সমললৈ যাওক

বৰুণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰুণ
আকাশ আৰু জলৰ দেৱতা

বাহন মকৰৰ পিঠিত বিৰাজমান বৰুণ
সম্পৰ্ক আদিত্য
দেৱতা
নিবাস জল লোক (সমুদ্ৰ)
মন্ত্ৰ ওঁ‌ম বৰুণায় নমঃ
অস্ত্ৰ পাশ, বৰুণাস্ত্ৰ, গাণ্ডীৱ
সঙ্গী বৰুণানী[টোকা 1][1]
সন্তান সুসেন, বন্দী, বশিষ্ঠ, বৰুণী[2]
আসন/বাহন মকৰ

বৰুণ (সংস্কৃত: वरुण) হৈছে হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱতা আৰু তেওঁ আকাশ, জল, ন্যায় আৰু সত্যৰ সৈতে জড়িত।[3][4] প্ৰাচীনতম বৈদিক সাহিত্য যেনে ঋকবেদ আদিত বৰুণৰ উল্লেখ পোৱা যায়।[4] তামিল ভাষাৰ ব্যাকৰণৰ পুথি টোলকাপ্পিয়মত বৰুণক সমুদ্ৰ আৰু বৃষ্টিৰ অধিষ্ঠাতা দেৱতা কড়ালন বুলি আখ্যা দিয়া হৈছে।[5] তেওঁক সপ্তৰ্ষিৰ অন্যতম ঋষি কাশ্যপৰ পুত্ৰ বুলি বিশ্বাস কৰা হয়।[6]

হিন্দু পুৰাণসমূহৰ মতে বৰুণ সমুদ্ৰৰ দেৱতা। তেওঁৰ বাহন আৰু অস্ত্ৰ হৈছে ক্ৰমে মকৰ আৰু পাশ।[3][7] তেওঁ পশ্চিম দিশৰ ৰক্ষক দেৱতা।[4] কিছুসংখ্যক ৰচনাৰ মতে বৰুণৰ পিতৃ হৈছে বশিষ্ঠ মুনি।[3]

জাপানী বৌদ্ধ ধৰ্মৰ আখ্যানসমূহত বৰুণক ছুইটেন হিচাপে পোৱা যায়।[7] জৈন ধৰ্মতো বৰুণৰ উপস্থিতি দেখা পোৱা যায়।[8][9]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]
একাদশ শতিকাত নিৰ্মিত বৰুণৰ প্ৰতিমূৰ্ত্তি[10]

হিন্দু সংস্কৃতি অনুযায়ী বৰুণ শব্দৰ মূল হৈছে বৰ ক্ৰিয়া যাৰ অৰ্থ আৱৰি ৰখা বা বান্ধি/সামৰি ৰখা। উনা শব্দৰ সংযোগত ইয়াৰ অৰ্থ হয়গৈ যিজনে আৱৰি বা বান্ধি ৰাখে। পৃথিৱীক আৱৰি ৰখা নীতি বা ন্যায়ৰ সাগৰ বুজাবলৈ এই বৰুণ শব্দৰ শব্দৰ ব্যৱহাৰ কৰা হয়।[7]

১৯৩৪ চনত জৰ্জ ডুমেজিলে গ্ৰীকসকলৰ ঔৰানচৰ সৈতে বৰুণৰ মূলৰ সম্পৰ্ক সম্পৰ্কে এক আলোচনা আগবঢ়ায়। তেওঁ কয় যে ঔৰানচ আৰু বৰুণ দুয়োটা শব্দৰে ইণ্ডো-ইউৰোপীয়ান মূল হৈছে উৰ যাৰ অৰ্থ হৈছে বান্ধি ৰখা। ঔৰানচে চাইক্লপচসকলক বান্ধি ৰখাৰ বিপৰীতে বৰুণে দুষ্টক বান্ধি ৰাখে।[11][12] অৱশ্যে তেওঁৰ এই যুক্তি ব্যাপকভাৱে অগ্ৰাহ্য কৰা হয় আৰু ৱৰ্চৰ (সেমেকা হোৱা) পৰাহে (সংস্কৃত: বৰষুণ পৰা) বৰুণৰ উৎপত্তি হোৱা বুলি ব্যাখ্যা কৰা হয়।[13]

