পতঞ্জলিৰ যোগসূত্ৰ
পতঞ্জলিৰ যোগসূত্ৰ (হিন্দী: योगसूत्र) হৈছে যোগ তত্ত্ব আৰু অনুশীলনৰ ওপৰত সংস্কৃত সূত্ৰৰ এক সংকলন। ব্যাস আৰু কৃষ্ণমাচাৰ্য্যৰ মতে ই ১৯৫খন আৰু বি.কে.এছ. আয়েংগাৰকে ধৰি অন্যান্য পণ্ডিতসকলৰ মতে ১৯৬খন সূত্ৰৰে গঠিত। যোগসূত্ৰসমূহ খ্ৰীষ্টীয় প্ৰথম শতিকাসমূহত সংকলিত কৰা হৈছিলো। ভাৰতৰ পতঞ্জলি ঋষিয়ে বহু পুৰণি পৰম্পৰাৰ পৰা যোগ সম্পৰ্কীয় জ্ঞান সংশ্লেষণ আৰু সংগঠিত কৰিছিল।[1][2][3]
যোগসূত্ৰসমূহ অষ্টাংগ অৰ্থাৎ সমাধিৰ শিখৰত উপনীত হোৱা অভ্যাসৰ আঠটা উপাদানত আৰু ধ্যান-ধাৰণাৰ কোনো বস্তুৰ ওপৰত মনৰ একাগ্ৰতাৰ বাবে জনাজাত। এই অষ্টাংগ হৈছে যম (সংযম), নিয়ম (পৰ্যবেক্ষণ), আসন (যোগ ভংগিমা), প্ৰাণায়াম (শ্বাস নিয়ন্ত্ৰণ), প্ৰত্যহাৰ (ইন্দ্ৰিয়ৰ প্ৰত্যাহাৰ), ধাৰণ (মনৰ একাগ্ৰতা), ধ্যান আৰু সমাধি (শোষণ)। কিন্তু ইয়াৰ মূল লক্ষ্য হৈছে কৈৱল্য, চেতন পুৰুষক প্ৰকৃতিৰ পৰা পৃথক বুলি বিবেচনা কৰা, জ্ঞানমূলক ব্যৱস্থা, আৰু পুৰুষক প্ৰকৃতিৰ বিভ্ৰান্তিকৰ অশুচিৰ পৰা বিচ্ছিন্ন কৰা।
যোগসূত্ৰসমূহ পুৰুষ আৰু প্ৰকৃতিৰ সাংখ্য-ধাৰাসমূহৰ ওপৰত নিৰ্মিত আৰু ইয়াক প্ৰায়ে সূত্ৰসমূহৰ পৰিপূৰক হিচাপে দেখা যায়। ইয়াৰ কিছুমান পৰিভাষা অন্তৰ্ভুক্ত হোৱা বৌদ্ধ ধৰ্মৰ সৈতে ইয়াৰ ওতপ্ৰোত সম্পৰ্ক আছে। তথাপিও সেই সময়ত প্ৰচলিত ভক্তি পৰম্পৰা আৰু বৈদিক ৰীতি-নীতিৰ বিপৰীতে সাংখ্য, যোগ, বেদান্তৰ লগতে জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মই প্ৰাচীন ভাৰতত তপস্যা পৰম্পৰাৰ এক বহল প্ৰবাহৰ বিভিন্ন প্ৰকাশক প্ৰতিনিধিত্ব কৰা বুলি ধাৰণা কৰিব পাৰি।
সমসাময়িক যোগ পৰম্পৰাই পতঞ্জলিৰ যোগসূত্ৰসমূহক ধ্ৰুপদী যোগ দৰ্শনৰ অন্যতম মূল গ্ৰন্থ বুলি ধৰি লৈছে।[4][5] কিন্তু যোগসূত্ৰসমূহৰ নিজৰ ব্যৱহাৰ - আৰু অপব্যৱহাৰ - আৰু যোগৰ পৰৱৰ্তী কালৰ পদ্ধতিগতকৰণৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত ডেভিড গৰ্ডন হোৱাইটে প্ৰশ্ন উত্থাপন কৰিছে।[6] তেওঁ যুক্তি দিছে যে দ্বাদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈকে প্ৰায় ৭০০ বছৰ ধৰি এই গ্ৰন্থখন আপেক্ষিকভাৱে অস্পষ্ট হৈ পৰিছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে স্বামী বিবেকানন্দ, থিয়'ছফিক ছ'চাইটি আদিৰ প্ৰচেষ্টাত ই পুনৰ ঘূৰি আহিছিল। বিংশ শতিকাত ই ধ্ৰুপদী গ্ৰন্থ হিচাপে প্ৰাধান্য লাভ কৰে।[7]
ৰচয়িতা
