সমললৈ যাওক

ৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাম
ধনুৰ্বাণধাৰী ৰাম
ধনুৰ্বাণধাৰী ৰাম
গোত্ৰ বিষ্ণুৰ অৱতাৰ
অধিষ্ঠান বৈকুণ্ঠ, অযোধ্যাপুৰী
মন্ত্ৰ ৰাং ৰামায় নমঃ
অস্ত্ৰ ধনু আৰু বাণ
দাম্পত্যসঙ্গী সীতা

ৰাম বা ৰামা বা ৰামচন্দ্ৰ (সংস্কৃত: राम) হ'ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ[1] হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে। সপ্তম অৱতাৰ ৰাম আৰু অষ্টম অৱতাৰ কৃষ্ণ হ'ল বিষ্ণুৰ অৱতাৰবোৰৰ ভিতৰত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। হিন্দু ধৰ্মত তেওঁ এজন জনপ্ৰিয় দেৱতা। ভাৰত আৰু নেপাল দেশত তেওঁৰ পূজাৰ বহুল প্ৰচলন দেখা যায়। হিন্দু ধৰ্মৰ ৰাম উপাসনা-কেন্দ্ৰিক সম্প্ৰদায়বোৰত ৰামক বিষ্ণুৰ অৱতাৰ নামানি সৰ্বোচ্চ ঈশ্বৰ হিচাপে মান্য কৰাৰ প্ৰৱণতা দেখা যায়। ৰামে সূৰ্যবংশত (ইক্ষ্বাকু বংশ বা পৰৱৰ্তীকালত উক্ত বংশৰ ৰজা ৰঘুৰ নামানুসাৰে ৰঘুবংশ নামে পৰিচিত) জন্মগ্ৰহণ কৰিছিল। ৰামৰ এটি বিশেষ মূৰ্তিত তেওঁৰ ওচৰত তেওঁৰ ভাতৃ লক্ষ্মণ, স্ত্ৰী সীতা আৰু ভক্ত হনুমানক দেখা যায়। এই মূৰ্তিকে বোলা হয় "ৰাম পৰিবাৰ।" হিন্দু মন্দিৰত এই "ৰাম পৰিবাৰ" মূৰ্তিৰ পূজাই বেছিকৈ হোৱা দেখা যায়।[2][3]

হিন্দু ধৰ্মৰ বৈষ্ণৱ সম্প্ৰদায় আৰু বৈষ্ণৱ ধৰ্মগ্ৰন্থবোৰত যিসকল জনপ্ৰিয় দেৱতাৰ কথা পোৱা যায়, তাৰ অন্যতম হ'ল ৰাম। গোটেই দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াত ৰাম জনপ্ৰিয় দেৱতা।[4] লোকবিশ্বাস অনুসৰি ৰামৰ জন্মস্থান হ'ল নেপালৰ অযোধ্যাপুৰী চহৰ। সেই ঠাইত "ৰামলালা" বা শিশু ৰামৰ মূৰ্তিও পূজা কৰা হয়। ৰাম-সংক্ৰান্ত পৌৰাণিক কাহিনীৰ প্ৰধান উৎস হ'ল ভাৰতীয় মহাকাব্য ৰামায়ণ[5]

অযোধ্যাৰ ৰজা দশৰথ আৰু তেওঁৰ প্ৰধান স্ত্ৰী কৌশল্যাৰ জ্যেষ্ঠপুত্ৰ হ'ল ৰাম। হিন্দুসকলে ৰামক "মৰ্যাদা পুৰুষোত্তম" (অৰ্থাৎ "শ্ৰেষ্ঠ পুৰুষ" বা "আত্মনিয়ন্ত্ৰণৰ অধিপতি" বা "গুণাধীশ") বুলি কয়।[6] তেওঁ সীতাৰ স্বামী। সীতাক হিন্দুসকলে লক্ষ্মীৰ অৱতাৰ বুলি বিশ্বাস কৰে। হিন্দুসকলৰ দৃষ্টিত তেওঁ নাৰীৰ আদৰ্শ।[6][7]