হিন্দু ধৰ্মগ্ৰন্থত উল্লেখ

[সম্পাদনা কৰক]

ঋকবেদৰ প্ৰাচীনতম সূত্ৰসমূহৰ মতে বৰুণ হৈছে ন্যায় বা নৈতিকতাৰ ৰক্ষক। অনুতাপ নোহোৱাকৈ পাপকৰ্মত লিপ্ত হোৱাসকলক তেওঁ শাস্তি প্ৰদান কৰাৰ বিপৰীতে যিসকল অনুতপ্ত হয় তেওঁলোকক বৰুণে ক্ষমাদান কৰে।[14][15] ঋকবেদৰ বহুকেইটা শ্লোকত বৰুণৰ উল্লেখ পোৱা যায়।[14][7] বেদসমূহত জল, নদী আৰু সমুদ্ৰৰ সৈতে বৰুণৰ সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছে।[16]

বৰুণ আৰু মিত্ৰ দেৱতাক একেলগে শপত লোৱা বা প্ৰতিজ্ঞা কৰাকে ধৰি সামাজিক নীতি আৰু পৰম্পৰাসমূহৰ অধিষ্ঠাতা হিচাপে স্থান দিয়া হয়।[17][18] ঋকবেদত বৰুণ আৰু মিত্ৰ উভয়কে অসুৰ আৰু দেৱতা দুয়োটাৰে আখ্যা দিয়া হৈছে।[19] ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ উত্তৰকালত বৃত্ৰাসুৰক পৰাজিত কৰাৰ পিছত ইন্দ্ৰই অসুৰৰ নেতা বৰুণক দেৱতা হিচাপে স্বীকৃতি দিয়ে।[20]

কৰ্ণাটকত উদ্ধাৰ হোৱা অষ্টম শতিকাত নিৰ্মিত বৰুণ আৰু বৰুণীৰ ভাস্কৰ্য।

অধ্যাপক ড'ৰিছ শ্ৰীনিবাসনৰ মত অনুসৰি বৰুণ-মিত্ৰৰ যুটিটো ৰুদ্ৰ-শিৱৰ যুটিৰ দৰেই দ্ব্যৰ্থবোধক।[21] উভয় যুটিতে ভাৰতীয় কিংবদন্তিৰ ক্ৰুদ্ধ-নম্ৰ ৰূপ বিৰাজমান।[22] বৈদিক সাহিত্যত বৰুণ আৰু ৰুদ্ৰ উভয়েই সকলো দিশ আৰু জ্ঞানৰপৰা উত্তৰ দিশৰ ৰক্ষক। অৱশ্যে পৰৱৰ্ত্তী সময়ত বৰুণ পশ্চিম দিশৰ সৈতে সাঙোৰ খাই পৰে। তেওঁলোকৰ দুয়োজনেই খুঁ‌ত থকা বা সাধাৰণতে অগ্ৰহণীয় উছৰ্গাসমূহ গ্ৰহণ কৰে। ইয়াৰপৰা এই কথা কোৱা হয় যে ৰুদ্ৰৰ সৈতে বৰুণৰ ধাৰণাটো সম্ভৱতঃ সানমিহলি বা উপৰা-উপৰি হৈছে।[21] শ্ৰীনিবাসনে লগতে কয় যে ঋকবেদৰ শ্লোক নং ৫.৭০ত মিত্ৰ-বৰুণ যুটিক ৰুদ্ৰ বুলি আখ্যা দিয়া হৈছে।[21] ছেমুৱেল মেছিয়ে মত প্ৰকাশ কৰে যে বৰুণ খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ ইণ্ডো-আৰ্য দেৱতা যি হিন্দুধৰ্মলৈ ৰুদ্ৰৰ (সময় বা কালৰ দেৱতা শিৱ) আগমণ প্ৰশস্ত কৰি তুলিছে।[22][23]

