দেৱযানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱযানী

যযাতিয়ে দেৱযানীক কুঁৱাৰ পৰা উদ্ধাৰ কৰিছে, অঙ্কণ- বি.পি. বেনাৰ্জী
সম্পৰ্ক কুৰু ৰাণী
সঙ্গী যযাতি
সন্তান যদু, তুৰ্বসু
পাঠ্য মহাভাৰত

দেৱযানী (ইংৰাজী: Devayani ; সংস্কৃত: देवयानी, Devayānī) হিন্দু পৌৰাণিক কথা অনুসৰি দৈত্যগুৰু শুক্ৰাচাৰ্য আৰু উৰ্জস্বতীৰ জীয়ৰী। যযাতিৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ দুটা সন্তানৰ জন্ম হৈছিল- যদু আৰু তুৰ্বসু। বিবাহৰ পূৰ্বে তেওঁ এবাৰ বৃহস্পতিৰ পুত্ৰ কচৰ প্ৰতি আসক্ত হৈছিল। কিন্তু কচে তেওঁক বিবাহ কৰাবলৈ অস্বীকাৰ কৰিছিল।[1][2]

কচৰ প্ৰতি আসক্তি[সম্পাদনা কৰক]

কচ দেৱগুৰু বৃহস্পতিৰ পুত্ৰ আছিল। তেওঁক দেৱতাসকলে মৃত সঞ্জীৱনী মন্ত্ৰ (মৃতকক জীয়াই দিব পৰা মন্ত্ৰ) শিকিবলৈ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ আশ্ৰমলৈ পঠায়। শুক্ৰাচাৰ্যই তেওঁক শিষ্য ৰূপে স্বীকাৰ কৰে যদিও দানৱসকলে এই কথাত ভাল পোৱা নাপালে। তেওঁলোকে কচক মাৰি পেলাবলৈ ষড়যন্ত্ৰ কৰে আৰু দুবাৰ সফলো হয়। কিন্তু দেৱযানীৰ অনুৰোধত পিতৃ শুক্ৰাচাৰ্যই পুনৰ তেওঁক জীয়াই তোলে। দেৱযানীয়ে গোপনে কচক ভাল পাইছিল।[3]

তৃতীয়বাৰ দানৱসকলে কচক হত্যা কৰি তেওঁৰ দেহটো জ্বলাই দিয়ে আৰু তাৰ ছাই সুৰাৰ লগত মিহলাই শুক্ৰাচাৰ্যক খুৱাই দিয়ে। কচক বিচাৰি নাপাই দেৱযানীয়ে পিতৃক অভিযোগ দিয়ে। আধ্যাত্মিক শক্তিৰে শুক্ৰাচাৰ্যই জানিব পাৰিলে যে কচ তেওঁৰ পেটৰ ভিতৰত আছে। দৈত্যগুৰু দোধোৰ-মোধোৰত পৰিল। কাৰণ কচক জীয়াব গ’লে তেওঁৰ মৃত্যু নিশ্চিত। শেষত উপায়হীন হৈ তেওঁ কচক মৃত সঞ্জীৱনী মন্ত্ৰ শিকাই দিলে। শুক্ৰাচাৰ্যৰ পেট ফালি কচ ওলাই আহিল আৰু মৃত সঞ্জীৱনী মন্ত্ৰেৰে গুৰুক জীয়াই তুলিলে।[3]

নিজৰ লক্ষ্যত উপনীত হৈ কচ গুৰুকুল এৰি উভতি যাব ওলাল। যোৱাৰ সময়ত দেৱযানীয়ে তেওঁক ভাল পোৱাৰ কথা জনালে। কিন্তু কচ কলে যে দুয়োৰ মাজত বিবাহ অসম্ভৱ, যিহেতু তেওঁ শুক্ৰাচাৰ্যৰ গৰ্ভৰ পৰা পুনৰ্জনম পাইছে, সেয়েহে দেৱযানী সম্পৰ্কত তেওঁৰ ভনীয়েক হব। ক্ৰোধান্বিত দেৱযানীয়ে তেওঁক অভিশাপ দিলে যে তেওঁ শিকা মৃত সঞ্জীৱনী মন্ত্ৰই কোনো কাম নকৰিব। আনহাতে কচেও দেৱযানীক তেওঁৰ বিবাহ অনা-ব্ৰাহ্মণৰ সৈতে হোৱাৰ অভিশাপ দিলে।[3]

শৰ্মিষ্ঠাৰ সৈতে সংঘাট[সম্পাদনা কৰক]