ৰামৰ জীৱনকথাক হিন্দুসকলে ধৰ্মনিষ্ঠাৰ আদৰ্শ হিচাপে মান্য কৰে। তেওঁক আদৰ্শ মানুহ বুলি ভবা হয়। পিতাৰ সম্মানৰক্ষাৰ্থে তেওঁ সিংহাসনৰ অধিকাৰ ত্যাগ কৰি চৈধ্য বছৰৰ বাবে বনলৈ যায়।[8]তেওঁৰ স্ত্ৰী সীতা আৰু ভাতৃ লক্ষ্মণেও তেওঁৰ বিচ্ছেদ সহ্য কৰিব নোৱাৰিব বুলিয়েই তেওঁৰ লগত যায়। তেওঁলোকে একেলগে চৈধ্য বছৰ বনত কটায়। বনবাসকালত লঙ্কাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰি নিয়ে। দীৰ্ঘ অনুসন্ধানৰ পিছত ৰামে ৰাৱণৰ বিৰাট বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰে। এই যুদ্ধত ৰাৱণ পৰাজিত হয়। ৰামে সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ উভতি আহে। তেতিয়া তেওঁৰ ৰাজ্যাভিষেক হয়। পিছত তেওঁ এজন সম্ৰাটত পৰিণত হয়।[8] তেওঁৰ ৰাজ্যত প্ৰজাসকলে সুখ, শান্তিত বাস কৰিছিল আৰু ৰাজ্যৰ সমৃদ্ধি আৰু ন্যায়বিচাৰ অব্যাহত আছিল। এই বাবে ৰামৰ শাসনৰ অনুসৰণত সুশাসিত ৰাজ্যক "ৰামৰাজ্য" বোলাৰ প্ৰৱণতা আৰম্ভ হয়।

ৰামায়ণৰ অন্যতম বৈশিষ্ট্য হ'ল ৰামৰ সীতা-অনুসন্ধান আৰু যুদ্ধজয়ৰ ক্ষেত্ৰত ৰামৰ প্ৰতি সীতাৰ চৰম প্ৰেম আৰু সতীত্বৰ প্ৰতি গুৰুত্ব আৰোপ। ৰাৱণৰ বন্দীনী হোৱা স্বত্বেও সীতাৰ পবিত্ৰতা ৰক্ষিত হৈছিল। আনহাতে, ৰামৰ তিনি অনুজ ভাতৃ লক্ষ্মণ, শত্ৰুঘ্ন আৰু ভৰতো পবিত্ৰতা, ভ্ৰাতৃপ্ৰেম আৰু শক্তিৰ আদৰ্শ।[8] কোনো কোনো মতে তেওঁলোকো "মৰ্যাদা পুৰুষোত্তম" আৰু সপ্তম অৱতাৰৰ অংশ। ৰামৰ পবিত্ৰতাই কিষ্কিন্ধ্যাৰ বানৰ আৰু হনুমানক আকৃষ্ট কৰিছিল। এওলোকেই তেওঁক সীতা উদ্ধাৰত সহায় কৰে।[8] ৰামৰ গল্প ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত বিশেষ জনপ্ৰিয়। হিন্দু ধৰ্মত ৰাম অন্তহীন প্ৰেম,[9] সাহস, শক্তি, ভক্তি, কৰ্তব্য আৰু মূল্যবোধৰ দেৱতা।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

ব্যক্তিনাম হিচাপে "ৰাম" শব্দটিৰ প্ৰথম উল্লেখ পোৱা যায় ঋকবেদত (১০। ৯৩। ১৪):[10] ৰাম শব্দৰ স্ত্ৰীলিঙ্গ শব্দ হ'ল "ৰামী", ৰাত্ৰিৰ এটা বিশেষণ। বেদত দুইজন ৰামৰ উল্লেখ পোৱা যায়। প্ৰথমজন হ'ল "মাৰ্গবেয়" বা "ঔপতশ্বিনী" ৰাম আৰু দ্বিতীয়জন হ'ল "জামদগ্ন্য" ৰাম। উত্তৰ-বৈদিক যুগত তিনিজন ৰামৰ কথা জনা যায়,

