পৰশুৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰশুৰাম
দশাৱতাৰ-ৰ সদস্য

ৰাজা ৰবি বৰ্মাই অংকন কৰা পৰশুৰামৰ চিত্ৰ
অন্য নাম
  • ভাৰ্গৱ ৰাম
  • জমদগ্ন্য ৰাম
  • ৰামভদ্ৰ
দেৱনাগৰী परशुराम
সম্পৰ্ক বিষ্ণুৰ ষষ্ঠ অৱতাৰ, বৈষ্ণৱ
অস্ত্ৰ বিদ্যুদাভি নামৰ পৰশু
সহোদৰ বসু, বিশ্ব বসূ, বৃহদ্যানু আৰু বৃতকন্ব

পৰশুৰাম (সংস্কৃত: परशुराम) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক ৰাম জমদগ্ন্য, ৰাম ভাৰ্গৱ বা বীৰৰাম নামেৰেও জনা যায়।[1] তেওঁক কলি যুগৰ অন্তত বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কিৰ গুৰুৰূপে আৱিৰ্ভাৱ ঘটিব লগা চিৰঞ্জীৱিসকলৰ এজন বুলি ধৰা হয়। তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ ভিতৰত আগ্ৰাসী ভাব, ৰণনিপুণতা, বীৰত্ব, নিৰ্মলতা, জ্ঞান আৰু ধৈৰ্য অন্যতম।

তেওঁৰ পিতৃৰ নাম আছিল জমদগ্নি আৰু মাতৃ ৰেণুকা। তেওঁলোকক কোৱা হৈছিল যে পৃথিৱীত অশুভ শক্তিয়ে ভৰ কৰাৰ সময়তেই পৰশুৰামৰ জন্ম হ'ব। এসময়ত ক্ষত্ৰিয়সকলে অস্ত্ৰশক্তিৰে আনৰ সামগ্ৰী বলপূৰ্বক কাঢ়ি লোৱা, স্বৈৰাচাৰ চলোৱা আদি কৰ্মত লিপ্ত হৈছিল। পৰশুৰামে একৈশবাৰ সমূহ ক্ষত্ৰিয়ক নাশ কৰি ব্ৰহ্মাণ্ডৰ সমতা স্থাপন কৰিছিল। তেওঁৰ পত্নীৰ নাম আছিল ধৰণী। তেওঁ আছিল দেৱী লক্ষ্মীৰ অৱতাৰ।[2] তেওঁ আছিল পিতামহ ভীষ্ম, দ্ৰোণাচাৰ্য আৰু কৰ্ণৰ গুৰু।[3][4]

আখ্যান[সম্পাদনা কৰক]

