সীতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সীতা
Sita in exile.jpg
দেৱনাগৰী सीता
সম্পৰ্ক লক্ষ্মীৰ অৱতাৰ
সঙ্গী ৰাম
পিতৃ-মাতৃ জনক(দত্তক পিতৃ)
সুনয়না (দত্তক মাতৃ)
হিন্দু পাঠ্য ৰামায়ণ

সীতা (সংস্কৃত: सीता) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক ভূমিৰ (পৃথিৱী) কন্যা আৰু বিদেহৰ ৰজা জনক আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ উৰ্মিলা নামৰ এগৰাকী কনিষ্ঠ ভগ্নী, আৰু মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি নামৰ দুগৰাকী সম্পৰ্কীয় ভগ্নী আছে।[1][2] সীতা তেওঁৰ নিষ্ঠা, আত্মত্যাগ, সাহস আৰু পবিত্ৰতাৰ বাবে জনাজাত। তেওঁক বৈদেহী, জানকী, বিদেহ নন্দিনী আৰু মৈথিলী আদি নামেৰেও জনা যায়।

সীতাই যৌৱনকালত অযোধ্যাৰ ৰাজকুমাৰ ৰামক স্বয়ংবৰত তেওঁৰ স্বামী হিচাপে বাছনি কৰে। স্বয়ংবৰৰ পিছত তেওঁ ৰামৰ সৈতে অযোধ্যালৈ যায়, কিন্তু পিছত তেওঁৰ স্বামী আৰু দেওৰেক লক্ষ্মণৰ সৈতে বনবাস খাটিবলৈ যায়। নিৰ্বাসিত অৱস্থাত তিনিওজনে দণ্ডকাৰণ্যত বসতি স্থাপন কৰে য'ৰ পৰা তেওঁক লংকাৰাক্ষস-ৰাজ ৰাৱণে অপহৰণ কৰে। পিছত লংকাৰ অশোক বনত বন্দী হৈ থকাৰ পৰা তেওঁক ৰামে উদ্ধাৰ কৰে। লংকাৰ যুদ্ধৰ পিছত মহাকাব্যৰ কিছুমান সংস্কৰণত, ৰামে সীতাক অগ্নিপৰীক্ষাৰ জৰিয়তে তেওঁৰ পবিত্ৰতা প্ৰমাণ ৰিবলৈ কয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sutherland, Sally J.. "Sita and Draupadi, Aggressive Behavior and Female Role-Models in the Sanskrit Epics". University of California, Berkeley. http://sseas.berkeley.edu/sites/default/files/faculty/files/sita_and_draupadi.pdf. 
  2. Swami Parmeshwaranand (2001-01-01). Encyclopaedic Dictionaries of Puranas. Sarup & Sons. পৃষ্ঠা. 1210–1220. ISBN 978-81-7625-226-3. https://books.google.com/books?id=FdIkaccgneAC&pg=PA1210। আহৰণ কৰা হৈছে: 31 July 2012.