  1. বিষ্ণুৰ সপ্তম অৱতাৰ ৰাম। যি দশৰথৰ পুত্ৰ আৰু ৰঘুবংশজাত।
  2. বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰাম। এওঁ "জামদগ্ন্য" বা "ভাৰ্গৱ" ৰাম নামে পৰিচিত। এওঁ অমৰ।
  3. কৃষ্ণৰ জ্যেষ্ঠ ভ্ৰাতা আৰু বিষ্ণুৰ অষ্টম অৱতাৰ বলৰাম

বিষ্ণু সহস্ৰনাম স্তোত্ৰত বিষ্ণুৰ ৩৯৪তম নামটি হ'ল ৰাম। আদি শংকৰৰ টোকা অনুসৰি (ৰামকৃষ্ণ মিছনৰ স্বামী তপস্যানন্দৰ অনুবাদ) "ৰাম" শব্দৰ দুটা অৰ্থ আছে: যোগীসকলে যাৰ লগত ৰমণ (ধ্যান) কৰি আনন্দ পায়, সেই পৰব্ৰহ্ম বা সেই বিষ্ণু যি দশৰথৰ পুত্ৰৰূপে অৱতাৰ গ্ৰহণ কৰিছিল।[11]

ৰামৰ অন্যান্য নামবোৰ হ'ল 'ৰামবিজয়' (জাভানিজ ভাষা), 'ফ্ৰেয়াহ ৰাম' (খমেৰ ভাষা), 'ফ্ৰা ৰাম' (লাও ভাষা আৰু থাই ভাষা), 'মেগাত সেৰি ৰাম' (মালয় ভাষা), 'ৰাকা বানতুগান' (মাৰানাও ভাষা) আৰু 'ৰামাৰ' (তামিল ভাষা)।

সাহিত্যিক উৎস

[সম্পাদনা কৰক]
ৰামায়ণ মহাকাব্যৰ ৰচয়িতা বাল্মীকি

ৰাম-সংক্ৰান্ত পৌৰাণিক উপাখ্যানৰ প্ৰধান উৎস ঋষি বাল্মীকি ৰচিত ৰামায়ণ মহাকাব্য। ইয়াৰ উপৰিও বিষ্ণু পুৰাণত বিষ্ণুৰ সপ্তম অৱতাৰ ৰামৰ উল্লেখ আছে। ভাগৱত পুৰাণৰ নৱম স্কন্ধৰ দশম আৰু একাদশ অধ্যায়ত ৰামৰ কাহিনী বৰ্ণিত হৈছে। ইয়াৰ উপৰিও মহাভাৰততো ৰামৰ উপাখ্যান উল্লিখিত হৈছে।

ভাৰতৰ বিভিন্ন অঞ্চলত ৰামায়ণৰ নানা পাঠান্তৰ প্ৰচলিত আছে। যদিও সংস্কৃতত লিখা অন্যান্য ধৰ্মগ্ৰন্থতো ৰামায়ণৰ কাহিনীৰ উল্লেখ পোৱা যায়। মধ্বৰ অনুগামীসকলে বিশ্বাস কৰে যে, মূল-ৰামায়ণ নামেৰে এখন ৰামায়ণ বাল্মীকি ৰামায়ণৰো আগত লিখা হৈছিল। সেই ৰামায়ণক তেওঁলোকে বাল্মীকি ৰামায়ণতকৈও বেছি গ্ৰহণযোগ্য বুলি ভাবে। সংস্কৃত ভাষাত আন এখন গুৰুত্বপূৰ্ণ ৰামায়ণ হ'ল আধ্যাত্ম ৰামায়ণ। খ্ৰীষ্টীয় সপ্তম শতাব্দীৰ গুজৰাটী কবি ভট্টিয়ে লিখা সংস্কৃত কাব্য 'ভট্টিকাব্য'-ত ৰামায়ণৰ কাহিনীৰ পুনৰ্কথনৰ লগতে পাণিনিৰ ব্যাকৰণ গ্ৰন্থ 'অষ্টাধ্যায়ী' আৰু প্ৰাকৃত ভাষাশৈলী সম্পৰ্কে আলোচনা কৰিছে।[12] ভাৰতৰ অধিকাংশ প্ৰধান ভাষাত নিজস্ব ৰামায়ণ আছে। এইবোৰৰ ভিতৰত উল্লেখযোগ্য দ্বাদশ শতাব্দীৰ তামিল কবি কম্বৰে লিখা 'ৰামাৱতাৰম্', পঞ্চদশ শতাব্দীৰ বঙালী কবি কৃত্তিবাস ওঝাই লিখা 'শ্ৰীৰাম পাঁচালি', অসমীয়া কবি মাধৱ কন্দলীৰ 'সপ্তকাণ্ড ৰামায়ণ' আৰু ষোড়শ শতাব্দীৰ হিন্দী কবি তুলসীদাসে লিখা 'ৰামচৰিতমানস'। আধুনিক ৰামায়ণ গ্ৰন্থবোৰৰ মাজত উল্লেখযোগ্য কুভেম্পুৰ কন্নড় ৰামায়ণ 'শ্ৰীৰামদৰ্শনম্', বিশ্বনাথ সত্যনাৰায়ণৰ তেলুগু ৰামায়ণ 'ৰামায়ণ কল্পবৃক্ষম্'। এই দুই গ্ৰন্থ জ্ঞানপীঠ বঁটা প্ৰাপ্ত। ভাৰতৰ স্থানীয় ভাষাত ৰচিত ৰামায়ণবোৰৰ মাজত স্থানীয় ভাষা আৰু সংস্কৃতিৰ প্ৰতিচ্ছবি দেখা যায়।[13]