হিন্দু আখ্যান অনুসৰি পৰশুৰামৰ জন্ম হৈছিল ঋষি জামাদগ্নি আৰু তেওঁৰ ক্ষত্ৰিয় পত্নী ৰেণুকাৰ ঘৰত।[5] তেওঁৰ জন্মস্থান মধ্য প্ৰদেশৰ ইন্দোৰৰ জনপাৱ পাহাৰৰ শীৰ্ষত আছে বুলি ধাৰণা কৰা হয়।[6][7] পাহাৰৰ ওপৰত এটা শিৱ মন্দিৰ আছে য'ত পৰশুৰামে ভগৱান শিৱক পূজা কৰিছিল বুলি বিশ্বাস কৰা হয়। এই ঠাইৰ আশ্ৰমখনক জামাদগ্নি ঋষিৰ নামেৰে জমদগ্নি আশ্ৰম বুলি জনা যায়। ঠাইখনত ৰাজ্য চৰকাৰে সংবৰ্ধন কৰি থকাএটা কুণ্ড (পুখুৰী) আছে।[8] জমদগ্নিৰ সুৰভি নামৰ এক দৈৱিক গৰু আছিল যি তেওঁলোকৰ সকলো ইচ্ছা পূৰণ কৰিছিল। সুৰভি আছিল কামধেনুৰ জীয়ৰী।[4][9] কাৰ্তবীৰ্য্য অৰ্জুন নামৰ এজন ৰজাই (পাণ্ডৱ অৰ্জুন নহয়)[10][note 1] সুৰভিৰ বিষয়ে গম পাই গৰুজনী বিচাৰে। তেওঁ জামাদগ্নিক গৰুজনী তেওঁক দিবলৈ কয় যদিও ঋষিয়ে এই প্ৰস্তাৱ অস্বীকাৰ কৰে। সেই সনয়ত পৰশুৰাম আঁতৰত থকাৰ সুযোগ লৈ ৰজাই সুৰভিক বলপূৰ্বক ভাৱে কাঢ়ি লয়।[4] পৰশুৰামে এই কাণ্ডৰ বিষয়ে গম পাই হাতত পৰশু (কুঠাৰ) লৈ ৰজাক যুদ্ধলৈ আহ্বান জনায়। এই যুদ্ধত পৰশুৰামে কাৰ্তবীৰ্য্য অৰ্জুনক পৰাজিত কৰি বধ কৰে।[1] যোদ্ধা শ্ৰেণীয়ে তেওঁক প্ৰত্যাহ্বান জনাইছিল যদিও তেওঁ সকলো প্ৰত্যাহ্বানকাৰীকে বধ কৰে। এই আখ্যানটোৰ শিপা সম্ভৱতঃ জ্ঞানৰ কৰ্তব্যৰ সৈতে জড়িত ব্ৰাহ্মণ বৰ্ণ আৰু যোদ্ধা আৰু শাসকৰ ভূমিকা লোৱাক্ষত্ৰিয় বৰ্ণৰ সংঘৰ্ষৰ সৈতে নিহিত হৈ আছে।[3][4][11]

এই আখ্যানৰ কিছুমান সংস্কৰণত, তেওঁৰ যুদ্ধৰ পিছত পৰশুৰাম সুৰভিৰ সৈতে তেওঁৰ পিতৃৰ ওচৰলৈ ঘূৰি আহে আৰু সবিশেষ কয়। ঋষিয়ে পৰশুৰামক অভিনন্দন জনোৱাৰ পৰিৱৰ্তে এজন ব্ৰাহ্মণে কেতিয়াও ৰজাক হত্যা কৰিব নালাগে বুলি উল্লেখ কৰি তেওঁক ভৰ্ৎসনা কৰে। তেওঁ পৰশুৰামক তীৰ্থযাত্ৰালৈ গৈ তেওঁৰ পাপ মোচন কৰিবলৈ কয়। পৰশুৰাম তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পিছত, তেওঁ গম পায় যে তেওঁ আঁতৰত থাকোঁ‌তে তেওঁৰ পিতৃক কাৰ্তবীৰ্য্য অৰ্জুনৰ পুত্ৰসকলে প্ৰতিশোধ ল'বলৈ হত্যা কৰে। পৰশুৰামাই পুনৰ পৰশুৰে তেওঁলোকক বধ কৰাৰ লগতে প্ৰতিশোধ স্বৰূপে বহুতো যোদ্ধাক হত্যা কৰে। শেষত তেওঁ নিজৰ অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি যোগত মগ্ন হয়।

কানাড়া লোককাহিনীত, বিশেষকৈ দেৱদাসীসকলে গোৱা ভক্তিমূলক গীতত তেওঁক প্ৰায়ে য়েল্লাম্মাৰ পুত্ৰ বুলি কোৱা হয়।

পৰশুৰামৰ আখ্যানসমূহ হিংসাৰ আলোচনা, প্ৰতিশোধৰ চক্ৰ, ক্ৰোধৰ ফল, অপ্ৰয়োজনীয় ক্ৰোধ আৰু অনুতাপৰ বাবে উল্লেখযোগ্য। [12][note 2]

দক্ষিণ উপকূলৰ (কোংকন আৰু মালাবাৰ) উৎপত্তি[সম্পাদনা কৰক]

