩৪০ মিটাৰ (১,১২০ ফুট) উচ্চতা) থকা গুনুং উঁকিৰ মন্দিৰত পোৱা গৈছিল।[2]

সঞ্জয়ৰ আৰু তেওঁৰ উত্তৰাধিকাৰীসকলৰ ইতিহাসৰ আন এক লিপিবদ্ধ উৎস বালিটুং চনদ আৰু ৱানুৱা টেংগাহ তৃতীয় শিলালিপিত পোৱা যায়। মন্ত্যাছিহ শিলালিপিত ৰজা বালিটুঙে ৰকাই মাতাৰাম (সঞ্জয়)ৰ পৰা আৰম্ভ কৰি ক্ৰমাগতভাৱে মহাৰাজ ৰকাই পাংকৰণ, পানুংগালন, ৱাৰক, গাৰুং, ৰকাই পিকাটান, কায়ুৱাংগী, ৱাটুহুমালাং আৰু ৱাটুকুৰা (যিটো নিজেই বালিটুং) নামেৰে 'কেৰাটনৰ নিৰ্মাতা' বুলি কোৱাৰ কথা উল্লেখ কৰিছে।[3] বালিটুঙৰ উত্তৰাধিকাৰী দক্ষৰ কেইবাটাও শিলালিপিত সঞ্জয় ৰাজপাটত বহা বছৰৰ ওপৰত ভিত্তি কৰি তাৰিখ নিৰ্ধাৰণ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল, যিটোত এল.চি. দমাইছে ৬৩৮ শক (৭১৬ খ্ৰীষ্টাব্দ) বুলি গণনা কৰিছে।[4]

সঞ্জয়ক মাতাৰাম ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম ৰজা হিচাপে জনা যায়।[3] পৰৱৰ্তী সময়ৰ পুৰণি ৰোমান্টিক আৰু পৌৰাণিক সুন্দনী পাণ্ডুলিপি কাৰিটা পৰহ্যংগন (বা পৰহ্যাংগন কাহিনী)তো ৰজা সঞ্জয় সাগ নাম উল্লেখ কৰা হৈছে, য'ত সঞ্জয়ক গলুহৰ সুন্দনী ৰজা আৰু নায়ক হিচাপে চিত্ৰিত কৰা হৈছিল।[5]

সঞ্জয় বা শৈলেন্দ্ৰ বংশ

[সম্পাদনা কৰক]

বছে সঞ্জয়ক সঞ্জয় বংশৰ পূৰ্বপুৰুষ বুলি মত প্ৰকাশ কৰিছিল আৰু দুটা বংশই মধ্য জাভা শাসন কৰিছিল; বৌদ্ধ শৈলেন্দ্ৰ আৰু শিৱবাদী সঞ্জয় বংশ।[6] এই শিলালিপিত সঞ্জয় শৈৱ ধৰ্মৰ তীব্ৰ অনুগামী আছিল বুলিও উল্লেখ আছে। চীনৰ পুৰণি প্ৰতিবেদনত লিখাৰ দৰে সঞ্জয়ে পূব দিশলৈ যাবলৈ বাধ্য হৈছিল, য’ত সঞ্জয়ক চি-য়েন বুলি নামকৰণ কৰা হৈছিল।[3]

তথাপি আন আন ইতিহাসবিদসকলে যুক্তি দিছিল যে, সঞ্জয় বংশ বুলি কোনো কথা নাই যিহেতু শিলালিপিত উল্লেখ কৰা হৈছে যে মধ্য জাভাত শৈলেন্দ্ৰ নামৰ এটা বংশহে শাসন কৰিছিল। এই তত্ত্ব পয়েৰবাটজাৰাকে প্ৰস্তাৱ কৰিছিল আৰু মাত্ৰ এটা ৰাজ্য আৰু এটা বংশ বুলি প্ৰস্তাৱ দিছিল; ৰাজ্যখনৰ ৰাজধানী পহ পিতু অঞ্চলত থকা মাতাৰাম বুলি কোৱা হৈছিল আৰু শাসক বংশ আছিল শৈলেন্দ্ৰ। তেওঁৰ মতে সঞ্জয় আৰু তেওঁৰ সকলো সন্তান শৈলেন্দ্ৰ পৰিয়ালৰ অন্তৰ্গত প্ৰথম অৱস্থাত শিৱবাদী আছিল। মহাযান বৌদ্ধ ধৰ্মৰ সৈতে শৈলেন্দ্ৰৰ সংযোগ আৰম্ভ হৈছিল ৰাজা শংখৰ (ৰকাই পানৰাবন বা পাংকৰণ) বৌদ্ধ ধৰ্মলৈ ৰূপান্তৰিত হোৱাৰ পিছত।[7]

কংগাল শিলালিপি

[সম্পাদনা কৰক]