দক্ষিণ-পূৱ এছিয়াৰ বিভিন্ন দেশতো ৰামায়ণৰ বিভিন্ন পাঠান্তৰ দেখা যায়। এই সকলো পাঠান্তৰত স্থানীয় ইতিহাস, লোক-কথা, ধৰ্মীয় মূল্যবোধ আৰু স্থানীয় ভাষাবোৰৰ স্বতন্ত্ৰ বৈশিষ্ট্যবিলাক ফুটি উঠিছে। ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ 'কাকাউইন ৰামায়ণ', বালি দ্বীপৰ 'ৰামকবচ', মালয়েছিয়াৰ 'হিকায়ত সেৰি ৰাম', ফিলিপাইনৰ 'মাৰাদিয়া লাৱানা' আৰু থাইলেণ্ডৰ 'ৰামকিয়েন' (বা 'ফ্ৰা ৰাম') এই জাতীয় গ্ৰন্থবোৰৰ মাজত উল্লেখযোগ্য। বেংককৰ ওয়াট ফ্ৰা কায়েউ মন্দিৰত ৰামায়ণৰ ছবি দেখা যায়। ম্যানমাৰৰ জাতীয় মহাকাব্য 'ইয়ামা জাতদাও' হ'ল ৰামায়ণৰ ব্ৰহ্মদেশীয় সংস্কৰণ। এই গ্ৰন্থত ৰামক ইয়ামা নামে অভিহিত কৰা হৈছে। কম্বোডিয়াৰ ৰেয়ামকেৰে ৰামৰ নাম ফ্ৰেয়াহ ৰাম। লাউচৰ 'ফ্ৰা লাক ফ্ৰা লাম' গ্ৰন্থত গৌতম বুদ্ধক ৰামৰ অৱতাৰ বোলা হৈছে।

ঐতিহাসিক যুগ

[সম্পাদনা কৰক]

ঐতিহাসিক এইচ. ডি. শঙ্কলিয়াৰ মতে, খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতাব্দীত ৰামায়ণ ৰচিত হয়।[14] এ. এল. ব্যাশামৰ মতে অবশ্য ৰাম খ্ৰীষ্টীয় অষ্টম বা সপ্তম শতাব্দীৰ এটা ক্ষুদ্ৰ গোষ্ঠীৰ নেতা আছিল।[15]

অন্যান্য ভাৰতীয় ধৰ্মত ৰামচন্দ্ৰ

[সম্পাদনা কৰক]
বৌদ্ধ ধৰ্ম

বৌদ্ধ ধৰ্মানুসাৰে এবাৰ বোধিসত্ত্বই শ্ৰীৰামচন্দ্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। জাতকৰ কাহিনীত সেইবাবে ৰামচন্দ্ৰৰ উল্লেখ আছে। বৌদ্ধধৰ্মত ৰামচন্দ্ৰক পৰম ধাৰ্মিক আৰু আদৰ্শ নৃপতি হিচাপে আখ্যায়িত কৰা হৈছে।