পৰশুৰামে জলভাগৰ অধিপতি বৰুণক পিছুৱাই যাবলৈ নিৰ্দেশ দিছে।

ভৌগোলিক আৰু সাংস্কৃতিকভাৱে পশ্চিম উপকূলৰ উৎপত্তিৰ সৈতে সম্পৰ্কিত পৰশুৰামৰ আন এক আখ্যান হৈছে সাগৰৰ পৰা পশ্চিম উপকূল পুনৰুদ্ধাৰ। এই আখ্যান অনুসৰি মহাবিষ্ণুৰ অৱতাৰ পৰশুৰামে তেওঁৰ পৰশু সমুদ্ৰত নিক্ষেপ কৰে। ফলস্বৰূপে, পশ্চিম উপকূলৰ ভূমিৰ উদ্ভৱ হয় আৰু এনেদৰে জলভাগৰ পৰা ভূমিভাগ পুনৰ দখল কৰা হয়। মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ বাগলান তালুকাৰ ছালহাৰ দুৰ্গৰ (মহাৰাষ্ট্ৰৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ আৰু সৰ্বোচ্চ দুৰ্গ) যি ঠাইৰ পৰা তেওঁ পৰশু নিক্ষেপ কৰিছিল (বা শৰ মাৰিছিল) সেই ঠাইত তেওঁৰ প্ৰতি উৎসৰ্গিত এই এক মন্দিৰ আছে আৰু শিলত সাধাৰণ মানুহৰ আকাৰৰ চাৰিগুণ ডাঙৰ পদচিহ্ন আছে। তলৰ মালভূমিত পৰশুৰামৰ মাতৃ দেৱী ৰেণুকাৰ মন্দিৰ আৰু লগতে এক বৃহৎ পুখুৰীৰ পাৰত চামিয়ানা তৰিব পৰাকৈ যজ্ঞকুণ্ড আছে।

ধ্ৰুপদী সঙ্গম ৰচনা পুৰানানুৰুৰ মতে, চেৰা ৰজা চেংকুট্টুভানে কন্যাকুমাৰী আৰু হিমালয়ৰ মাজৰ ভূমিখণ্ড জয় কৰিছিল।[15] উপযুক্ত প্ৰতিদ্বন্দ্বীৰ অভাৱত তেওঁ নিজৰ যাঠীপাট ইয়াতে নিক্ষেপ কৰি সমুদ্ৰক অৱৰূদ্ধ কৰে।[15][16] সপ্তদশ শতিকাৰ মালায়ালম ৰচনা কেৰালোলপথিৰ মতে, কেৰেলাৰ ভূমিসমূহ বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুধাৰী যোদ্ধা ঋষি পৰশুৰামে পুনৰুদ্ধাৰ কৰে। সেয়েহে কেৰালাক পৰশুৰাম ক্ষেত্ৰম বা 'পৰশুৰামৰ দেশ' বুলিও কোৱা হয়।[17] পৰশুৰামে তেওঁৰ পৰশু সাগৰৰ ওপৰেৰে দলিয়াই দিছিল আৰু এইখন যিমান দূৰলৈকে গৈছিল সিমান দূৰলৈকে পানী কমি গৈছিল। জনশ্ৰুতি অনুসৰি, এই নতুন ভূমিৰ এলেকাটো গোকৰ্ণৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত আছিল।[18] সাগৰৰ পৰা উঠি অহা মাটিখিনি নিমখেৰে ভৰি আছিল আৰু বাসস্থানৰ বাবে অনুপযুক্ত আছিল। সেয়েহে পৰশুৰামে সৰ্পৰাজ বাসুকীক আহ্বান কৰিছিলছিল আৰু তেওঁ আহি পবিত্ৰ বিহ নিঃসৰণ কৰি সেই ঠাইক উৰ্বৰ সেউজীয়া ভূমিলৈ ৰূপান্তৰ কৰিছিল। বাসুকীকে ধৰি সকলো সৰ্পকে সন্মানাৰ্থে দেশৰ ৰক্ষক আৰু অভিভাৱক হিচাপে নিযুক্ত কৰা হৈছিল। পি. টি. শ্ৰীনিবাস আয়েংগাৰে ব্যাখ্যা আগবঢ়াইছিল যে চেংকুট্টুভানৰ আখ্যানটো হয়তো পৰশুৰামৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল যাক প্ৰাৰম্ভিক আৰ্যসকলে প্ৰণয়ন কৰিছিল।[19]

বৰ্তমানৰ গোৱাৰ (বা গোমন্তক) দক্ষিণ গোৱা জিলাৰ কানাকোনাত পৰশুৰামৰ প্ৰতি উৎসৰ্গিত এক মন্দিৰ আছে।[20][21][22]

