জনক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
জনক
ৰামায়ণৰ চৰিত্ৰ
Janaka welcomes Rama.jpg
মিথিলালৈ ৰাম আৰু তেওঁৰ পিতা ৰজা দশৰথক স্বাগতম জনোৱা অৱস্থাত্ত ৰজা জনক
তথ্য
দাম্পত্যসঙ্গী সুনয়না
সন্তান সীতা, উৰ্মিলা (দুহিতা)
জন্মস্থান বিদেহ ৰাজ্য (মিথিলা)
মৃত্যুৰ স্থান বিদেহ ৰাজ্য

জনক (সংস্কৃত: जनकः) প্ৰাচীন ভাৰতৰ মিথিলা অঞ্চলত অৱস্থিত বিদেহ ৰাজ্যৰ ৰজা আছিল। তেওঁৰ শাসনকাল আনুমানিক ভাৱে খীষ্ট্ৰপূৰ্ব অষ্টম অথবা সপ্তম শতিকাত আছিল বুলি ঠাৱৰ কৰা হৈছে।[1] বিদেহ ৰাজ্যৰ অধিপতিসকলক জনক নামেৰে জনা গৈছিল। অৰ্থাৎ জনক বিদেহ ৰাজ্যৰ অধীশ্বৰসকলৰ কৌলিক খিতাপ। জনক নামৰ এক বা একাধিক ৰজাৰ উল্লেখ ৰামায়ণ, মহাভাৰত, উপনিষদ আৰু পুৰাণত পোৱা যায়। এই কথা অন্ততঃ নিশ্চিত যে, জনক নামৰ অতি কমেও দুজন প্ৰসিদ্ধ ৰজা আছিল; এজন বৈদিক সাহিত্যত উল্লিখিত দাৰ্শনিক আৰু তত্ত্বজ্ঞানী জনক, আৰু আনজন ভগৱান শ্ৰীৰামচন্দ্ৰৰ শহুৰ জনক, যাৰ উল্লেখ বাযুপুৰাণ আৰু পদ্মপুৰাণত শীৰধ্বজ হিচাপে পোৱা যায়॥ গতিকে জনক নামেৰে আন কেইবাজনো ৰজা থকাটোও অসম্ভৱ নহয়। ৰামায়ণসীতাৰ পিতৃ হিচাপে জনক ৰজাক বৰ্ণনা কৰা হৈছে। তেওঁৰ প্ৰকৃত নাম আছিল শীৰধ্বজ[উদ্ধৃতিৰ প্ৰয়োজন] আৰু তেওঁৰ কুশধ্বজ নামৰ এজন ভাতৃ আছিল। জনকৰ পিতৃৰ নাম আছিল হ্ৰস্বৰোমা। পুৰাণৰ মতে বিদেহ ৰাজ্যৰ প্ৰথম ৰজা আছিল নিমি আৰু তেৱেঁই সূৰ্যবংশী ৰাজবংশৰ প্ৰতিষ্ঠাতা। ৰজা মিথিৰ নাম অনুসাৰে এই অঞ্চলৰ নাম মিথিলা হয়। মিথিৰ পুত্ৰ জনক (প্ৰথম) আছিল জনক খিতাপধাৰী প্ৰথম ৰজা। তেওঁৰ তিনিজন উত্তৰসুৰীৰ পিছত দেৱব্ৰত ৰজা হৈছিল আৰু দেৱব্ৰতৰ পিছৰ পঞ্চদশ উত্তৰসুৰী আছিল হ্ৰস্বৰোমা। এই হ্ৰস্বৰোমাৰেই নাতি আছিল সীতাদেৱী। উল্লেখনীয় যে, সীতাৰ পিতৃ জনকক বিষ্ণুৰ দ্বাদশ মহাজনবৃন্দৰ এজন আখ্যা দিয়া হয়।