যজুৰ্বেদত বৰুণক কবিৰাজসকলৰ পৃষ্ঠপোষক দেৱতা বুলি কোৱা হৈছে।[21] অথৰ্ববেদতো তেওঁৰ বহুমুখী জ্ঞান আৰু ক্ষমতাৰ বৰ্ণনা আছে।[24] ৮০০ খ্ৰীষ্টপূৰ্বত ৰচিত বৃহদাৰণ্যক উপনিষদত উল্লেখ আছে যে বৰুণ পশ্চিম দিশৰ দেৱতা যি জলৰ ওপৰত প্ৰতিষ্ঠিত।[25] কথোপনিষদৰ মতে অদিতি হৈছে ভূদেৱী। বৈদিক সাহিত্যসমূহত অদিতিক বৰুণ আৰু মিত্ৰৰ মাতৃ বুলি কোৱা হৈছে। পৰৱৰ্ত্তী কালৰ আখ্যানসমূহত অদিতিক সকলো দেৱতাৰ মাতৃ আৰু সেয়েহে বৰুণৰো মাতৃ বুলি উল্লেখ কৰা হৈছে।[26][27]

যজুৰ্বেদ অনুসৰি বৰুণেই বিষ্ণু আৰু সেয়ে এই দুয়োজন দেৱতাক অৰ্চনা কৰা উচিত।[28]

তৈত্তিৰিয়া উপনিষদত বৰুণীয়ে (বৰুণ) ভৃগু মুনিক ব্ৰাহ্মণ সম্পৰ্কে বৰ্ণনা কৰিছে। ভৃগুৱলীৰ প্ৰথম ছটা অনুবাকক "ভাৰ্গৱী বৰুণী বিদ্যা" অৰ্থাৎ "ভৃগুৱে বৰুণীৰ পৰা লাভ কৰা জ্ঞান" বুলি কোৱা হয়।[29]

ৰামায়ণ

[সম্পাদনা কৰক]
বৰুণ আৰু ৰামৰ সাক্ষাৎ।

ৰামায়ণত বৰ্ণিত আখ্যান অনুসৰি ৰাৱনে হৰণ কৰি নিয়া সীতাক উদ্ধাৰ কৰিবৰ বাবে বিষ্ণুৰ অৱতাৰ ৰামে সমুদ্ৰ পাৰ হৈ লংকালৈ যাবলৈ তিনিদিন-তিনিৰাতি জলাধিপতি বৰুণৰ উপাসনা কৰে।[30] বৰুণে ইয়াৰ সঁ‌হাৰি নিদিয়াত চতুৰ্থ দিনা পুৱা ক্ৰোধান্বিত হৈ ৰামে ভ্ৰাতৃ লক্ষ্মণক কয় যে দেৱতাসকলেও হিংসাৰ পৰিভাষাহে বুজি পায় আৰু শান্তিভাৱেৰে কৰা প্ৰাৰ্থনা আওকাণ কৰে।[30]

ৰামে নিজৰ ধনু-কাঁ‌ড় উলিয়াই অগ্নিবাণ নিক্ষেপেৰে সাগৰ শুকুৱাই পেলাবলৈ উদ্যত হোৱাত বৰুণৰ আৱিৰ্ভাৱ হয়। তেওঁ ক্ষমা প্ৰাৰ্থনা কৰি কয় যে সমুদ্ৰখন বিশাল আৰু তেওঁ প্ৰকৃতিৰ নিয়ম উলংঘা কৰিব নোৱাৰে। বৰুণে ৰামক সমুদ্ৰৰ ওপৰেৰে এক দলং নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু ৰামৰ বাহিনীক কোনো আমনি নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। অৱশ্যে বেছিভাগ সূত্ৰৰ মতে বৰুণৰ সলনি সমুদ্ৰ দেৱতাইহে ৰামক সাক্ষাৎ কৰি এই কথা কয়।[30]