পৌৰাণিক সাহিত্য[সম্পাদনা কৰক]

পৰশুৰামক সাধাৰণতে ৰেণুকা আৰু ঋষি জমদগ্নিৰ পঞ্চম পুত্ৰ বুলি উল্লেখ কৰা হয়।[11] হিন্দু ধৰ্মগ্ৰন্থসমূহত পৰশুৰামৰ আখ্যানসমূহৰ বিভিন্ন সংস্কৰণ পোৱা যায়:[23]

  • দেৱী ভাগৱত পুৰাণৰ ষষ্ঠ অধ্যায়ত তেওঁ উৰুৰ পৰা জন্ম গ্ৰহণ কৰে আৰু তেওঁৰ চাৰিওফালে তীব্ৰ জ্যোতিয়ে সকলো যোদ্ধাকে দৃষ্টিহীন কৰে। তেতিয়া তেওঁলোকে নিজৰ অসৎ কাৰ্যৰ বাবে অনুতাপ কৰে আৰু যদি তেওঁলোকৰ দৃষ্টিশক্তি পুনৰুদ্ধাৰ হয় তেন্তে নৈতিক জীৱন যাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বালক পৰশুৰামে তেওঁলোকৰ এই প্ৰাৰ্থনা মঞ্জুৰ কৰে।[11]
  • বিষ্ণু পুৰাণৰ চতুৰ্থ অধ্যায়ত ৰচিকাই দুগৰাকী নাৰীৰ বাবে আহাৰ প্ৰস্তুত কৰে। ইয়াৰে প্ৰথমবিধ সাধাৰণ আহাৰ আৰু দ্বিতীতবিধত এনে উপাদান থাকে যিবোৰ খালে নাৰীগৰাকীয়ে সমৰ শক্তি থকা পুত্ৰক গৰ্ভত ধাৰণ কৰিব পাৰে। ঘটনাক্ৰমে ৰেণুকাই দ্বিতীয়বিধ আহাৰ গ্ৰহণ কৰে আৰু ফলস্বৰূপে পৰশুৰামৰ জন্ম দিয়ে।[11]
  • বায়ু পুৰাণৰ দ্বিতীয় অধ্যায়ত, পৰশুৰামৰ মাতৃ ৰেণুকাই ৰুদ্ৰ (শিৱ) আৰু বিষ্ণু দুয়োকে অৰ্পণ কৰা নৈবেদ্য খোৱাৰ পিছত তেওঁৰ জন্ম হয় যি তেওঁক ক্ষত্ৰিয় আৰু ব্ৰাহ্মণৰ দ্বৈত বৈশিষ্ট্য প্ৰদান কৰে।[24]

পৰশুৰামক মহাভাৰতৰ কিছুমান সংস্কৰণত খঙাল ব্ৰাহ্মণ বুলি বৰ্ণনা কৰা হৈছে যি ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বাবে তেওঁৰ পৰশুৰে বৃহৎ সংখ্যক ক্ষত্ৰিয় যোদ্ধাক হত্যা কৰিছিল।[25] কিছুমান সংস্কৰণত পিতৃৰ আদেশত তেওঁ আনকি নিজৰ মাতৃকো হত্যা কৰে।[10][26] পৰশুৰামে ৰেণুকাক হত্যা কৰাৰ পিতৃৰ আদেশ পালন কৰাৰ পিছত পিতৃ জমদগ্নিয়ে তেওঁক এক বৰ প্ৰদান কৰিব বিচাৰে। পৰশুৰামে তেওঁৰ মাতৃক পুনৰ জীৱিত কৰাৰ বৰ বিচাৰে আৰু তেওঁক পুনৰ্জীৱিত কৰা হয়।[26] হিংসা, অনুতাপ আৰু পাপৰ পিছত পৰশুৰামক দুঃখবোধে আৱৰি ধৰে।[10] তেওঁৰ মাক পুনৰ জীৱিত হোৱাৰ পিছত তেওঁ তেজৰ দাগ থকা পৰশুখন পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰে কিন্তু তেওঁ এটোপাল তেজ পৰিষ্কাৰ কৰিবলৈ অক্ষম হয়। তেওঁ কোনো পবিত্ৰ নদীৰ সন্ধানত দাক্ষিণাত্যৰ দিশে আগবাঢ়ে য'ত তেওঁ নিজৰ পৰশু পৰিষ্কাৰ কৰিব পাৰে। অৱশেষত তেওঁ কৰ্ণাটকৰ শিমোগাৰ তীৰ্থহাল্লি গাঁৱত উপস্থিত হৈ পৰশুখন পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰে আৰু আশ্চৰ্যকৰভাৱে ই তুঙ্গাৰ পবিত্ৰ নদীত পৰিষ্কাৰ হয়। এই পবিত্ৰ নদীৰ প্ৰতি সন্মান জনাই তেওঁ এটা শিৱ লিংগ স্থাপন কৰি পূজা কৰে। এই শিৱলিংগ স্থাপিত হোৱা মন্দিৰটোৰ নাম ৰামেশ্বৰ মন্দিৰ ৰখা হয়। পৰশুৰামে পৰশু পৰিষ্কাৰ কৰা ঠাইখনক ৰামকুণ্ড বুলি কোৱা হয়।

