মাদ্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মাদ্ৰী
(Madri)
তথ্য
দাম্পত্যসঙ্গী পাণ্ডু
সন্তান যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ
আত্মীয় গান্ধাৰী, ভীষ্ম, কৃষ্ণ, কৌৰৱ, পাণ্ডৱ, বিদুৰ, সত্যৱতী

মাদ্ৰী (ইংৰাজী: Madri) : হিন্দী ধৰ্মগ্ৰন্থ মহাভাৰতৰ নকুল আৰু সহদেৱৰ মাতৃ তথা পাণ্ডুৰ পত্নী আৰু যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনৰ মাহী মাক আছিল মদ্ৰৰ কুঁৱৰী মাদ্ৰী৷[1][2]

পাণ্ডু, কুন্তী, আৰু মাদ্ৰী[সম্পাদনা কৰক]

কুন্তীৰ দেউতাক যাদৱ বংশৰ ৰজা শূৰসেন। তেওঁৰ আচল নাম আছিল পৃথ্বা। দেউতাকে সম্পৰ্কীয় ভায়েক কুন্তীভোজ সন্তানহীন হোৱা বাবে কুন্তীকে ডাঙৰ-দীঘল কৰিবলৈ দিয়ে।

এবাৰ দুৰ্বাসা মুনি কুন্তীভোজৰ ঘৰলৈ আহিল। কুন্তীয়ে তেওঁক কৰা সেৱা-শুশ্ৰূষাত মুনি সন্তুষ্ট হ'ল। তেওঁক কুন্তীক এটা মন্ত্ৰ শিকালে যাৰ সহায়ত কুন্তীয়ে যিকোনো দেৱতাক আহ্বান কৰি তেওঁৰ পৰা সন্তান লাভ কৰিব পাৰিব।

কৌতূহলী কুন্তীয়ে এদিন সেই মন্ত্ৰৰে ভগৱান সূৰ্যক আহ্বান কৰিলে। সূৰ্যই কুন্তীৰ লগত সহবাস কৰি এটা সন্তান দিলে আৰু লগতে কুন্তীৰ সতীত্বও পুনৰ প্ৰদান কৰিলে। এইমতেই কৰ্ণৰ জন্ম হয়। সমাজৰ ৰোষত পৰাৰ ভয়ত কুন্তীয় সন্তানটোক নৈত উটুৱাই দিয়ে।

কুন্তীয়ে ইন্দ্ৰক সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছে। ইয়াৰ পাছতে অৰ্জুনৰ জন্ম হয়।

কুন্তীভোজে কুন্তীৰ স্বয়ংবৰ আয়োজন কৰিলে। স্বয়ংবৰত কুন্তীয়ে হস্তিনাপুৰৰ ৰজা পাণ্ডুক বৰণ কৰে। ইয়াৰ পাছত ৰাজ্য বঢ়োৱাৰ সংক্ৰান্তত পাণ্ডুৱে মদ্ৰৰ কুঁৱৰী মাদ্ৰীক বিয়া কৰায়।

এদিন পাণ্ডুৱে অৰণ্যত চিকাৰ কৰি থাকোঁতে ভুলতে সংগমত লিপ্ত মৃগয়াৰূপী ঋষি কিন্দম আৰু তেওঁৰ পত্নীক কাঁড় মাৰি হত্যা কৰে। মৃত্যুৰ আগে আগে ঋষিয়ে ৰজাক অভিশাপ দিয়ে যে ৰজাই যেতিয়াই সংগম কৰি তেতিয়াই তেওঁৰ মৃত্যু হ'ব। ইয়াৰ পাছত পাণ্ডুৱে ৰাজ্য পৰিত্যাগ কৰি দুইগৰাকী পত্নীৰে সৈতে বনবাসলৈ প্ৰস্থান কৰে।

