চক্ৰবেহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদ্মবেহুৰ এক ৰৈখিক প্ৰদৰ্শন।

পদ্মবেহু (সংস্কৃত: पद्मव्यूह) বা চক্ৰবেহু (সংস্কৃত: चक्रव्यूह) হৈছে শত্ৰুসকলক আগুৰি ধৰিবলৈ ব্যৱহৃত এক সামৰিক গঠন। হিন্দু মহাকাব্য মহাভাৰতত এনে বেহুৰ বিষয়ে উল্লেখ পোৱা গৈছে। এই গঠন একাধিক প্ৰতিৰক্ষামূলক দেৱালৰ গোলকধাৰাৰ দৰে।

প্ৰেক্ষাপট[সম্পাদনা কৰক]

পদ্মবেহু হৈছে এক বহুস্তৰীয় প্ৰতিৰক্ষামূলক গঠন যি ওপৰৰ পৰা চাওঁতে ফুলি থকা পদুম বা চক্ৰৰ দৰে দেখা যায়।[1] ভীষ্ম পিতামহাৰ পতনৰ পিছত কৌৰৱ সেনাৰ সেনাধ্যক্ষ হোৱা দ্ৰোণাচাৰ্যৰ দ্বাৰা কুৰুক্ষেত্ৰৰ যুদ্ধত এই গঠন ব্যৱহাৰ কৰা হৈছিল।

বিভিন্ন বেহু (সামৰিক গঠন) সম্পৰ্কে কৌৰৱ আৰু পাণ্ডৱসকলে একেধৰণে অধ্যয়ন কৰিছিল। মহাভাৰতত বৰ্ণনা কৰা যুদ্ধৰ ৰূপত, শক্তিশালী যুঁজাৰুসকলক এনে স্থানত ৰখাটো গুৰুত্বপূৰ্ণ আছিল য'ত তেওঁলোকে বিৰোধী শক্তিৰ সৰ্বাধিক ক্ষতি কৰিব পাৰে, বা তেওঁলোকৰ নিজৰ পক্ষৰ প্ৰতিৰক্ষা কৰিব পাৰে। এই সামৰিক ৰণনীতি অনুসৰি, যুদ্ধৰ সময়ত এক নিৰ্দিষ্ট স্থিৰ বস্তু বা চলন্ত বস্তু বা ব্যক্তিক বন্দী, আৱৰি ৰাখিব আৰু সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পাৰি। গঠনটো আৰম্ভ হয় দুজন সৈনিক ৰৈ একেলগে থিয় হৈ। এনে ধৰণৰ আন সৈনিকৰ গোট তিনিখন হাতৰ দূৰত্বত থিয় হৈ, সাতটা বৃত্ত বনাই বেহু সম্পূৰ্ণ কৰা হয় আৰু শেষহোৱা স্থানত বন্দী ব্যক্তি বা বস্তুটো ৰাখিব লাগে। চক্ৰবেহু গঠন কৰিবলৈ, সেনাপতিয়ে দক্ষ সৈনিকসকলক চিনাক্ত কৰে। নিয়োজিত কৰিব লগা সৈনিকৰ সংখ্যা আৰু চক্ৰবেহুৰ আকাৰ আকলন প্ৰতিৰোধ অনুসৰি গণনা কৰা হয়।

চিত্ৰত অভিমন্যুক, কৌৰৱৰ চক্ৰবেহুত প্ৰৱেশ কৰা দেখুওৱা হৈছে
অভিমন্যুৰ চক্ৰবেহুত প্ৰৱেশৰ চিত্ৰ খোদিত এক শিলালিপি।
মহাভাৰতৰ ফৰাছী অনুবাদ ৰজ্মনামাৰ এক চিত্ৰত চক্ৰবেহু।

অভিমন্যু আৰু চক্ৰবেহু[সম্পাদনা কৰক]

আখ্যান অনুসৰি চক্ৰবেহুত কেনেদৰে প্ৰৱেশ কৰিব লাগে তাৰ জ্ঞান পাণ্ডৱৰ ফালৰ মাত্ৰ কেইজনমান যোদ্ধাৰ মাজত সীমাবদ্ধ আছিল। তেওঁলোক আছিল- অভিমন্যু, অৰ্জুন, কৃষ্ণ আৰু প্ৰদ্যুম্ন। যেতিয়া কৌৰৱসকলে ইয়াক যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰিছিল এই সকলৰ ভিতৰত কেৱল অভিমন্যু এই বেহুৰ ভিতৰত উপস্থিত আছিল। মহাভাৰতত উল্লেখ কৰা হৈছে যে অভিমন্যুৱে তেওঁৰ মাতৃৰ গৰ্ভত থকা সময়ত চক্ৰবেহুৰ বিষয়ে শিকিছিল কিন্তু এই কৌশলৰ বিষয়ে বৰ্ণনা কৰি থকা সময়ত অভিমন্যুৰ মাতৃৰ টোপনি অহাত তেওঁ এই গঠনৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব লাগে সেই বিষয়ে শুনিব পৰা নাছিল। অভিমন্যুৱে গঠনৰ ষষ্ঠ স্তৰত প্ৰৱেশ কৰাৰ পিছত, কৌৰৱৰ সকলো যোদ্ধাই একেলগে তেওঁক আক্ৰমণ কৰিছিল, যি যুদ্ধৰ ধাৰ্মিক নিয়মৰ বিৰোধী আছিল। লাহে লাহে ক্লান্ত হৈ পৰা অভিমন্যুক অৱশেষত হত্যা কৰা হৈছিল।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 81. https://archive.org/details/indiathroughages00mada. 
  2. "The Mahabharata, Book 7: Drona Parva: Abhimanyu-badha Parva: Section XXXI". www.sacred-texts.com. http://www.sacred-texts.com/hin/m07/m07031.htm। আহৰণ কৰা হৈছে: 2016-10-16.