কাংগাল শিলালিপি অনুসৰি সঞ্জয়ে কুঞ্জৰাকুঞ্জৰ পাহাৰত এটা লিংগ (শিৱৰ প্ৰতীক) স্থাপনৰ দায়িত্ব দিছিল। এই লিংগটো যৱাদ্বিপা (জাভা) নামৰ সম্ভ্ৰান্ত দ্বীপত অৱস্থিত, যিটো শিলালিপিত প্ৰচুৰ পৰিমাণে চাউল আৰু সোণৰ ধনেৰে ধন্য বুলি বৰ্ণনা কৰা হৈছে। যৱাদ্বীপ, শিলালিপিত কোৱা হৈছে, বহুদিনৰ পৰাই জ্ঞানী আৰু গুণী ৰজা ছান্নাৰ শাসনত আছিল যদিও মৃত্যুৰ পিছত তেওঁ অমিলতাত পৰিছিল। এক বিভ্ৰান্তিৰ মাজত ৰাজকুমাৰী সন্নাহ (ৰজা সন্নাৰ ভগ্নী)ৰ পুত্ৰ সঞ্জয় সিংহাসনত আৰোহণ কৰে। সঞ্জয়ে পৱিত্ৰ শাস্ত্ৰ, আৰু যুদ্ধ কলা আয়ত্ত কৰিছিল আৰু সামৰিক শক্তি প্ৰদৰ্শন কৰিছিল। চুবুৰীয়া অঞ্চল জয় কৰাৰ পিছত তেওঁৰ ৰাজত্বকাল শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী আছিল।[8]

এই শিলালিপিত সঞ্জয়ক জাভাৰ পূৰ্বৰ ৰজা সন্নাৰ বৈধ উত্তৰাধিকাৰী হিচাপে বৰ্ণনা কৰা হৈছে। সন্নাৰ ৰাজ্য অসঙ্গতিত পৰাৰ পিছত সঞ্জয়ে ৰাজ্যখন পুনৰ একত্ৰিত কৰি সিংহাসনত আৰোহণ কৰে। শিৱিক লিংগ স্থাপন কৰি তেওঁ নতুন কৰ্তৃত্ব, ৰাজনৈতিক ক্ষমতা বা আদালতৰ নতুন কেন্দ্ৰ (ক্ৰাটন) প্ৰতিষ্ঠা প্ৰদৰ্শন কৰে। সঞ্জয়ৰ সিংহাসনত বহাৰ কথা উকিৰ শিলালিপিত ঘোষণা কৰা হৈছিল। অধীনস্থ ৰাষ্ট্ৰ আৰু পৰাজিত ৰজাসকলক সতৰ্কবাণী হিচাপে চিহ্নিত কৰা এই শিলালিপিটোৰ বিশ্লেষণ কৰিলে দেখা যায় যে উকিৰ পাহাৰ আছিল মাতাৰাম ৰাজ্যৰ প্ৰথম কেন্দ্ৰ। সঞ্জয় বা তেওঁৰ উত্তৰাধিকাৰী দ্যাহ পঞ্চাপনাই (খ্ৰীষ্টপূৰ্ব ৭৪৬–৭৮৪) পিছলৈ চীনা বুৰঞ্জীত লিখাৰ দৰে খ্ৰীষ্টীয় ৭৪২–৭৫৫ চনৰ ভিতৰত ক্ৰাটন স্থানান্তৰ কৰে।[3][1]:90

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Coedès, George (1968). Walter F. Vella. ed. The Indianized States of Southeast Asia. trans.Susan Brown Cowing. University of Hawaii Press. ISBN 978-0-8248-0368-1. 
  2. W. J. van der Meulen (1977). "In Search of "Ho-Ling"". Indonesia খণ্ড 23 (23): 87–112. doi:10.2307/3350886. Archived from the original on 2011-02-23. http://archive.wikiwix.com/cache/20110223164113/http://cip.cornell.edu/Dienst/UI/1.0/Display/seap.indo/1107118718. 
  3. 3.0 3.1 3.2 3.3 W. J. van der Meulen (1979). "King Sañjaya and His Successors". Indonesia (Indonesia, Vol. 28) খণ্ড 28 (28): 17–54. doi:10.2307/3350894. Archived from the original on 2007-10-14. https://archive.today/20071014192703/http://cip.cornell.edu/Dienst/UI/1.0/Display/seap.indo/1107121629. 
  4. Boechari (2012). Melacak Sejarah Kuno Indonesia Lewat Prasasti. প্ৰকাশক Jakarta: Kepustakaan Populer Gramedia. পৃষ্ঠা. 469. 
  5. R. Ng. Poerbatjaraka (1919). "De Batoe-toelis bij Buitenzorg". Tijdschrift voor Indische Taal-, Land-, en Volkenkunde খণ্ড 59: 380–417. 
  6. Dr. Bosch, "Srivijaya, de Sailendravamsa en de Sanjayavamsa", 1952.
  7. Poerbatjaraka, 1958: 254–264
  8. Drs. R. Soekmono (1973). Pengantar Sejarah Kebudayaan Indonesia 2, 2nd ed.. প্ৰকাশক Yogyakarta: Penerbit Kanisius. পৃষ্ঠা. 40.