[সম্পাদনা কৰক]যোগসূত্ৰৰ পাণ্ডুলিপিত এই গ্ৰন্থখনৰ ৰচয়িতা পতঞ্জলি বুলি কোৱা হৈছে।[8][9][10][11] পতঞ্জলিৰ পৰিচয় শৈক্ষিক বিতৰ্কৰ বিষয় হৈ আহিছে কিয়নো একে নামৰ আন এজন লেখকক মহাভাষ্য নামৰ সংস্কৃত ব্যাকৰণৰ ধ্ৰুপদী গ্ৰন্থখনৰ লেখকৰ কৃতিত্ব দিয়া হয়। তথাপিও বিষয়বস্তু আৰু ভাষা, ব্যাকৰণ আৰু শব্দভাণ্ডাৰৰ ফালৰ পৰা দুয়োখন ৰচনা সম্পূৰ্ণ পৃথক।[12] তদুপৰি, ভোজৰজাৰ সময়ৰ আগতে (১১ শতিকা) কোনো জনাজাত গ্ৰন্থতে দুয়োজন লেখকৰ পৰিচয় সানমিহলি হোৱা নাই।[note 1]
প্ৰভাৱ
[সম্পাদনা কৰক]সমসাময়িক যোগ পৰম্পৰাই পতঞ্জলিৰ যোগসূত্ৰসমূহক ধ্ৰুপদী যোগ দৰ্শনৰ অন্যতম মূল গ্ৰন্থ বুলি মান্যতা দিছে।[4][15]
টোকা
[সম্পাদনা কৰক]- ↑ ৰাধাকৃষ্ণন আৰু মূৰেই এই গ্ৰন্থখনৰ ৰচক ব্যাকৰণবিদ পতঞ্জলি বুলি কয়, ইয়াক খ্ৰীষ্টপূৰ্ব ২য় শতিকাত মৌৰ্য সাম্ৰাজ্যৰ (খ্ৰীষ্টপূৰ্ব ৩২২–১৮৫) সময়ত লিখা বুলি কোৱা হয়।[13] পণ্ডিত যেনে এছ.এন. দাসগুপ্তই (যোগ-এজ ফিল’চফি এণ্ড ৰিলিজিয়ন প’ৰ্ট ৱাশ্বিংটন: কেন্নিকত প্ৰেছ, ১৯২৪) দাবী কৰে যে এইজনেই সেই একেজন পতঞ্জলি যিয়ে মহাভাষ্য, ৰচনা কৰিছিল।[14]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Wujastyk 2011, পৃষ্ঠা. 33.
- ↑ Feuerstein 1978, পৃষ্ঠা. 108.
- ↑ Tola, Dragonetti & Prithipaul 1987, পৃষ্ঠা. x.
- ↑ 4.0 4.1 Whicher 1998, পৃষ্ঠা. 49.
- ↑ Stuart Sarbacker (2011), Yoga Powers (Editor: Knut A. Jacobsen), Brill, আই.এচ.বি.এন. 978-9004212145, p. 195.
- ↑ White 2014, পৃষ্ঠা. xvi-xvii.
- ↑ White 2014, পৃষ্ঠা. xvi–xvii.
- ↑ Tola, Dragonetti & Prithipaul 1987, পৃষ্ঠা. xi.
- ↑ Surendranath Dasgupta (1992). A History of Indian Philosophy. Reprint: Motilal Banarsidass (Original: Cambridge University Press, 1922). পৃষ্ঠা. 230–238. ISBN 978-81-208-0412-8. https://books.google.com/books?id=PoaMFmS1_lEC&pg=PA230.
- ↑ James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 506–507. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch.
- ↑ White 2014, পৃষ্ঠা. 34–38.
- ↑ Renou, Louis (1940). "On the Identity of the Two Patañjalis". In Law, Narendra Nath. Louis de La Vallée Poussin Memorial Volume. পৃষ্ঠা. 368–373. https://archive.org/details/Law.1940.LaValleePoussinMemVol.
- ↑ Radhakrishnan & Moore 1989, পৃষ্ঠা. 453.
- ↑ Michaels 2004, পৃষ্ঠা. 267.
- ↑ Stuart Sarbacker (2011), Yoga Powers (Editor: Knut A. Jacobsen), Brill, আই.এচ.বি.এন. 978-9004212145, page 195