ৰজা জনকক বস্তুবাদী ভাৱধাৰাৰ প্ৰতি অনাসক্তিৰ এক আদৰ্শ আৰ্হি ৰূপে সশ্ৰদ্ধাৰে ডাঙি ধৰা হয়। আধ্যাত্মিক চিন্তা-চৰ্চা আৰু আলাপ-আলোচনাৰ প্ৰতি ৰজা জনক তীব্ৰভাৱে আকৰ্ষিত আছিল। তেওঁ নিজকে পাৰ্থিৱ বস্তুবাদী মৰীচিকাসমূহৰ পৰা মুক্ত হিচাপে গণ্য কৰিছিল। অষ্টবক্ৰ আৰু সুলভৰ দৰে সাধু আৰু জ্ঞানান্বেষকৰ সৈতে তেওঁৰ আধ্যাত্মিক বাৰ্তালাপসমূহ পৌৰাণিক পুথি-পাঁজিত লিপিবদ্ধ হৈ আছে। নেপালজনকপুৰ নগৰৰ নামকৰণ জনকৰ নামেৰে কৰা হৈছে।[2] বিদেহ বা পৌৰাণিক মিথিলা ৰাজ্য গণ্ডকী নদীৰ পূৱ প্ৰান্তত, মহানন্দ নদীৰ পশ্চিম প্ৰান্তত, গংগা নদীৰ উত্তৰ প্ৰান্তত, আৰু হিমালয় পৰ্বতৰ দক্ষিণ প্ৰান্তত অৱস্থিত আছিল।[3][4]

আখ্যান মতে জনক বা শীৰধ্বজে এদিন যজ্ঞভূমিৰ বাবে মাটি চহাওঁতে নাঙলৰ সীৰলুত এটি সুন্দৰী কন্যা সন্তান পায়। নাঙলৰ সীৰলুৰ আন এক নাম সীতা হোৱা বাবেই সেই কন্যাৰ নাম সীতা ৰখা হ'ল। সীতা বিবাহযোগ্যা হোৱাত জনকে স্থিৰ কৰিলে যে তেওঁৰ কন্যা বীৰ্যশুল্কা হ'ব। ৰজা জনকৰ নাম অনুসাৰেই তেওঁৰ পোষ্যপুত্ৰী সীতাৰ আন নাম 'জানকী মাতা' আৰু 'জনকনন্দিনী'। ৰজা সুধন্বাই সীতাক পাবলৈ বিচাৰিছিল যদিও জনকে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰাত সুধন্বাই মিথিলা অৱৰোধ কৰে। ৰজা শীৰধ্বজে সুধন্বাক পৰাস্ত কৰি সেই ৰাজ্যৰ ভাৰ নিজৰ ভাতৃ কুশধ্বজৰ হাতত অৰ্পণ কৰে। জনকৰ পণ আছিল যে তেওঁৰ ৰাজসভাত যিজন ব্যক্তিয়ে হৰধনুত কাড়ঁ ৰোপণ কৰি ধনু ভংগ কৰিব পাৰিব তেৱেঁই সীতাৰ পতি হ'ব। ভগৱান ৰামে এই চৰ্ত পূৰণ কৰি সীতাৰ সৈতে বিবাহত বহে। শীৰধ্বজৰ আনগৰাকী কন্যা উৰ্মিলা ৰামৰ ভাতৃ লক্ষ্মণৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। আনহাতে কুশধ্বজৰ দুই কন্যা মাণ্ডৱী আৰু শ্ৰুতিকীৰ্তি ৰামৰেই আন দুই ভাতৃ যথাক্ৰমে ভৰত আৰু শত্ৰুঘ্নৰ সৈতে বিয়া হয়।[5][6]

বৈদিক সাহিত্যত জনক[সম্পাদনা কৰক]

বৈদিক ভাৰতত বিদেহ আৰু অন্যান্য ৰাজ্যসমূহ
ৰজা জনকক বৰ্হ্ম্ বিদ্যাৰ শিক্ষা দি থকা অৱস্থাত যজ্ঞবল্ক্য

