অতিকায়
অতিকায় | |
---|---|
অতিকায়, ৰাৱণ পুত্ৰ | |
সহোদৰ | মেঘনাদ অক্ষয়কুমাৰ নৰান্তক দেৱান্তক ত্ৰিশিৰা |
হিন্দু পাঠ্য | ৰামায়ণ |
অতিকায় মহাকাব্য ৰামায়ণৰ এজন দৈত্য চৰিত্ৰ। ৰামায়ণ মহাকাব্যত আতিকায় ৰাৱণ আৰু তেওঁৰ পত্নী মন্দোদৰীৰ পুত্ৰ বুলি উল্লেখ আছে।[1] অৱশ্যে মহাকাব্যখনৰ কিছুমান সংস্কৰণত তেওঁক ৰাৱণৰ দ্বিতীয় পত্নী ধন্যমালিনীৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে।[2] আতিকয়া মেঘানাদৰ সৰু ভায়েক আছিল আৰু অত্যন্ত শক্তিশালী আছিল।
এবাৰ যেতিয়া তেওঁ কৈলাস পৰ্বতৰ ওপৰত শিৱক ক্ষুব্ধ কৰিছিল, শিৱই তেওঁৰ অস্ত্ৰ ত্ৰিশূল আতিকায়লৈ নিক্ষেপ কৰিছিল, কিন্তু তেওঁ ত্ৰিশূলপাত মধ্য শূন্যতে ধৰিবলৈ সক্ষম হয় আৰু নম্ৰ ভাৱে তেওঁ শিৱৰ সন্মুখত হাতযোৰ কৰে। এই আচৰণৰত সন্তুষ্ট হৈ শিৱই আতিকায়ক ধনুৰ্বিদ্যা আৰু ঐশ্বৰিক অস্ত্ৰৰ আশীৰ্বাদ প্ৰদান কৰে।
তেওঁৰ অসাধাৰণ দক্ষতা আৰু শ্ৰেষ্ঠতাৰ বাবে, ভগৱান ব্ৰহ্মাৰ আশীৰ্বাদৰ দ্বাৰা প্ৰাপ্ত সৰ্বাধিক শক্তিশালী অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰি লক্ষ্মণে তেওঁক হত্যা কৰিব লগা হৈছিল। দেৱৰাজ ইন্দ্ৰৰ নিৰ্দেশত বায়ুদেৱে লক্ষ্মণৰ ওচৰত এই ৰহস্যটো প্ৰকাশ কৰিছিল যে ভগৱান ব্ৰহ্মাৰ এক অন্যথা অজেয় কৱচ আতিকায়ক প্ৰদান কৰা হৈছিল, যাক কেৱল ব্ৰহ্মাস্ত্ৰইহে ধ্বংস কৰিব পাৰিব।
আতিকায় আৰু তেওঁৰ খুৰাক কুম্ভকৰ্ণক মধু আৰু কৈতভ ৰাক্ষসৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়, যাক বিশ্ব সৃষ্টিৰ সময়ত বিষ্ণুৱে প্ৰতাৰণা কৰি হত্যা কৰিছিল। অৱশ্যে এইক্ষেত্ৰত দ্বিমত আছে যে কুম্ভকৰ্ণ প্ৰকৃততে বিজয়ৰ অৱতাৰ আছিল, (আনহাতে ৰাৱণ, জয়ৰ অৱতাৰ, ৰাৱণ পূৰ্বতে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ হিচাপেও অৱতাৰ লাভ কৰিছিল বুলি কোৱা হয়, আৰু দুয়োকে বিষ্ণু, বৰাহ আৰু নৰসিংহৰ অৱতাৰে অভিশাপ অনুসৰি হত্যা কৰিছিল)।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃষ্ঠা. 69. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=5kl0DYIjUPgC&pg=PA69.
- ↑ https://books.google.co.in/books?id=YmUOAAAAYAAJ&q=atikaya+dhanyamalini&dq=atikaya+dhanyamalini&hl=en&sa=X&ved=2ahUKEwjug4XQ-cXuAhUXqksFHQvYCD8Q6AEwA3oECAUQAg
|