চিত্ৰাংগদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিত্ৰাংগদা
তথ্য
দাম্পত্যসঙ্গী অৰ্জুন
সন্তান বব্ৰুবাহন

চিত্ৰাংগদা (সংস্কৃত: चित्रांगदा) হিন্দু মহাগ্ৰন্থ মহাভাৰতৰ কাহিনীমতে ৰজা চিত্ৰবাহনৰ জীয়ৰী আৰু পাণ্ডৱ অৰ্জুনৰ এগৰাকী পত্নী। অৰ্জুন আৰু চিত্ৰাংগদাৰ বব্ৰুবাহনৰ নামৰ এক পুত্ৰ আছিল।[1]

অৰ্জুনৰ সৈতে বিবাহ[সম্পাদনা কৰক]

বনবাসৰ সময়ত অনাই-বনাই ফুৰোঁতে এদিন অৰ্জুন মণিপুৰ ৰাজ্যত উপস্থিত হ'ল। তাৰ ৰজা চিত্ৰবাহনক সাক্ষাৎ কৰোঁতে তেওঁ ৰজাৰ জীয়েক চিত্ৰাংগদাক দেখে আৰু প্ৰেমত পৰে। অৰ্জুনে ৰজাক চিত্ৰাংগদাক বিয়া পাতিবলৈ অনুমতি বিচাৰোঁতে ৰজাই তেওঁক পূৰ্বপুৰুষ প্ৰভাঞ্জনৰ কাহিনী শুনালে। প্ৰভাঞ্জন বহুকাল নিঃসন্তান আছিল আৰু উত্তৰাধিকাৰী পাবলৈ নানা চেষ্টা কৰিছিল। অৱশেষত শিৱই তেওঁৰ প্ৰাৰ্থনা শুনি আৱিৰ্ভাৱ হয় আৰু বৰ দিয়ে যে প্ৰভাঞ্জনৰ উপৰিপুৰুষৰ এটাকৈ সন্তান হ'বই। কিন্তু চিত্ৰবাহনৰ পুত্ৰ সন্তান নাছিল, এগৰাকী জীয়েকেই আছিল। গতিকে তেওঁ ৰাজ্যৰ নীতি অনুসৰি চিত্ৰাংগদাক “পুত্ৰিকা” ঘোষণা কৰিছিল। ইয়াৰ অৰ্থ আছিল যে চিত্ৰাংগদাৰ পুত্ৰ জন্ম হ'লে সেই পুত্ৰই উত্তৰাধিকাৰী হ'ব, আৰু কোনো নহয়। অৰ্জুনেও সেই ৰাজ্যৰ ৰজা হ'বলৈ মন মেলিব নোৱাৰে।

অৰ্জুন এই কথাত সন্মত হ'ল। চিত্ৰাংগদাক বিয়া কৰাই তেওঁ একেলগে তিনি বছৰ কটায়। চিত্ৰাংগদাই অৰ্জুনৰ ঔৰষত এটা ল'ৰাৰ জন্ম দিয়াৰ পাছত অৰ্জুনে তেওঁ আৰু পিতাকৰ পৰা অনুমতি লৈ পুনৰ বনবাসলৈ ঘূৰি যায়।[2] ইফালে চিত্ৰবাহনৰ পাছত বব্ৰুবাহন মণিপুৰৰ ৰজা হয়। মহাভাৰতৰ যুদ্ধৰ পাছত যুধিষ্ঠিৰে অশ্বমেধ যজ্ঞ পাতোঁতে যজ্ঞৰ ঘোঁৰা আহি মণিপুৰ ৰাজ্য পালেহি। তেতিয়া অৰ্জুন আৰু পিতাকক চিনি নোপোৱা বব্ৰুবাহনৰ মাজত যুদ্ধ হয়। যুদ্ধত অৰ্জুনৰ মৃত্যু হোৱাৰ পাছতহে বব্ৰুবাহনে সত্য গম পায়। তেতিয়া অৰ্জুনৰ আন এগৰাকী পত্নী নাগকন্যা উলুপীয়ে মৃতসঞ্জীৱনী মণিৰ সহায়ত অৰ্জুনক পুনৰ্জীৱন দিয়ে।[3]

অন্য সাহিত্যত[সম্পাদনা কৰক]

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে চিত্ৰাংগদাৰ চৰিত্ৰক লৈ এখন নাটক লিখিছিল। এই নাটকত পোৰাণিক কাহিনীটো তেখেতে অলপ সালসলনি কৰিছিল। ৰজা চিত্ৰবাহনে এটা পুত্ৰ সন্তান বিছাৰিছিল, কিন্তু পুত্ৰীহে জন্ম হ'ল। তেতিয়া ৰজাই চিত্ৰাংগদাকে ল'ৰাৰ নিচিনাকৈ যুদ্ধৰ শিক্ষা দি ডাঙৰ-দীঘল কৰে। বনবাসৰ সময়ত অৰ্জুন মণিপুৰত উপস্থিত হওঁতে তেওঁক দেখি চিত্ৰাংগদা প্ৰেমত পৰে। কিন্তু পুৰুষসুলভ স্বভাৱৰ বাবে অৰ্জুনে প্ৰত্যাখ্যান কৰিব বুলি তেওঁক প্ৰেমৰ দেৱতা মদনক প্ৰাৰ্থনা কৰে যাতে নাৰীসুলভ কমনীয়তা দিয়ে। ইয়াৰ পাছত অৰ্জুনৰ ওচৰলৈ যাওঁতে অৰ্জুন তেওঁক দেখি মুগ্ধ হয়। শত্ৰুৱে মণিপুৰ আক্ৰমণ কৰোঁতে যেতিয়া চিত্ৰাংগদা যুঁজলৈ যায় তেতিয়াহে অৰ্জুনে তেওঁৰ প্ৰকৃত পৰিচয় জানিব পাৰে। যুঁজাৰু চেহেৰাৰ কুঁৱৰীকহে অৰ্জুনে অধিক পছন্দ কৰাত চিত্ৰাংগদাই মদনক অনুৰোধ কৰি পুনৰ আগৰ ৰূপ ঘূৰাই লয়।

টোকা[সম্পাদনা কৰক]

  • Citrāngadā in: M.M.S. Shastri Chitrao, Bharatavarshiya Prachin Charitrakosha (Dictionary of Ancient Indian Biography, in Hindi), Pune 1964, p. 213
  • The Mahabharata of Krishna Dvaipayana Vyasa, trl. from the original Sanskrit by Kisari Mohan Ganguli, Calcutta 1883-1896
  • Chitrangada in: Wilfried Huchzermeyer, Studies in the Mahabharata, edition sawitri 2018, p. 17-19. (also as E-Book)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Shastri Chitrao (1964), p. 213
  2. Ganguli (1883), Book I, Section 218
  3. "Curses on Arjuna". Indian Mythology. 10 September, 2011. http://ritsin.com/mahabharata-curses-of-arjuna-indian-mythology.html/। আহৰণ কৰা হৈছে: 20 February 2019.