মাৰীচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মাৰীচ
Rama stalks the demon Marica, who has assumed the form of a golden deer.jpg
ৰামে মাৰীচক সোণালী হৰিণা বুলি খেদি যায়
দেৱনাগৰী मारीच
সংস্কৃত লিপ্যন্তৰ Mārīca
সম্পৰ্ক ৰাক্ষস
নিবাস দণ্ডকাৰণ্য
পিতৃ-মাতৃ সুন্দ (পিতৃ), তাড়কা (মাতৃ)
সহোদৰ সুবাহু
হিন্দু পাঠ্য ৰামায়ণ আৰু তাৰ সংস্কৰণসমূহ

মাৰীচ (ইংৰাজী: Maricha, সংস্কৃত: मारीच) হিন্দু মহাকাব্য ৰামায়ণত উল্লিখিত এগৰাকী ৰাক্ষস, যাক ভগৱান বিষ্ণুৰ অৱতাৰ ৰামে হত্যা কৰিছিল। তেওঁক মহাকাব্যৰ ৰাৱণৰ সহযোগী হিচাপে উল্লেখ কৰা হয়। ৰামৰ পত্নী সীতাক অপহৰণত কৰাত তেওঁৰ বিশেষ ভূমিকা আছে। তেওঁৰ পুত্ৰ কলনেমিক হনুমানে বধ কৰে।

তেওঁৰ মাক তাড়কা আৰু ভাই সুবাহুৰ সৈতে তেওঁ ৰাক্ষস হ’বলৈ অভিশাপ পাইছিল৷ আৰম্ভণিতে তেওঁ ঋষি সন্তসকলক অত্যাচাৰ কৰিছিল৷ বিশ্বামিত্ৰৰ আদেশমতে ৰামে কৰা যুদ্ধত মাৰীচ পৰাজিত হৈছিল৷ মাৰীচে ৰামক পুনৰ মাৰিবলৈ চেষ্টা কৰে, যদিও তেওঁ পলাই যাবলগীয়া হৈছিল৷ অন্তিম পৰত মাৰীচে সোণৰ মৃগৰ ৰূপ ধাৰণ কৰি সীতাক অপহৰণ কৰাত ৰাৱণক সহায়তা কৰিছিল৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

মাৰীচ সুন্দ আৰু তাড়কা নামৰ যক্ষিণী এগৰাকীৰ পুত্ৰ আছিল, যাক তাতকা নামেৰেও জনা যায়৷ তাড়কা আছিল যক্ষ ৰাজ সুকেতুৰ জীয়ৰী, যাক ভগৱান ব্ৰহ্মাৰ আশীৰ্বাদত লাভ কৰিছিল৷ মাৰীচৰ সুবাহু নামেৰে এগৰাকী সৰু ভাই আছিল৷ তেওঁৰ সহোদৰ খুব সুন্দৰ আৰু ভাল চৰিত্ৰৰ আছিল৷ সিহঁত যাদু বিদ্যাত নিপুণ আছিল৷ এদিন মাৰীচৰ পিতৃ সুন্দ নিচাসক্ত অৱস্থাত অগস্ত্যৰ আশ্ৰম আক্ৰমণ কৰে৷ অগস্ত্যই ক্ৰোধিত হৈ তেওঁক ধ্যান শক্তিৰ দ্বাৰা জ্বলাই দিয়ে৷ যেতিয়া তাড়কা তেওঁৰ পতি সুন্দৰ মৃত্যুৰ কথা গম পায়, তেতিয়া তেওঁ সুন্দৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে তেওঁৰ পুত্ৰৰ সৈতে অগস্ত্যৰ আশ্ৰমত আক্ৰমণ কৰে৷ অগস্ত্যৰ আশ্ৰম আক্ৰমণ কৰাত তেওঁ তাড়কা, মাৰীচ আৰু সুবাহুক ৰাক্ষস-ৰাক্ষসী হ’বলৈ অভিশাপ দিয়ে৷

মৃত্যু : সীতাক অপহৰণ কৰিবলৈ স্বৰ্ণ মৃগৰ ৰূপ ধাৰণ[সম্পাদনা কৰক]