তেওঁ ভীষ্ম (অধ্যায় ৫.১৭৮), দ্ৰোণ (অধ্যায় ১.১২১) আৰু কৰ্ণৰ (অধ্যায় ৩.২৮৬) অস্ত্ৰ তথা সমৰকলাৰ গুৰু হিচাপে মহাভাৰতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। [27][28][note 3]

কেৰালাৰ আঞ্চলিক সাহিত্যত, তেওঁ হৈছে ভূমিৰ প্ৰতিষ্ঠাপক যি ঠাইখণ্ডক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল আৰু তাত এক হিন্দু সম্প্ৰদায়ৰ বসতি স্থাপন কৰিছিল।[3] কিছুমান গ্ৰন্থত তেওঁক ৰাম জমদগ্ন্য আৰু ৰাম ভাৰ্গৱ নামেৰেও জনা যায়।[1] ভাগৱত পুৰাণৰ ২.৩.৪৭ অধ্যায় অনুসৰি পৰশুৰাম মহেন্দ্ৰ পৰ্বতমালাত ধ্যানমগ্ন হৈ অৱসৰ গ্ৰহণ কৰিছিল।[30] তেওঁ একমাত্ৰ বিষ্ণু অৱতাৰ যি কেতিয়াও মৃত্যু বৰণ নকৰে। [10] তদুপৰি তেওঁ হৈছে একমাত্ৰ বিষ্ণু অৱতাৰ যাক ক্ৰমে ৰামায়ণ আৰু মহাভাৰতৰ কিছুমান সংস্কৰণত আন দুই বিষ্ণু অৱতাৰ ৰাম আৰু কৃষ্ণৰ সৈতে সমসাময়িক ৰূপত দেখা পোৱা যায়।[10][note 4]

পৰশুৰাম ক্ষেত্ৰ[সম্পাদনা কৰক]

পৰশুৰাম ক্ষেত্ৰ সম্পৰ্কে বহুতো ব্যাখ্যা পোৱা যায়।

ভাৰতৰ দক্ষিণ গুজৰাটৰ ৱাপীৰ পৰা তাপী অৰ্থাৎ প্ৰাচীন সপ্তকোংকণ হৈছে সহ্যাদ্ৰিখণ্ডত বৰ্ণনা কৰা কিছু বৃহৎ অঞ্চল যাক পৰশুৰামক্ষেত্ৰ বুলি উল্লেখ কৰা হৈছে। পৰশুৰামৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত অঞ্চলটোক পৰশুৰাম নি ভূমি বুলি কোৱা হৈছিল। [31]

কোংকণ অঞ্চলটোক পৰশুৰাম ক্ষেত্ৰ বুলিও গণ্য কৰা হয়।[32][33]

অৰুণাচল প্ৰদেশলোহিত জিলাপৰশুৰাম কুণ্ড নামেৰে ঋষি পৰশুৰামৰ বাবে উৎসৰ্গিত এক তীৰ্থ অৱস্থিত। প্ৰতি বছৰে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে শীতকালত এই ঠাইখন ভ্ৰমণ কৰে। বিশেষকৈ মকৰ সংক্ৰান্তি দিৱসত পবিত্ৰ কুণ্ডত ডুব মাৰিলে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়। [34][35]