শতপথ ব্ৰাহ্মণ আৰু বৃহদাৰনক্য উপনিষদৰ দৰে বৈদিক যুগৰ নৱ সাহিত্যসম্ভাৰত বিদেহ ৰাজ্যত জনক নামৰ এজন মহান দাৰ্শনিক ৰজাৰ উল্লেখ আছে (আনুমানিক খীষ্ট্ৰপূৰ্ব অষ্টম আৰু সপ্তম শতাব্দীত)। এইগৰাকী ৰজা বৈদিক সংস্কৃতি আৰু দৰ্শনৰ প্ৰতি তেওঁৰ পৃষ্ঠপোষকতাৰ বাবে বিখ্যাত আছিল। তেওঁৰ ৰাজসভা যজ্ঞবল্ক্য, উদ্দাল্ক আৰুণি আৰু গাৰ্গী বচকনৱীৰ দৰে পণ্ডিত সাধুৰ সমাৱেশেৰে বৌদ্ধিক চৰ্চাৰ থলী আছিল। তেওঁৰ শাসনকালতেই ভাৰতীয় উপমহাদেশত বিদেহ এক শক্তিশালী ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল।[1][7]

অন্যান্য সাহিত্যসম্ভাৰত[সম্পাদনা কৰক]

হিন্দু মহাকাব্য ৰামায়ণৰ বৰ্ণনা অনুসৰি জনক সীতাদেৱীৰ পিতৃ আৰু সীতা আছিল ভগৱান ৰামচন্দ্ৰৰ ভাৰ্যা। সাধু অষ্টবক্ৰ সৈতে তেওঁৰ আলোচনাৰাজি অষ্টবক্ৰ গীতা হিচাপে জনা যায়। এই গ্ৰন্থত ৰজা জনকক মোক্ষ অনুধাৱনকাৰী হিচাপে কোৱা হৈছে। বহু আধ্যাত্মিক শিক্ষকে এই অষ্টবক্ৰ গীতাৰ অনুবাদ আৰু অৰ্থোদ্ধাৰ কৰিছে। [8][9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

প্ৰসংগ
  1. 1.0 1.1 Raychaudhuri 2006, পৃষ্ঠা. 41–52.
  2. Raychaudhuri 2006, পৃষ্ঠা. 44.
  3. Jha, M. (1997). "Hindu Kingdoms at contextual level". Anthropology of Ancient Hindu Kingdoms: A Study in Civilizational Perspective. প্ৰকাশক New Delhi: M.D. Publications Pvt. Ltd. পৃষ্ঠা. 27–42. ISBN 9788175330344. https://books.google.com/books?id=A0i94Z5C8HMC&lpg=PA30&pg=PA27. 
  4. Mishra, V. (1979). Cultural Heritage of Mithila. প্ৰকাশক Allahabad: Mithila Prakasana. পৃষ্ঠা. 13. https://books.google.com/books?id=8FBuAAAAMAAJ&q=area+of+mithila। আহৰণ কৰা হৈছে: 28 December 2016. 
  5. পৌৰাণিক অভিধান - সুধীৰচন্দ্ৰ চৰকাৰ
  6. বাল্মীকি ৰামায়ণ - ৰাজশেখৰ বসু
  7. Michael Witzel (1989), Tracing the Vedic dialects in Dialectes Dans Les literatures Indo-Aryennes ed. Caillat, Paris, 97–265.
  8. Vanita, Ruth (2009). "Full of God:Ashtavakra and ideas of Justice in Hindu Text". Religions of South Asia খণ্ড 3 (2). https://journals.equinoxpub.com/index.php/ROSA/article/view/6641। আহৰণ কৰা হৈছে: 22 February 2017. 
  9. Mukerjee, Radhakamal (1971). The song of the self supreme (Aṣṭāvakragītā): the classical text of Ātmādvaita by Aṣṭāvakra. Motilal Banarsidass Publ. ISBN 978-81-208-1367-0. https://books.google.com/books?id=hL-0qeeuVVIC. 
সূত্ৰ
  • Dictionary of Hindu Lord and Legend (আই.এচ.বি.এন. 0-500-51088-1) by Anna Dhallapiccola
  • Raychaudhuri, Hemchandra (2006), Political History of Ancient India, Cosmo Publications, ISBN 81-307-0291-6, https://books.google.com/books?id=h1KObc_qaXYC