এদিন ৰাৱণৰ ৰাক্ষসী ভনী শূৰ্পনখাই এগৰাকী সুন্দৰী যুৱতীৰ ৰূপ ধাৰণ কৰি ৰামক বিবাহৰ প্ৰস্তাৱ দিয়ে৷ ৰামে তেওঁৰ প্ৰস্তাৱ নাকচ কৰে আৰু ধেমালি কৰি লক্ষ্মণৰ ওচৰলৈ পঠিয়াই দিয়ে৷ লক্ষণে তেওঁক ধেমালি কৰি ৰামৰ সৈতে বিবাহ হ’বলৈ কয়৷ ক্ৰোধিত হৈ শূৰ্পনখাই সীতাক আক্ৰমণ কৰি দিয়ে আৰু লক্ষ্মণে শূৰ্পনখাৰ নাক আৰু কান তৰোৱালেৰে কাটি দিয়ে৷ অপমানিত হৈ শূৰ্পনখাই ৰামৰ প্ৰতিশোধ হ’বলৈ ৰাক্ষস খৰৰ ওচৰলৈ যায়৷ খৰ তেওঁৰ সেনাপতি দূষণ আৰু ১৪ হাজাৰ সৈনিক লৈ ৰামৰ সৈতে যুদ্ধ কৰে আৰু ৰামৰ হাতত মাৰা যায়৷ শূৰ্পনখা আৰু তেওঁৰ মোমায়েক অকম্পন পলাই গৈ ৰাৱণক ৰামৰ সুন্দৰী পত্নী সীতাক পলুৱাই আনিবলৈ কয়৷[1][2][3]

ৰাৱণে তেওঁৰ পৰৱৰ্তী কাৰ্যপন্থাৰ বিষয়ে চিন্তা কৰিবলৈ ধৰে আৰু তেওঁৰ মিত্ৰ মাৰীচক লগ কৰিবলৈ আকাশী ৰথেৰে সাগৰ পাৰলৈ উৰা মাৰে। মাৰীচে সাগৰ পাৰৰ এটা নিৰ্জন ঠাইত বাস কৰিছিল। ৰাৱণে মাৰীচক খৰ, দুষণ আৰু তেওঁলোকৰ সেনাৰ মৃত্যুৰ লগতে শূৰ্পনখাক কৰা অপমানৰ কথা অৱগত কৰায়৷ তেওঁ মাৰীচক ৰূপৰ দাগ থকা সোণালী হৰিণৰ ৰূপ ধাৰণ কৰি ৰামৰ আশ্ৰমৰ ওচৰত চৰিবলৈ কয়। হৰিণটো দেখি সীতাই নিশ্চিতভাৱে ৰাম আৰু লক্ষ্মণক ধৰিবলৈ ক’ব আৰু যেতিয়াই সীতা অকলশৰীয়া হ’ব তেতিয়া ৰাৱণে তেওঁক অপহৰণ কৰিব৷ সীতাৰ বিয়োগত ৰাম দুখত থাকিলে ৰাৱণে তাক অনায়াসে মাৰিব পাৰিব বুলি কয়৷ অৱশ্যে মাৰীচৰ ৰামৰ শক্তিৰ প্ৰতি জ্ঞাত আছিল আৰু তেওঁ ভয়ভীত হৈছিল৷ বুদ্ধিয়ক মাৰীচে ৰামৰ ধাৰ্মিকতা আৰু বীৰতাক মনত পেলাই ৰাৱণক সতৰ্কবাণী দিয়ে যে, এই বিচাৰে ৰাৱণ, লংকা আৰু ৰাক্ষস জাতীৰ বিনাশৰ কাৰণ হ’ব পাৰে৷ লগতে তেওঁ ৰাৱণক তেওঁৰ ৰামৰ সৈতে হোৱা প্ৰথম সাক্ষাৎৰ কথা বৰ্ণনা কৰে, য’ত ৰামক তেওঁ এগৰাকী ল’ৰা বুলি কওঁতে ৰামৰ ধনুৰ বাণত তেওঁ দূৰৈত পৰিছিল৷ তেওঁ দণ্ডকাৰণ্যত হোৱা দ্বিতীয় সাক্ষাৎৰ কথাও অৱগত কৰায়৷[1][2][3]