চিত্ৰায়ন[সম্পাদনা কৰক]

পৰশুৰ সৈতে পৰশুৰাম।

বিষ্ণুধৰ্মোত্তৰ পুৰাণ আৰু ৰূপমণ্ডনাৰ দৰে হিন্দু সাহিত্যত তেওঁক জঁ‌টাধাৰী আৰু হাতত পৰশু লৈ থকা ৰূপত বৰ্ণনা কৰা হৈছে। অৱশ্যে অগ্নি পুৰাণে তেওঁৰ পৰশু, ধনু, কাঁ‌ড় আৰু তৰোৱাল লৈ থকা অৱস্থাত চতুৰ্ভুজ ৰূপে চিত্ৰিত কৰিছে। ভাগৱত পুৰাণতো তেওঁক চতুৰ্ভুজ ৰূপত পৰশু, ধনু, কাঁ‌ড় আৰু যোদ্ধাৰ দৰে ঢাল ধাৰণ কৰা বুলি বৰ্ণনা কৰিছে। [36] যদিও তেওঁ এজন এজন যোদ্ধা, মন্দিৰসমূহত যুদ্ধৰ দৃশ্যত তেওঁৰ চিত্ৰায়ন বিৰল। সাধাৰণতে, দ্বিভুজ ৰূপত, সোঁ হাতত পৰশু লৈ বহি থকা বা থিয় হৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়।[36]

টোকা[সম্পাদনা কৰক]