  1. Varunani alias Gauri (Varuna's wife) and Varuni (Varuna's daughter) are different goddesses. Sometimes both are merged into one goddess, who is not Varuna's daughter.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. http://archive.org/details/puranicencyclopa00maniuoft. 
  2. Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. http://archive.org/details/puranicencyclopa00maniuoft. 
  3. 3.0 3.1 3.2 George Mason Williams (2003). Handbook of Hindu Mythology. ABC-CLIO. পৃষ্ঠা. 294. ISBN 978-1-57607-106-9. https://archive.org/details/isbn_9791576071068. 
  4. 4.0 4.1 4.2 James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 741. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch. 
  5. (en ভাষাত) Journal of Tamil Studies. International Institute of Tamil Studies. 1969. পৃষ্ঠা. 131. https://books.google.com/books?id=ZjoRAAAAYAAJ. 
  6. Dalal, Roshen (2010). Hinduism: An Alphabetical Guide. ISBN 9780143414216. https://books.google.com/books?id=DH0vmD8ghdMC&q=Kashyapa+Varuna&pg=PA274. 
  7. 7.0 7.1 7.2 7.3 Adrian Snodgrass (1992). The Symbolism of the Stupa. Motilal Banarsidass. পৃষ্ঠা. 120–122 with footnotes. ISBN 978-81-208-0781-5. https://books.google.com/books?id=nzqK8dDCM0UC. 
  8. Sehdev Kumar (2001). A Thousand Petalled Lotus: Jain Temples of Rajasthan : Architecture & Iconography. Abhinav Publications. পৃষ্ঠা. 18. ISBN 978-81-7017-348-9. https://books.google.com/books?id=nSDACkmA_ukC&pg=PA18. 
  9. Kristi L. Wiley (2009). The A to Z of Jainism. Scarecrow. পৃষ্ঠা. 248. ISBN 978-0-8108-6821-2. https://books.google.com/books?id=kUz9o-EKTpwC&pg=PA248. 
  10. George Michell (1977). The Hindu Temple: An Introduction to Its Meaning and Forms. University of Chicago Press. পৃষ্ঠা. 4, 44–45 with Figure 15. ISBN 978-0-226-53230-1. https://books.google.com/books?id=ajgImLs62gwC. 
  11. Dumézil, Ouranós-Váruna: Étude de mythologie comparée indo-européenne (Paris:Maisonneuve 1932).
  12. Georges Dumézil, Ouranos-Varuna – Essai de mythologie comparée indo-européenne (Paris: G.-P. Maisonneuve, 1934).
  13. Manfred Mayrhofer, Etymologisches Wörterbuch des Altindoarischen, vol. 2, s.v. "Váruṇa" (Heidelberg: Carl Winter, 1996), 515–6. Edgar Charles Polomé, "Binder-god", in Encyclopedia of Indo-European Culture (London–Chicago: Fitzroy Dearborn, 1997), 65.
  14. 14.0 14.1 Mariasusai Dhavamony (1982). Classical Hinduism. Gregorian. পৃষ্ঠা. 167–168 with footnotes. ISBN 978-88-7652-482-0. https://books.google.com/books?id=DD0w_IMFA8gC. 
  15. John Gwyn Griffiths (1991). The Divine Verdict: A Study of Divine Judgement in the Ancient Religions. BRILL. পৃষ্ঠা. 132–133. ISBN 90-04-09231-5. https://books.google.com/books?id=QDbjjKglE1kC&pg=PA132. 