কেইজনমান মুনিয়ে পাণ্ডুক কয় যে সন্তানহীন হৈ থাকিলে তেওঁ স্বৰ্গ লাভ কৰিব নোৱাৰিব। এই কথা পাণ্ডুৱে কুন্তীক জনাই কোনো সুপুৰুষৰ পৰা সন্তান লাভ কৰিবলৈ তেওঁক পৰামৰ্শ দিয়ে। কুন্তীয়ে তেতিয়া দুৰ্বাসাৰ পৰা পোৱা মন্ত্ৰ খটুৱাই তিনিজন পুত্ৰৰ মাতৃ হয়— যম দেৱতাৰ পৰা যুধিষ্ঠিৰ, বায়ুৰ পৰা ভীম আৰু ইন্দ্ৰৰ পৰা অৰ্জুন[3] কুন্তীয়ে মাদ্ৰীকো সেই মন্ত্ৰ শিকাই দিয়াত মাদ্ৰীয়ে অশ্বিন দেৱতা দুজনৰ পৰা নকুল আৰু সহদেৱ নামৰ যঁজা পুত্ৰদ্বয় লাভ কৰে।[1]

এদিন পাণ্ডুৱে হিতাহিত জ্ঞান দেৰুৱাই মাদ্ৰীৰ লগত সংগম কৰিব খোজাত তেওঁৰ মৃত্যু হয়। ৰজাৰ মৃত্যুৰ কাৰণ হোৱা বুলি মাদ্ৰী সতী হৈ প্ৰাণ ত্যাগ কৰে। ইয়াৰ পাছত কুন্তীয়ে পাঁচোজন পুত্ৰক লৈ হস্তিনাপুৰ যায়গৈ।

বংশ পৰিচয়[সম্পাদনা কৰক]

মাদ্ৰী আছিল মদ্ৰৰ কুঁৱৰী৷ কুন্তীদেৱী আছিল তেওঁৰ পতি পাণ্ডুৰ পত্নী৷ মাদ্ৰী নিজ সন্তান আছিল নকুল আৰু সহদেৱ৷ তেওঁৰ তোলনীয়া পুত্ৰ অৰ্থাৎ কুন্তীৰ পুত্ৰ আছিল ক্ৰমে- যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুন৷

বংশলতা[সম্পাদনা কৰক]

কুৰু
 
 
 
 
গংগা
 
শান্তনু
 
সত্যৱতী
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
পৰাশৰ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
ভীষ্মচিত্ৰাঙ্গদঅম্বিকা
 
বিচিত্ৰবীৰ্য্য
 
অম্বালিকাব্যাস
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
ধৃতৰাষ্ট্ৰ
 
গান্ধাৰীশকুনি
 
কুন্তী
 
পাণ্ডু
 
মাদ্ৰী
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
কৰ্ণযুধিষ্ঠিৰভীমঅৰ্জুন
 
সুভদ্ৰানকুলসহদেৱ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
দুৰ্যোধনদুশালাদুশাসন(অন্য ৯৮ জন পুত্ৰ)
 
 
 
 
 
 
অভিমন্যু
 
উত্তৰা
 
 
 
 
পৰীক্ষিত
 
মাদ্ৰৱতী
 
 
 
 
জনমেজয়

লগতে চাওক[সম্পাদনা কৰক]

  1. চিত্ৰাঙ্গদ
  2. ধৃতৰাষ্ট্ৰ
  3. মাদ্ৰী
  4. পৰাশৰ
  5. বশিষ্ঠ
  6. বেদব্যাস
  7. বিচিত্ৰবীৰ্য্য
  8. ভীষ্ম
  9. কুন্তী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 শইকীয়া, প্ৰদীপ (2015). কথা মহাভাৰত. প্ৰকাশক Dibrugarh: বনলতা প্ৰকাশন. ISBN 81-7339-384-2. 
  2. KMG Mahabharata
  3. Edward Delavan Perry, Indra in the Rig-Veda. Journal of the American Oriental Society vol. 11.1885. পৃষ্ঠা. 121. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]