  1. মহাভাৰতত দুয়োজন অৰ্জুনৰে উল্লেখ আছে। অৰ্জুন কাৰ্তবীৰ্য্য নৈতিক-অনৈতিক বৈশিষ্ট্যৰ মিশ্ৰণ। [10]
  2. মেডেলিন বিয়াৰ্ডেউৰ মতে, পৰশুৰাম হৈছে বিশেষকৈ হিংসাত্মক বিষয়বোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সামৰিক শক্তি থকা সকলে ইয়াক অপব্যৱহাৰ কৰাৰ প্ৰৱণতা আৰু পৰিস্থিতিতগত নৈতিক সমস্যা আৰু এজনৰ কাৰ্য্য সম্পৰ্কত বিৰোধৰ এক সংমিশ্ৰণ।[13][14]
  3. সংস্কৃত মহাকাব্যত পৰশুৰামৰ বাবে ইয়াৰ শ্লোকসমূহত একাধিক নাম ব্যৱহাৰ কৰা হৈছে: পৰশুৰাম, জামাদগ্ন্য, ৰাম ইত্যাদি। [29]
  4. এই গ্ৰন্থসমূহত এইটোও কোৱা হৈছে যে পৰশুৰামে জীৱিত অৱস্থাত বিষ্ণুৰ অংশ হেৰুৱাইছিল, আৰু বিষ্ণুৱে তেতিয়া ৰাম আৰু কৃষ্ণৰ পূৰ্ণ অৱতাৰ গ্ৰহণ কৰিছিল।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Julia Leslie (2014). Myth and Mythmaking: Continuous Evolution in Indian Tradition. Taylor & Francis. পৃষ্ঠা. 63–66 with footnotes. ISBN 978-1-136-77888-9. https://books.google.com/books?id=Z7LKAgAAQBAJ&pg=PA63. 
  2. Coulter, Charles Russell; Turner, Patricia (2013-07-04) (en ভাষাত). Encyclopedia of Ancient Deities. Routledge. ISBN 978-1-135-96390-3. https://books.google.com/books?id=sEIngqiKOugC&q=Dharani&pg=PA285. 
  3. 3.0 3.1 3.2 Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 324. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC. 
  4. 4.0 4.1 4.2 4.3 James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 500–501. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch. 
  5. https://www.britannica.com/topic/Parashurama
  6. "Parshuram's birthplace near Indore". Dainik Jagran. https://www.jagran.com/spiritual/religion-parshuram-birthplace-near-in-indore-11276521.html। আহৰণ কৰা হৈছে: Nov 17, 2019. 
  7. Rajesh Jauhri. "Janapao all set for Parshurama Jayanti". Times of India. https://timesofindia.indiatimes.com/city/indore/Janapao-all-set-for-Parashuram-Jayanti/articleshow/20022306.cms। আহৰণ কৰা হৈছে: Nov 17, 2019. 
  8. "Janapav to be developed into international pligrim centre". One India. https://www.oneindia.com/2008/05/08/janapav-to-be-developed-into-international-pligrim-centre-1210264311.html। আহৰণ কৰা হৈছে: Nov 17, 2019. 
  9. Khazan Ecosystems of Goa: Building on Indigenous Solutions to Cope with Global Environmental Change (Advances in Asian Human-Environmental Research) (1995). Khazan Ecosystems of Goa: Building on Indigenous Solutions to Cope with Global Environmental Change. Abhinav Publications. পৃষ্ঠা. 29. ISBN 978-9400772014. https://books.google.com/books?id=-r_EBAAAQBAJ&q=parashurama+was+saraswath+brahmin&pg=PA29. 
  10. 10.0 10.1 10.2 10.3 10.4 10.5 10.6 Lynn Thomas (2014). Julia Leslie. ed. Myth and Mythmaking: Continuous Evolution in Indian Tradition. Routledge. পৃষ্ঠা. 64–66 with footnotes. ISBN 978-1-136-77881-0. https://books.google.com/books?id=QrLKAgAAQBAJ. 
  11. 11.0 11.1 11.2 11.3 Thomas E Donaldson (1995). Umakant Premanand Shah. ed. Studies in Jaina Art and Iconography and Allied Subjects in Honour of Dr. U.P. Shah. Abhinav Publications. পৃষ্ঠা. 159–160. ISBN 978-81-7017-316-8. https://books.google.com/books?id=fETebHcHKogC. 
  12. Thomas E Donaldson (1995). Umakant Premanand Shah. ed. Studies in Jaina Art and Iconography and Allied Subjects in Honour of Dr. U.P. Shah. Abhinav Publications. পৃষ্ঠা. 161–70. ISBN 978-81-7017-316-8. https://books.google.com/books?id=fETebHcHKogC. 
  13. Madeleine BIARDEAU (1976), Études de Mythologie Hindoue (IV): Bhakti et avatāra, Bulletin de l'École française d'Extrême-Orient, École française d’Extrême-Orient, Vol. 63 (1976), pp. 182–191, context: 111–263
  14. Freda Matchett (2001). Krishna, Lord Or Avatara?. Routledge. পৃষ্ঠা. 206 with note 53. ISBN 978-0-7007-1281-6. https://books.google.com/books?id=6znEVPmI8UsC&pg=PA206. 
  15. 15.0 15.1 Menon, A. Sreedhara (1987). Kerala History and its Makers. D C Books. পৃষ্ঠা. 24. ISBN 978-8126421992. 
  16. Ancient Indian History By Madhavan Arjunan Pillai, p. 204 [ISBN missing]