শৰ্মিষ্ঠা দানৱৰাজ বৃষপৰ্বৰ জীয়ৰী আছিল। এদিন শৰ্মিষ্ঠা আৰু দেৱযানী গা ধুবলৈ গ’ল। গা ধুই উঠাৰ পিছত দেৱযানীয়ে ভুলতে শৰ্মিষ্ঠাৰ কাপোৰ পিন্ধিলে। ইয়াতে খং উঠি শৰ্মিষ্ঠাই কুঁৱা এটাত দেৱযানীক গতিয়াই দি ঘৰলৈ গুছি আহিল। পিছত দেৱযানী মৃগয়া কৰিবলৈ অহা ৰজা যযাতিৰ সহায়ত কুঁৱাৰ পৰা উঠি ঘৰলৈ আহিল আৰু শুক্ৰাচাৰ্যক সকলো কথা কৈ দিলে। এই কথাত ক্ষুন্ন হৈ শুক্ৰাচাৰ্য দানৱৰ দেশ এৰি গুছি যাবলৈ ওলোৱাত ৰজা বৃষপৰ্বই নাযাবলৈ অনুৰোধ জনালে। দেৱযানী চৰ্ত দিলে যে যদিহে শৰ্মিষ্ঠা আৰু আন দানৱ কন্যাসকল তেওঁৰ দাসী হৈ থাকে, তেন্তে তেওঁলোকে দেশ এৰি নাযায়।[4][5]

বিবাহ[সম্পাদনা কৰক]

কেইদিন মাজত শৰ্মিষ্ঠা আৰু দাসীসকলৰ সৈতে দেৱযানী অৰণ্যলৈ যাওতে পুনৰ ৰজা যযাতিৰ সৈতে দেখাদেখি হয়। দেৱযানীয়ে যযাতিক পিতৃৰ ওচৰলৈ লৈ আহে আৰু কয় যে দুয়ো বিবাহ কৰিব বিচাৰে। শুক্ৰাচাৰ্যই আনন্দেৰে সন্মতি দিলে আৰু লগতে ক’লে যে শৰ্মিষ্ঠাক যেন তেওঁ অনাদৰ নকৰে, কাৰণ তেওঁ এগৰাকী ৰাজকুমাৰী। কিন্তু কোনো ক্ষেত্ৰতে যেন শৰ্মিষ্ঠাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি নোতোলে।[6]

যযাতি আৰু দেৱযানীৰ দুটা পুত্ৰ সন্তান জন্ম পায়- যদু আৰু তুৰ্বসু। দেৱযানীয়ে নজনাকৈ যযাতিয়ে শৰ্মিষ্ঠাকো বিবাহ কৰায় আৰু আৰু তেওঁৰ তিনিটা পুত্ৰ সন্তান হয়- দ্ৰুহ্যু, অনু আৰু পুৰু। দেৱযানীয়ে পিছত সেই কথা জানিব পাৰি পিতৃৰ আশ্ৰমলৈ উভতি যায়। শুক্ৰাচাৰ্যই প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ অপৰাধত যযাতিক অকালতে জৰাগস্থ হোৱাৰ অভিশাপ দিয়ে।[7]

টোকা[সম্পাদনা কৰক]

  1. Puranic Encyclopedia: a comprehensive dictionary with special reference to the epic and Puranic literature, Vettam Mani, Motilal Banarsidass, Delhi, 1975, p. 760.
  2. Dikshitar, V. R. Ramachandra (1996-01-31) (en ভাষাত). The Purana Index. Motilal Banarsidass Publishe. ISBN 978-81-208-1273-4. https://books.google.com/books?id=z7bFwZhfSOsC&q=Devayani. 
  3. 3.0 3.1 3.2 Chandrakant, Kamala (1972) (en ভাষাত). Kacha and Devayani: A Tale from the Mahabharata. India Book House. ISBN 978-81-7508-172-7. https://books.google.com/books?id=1_91RAAACAAJ&q=kacha+devayani। আহৰণ কৰা হৈছে: 14 September 2020. 
  4. "Archived copy". http://www.sacred-texts.com/hin/m01/m01079.htm। আহৰণ কৰা হৈছে: 22 January 2018. 
  5. Sattar, Arshia (2018-01-04). "Caste above friendship" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/society/history-and-culture/the-stroy-of-friends-devyani-and-sharmishtha/article22366866.ece. 
  6. "Archived copy". http://www.sacred-texts.com/hin/m01/m01082.htm। আহৰণ কৰা হৈছে: 22 January 2018. 
  7. Garg, Ashutosh (2020) (en ভাষাত). Indra: The Saga of Purandar. Manjul Publishing. ISBN 978-93-89647-75-4. https://books.google.com/books?id=Jgv0DwAAQBAJ&q=Sharmistha+yayati&pg=PA39. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]