ৰাৱণে মাৰীচৰ কথা নাকচ কৰি লংকাপতি ৰাৱণৰ ওচৰত তেওঁ ৰামৰ প্ৰশংসা কৰিবলৈ ক’ত সাহস পালে বুলি কয়, লগতে জনায় যে, মাৰীচৰ সহায় অবিহনে তেওঁ ৰাক্ষসসকলৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ সীতাক অপহৰণ কৰিব৷ তেওঁ পুনৰ মাৰীচক স্বৰ্ণ মৃগ হ’বলৈ কয়৷ যেতিয়া সিহঁত সফলতাৰে লংকালৈ উভতি আহিব তেতিয়া ৰাৱণে মাৰীচক তেওঁৰ আধা ৰাজ্য প্ৰদান কৰিব। ৰাৱণে ধমকি দি কয় যে, সিঁহতৰ পৰিকল্পনাৰ ফলত মাৰীচৰ হয়তো মৃত্যুও হ’ব পাৰে, যদি মাৰীচে ভয়ত এই কাৰ্য কৰিবলৈ অস্বীকাৰ কৰে তেন্তে ৰাৱণে তেওঁক তৎকাল হত্যা কৰিব৷ অৱশেষত মাৰীচ সহমত স্বীকাৰ কৰে৷ অন্য এক সংস্কৰণত কোৱা হৈছে- মাৰীচে ভাবিছিল যে, ৰাৱণৰ হাতত মৃত্যুবৰণ কৰাতকৈ দিব্য ৰামৰ হাতত মৃত্যুবৰণ কৰাই শ্ৰেয়৷[4] ৰাৱণে মাৰীচৰ সহমতত প্ৰসন্ন হৈ তেওঁক আলিংগন কৰিছিল৷[1][2][3]

পিছত মাৰীচ আৰু ৰাৱণে ৰাৱণৰ ৰথত উঠি পঞ্চৱটীলৈ ৰাওনা হয় আৰু ৰামৰ আশ্ৰমৰ ওচৰত ৰৈ যায়৷ তেতিয়া মাৰীচে এটা ৰূপৰ ফুট, শৰীৰত নীলমণি, চন্দ্ৰশিলা, ক'লা জেটৰ দৰে বহুতো ৰত্নৰে জিলিকি থকা সুন্দৰ স্বৰ্ণমৃগৰ ৰূপ ধাৰণ কৰে৷ মাৰীচে স্বৰ্ণমৃগৰ ৰূপ ধাৰণ কৰি ৰামৰ আশ্ৰমৰ আশেপাশে চৰিবলৈ ধৰিলে, যাতে তেওঁক সীতাই দেখে৷ পশু ভক্ষক মাৰীচে যেতিয়া হৰিণৰ ৰূপত জংগললৈ প্ৰৱেশ কৰে তেতিয়া অন্য জীৱ-জন্তুই কিবা বেয়াৰ আভাস পাই ভয়ত পলাই গৈছিল৷ মাৰীচে সীতাক ফুল তুলি থকা দেখি তেওঁৰ সন্মুখেৰে দৌৰি গৈছিল৷ আশ্ৰমৰ চাৰিওকাষে খেলি থকা হৰিণৰ সৌন্দৰ্যই সীতাক প্ৰলোভিত কৰিছিল৷ আচৰিত হৈ তেওঁ ৰাম আৰু লক্ষ্মণক চমৎকাৰ হৰিণটো চাবলৈ মাতিছিল।[5][1][6]