  17. S.C. Bhatt, Gopal K. Bhargava (2006) "Land and People of Indian States and Union Territories: Volume 14.", p. 18
  18. Aiya VN (1906). The Travancore State Manual. Travancore Government Press. পৃষ্ঠা. 210–12. https://books.google.com/books?id=RdzaPW-kEvQC। আহৰণ কৰা হৈছে: 12 November 2007. 
  19. Srinivisa Iyengar, P. T. (1929). History of the Tamils: From the Earliest Times to 600 A.D.. প্ৰকাশক Madras: Asian Educational Services. পৃষ্ঠা. 515. ISBN 978-8120601451. 
  20. Shree Scanda Puran (Sayadri Khandha) -Ed. Dr. Jarson D. Kunha, Marathi version Ed. By Gajanan Shastri Gaytonde, published by Shree Katyani Publication, Mumbai
  21. Gomantak Prakruti ani Sanskruti Part-1, p. 206, B. D. Satoskar, Shubhada Publication
  22. Aiya VN (1906). The Travancore State Manual. Travancore Government Press. পৃষ্ঠা. 210–212. https://books.google.com/books?id=RdzaPW-kEvQC। আহৰণ কৰা হৈছে: 2007-11-12. 
  23. Cornelia Dimmitt (2012). Classical Hindu Mythology: A Reader in the Sanskrit Puranas. Temple University Press. পৃষ্ঠা. 82–85. ISBN 978-1-4399-0464-0. https://books.google.com/books?id=re7CR2jKn3QC. 
  24. Thomas E Donaldson (1995). Umakant Premanand Shah. ed. Studies in Jaina Art and Iconography and Allied Subjects in Honour of Dr. U.P. Shah. Abhinav Publications. পৃষ্ঠা. 160–161. ISBN 978-81-7017-316-8. https://books.google.com/books?id=fETebHcHKogC. 
  25. Ganguly KM (1883). "Drona Parva Section LXX". The Mahabharata of Krishna-Dwaipayana Vyasa. Sacred Texts. http://www.sacred-texts.com/hin/m07/m07067.htm। আহৰণ কৰা হৈছে: 15 June 2016. 
  26. 26.0 26.1 Daniel E Bassuk (1987). Incarnation in Hinduism and Christianity: The Myth of the God-Man. Palgrave Macmillan. পৃষ্ঠা. 30. ISBN 978-1-349-08642-9. https://books.google.com/books?id=k3iwCwAAQBAJ. 
  27. Kisari Mohan Ganguli (1896). "Mahabaratha, Digvijaya yatra of Karna". The Mahabharata. Sacred Texts. http://www.sacred-texts.com/hin/m03/m03252.htm। আহৰণ কৰা হৈছে: 11 June 2015. 
  28. Lynn Thomas (2014). Julia Leslie. ed. Myth and Mythmaking: Continuous Evolution in Indian Tradition. Routledge. পৃষ্ঠা. 66–69 with footnotes. ISBN 978-1-136-77881-0. https://books.google.com/books?id=QrLKAgAAQBAJ. 
  29. Lynn Thomas (2014). Julia Leslie. ed. Myth and Mythmaking: Continuous Evolution in Indian Tradition. Routledge. পৃষ্ঠা. 69–71 with footnotes. ISBN 978-1-136-77881-0. https://books.google.com/books?id=QrLKAgAAQBAJ. 
  30. Thomas E Donaldson (1995). Umakant Premanand Shah. ed. Studies in Jaina Art and Iconography and Allied Subjects in Honour of Dr. U.P. Shah. Abhinav Publications. পৃষ্ঠা. 174–175. ISBN 978-81-7017-316-8. https://books.google.com/books?id=fETebHcHKogC. 
  31. Chandra, Suresh (1998). Encyclopedia of Hindu Gods & Goddesses. Sarup & Sons. পৃষ্ঠা. 376. ISBN 9788176250399. https://books.google.com/books?id=mfTE6kpz6XEC. 
  32. Stanley Wolpert (2006), Encyclopedia of India, Thomson Gale, আই.এচ.বি.এন. 0-684-31350-2, page 80
  33. Thomas E Donaldson (1995). Umakant Premanand Shah. ed. Studies in Jaina Art and Iconography and Allied Subjects in Honour of Dr. U.P. Shah. Abhinav Publications. পৃষ্ঠা. 170–174. ISBN 978-81-7017-316-8. https://books.google.com/books?id=fETebHcHKogC. 
  34. "Thousands gather at Parshuram Kund for holy dip on Makar Sankranti". The News Mill. http://thenewsmill.com/thousands-gather-parshuram-kund-holy-dip-makar-sankranti/। আহৰণ কৰা হৈছে: 2017-01-13. 
  35. "70,000 devotees take holy dip in Parshuram Kund". Indian Express. Jan 18, 2013. http://archive.indianexpress.com/news/70000-devotees-take-holy-dip-in-parshuram-kund/1061283/. 
  36. 36.0 36.1 Thomas E Donaldson (1995). Umakant Premanand Shah. ed. Studies in Jaina Art and Iconography and Allied Subjects in Honour of Dr. U.P. Shah. Abhinav Publications. পৃষ্ঠা. 178–180. ISBN 978-81-7017-316-8. https://books.google.com/books?id=fETebHcHKogC.