শিখ ধৰ্ম

শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ আদিগ্ৰন্থ বা শ্ৰী গুৰু গ্ৰন্থ চাহিবত অযোদ্ধাৰ নৃপতি পৰম ধাৰ্মিক ৰজা ৰামচন্দ্ৰৰ কাহিনী আৰু ৰামায়ণৰ যুদ্ধৰ কাহিনী বৰ্ণিত আছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ganguly, S. (2003). "The Crisis of Indian Secularism". Journal of Democracy খণ্ড 14 (4): 11–25. doi:10.1353/jod.2003.0076. https://muse.jhu.edu/journals/journal_of_democracy/v014/14.4ganguly.html। আহৰণ কৰা হৈছে: 2008-04-12. 
  2. http://www.hindutemplede.com/index.php?option=com_content&view=article&id=59
  3. http://translate.google.com/#hi/en/%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%B0
  4. Dimock Jr, E.C. (1963). "Doctrine and Practice among the Vaisnavas of Bengal". History of Religions খণ্ড 3 (1): 106–127. doi:10.1086/462474. 
  5. Rosen, S. (1994). Vaisnavism: Contemporary Scholars Discuss the Gaudiya Tradition. Motilal Banarsidass Publ.. 
  6. 6.0 6.1 Hess, L. (2001). "Rejecting Sita: Indian Responses to the Ideal Man's Cruel Treatment of His Ideal Wife". Journal of the American Academy of Religion খণ্ড 67 (1): 1–32. doi:10.1093/jaarel/67.1.1. PMID 21994992. http://jaar.oxfordjournals.org/cgi/content/citation/67/1/1। আহৰণ কৰা হৈছে: 2008-04-12. 
  7. Kanungo, H.. "The Distinct Speciality of Lord Jagannath". Orissa Review. http://orissagov.nic.in/e-magazine/Orissareview/jul2005/engpdf/the_distinct_speciality_of_lord_jagannath.pdf। আহৰণ কৰা হৈছে: 2008-04-12. 
  8. 8.0 8.1 8.2 8.3 C. Rajagopalachari (1965). 44 Ramayana. Bharatiya Vidya Bhavan, Bombay. https://www.indianculture.gov.in/ebooks/ramayana-5. 
  9. Goswami, S.D. (2001). Vaisnava Compassion. La Crosse, Florida: GN Press. 
  10. Hale, Wash Edward (1986). Ásura- in early Vedic religion. ISBN 978-81-208-0061-8. http://books.google.com/?id=wN6dz2UZkw4C&pg=PA80&lpg=PA80&dq=RV+10.93.14#v=onepage&q=Rame&f=false. 
  11. "श्रीविष्णुसहस्रनामस्तोत्रम् (Shri Vishnu sahasranama)| note search with string 'राम'". http://wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%B8%E0%A4%B9%E0%A4%B8%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D%E2%80%8C#.E0.A4.AE.E0.A5.82.E0.A4.B2_.E0.A4.AA.E0.A4.BE.E0.A4.A0. 
  12. Fallon, Oliver. 2009. Bhatti’s Poem: The Death of Rávana (Bhaṭṭikāvya). New York: Clay Sanskrit Library [1]. ISBN 978-0-8147-2778-2 | ISBN 0-8147-2778-6 |
  13. The Oral Tradition and the many "Ramayanas" Archived 2021-02-25 at the Wayback Machine, Moynihan @Maxwell, Maxwell School of Syracuse University's South Asian Center
  14. See Sankalia, H.D., Ramayana: Myth or Reality, New Delhi, 1963
  15. Basham, A.L., The Wonder that was India, London, 1956, p 303

অতিৰিক্ত পঠন

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত ৰাম সম্পৰ্কীয় মিডিয়া ফাইল।
  • ৰাম বিষয়ে Curlie (DMOZ)-ত থকা তথ্য