চমৎকাৰী মৃগটোক দেখি লক্ষ্মণে বেয়া চাল বুলি ধৰিব পাৰি পৰামৰ্শ দিছিল যে, হৰিণটো মাৰীচ এক ভ্ৰান্ত ৰূপ, যিয়ে চিকাৰৰ বাবে অৰণ্যলৈ অহা ৰজাসকলক চিকাৰ কৰিছিল। সীতাই ৰামক হৰিণটো জীৱিত বা মৃত ৰূপত পাবলৈ প্ৰেৰিত কৰে৷ ধৰা পালে তাক পোহনীয়া জন্তু হিচাপে পালিব পাৰি আৰু পিছলৈ সিহঁতৰ ১৪ বছৰীয়া বনবাসৰ চিহ্ন হিচাপে তাক অযোধ্যালৈ লৈ যাব পাৰি৷ ৰামে কয়, হৰিণটো সীতাৰ ইচ্ছা পালন কৰিবলৈ তেওঁৰ হাতত মৰিব, বা যদি হৰিণটো সঁচাকৈ যাদুকৰী ৰাক্ষস মাৰীচ হয় – যিয়ে ৰজাসকলক হত্যা কৰিছিল আৰু ঋষিসকলৰ ক্ষতি কৰিছিল –লক্ষ্মণে কোৱাৰ দৰে, তেনেহ'লে জন্তুটোক হত্যা কৰাটোও তেওঁৰ কৰ্তব্য আছিল। ৰামে হৰিণটোৰ পিছে পিছে গৈ হত্যা কৰাৰ সিদ্ধান্ত লয় আৰু লক্ষ্মণক সীতাৰ যত্ন ল'বলৈ কয়৷[7]

ৰাম হৰিণৰূপী মাৰীচৰ পিছে পিছে দৌৰিছিল। মাৰীচে ৰামক আশ্ৰমৰ পৰা বহু দূৰলৈ লৈ গৈছিল, যাৰ ফলত ৰামৰ খুব খং উঠিছিল। বহুদূৰ দৌৰি অহাৰ পিছত ভাগৰুৱা হৈ হৰিণটো এটা ছায়াময় ঘাঁহনিত ৰৈ গ'ল। ৰামে সোণালী সুযোগ লাভ কৰি সোণালী কাড়েৰে হৰিণৰূপী মাৰীচলৈ গুলীবৰ্ষণ কৰে। মৃত্যুমুখত পৰি মাৰীচে তেওঁৰ প্ৰকৃত ৰূপলৈ ঘূৰি আহি ৰামৰ কণ্ঠস্বৰক নকল কৰি “অ’ সীতা! অ’ লক্ষ্মণ!”[8] বুলি চিঞৰিব ধৰে৷ ৰামৰ (নকল) কণ্ঠস্বৰ শুনি সীতাই লক্ষ্মণক গৈ ৰামক বিচাৰিবলৈ কয়। লক্ষ্মণে চাল বুজি সীতাক জোৰ কৰি কয় যে কোনেও ৰামৰ ক্ষতি কৰিব নোৱাৰে, সীতাই – তথাপি চিন্তিত – অনুৰোধ কৰে, আৰু তাৰ পিছত লক্ষ্মণক যাবলৈ আদেশ দিয়ে। অৱশেষত সীতাৰ আদেশ মতে তেওঁ অনিচ্ছা স্বত্বেও ৰামক বিচাৰি যায়৷[8] লক্ষ্মণ যোৱাৰ লগে লগে ৰাৱণে সাধু এগৰাকীৰ ৰূপ ধাৰণ কৰি উপস্থিত হৈ; ভিক্ষা দিবলৈ আগবাঢ়ি অহাৰ লগে লগে সীতাক অপহৰণ কৰে। লংকাত ৰামে ৰাৱণক পৰাজিত কৰি সীতাক উদ্ধাৰ কৰাৰ কাহিনী ৰামায়ণত বৰ্ণিত আছে।

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic- and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 486–7. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft. 
  2. 2.0 2.1 2.2 Pollock 2007, পৃষ্ঠা. 158-69.
  3. 3.0 3.1 3.2 Sehgal 1999, পৃষ্ঠা. 44-7.
  4. "Maricha gains wisdom" (en-IN ভাষাত). The Hindu. 2019-10-31. ISSN 0971-751X. https://www.thehindu.com/society/faith/maricha-gains-wisdom/article29846248.ece. 
  5. Sehgal 1999, পৃষ্ঠা. 47.
  6. Pollock 2007, পৃষ্ঠা. 169-71.
  7. Pollock 2007, পৃষ্ঠা. 171-5.
  8. 8.0 8.1 Pollock 2007, পৃষ্ঠা. 175-9.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]