  16. Hermann Oldenberg (1988). The Religion of the Veda. Motilal Banarsidass. পৃষ্ঠা. 104. ISBN 978-81-208-0392-3. https://books.google.com/books?id=uKeubCiBOPQC. 
  17. Hermann Oldenberg (1988). The Religion of the Veda. Motilal Banarsidass. পৃষ্ঠা. 95–98. ISBN 978-81-208-0392-3. https://books.google.com/books?id=uKeubCiBOPQC&pg=PA95. 
  18. David Leeming (2005). The Oxford Companion to World Mythology. Oxford University Press. পৃষ্ঠা. 200. ISBN 978-0-19-028888-4. https://archive.org/details/oxfordcompaniont0000leem. 
  19. Bane, Theresa (2012). Encyclopedia of Demons in World Religions and Cultures. প্ৰকাশক Jefferson, North Carolina: McFarland & Company. পৃষ্ঠা. 323. ISBN 978-0-7864-8894-0. OCLC 774276733. https://books.google.com/books?id=njDRfG6YVb8C&pg=PA323। আহৰণ কৰা হৈছে: 2018-12-06. 
  20. F. B. J. Kuiper (1975), The Basic Concept of Vedic Religion, History of Religions, Vol. 15, No. 2 (Nov., 1975), pp. 107–120
  21. 21.0 21.1 21.2 21.3 Doris Srinivasan (1997). Many Heads, Arms, and Eyes: Origin, Meaning, and Form of Multiplicity in Indian Art. BRILL Academic. পৃষ্ঠা. 48–49. ISBN 90-04-10758-4. https://books.google.com/books?id=vZheP9dIX9wC&pg=PA48. 
  22. 22.0 22.1 Samuel L. Macey (2010). Patriarchs of Time. University of Georgia Press. পৃষ্ঠা. 2–3, 165. ISBN 978-0-8203-3797-5. https://books.google.com/books?id=G_z_R89DaPkC&pg=PA2. 
  23. J. P. Mallory; D. Q. Adams (2006). The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World. Oxford University Press. পৃষ্ঠা. 430–432. ISBN 978-0-19-928791-8. https://books.google.com/books?id=iNUSDAAAQBAJ. 
  24. Srinivasan, Doris (1978). "The Religious Significance of Divine Multiple Body Parts in the Atharva Veda". Numen (Brill Academic Publishers) খণ্ড 25 (3): 198–200, context: 193–225. doi:10.1163/156852778x00245. 
  25. The Early Upanishads: Annotated Text and Translation. Oxford University Press. 1998. পৃষ্ঠা. 98–101. ISBN 978-0-19-535242-9. https://books.google.com/books?id=Lsp18ZvstrcC. 
  26. The Early Upanishads: Annotated Text and Translation. Oxford University Press. 1998. পৃষ্ঠা. 478. ISBN 978-0-19-535242-9. https://books.google.com/books?id=Lsp18ZvstrcC. 
  27. Arthur Anthony Macdonell (1898). Vedic Mythology. Motilal Banarsidass. পৃষ্ঠা. 120–124, 30–34, 45–46. ISBN 978-81-208-1113-3. https://books.google.com/books?id=b7Meabtj8mcC. 
  28. Pandey, R.. Yajurveda. Diamond Pocket Books (P) Limited. পৃষ্ঠা. 48. ISBN 978-81-288-2284-1. https://books.google.com/books?id=UmhpCgAAQBAJ&pg=PA48। আহৰণ কৰা হৈছে: 6 December 2018. 
  29. Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120814684, pages 241-246
  30. 30.0 30.1 30.2 Ramesh Menon (2004). The Ramayana: A Modern Retelling of the Great Indian Epic. Macmillan. পৃষ্ঠা. 376–379. ISBN 978-1-4668-2625-0. https://books.google.com/books?id=kEEXjAagUzsC. [সংযোগবিহীন উৎস]